Class 8 General Science Chapter 15 MCQs । কিছুমান প্ৰাকৃতিক পৰিঘটনা ।

কিছুমান প্ৰাকৃতিক পৰিঘটনা

Chapter 15

১. এম্বাৰ কি ?

(ক) এবিধ প্ৰাকৃতিক পৰিঘটনা

(খ) এবিধ ৰেজিন

(গ) এটাও নহয়

উত্তৰঃ (খ) এবিধ ৰেজিন

২. বিজুলী কেনেকৈ সৃষ্টি হয় ?

(ক) মেঘত আধান জমা হ’লে

(খ) আকাশত বিজুলীৰ লগত সম্বন্ধ হ’লে

(গ) এটাও নহয়

উত্তৰঃ (ক) মেঘত আধান জমা হ’লে

৩. কম পৰিমাণৰ বৈদ্য়ুতিক আধান আহৰণ কৰিব পৰা বস্তুক কি বোলে ?

(ক) আহিত বস্তু

(খ) বিদ্য়ুৎবীক্ষন যন্ত্ৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) আহিত বস্তু

৪. বিজুলী ঢেৰেকনিৰে সৈতে ধুমুহা অহাৰ সময়ত বায়ু প্ৰবাহ ঊৰ্ধমুখী হোৱাৰ বিপৰীতে কি হয় ? 

(ক) পানীৰ কণিকাবোৰ তললৈ নামি আহে

(খ) আধান জমা হয়

(গ) এটাও নহয়

উত্তৰঃ (ক) পানীৰ কণিকাবোৰ তললৈ নামি আহে

৫. বজ্ৰপাতৰ পৰা অট্টালিকাবোৰক ৰক্ষা কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধ কি ?

(ক) তামৰ ফলি

(খ) ৰিক্টাৰ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৬. ২০০৫ চনৰ ৮ অক্টোবৰ তাৰিখে কোন কোন ঠাইত এটা ডাঙৰ ভূমিকম্প হৈছিল ?

(ক) উত্তৰ কাশ্মীৰৰ উৰি আৰু টাংগধৰ নগৰ

(খ) উৰিষ্য়া আৰু কাশ্মীৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) উত্তৰ কাশ্মীৰৰ উৰি আৰু টাংগধৰ নগৰ

৭. গুজৰাটৰ ভুজ জিলাত কেতিয়া এটা ডাঙৰ ভূমিকম্প হৈছিল ?

(ক) ২০০১ চনৰ ২৬ অক্টোবৰত

(খ) ২০০৫ চনৰ ৮ জানুৱাৰীত

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৮. ভাৰত মহাসাগৰত কেতিয়া এটা ডাঙৰ ছুনামী হৈছিল ?

(ক) ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ দিনা

(খ) ২০০৪ চনৰ ২৬ জানুৱাৰীৰ দিনা

(গ) এটাও নহয়

উত্তৰঃ (ক) ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ দিনা

৯. ভুজ আৰু কাশ্মীৰত হোৱা ভূমিকম্পৰ প্ৰাৱল্য় কিমান আছিল ?

(ক) ৭.৮ তকৈ বেছি

(খ) ৭.৫ তকৈ বেছি

(গ) এটাও নহয়

উত্তৰঃ (খ) ৭.৫ তকৈ বেছি

১০. আধান কেই প্ৰকাৰৰ ?

(ক) ২ প্ৰকাৰৰ

(খ) ৭ প্ৰকাৰৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ২ প্ৰকাৰৰ

১১. কিমান চনত আমেৰিকাৰ বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে দেখুৱাইছিল যে বিজুলী আৰু কাপোৰৰ পৰা ওলোৱা স্ফুলিংগ একেবিধ পৰিঘটনা ? 

(ক) ১৯৫২

(খ) ১৭৫২

(গ) এটাও নহয়

উত্তৰঃ (খ) ১৭৫২

১২. এটা আহিত বেলুনে আন এটা আহিত বেলুনক কি কৰে ?

(ক) বিকৰ্ষণ কৰে

(খ) আকৰ্ষণ কৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) বিকৰ্ষণ কৰে

১৩. এটা আহিত বেলুনে এডাল আহিত ৰিফিলক কি কৰে ?

(ক) বিকৰ্ষণ কৰে

(খ) আকৰ্ষণ কৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) আকৰ্ষণ কৰে

১৪. কাচৰ দণ্ড এডাল পাটৰ কপোৰেৰে ঘঁহিলে দণ্ডডালে আহৰণ কৰা  আধানক প্ৰথা অনুযায়ী কি বুলি কোৱা হয় ?

(ক) ঋনাত্মক

(খ) ধনাত্মক

(গ) এটাও নহয়

উত্তৰঃ (খ) ধনাত্মক

১৫. ঘৰ্ষণৰ দ্বাৰা উদ্ভৱ বৈদ্য়ুতিক আধানবোৰ কি ?

(ক) স্থিতিশীল

(খ) বিদ্য়ুৎবীক্ষণ যন্ত্ৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) স্থিতিশীল

১৬. ঢেৰেকনিৰ শব্দ শুনাৰ লগে লগে কি কৰিব লাগে ?

(ক) ঘৰৰ ভিতৰলৈ আহিব লাগে

(খ) সুৰক্ষিত স্থানলৈ যাব লাগে

(গ) এটাও নহয়

উত্তৰঃ (খ) সুৰক্ষিত স্থানলৈ যাব লাগে

১৭. ১৫.৬ ৰ চিত্ৰখনত কি দেখুওৱা হৈছে ?

(ক) বজ্ৰপাতৰ সময়ত নিৰাপদ অৱস্থান

(খ) বজ্ৰ-ৰোধক পৰিবাহী দণ্ড

(গ) এটাও নহয়

উত্তৰঃ (ক) বজ্ৰপাতৰ সময়ত নিৰাপদ অৱস্থান

১৮. বজ্ৰপাতৰ পৰা অট্টালিকাবোৰক ৰক্ষা কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধ কি ?

(ক) তামৰ ফলি

(খ) ঘৰ্ষণ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১৯.অসমত কেতিয়া ডাঙৰ ভূমিকম্প হৈছিল ?

(ক) ১৮৯৭ চনৰ ১২ আগষ্ট আৰু ১৯৫০ চনৰ ১৫ জুনত

(খ) ১৮৯৭ তনৰ ১২ জুন আৰু ১৯৫০ চনৰ ১৫ আগষ্টত

(গ) এটাও নহয়

উত্তৰঃ (খ) ১৮৯৭ তনৰ ১২ জুন আৰু ১৯৫০ চনৰ ১৫ আগষ্টত

২০. ছুনামী শব্দৰ ইংৰাজী শব্দটো কি ?

(ক) Tsunami

(খ) Tremor

(গ) Earthquake

উত্তৰঃ (ক) Tsunami