Class 8 General Science Chapter 18 MCQs । বায়ু আৰু পানীৰ প্ৰদূষণ ।

বায়ু আৰু পানীৰ প্ৰদূষণ

Chapter 18

১. বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ’জেন গেছ আছে ?

(ক) ২১%

(খ) ৭৮%

(গ) এটাও নহয়

উত্তৰঃ (খ) ৭৮%

২. যিবিলাক পদাৰ্থই বায়ু দূষিত কৰে সেইবোৰ পদাৰ্থক কি বোলে ?

(ক) বায়ু প্ৰদূষক

(খ) বায়ু প্ৰদূষণ

(গ) এটাও নহয়

উত্তৰঃ (ক) বায়ু প্ৰদূষক

৩. কি গেছে তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমায় ?

(ক) কাৰ্বন-মন’ক্সাইড গেছে

(খ) কাৰ্বন-ডাই-অক্সাইড গেছে

(গ) এটাও নহয়

উত্তৰঃ (ক) কাৰ্বন-মন’ক্সাইড গেছে

৪. কয়লা ইন্ধনৰ দহনে কি গেছ উৎপন্ন কৰে ?

(ক) নাইট্ৰ’জেন

(খ) কাৰ্বন-মন’ক্সাইড

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৫. কি গেছে বায়ুমণ্ডলৰ অ’যন স্তৰ ধ্বংস কৰে ?

(ক) ক্ল’ৰ’ফ্লৰ’ কাৰ্বন

(খ) ছালফাৰ-ডাইঅক্সাইড

(গ) এটাও নহয়

উত্তৰঃ (ক) ক্ল’ৰ’ফ্লৰ’ কাৰ্বন

৬. গংগা নদীক ৰক্ষা কৰাৰ বাবে কিমান চনত এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল ?

(ক) ১৯৮৫ চনত

(খ) ১৮৮৫ চনত

(গ) এটাও নহয়

উত্তৰঃ (ক) ১৯৮৫ চনত

৭. ‘গংগা কৰ্ম পৰিকল্পনা’ নামৰ আঁচনিখনৰ উদ্দেশ্য় কি আছিল ?

(ক) গংগা নদীত প্ৰদূষণৰ মাত্ৰা কমোৱা

(খ) গংগা নদীত প্ৰদূষণৰ মাত্ৰা বহুৱা

(গ) এটাও নহয়

উত্তৰঃ (ক) গংগা নদীত প্ৰদূষণৰ মাত্ৰা কমোৱা

৮. বৰ্জিত পদাৰ্থৰ বাবে মাটিৰ তলত থকা পানী প্ৰদূষিত হ’ব পাৰেনে ?

(ক) নোৱাৰে

(খ) পাৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) পাৰে

৯. খোৱাৰ উপযোগী পানীক কি বোলে ?

(ক) হ্ৰাসকৰণ

(খ) পুনৰাবৰ্তন

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১০. পানী শোধন প্ৰকল্পসমূহ ক’ত স্থাপন কৰিব লাগে ?

(ক) ঔদ্য়োগিক প্ৰধান অঞ্চলসমূহত

(খ) গাৱলীয়া অঞ্চলসমূহত

(গ) এটাও নহয়

উত্তৰঃ (ক) ঔদ্য়োগিক প্ৰধান অঞ্চলসমূহত

১১. বায়ু কি ?

(ক) বিভিন্ন গেছৰ এবিধ মিশ্ৰন

(খ) বিভিন্ন গেছৰ সমষ্টি

(গ) এটাও নহয়

উত্তৰঃ (ক) বিভিন্ন গেছৰ এবিধ মিশ্ৰন

১২. বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন গেছ আছে ?

(ক) ৭৮%

(খ) ২১%

(গ) এটাও নহয়

উত্তৰঃ (খ) ২১%

১৩. ধুৱলী কুঁৱলী কিহৰ পৰা সৃষ্টি হয় ?

(ক) ধোঁৱাৰ পৰা

(খ) ক্ল’ৰ’ফ্লুৰ’ কাৰ্বনৰ পৰা

(গ) এটাও নহয়

উত্তৰঃ (ক) ধোঁৱাৰ পৰা

১৪. ক্ল’ৰ’ফ্লুৰ’ কাৰ্বনৰ সংকেতটো কি?

(ক) H2o

(খ) H2z

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১৫. কোনে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে ?

(ক) অ’যন স্তৰে

(খ) এছিড বৰষুণে

(গ) এটাও নহয়

উত্তৰঃ (ক) অ’যন স্তৰে

১৬. পানীৰ প্ৰদূষক বুলিলে কি বুজা ?

(ক) যি পদাৰ্থই পানী লেটেৰা কৰে

(খ) যি পদাৰ্থই পানী প্ৰদূষিত কৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) যি পদাৰ্থই পানী প্ৰদূষিত কৰে

১৭. গংগা নদীয়ে কোন ঠাইৰ মানুহক জীৱন ধাৰণত সহায় কৰি আহিছে ?

(ক) উত্তৰাংশ, মধ্য়াংশ আৰু পূব অংশৰ

(খ) উত্তৰাংশ, দক্ষিণাংশ আৰু পশ্চিম অংশ

(গ) এটাও নহয়

উত্তৰঃ (ক) উত্তৰাংশ, মধ্য়াংশ আৰু পূব অংশৰ

১৮. উত্তৰ প্ৰদেশৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰবোৰৰ ভিতৰত  ____________ অন্য়তম ।

(ক) কাণপুৰ

(খ) গংগা

(গ) এটাও নহয়

উত্তৰঃ (ক) কাণপুৰ

১৯. কাণপুৰত কিমানৰো অধিক উদ্য়োগ অৱস্থিত ?

(ক) ৫০০ৰো অধিক

(খ) ৫০০০ৰো অধিক

(গ) এটাও নহয়

উত্তৰঃ (খ) ৫০০০ৰো অধিক

২০. প্ৰদূযক শব্দৰ ইংৰাজী শব্দটো কি ?

(ক) Pollution

(খ) Warming

(গ) এটাও নহয়

উত্তৰঃ (ক) Pollution