Class 8 Social Science Chapter 10 MCQs । মধ্য় যুগৰ অসম।

মধ্য় যুগৰ অসম

Chapter 10

১. কোনে আহোম ৰাজ্য প্ৰতিষ্ঠাতা কৰে ?

(ক) স্বৰ্গদেউ

(খ) গদাধৰ সিংহ

(গ) চুকাফা

উত্তৰঃ (গ) চুকাফা

২. চুকাফাৰ পিচত আহোম ৰাজবংশৰ কিমান জন ৰজাই ৰাজত্ব কৰিছিল ?

(ক) ২৯ জন

(খ) ৩৯ জন

(গ) ৯০ জন

উত্তৰঃ (খ) ৩৯ জন

৩. বিশ্বসিংহৰ কিমান জন পুতেক আছিল ?

(ক) ওঠৰ জন

(খ) দহ জন

(গ) সাত জন

উত্তৰঃ (ক) ওঠৰ জন

৪. কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে ?

(ক) ১২৩৪ খ্ৰীষ্টাব্দত

(খ) ১৫৬৩ খ্ৰীষ্টাব্দত

(গ) ১৫৬২ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৫৬২ খ্ৰীষ্টাব্দত

৫. কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান  খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আহোম বুৰঞ্জীৰ সংকটাল ?

(ক) ১৫৬৫ খ্ৰীষ্টাব্দৰ পৰা ১৬৬০ খ্ৰীষ্টাব্দলৈ

(খ) ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈ

(গ) ১৬৬৭ খ্ৰীষ্টাব্দৰ পৰা ১১৮০ খ্ৰীষ্টাব্দলৈ

উত্তৰঃ (খ) ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈ

৬. কিমান  খ্ৰীষ্টাব্দত মিৰজুমলাৰ লগত আহোমৰ সন্ধি হয় ?

(ক) ১৬৬৩ খ্ৰীষ্টাব্দত

(খ) ১২৬৫ খ্ৰীষ্টাব্দত

(গ) ১৬৭৯ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৬৬৩ খ্ৰীষ্টাব্দত

৭. বংগৰ নবাব মিৰজুমলাই কিমান  খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে ?

(ক) ১৬৮২ খ্ৰীষ্টাব্দত

(খ) ১২৫০ খ্ৰীষ্টাব্দত

(গ) ১৬৬২ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৬৬২ খ্ৰীষ্টাব্দত

৮. ভূঞা শব্দৰ অৰ্থ কি ?

(ক) ৰাজ্য মালিক

(খ) মাটিৰ মালিক

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) মাটিৰ মালিক

৯. অসমৰ ভূঞাসকল কি নামেৰে জনা যায় ?

(ক) বিশ্বসিংহ

(খ) নৰনাৰায়ণ

(গ) বাৰভূঞা

উত্তৰঃ (গ) বাৰভূঞা

১০. চণ্ডীবৰৰ বংশত কোন জন্ম হৈছিল ?

(ক) শুক্লধ্বজ

(খ) শ্ৰীমন্ত শংকৰদেৱ

(গ) চুকাফা

উত্তৰঃ (খ) শ্ৰীমন্ত শংকৰদেৱ

১১. অসমত প্ৰায় কিমান বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰাৰ পিছতহে কছাৰী ৰজাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত থকা কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিছিল ?

(ক) ২০০ বছৰ

(খ) ৩০০ বছৰ

(গ) ৭০০ বছৰ

উত্তৰঃ (ক) ২০০ বছৰ

১২. কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

(ক) চুকাফা

(খ) স্বৰ্গদেউ

(গ) নৰনাৰায়ণ

উত্তৰঃ (গ) নৰনাৰায়ণ

১৩. কমতাৰ শেষ ৰজা নীলাম্বৰৰ দিনত বংগৰ নৱাব হুছেইন শ্বাহে কমতা আক্ৰমণ কৰি কিমান  খ্ৰীষ্টাব্দত এই ৰাজ্য দখল কৰে ?

(ক) ১৪৪৫ খ্ৰীষ্টাব্দত

(খ) ১৪৯৮ খ্ৰীষ্টাব্দত

(গ) ১৭১৮ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৪৯৮ খ্ৰীষ্টাব্দত

১৪. কিমান শতিকাৰ মাজভাগত আহোমৰ লগত ভূঞাসকলৰ সংঘৰ্ষ হয় আৰু ভূঞাসকল সময়ত আহোমৰ অধীন হৈ পৰে ?

(ক) ১৩ শতিকাত

(খ) ১৭ শতিকাত

(গ) ১৬ শতিকাত

উত্তৰঃ (গ) ১৬ শতিকাত

১৫. তুলাৰাম সেনাপতিয়ে কিমান  খ্ৰীষ্টাব্দলৈ এই ভূ-ভাগত শাসন কৰিছিল ?

(ক) ১৮৫৪ খ্ৰীষ্টাব্দত

(খ) ১২৩৪ খ্ৰীষ্টাব্দত

(গ) ১৮৩২ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৮৫৪ খ্ৰীষ্টাব্দত

১৬. আহোমসকলৰ সৰ্বমুঠ কিমান জন ৰজাই ৰাজত্ব কৰে ?

(ক) ৪০ জন

(খ) ৯০ জন

(গ) ২৭ জন

উত্তৰঃ (ক) ৪০ জন

১৭. কিমান খ্ৰীষ্টাব্দৰ বংগৰ নৱাব হুছেইন শ্বাহৰ আক্ৰমণত কামৰূপ-কমতা ৰাজ্য ধ্বংস হয় ?

(ক) ১২৮৭ খ্ৰীষ্টাব্দত

(খ) ১৪৯৮ খ্ৰীষ্টাব্দত

(গ) ১৫৬৫ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৪৯৮ খ্ৰীষ্টাব্দত

১৮. বৈদ্যদেৱে কামৰূপত কিমান খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল ?

(ক) ১২৯০ খ্ৰীষ্টাব্দত

(খ) ১৬৮২ খ্ৰীষ্টাব্দত

(গ) ১১৪০ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১১৪০ খ্ৰীষ্টাব্দত

১৯. কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী-আফগানসকলক ভূঞাসকলে সহায় কৰিছিল ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

২০. চুটিয়াসকল বৈষ্ণৱ ধৰ্মী আছিল ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) অশুদ্ধ