Class 8 Social Science Chapter 16 MCQs ।  ১৮৫৭ চনৰ বিদ্ৰোহ।

 ১৮৫৭ চনৰ বিদ্ৰোহ

Chapter 16

(১) অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

(ক) মণিৰাম দেৱানে

(খ) ৰাণী লক্ষ্মীবাঈয়ে

(গ) মহাত্মা গান্ধীয়ে

উত্তৰঃ (ক) মণিৰাম দেৱানে

(২) অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানান কাৰণত কিমান চনত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ?

(ক) ১৮৫২ চনত

(খ) ১৮৫৪ চনত

(গ) ১৮৫৭ চনত

উত্তৰঃ (গ) ১৮৫৭ চনত

(৩) জন্মৰ পৰা মৃত্যুলৈ ভাৰতীয় কৃষকক কিহৰ বোজাই লগ নেৰাটো এটা চিৰাচৰিত ঘটনাত পৰিণত হৈছিল ?

(ক) ধাৰৰ বোজাই

(খ) ঋণৰ বোজাই

(গ) সূতৰ বোজাই

উত্তৰঃ (খ) ঋণৰ বোজাই

(৪) চিপাহী শব্দটো ইংৰাজসকলে কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল ?

(ক) ৰজাৰ ক্ষেত্ৰত

(খ) সৈন্যসকলৰ ক্ষেত্ৰত

(গ) সেনাপতিৰ ক্ষেত্ৰত

উত্তৰঃ (খ) সৈন্যসকলৰ ক্ষেত্ৰত

(৫) ১৮৫৭ চনৰ বিদ্ৰোহত দিল্লীত কোনে নেতৃত্ব দিছিল ?

(ক) বাহাদুৰ ছাহ জফৰ বখট খানে

(খ) বেগম হজৰত মহলে

(গ) কোৱাৰ সিঙে

উত্তৰঃ (ক) বাহাদুৰ ছাহ জফৰ বখট খানে

(৬) কাণপুৰত ১৮৫৭ চনৰ বিদ্ৰোহত কোনে নেতৃত্ব দিছিল ?

(ক) বেগম হজৰত মহলে

(খ) নানা চাহিবে

(গ) ৰাণা বেণীমাধৱ সিঙে

উত্তৰঃ (খ) নানা চাহিবে

(৭) ১৮৫৭ চনৰ বিদ্ৰোহত ঝান্সীত কোনে নেতৃত্ব দিছিল ?

(ক) ৰাণী লক্ষ্মীবাঈয়ে

(খ) মণিৰাম দেৱানে

(গ) তাঁন্তীয়া টোপীয়ে

উত্তৰঃ (ক) ৰাণী লক্ষ্মীবাঈয়ে

(৮) ১৮৫৭ চনৰ বিদ্ৰোহত অসমত কোনে নেতৃত্ব দিছিল ?

(ক) কোৱাৰ সিঙে

(খ) মংগল পাণ্ডে

(গ) মণিৰাম দেৱানে

উত্তৰঃ (গ) মণিৰাম দেৱানে

(৯) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ নায়ক কোন আছিল ?

(ক) ৰাণী লক্ষ্মীবাঈ

(খ) মহাত্মা গান্ধী

(গ) মণিৰাম দেৱান

উত্তৰঃ (গ) মণিৰাম দেৱান

(১০) মণিৰাম দেৱানক আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁচি দিলে ?

(ক) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত

(খ) ১৭৮৯ চনৰ ১০ মাৰ্চত

(গ) ১৮৭৬ চনৰ ২৮ এপ্ৰিলত

উত্তৰঃ (ক) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত

(১১) অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল ?

(ক) ১৮৬৬ চনত

(খ) ১৮৬৩ চনত

(গ) ১৮৬১ চনত

উত্তৰঃ (গ) ১৮৬১ চনত

(১২) ফুলগুৰিৰ ধোৱা বুলি কাক জনা যায় ?

(ক) ফুলগুৰিত হোৱা খেলক

(খ) ফুলগুৰিত হোৱা বিদ্ৰোহক

(গ) ফুলগুৰিত হোৱা বিস্ফোৰণক

উত্তৰঃ (খ) ফুলগুৰিত হোৱা বিদ্ৰোহক

(১৩) ১৮৯৪ চনৰ জানুৱাৰীত খাজনা বৃদ্ধিৰ প্ৰতিবাদত ক’ত  কৃষকে প্ৰতিবাদ কৰিছিল ?

(ক) ৰঙিয়াত আৰু নলবাৰীত

(খ) তেজপুৰত আৰু শিৱসাগৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰঙিয়াত আৰু নলবাৰীত

(১৪) চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?

(ক) মণিৰাম দেৱান

(খ) মংগল পাণ্ডে

(গ) পিয়লি বৰুৱা

উত্তৰঃ (খ) মংগল পাণ্ডে

(১৫) কিমান চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ ?

(ক) ১৮৫০ চনৰ

(খ) ১৮৫৫ চনৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১৬) ১৯ শতিকাৰ ষষ্ঠ ভাগৰ পৰা আৰম্ভ হোৱা অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কোনে কৰিছিল ?

(ক) ৰাইজে

(খ) ৰাইজৰ গোটে

(গ) ৰাইজৰ মেলে

উত্তৰঃ (গ) ৰাইজৰ মেলে

(১৭) ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰকৃতি সম্বন্ধে ইতিহাসবিদসকল একমত আছিল নে নাই ?

(ক) আছিল

(খ) নাছিল

(গ) আছিল কিন্তু কম আছিল

উত্তৰঃ (খ) নাছিল

(১৮) কিমান চনৰ বিদ্ৰোহ আছিল ইংৰাজৰ এশ বছৰীয়া শোষণ নীতিৰ বিৰুদ্ধে সংঘটিত হোৱা এক প্ৰবল জনজাগৰণ ?

(ক) ১৮৫৫ চনৰ

(খ) ১৮৫৬ চনৰ

(গ) ১৮৫৭ চনৰ

উত্তৰঃ (গ) ১৮৫৭ চনৰ

(১৯) কিমান চনৰ চিপাহী বিদ্ৰোহৰ ফলত ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ইংলেণ্ডৰ ৰাণীৰ অধীনলৈ যায় ?

(ক) ১৮৫০ চনৰ

(খ) ১৮৬০ চনৰ

(গ) ১৮৫৭ চনৰ

উত্তৰঃ (গ) ১৮৫৭ চনৰ

(২০) কিমান চনত গোমধৰ কোঁৱৰৰ বিদ্ৰোহ হৈছিল ?

(ক) ১৮৪৭ চনত

(খ) ১৮২৮ চনত

(গ) ১৮৫৪ চনত

উত্তৰঃ (খ) ১৮২৮ চনত