Class 8 Social Science Chapter 20 MCQs । গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা।

গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Chapter 20

(১) যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰে তাক কি বোলে ?

(ক) গ্ৰাহক

(খ) দোকানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গ্ৰাহক

(২) অৰ্থনৈতিক ভাষাত গ্ৰাহকজনক কি বোলে ?

(ক) ক্ৰেতা

(খ) উপভোক্তা

(গ) উৎপাদক

উত্তৰঃ (খ) উপভোক্তা

(৩) দেওবাৰে দুপৰীয়া বুগদুঙৰ মাকৰ হঠাতে কি হ’ল ?

(ক) অসহ্য মূৰ ঘূৰণি হ’ল

(খ) অসহ্য বমি হ’ল

(গ) অসহ্য পেটৰ বিষ হ’ল

উত্তৰঃ (গ) অসহ্য পেটৰ বিষ হ’ল

(৪) দেওবাৰে বুগদুঙৰ দেউতাক ক’লৈ গৈছিল ?

(ক) ফুৰিবলৈ গৈছিল

(খ) জৰুৰী কামত গৈছিল

(গ) অফিচৰ কামত গৈছিল

উত্তৰঃ (খ) জৰুৰী কামত গৈছিল

(৫) মাকৰ অসহ্য দেখি ল’ৰাটোৱে কাক মাতিব গ’ল ?

(ক) খুড়াকক

(খ) ডাঃ জনক

(গ) ফাৰ্মাচিৰ মানুহ এজনক

উত্তৰঃ (খ) ডাঃ জনক

(৬) ডাঃ জনৰ নাম কি আছিল ?

(ক) ডাঃ প্ৰণৱ দাস

(খ) ডাঃ ৰণোজ পেগু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ডাঃ প্ৰণৱ দাস

(৭) ডাক্তৰজন কি হস্পিতালৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ?

(ক) প্ৰাইভেত হস্পিতালৰ

(খ) চৰকাৰী হস্পিতালৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চৰকাৰী হস্পিতালৰ

(৮) নিষ্ঠা কিমান শ্ৰেণীৰ ছাত্ৰী ?

(ক) সপ্তম শ্ৰেণীৰ

(খ) অষ্টম শ্ৰেণীৰ

(গ) নৱম শ্ৰেণীৰ

উত্তৰঃ (খ) অষ্টম শ্ৰেণীৰ

(৯) তাই গুৱাহাটীৰ কি স্কুলত পঢ়ে ?

(ক) শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত

(খ) বোৰ্ডিং বিদ্যালয়ত

(গ) ৰামেশ্বৰী সংঘ বিদ্যালয়ত

উত্তৰঃ (খ) বোৰ্ডিং বিদ্যালয়ত

(১০) গৰমৰ বন্ধত নিষ্ঠা ক’লৈ গৈছিল ?

(ক) ঘৰলৈ গৈছিল

(খ) মামাকৰ ঘৰলৈ গৈছিল

(গ) ফুৰিবলৈ গৈছিল

উত্তৰঃ (ক) ঘৰলৈ গৈছিল

(১১) নিষ্ঠাই কি মাধ্যমৰ যোগে দেউতাকক কথাতো জনালে ?

(ক) মবাইল ফোনৰ যোগে

(খ) চিঠিৰ যোগে

(গ) টেলিফোনৰ যোগে

উত্তৰঃ (ক) মবাইল ফোনৰ যোগে

(১২) নিষ্ঠাৰ ঘৰ ক’ত ?

(ক) ডিব্ৰুগড়ত

(খ) মৰিগাওঁত

(গ) মাৰ্ঘেৰিটাত

উত্তৰঃ (গ) মাৰ্ঘেৰিটাত

(১৩) গ্ৰাহক অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ?

(ক) ১৫ মাৰ্চ

(খ) ১৫ এপ্ৰিল

(গ) ১৫ মে

উত্তৰঃ (ক) ১৫ মাৰ্চ

(১৪) কিমান চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল ?

(ক) ১৯৮০ চনত

(খ) ১৯৮৬ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১৫) গ্ৰাহক সুৰক্ষা আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত কেইটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে ?

(ক) ৫ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা

(১৬) বিশ্বৰ কিমান খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহকৰ সুৰক্ষাৰ আইন প্ৰণয়ন কৰিছে ?

(ক) ১৫০ খনৰো অধিক

(খ) ১০০ খনৰো অধিক

(গ) ১৬০ খনৰো অধিক

উত্তৰঃ (খ) ১০০ খনৰো অধিক

(১৭) বস্তু এটা কিনা দামতকৈ যদি বিক্ৰী দাম বেছি হয় তেতিয়া দোকানী জনৰ কি হয় ?

(ক) লাভ হয়

(খ) লোকচান হয়

(গ) লাভো নহয় লোকচানো নহয়

উত্তৰঃ (ক) লাভ হয়

(১৮) বস্তু এটা কিনা দামতকৈ যদি বিক্ৰী দাম কম হয় তেতিয়া দোকানীজনৰ কি হয় ?  

(ক) লাভ হয়

(খ) লোকচান হয়

(গ) লাভো নহয় লোকচানো নহয়

উত্তৰঃ (খ) লোকচান হয়

(১৯) অৰ্থনৈতিক কাৰ্যসমূহত কোনে কাৰ ওপৰত নিৰ্ভৰ কৰে ?  

(ক) ইটোৰ ওপৰত আনটো নিৰ্ভৰশীল

(খ) দুয়োটাই নিজৰ ওপৰত নিৰ্ভৰশীল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ইটোৰ ওপৰত আনটো নিৰ্ভৰশীল

(২০) ব্যৱসায়ত কি কৰাটোৱে ব্যৱসায়ীৰ মূল লক্ষ্য ?

(ক) লাভ অৰ্জন কৰাটো

(খ) লোকচান কৰাটো

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লাভ অৰ্জন কৰাটো