Class 8 Social Science Chapter 22 MCQs । ভাৰতীয় সংবিধান।

ভাৰতীয় সংবিধান

Chapter 22

(১) অশেষ কষ্টৰ বিনিময়ত ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰি কিমান চনত ইয়াক কাৰ্যকৰী কৰা হয় ?

(ক) ১৯৬০ চনৰ ২৭ মাৰ্চত

(খ) ১৯৫০ চনৰ ২৮ মেত

(গ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত

উত্তৰঃ (গ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত

(২) কিমান চনত বৃটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে ?

(ক) ১৮৬০ চনত

(খ) ১৮৬১ চনত

(গ) ১৮৬২ চনত

উত্তৰঃ (খ) ১৮৬১ চনত

(৩) কিমান চনত ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয় ?

(ক) ১৮৯২ চনত

(খ) ১৮৯০ চনত

(গ) ১৮৮৯ চনত

উত্তৰঃ (ক) ১৮৯২ চনত

(৪) ১৯০৯ চনৰ আইনখনক কি বুলি জনা যায় ?

(ক) ভাৰত পৰিষদ আইন বুলি

(খ) মৰ্লে মিন্টো সংস্কাৰ আইন বুলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মৰ্লে মিন্টো সংস্কাৰ আইন বুলি

(৫) ১৯২২ চনত কোনে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধান দাবী কৰিছিল ?

(ক) মণিৰাম দেৱানে

(খ) মহাত্মা গান্ধীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মহাত্মা গান্ধীয়ে

(৬) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?

(ক) পণ্ডিত জৱহৰলাল নেহৰু

(খ) ভীমৰাও আম্বেকাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পণ্ডিত জৱহৰলাল নেহৰু

(৭) ভীমৰাও আম্বেকাৰৰ সম্পূৰ্ণ নাম কি আছিল ?

(ক) বাবাচাহেব ভীমৰাও আম্বেদকাৰ

(খ) চাহেব ভীমৰাও আম্বেদকাৰ

(গ) দাদা চাহেব ভীমৰাও আম্বেদকাৰ

উত্তৰঃ (ক) বাবাচাহেব ভীমৰাও আম্বেদকাৰ

(৮) দ্বিতীয় মহাযুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ হৈছিল ?

(ক) ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ

(খ) ১৯৪০ চনৰ পৰা ১৮৪৭ চনলৈ

(গ) ১৮৮৯ চনৰ পৰা ১৯০৭ চনলৈ

উত্তৰঃ (ক) ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ

(৯) কিমান চনত কেবিনেট মিছন ভাৰতলৈ আহে ?

(ক) ১৭৪৬ চনত

(খ) ১৮৪৬ চনত

(গ) ১৯৪৬ চনত

উত্তৰঃ (গ) ১৯৪৬ চনত

(১০) ড° ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ কি ৰূপে নিৰ্বাচিত কৰা হৈছিল ?

(ক) পৰিচালক হিচাপে

(খ) সভাপতি হিচাপে

(গ) কৰ্মচাৰী হিচাপে

উত্তৰঃ (খ) সভাপতি হিচাপে

(১১) ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে ড° আম্বেদকাৰক সভাপতিৰূপে লৈ কিমান জন সদস্যৰ সৈতে এখন খচৰা কমিতি গঠন হৈছিল ?

(ক) ৫ জন

(খ) ৬ জন

(গ) ৮ জন

উত্তৰঃ (খ) ৬ জন

(১২) কিমান চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় ?

(ক) ১৯৪৭ চনৰ

(খ) ১৯৫০ চনৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১৩) জনসাধাৰণে মতামত ব্যক্ত কৰিবৰ বাবে কিমান মাহ সময় দিয়া হয় ?

(ক) ৯ মাহ

(খ) ৮ মাহ

(গ) ১০ মাহ

উত্তৰঃ (খ) ৮ মাহ

(১৪) কিমান চনত সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানত স্বাক্ষৰ কৰে ?

(ক) ১৯৫০ চনৰ ২৭ নৱেম্বৰত

(খ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত

(গ) ১৮৯০ চনৰ ১৬ ডিচেম্বৰত

উত্তৰঃ (খ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত

(১৫) সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰালৈকে কিমান সময় লাগিছিল ?

(ক) ৩ বছৰ ১২ মাহ ২৩ দিন

(খ) ৪ বছৰ ১৮ মাহ ১২ দিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১৬) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন ?

(ক) গোপীনাথ বৰদলৈ

(খ) ড° ভীমৰাও আম্বেদকাৰ

(গ) ড° ৰাজেন্দ্ৰ প্ৰসাদ

উত্তৰঃ (গ) ড° ৰাজেন্দ্ৰ প্ৰসাদ

(১৭) চিপাহী বিদ্ৰোহৰ অন্তত ভাৰতৰ শাসনভাৰ কাৰ হাতলৈ আহিল ?

(ক) আহোমৰ হাতলৈ

(খ) মোগলৰ হাতলৈ

(গ) বৃটিছৰ হাতলৈ

উত্তৰঃ (গ) বৃটিছৰ হাতলৈ

(১৮) নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুয়ে কিমান বছৰৰ পৰা কিমান বছৰলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰিব পাৰে ?

(ক) ৮ বছৰৰ পৰা ১৯ বছৰলৈ

(খ) ৬ বছৰৰ পৰা ১৪ বছৰলৈ

(গ) ৩ বছৰৰ পৰা ১৫ বছৰলৈ

উত্তৰঃ (খ) ৬ বছৰৰ পৰা ১৪ বছৰলৈ

(১৯) কেন্দ্ৰীয় তালিকাত কিমান টা বিষয় আছে ?

(ক) ১০০ টা

(খ) ৯০ টা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(২০) ভাৰতীয় সংবিধানে নাগৰিকসকলৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কেই প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে ?

(ক) ৮ প্ৰকাৰৰ

(খ) ৬ প্ৰকাৰৰ

(গ) ৭ প্ৰকাৰৰ

উত্তৰঃ (খ) ৬ প্ৰকাৰৰ