Class 8 Social Science Chapter 23 MCQs । মৌলিক অধিকাৰ।

মৌলিক অধিকাৰ

Chapter 23

(১) পৰিণীতাক ক’ত থৈছিল ?

(ক) মাহীয়েকৰ ঘৰত

(খ) মন্টু ঠিকাদাৰৰ ঘৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মন্টু ঠিকাদাৰৰ ঘৰত

(২) পৰিনীতাক মন্টু ঠিকাদাৰৰ ঘৈণীয়েকে কি কৰিবলৈ কৈছিল ?

(ক) চোতাল সাৰিবলৈ

(খ) পঢ়িবলৈ

(গ) ঘৰখন মচা-কচা কৰি থবলৈ

উত্তৰঃ (গ) ঘৰখন মচা-কচা কৰি থবলৈ

(৩) বাইদেউ মই পৰিনীতাক নিবলৈ আহিছো বুলি কোনে কৈছিল ?

(ক) পৰিনীতাৰ মাকে

(খ) পৰিনীতাৰ দেউতাকে

(গ) পৰিনীতাৰ লগৰীয়া এজনীয়ে

উত্তৰঃ (ক) পৰিনীতাৰ মাকে

(৪) পৰিনীতাৰ সলনি মন্টু ঠিকাদাৰৰ ঘৈণীয়েকে মাকক কি নিবলৈ দিছিল ?

(ক) তাই মৰমৰ কুকুৰটোক

(খ) টকা দুশ

(গ) বজাৰ কেইটামান

উত্তৰঃ (খ) টকা দুশ

(৫) পৰিনীতাৰ মাক আৰু মাতৃ গোটে কাৰ সহায় বিছাৰিলে ?

(ক) গাওঁৰ গাওঁবুঢ়াৰ পৰা

(খ) পুলিছ বিষয়া এজনৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পুলিছ বিষয়া এজনৰ পৰা

(৬) আপুনি ইয়াত এখন দৰখাস্ত দিয়ক বুলি কোনে কৈছিল ?

(ক) মাতৃগোটে

(খ) পুলিছ বিষয়া জনে

(গ) গাওঁবুঢ়া জনে

উত্তৰঃ (খ) পুলিছ বিষয়া জনে

(৭) কাক লগত লৈ মাতৃগোটে পৰিনীতাক আনিবলৈ গৈঠিল ?

(ক) গাওঁ বুঢ়াজনক লগত লৈ

(খ) দেউতাকক লগত লৈ

(গ) পুলিচ বিষয়াজনক লগত লৈ

উত্তৰঃ (গ) পুলিচ বিষয়াজনক লগত লৈ

(৮) কিমান চনৰ লোক পিয়ল অনুসৰি ভাৰতৰ ৬-১৪ বছৰ বয়সৰ ১২ নিযুত শিশুক কামত নিয়োজিত কৰা হয় ?   

(ক) ২০০০ চনৰ লোকপিয়ল মতে

(খ) ২০০১ চনৰ লোকপিয়ল মতে

(গ) ২০০২ চনৰ লোকপিয়ল মতে

উত্তৰঃ (খ) ২০০১ চনৰ লোকপিয়ল মতে

(৯) এই আইন ভঙ্গকাৰীসকলৰ বাবে কিমান মাহৰ পৰা কিমান মাহৰ পৰ্যন্ত হাজোতত কাৰাবাস খাটিব লাগিব ?

(ক) ৩ মাহৰ পৰা ২ বছৰ

(খ) ৫ মাহৰ পৰা ২ বছৰ

(গ) ৪ মাহৰ পৰা ৩ বছৰ

উত্তৰঃ (ক) ৩ মাহৰ পৰা ২ বছৰ

(১০) এই আইন ভঙ্গকাৰীসকলৰ বাবে কিমান হাজাৰ টকা জৰিমনা ভৰিব লাগিব ?

(ক) ১০,০০০ হাজাৰ পৰা ৩০,০০০ লৈ

(খ) ২০,০০০ হাজাৰ পৰা ৩০,০০০ লৈ

(গ) ১০,০০০ হাজাৰ পৰা ২০,০০০ লৈ

উত্তৰঃ (গ) ১০,০০০ হাজাৰ পৰা ২০,০০০ লৈ

(১১) ভাৰতবৰ্ষৰ সংবিধানৰ কিমান নং অনুচ্ছেদৰ পৰা কিমান নং অনুচ্ছেদলৈ ৬ প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে ?

(ক) ১৪ নং ৰ পৰা ৩৫ নং লৈ

(খ) ১৫ নং ৰ পৰা ৩০ নং লৈ

(গ) ২০ নং ৰ পৰা ৩৫ নং লৈ

উত্তৰঃ (ক) ১৪ নং ৰ পৰা ৩৫ নং লৈ

(১২) কিমান চনৰ পৰা চৰকাৰে শিশু শ্ৰমিক প্ৰতিৰোধ আইন জাৰি কৰিছে ?

(ক) ২০০০ চনৰ পৰা

(খ) ২০০৩ চনৰ পৰা

(গ) ২০০৬ চনৰ পৰা

উত্তৰঃ (গ) ২০০৬ চনৰ পৰা

(১৩) কিমান চনৰ সংবিধানৰ ৪৪ তম সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বিলোপ ঘটোৱা হৈছে ?

(ক) ১৯৭৮ চনৰ সংবিধান মতে

(খ) ১৮৭৮ চনৰ সংবিধান মতে

(গ) ১৭৭৮ চনৰ সংবিধান মতে

উত্তৰঃ (ক) ১৯৭৮ চনৰ সংবিধান মতে

(১৪) আমাৰ দেশৰ মুৰব্বী কোন ?

(ক) প্ৰধান মন্ত্ৰী

(খ) ৰাষ্ট্ৰপতি

(গ) মুখ্যমন্ত্ৰী

উত্তৰঃ (খ) ৰাষ্ট্ৰপতি

(১৫) অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী জনৰ নাম কি ?

(ক) সৰ্বানন্দ সোনোৱাল

(খ) ৰণোজ পেগু

(গ) ড° হিমন্ত বিশ্ব শৰ্মা

উত্তৰঃ (গ) ড° হিমন্ত বিশ্ব শৰ্মা

(১৬) অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী জনৰ নাম কি ?

(ক) ড° হিমন্ত বিশ্ব শৰ্মা

(খ) কেশৱ মহন্ত

(গ) ৰণোজ পেগু

উত্তৰঃ (গ) ৰণোজ পেগু