Class 8 Social Science Chapter 8 MCQs । ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰভাৱ ।

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰভাৱ

Chapter 8

(১) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল–

(ক) ইৰাট’স্থেনিচে

(খ) ট’লেমিয়ে

(গ) কাৰ্ল ৰিটাৰে

উত্তৰঃ (খ) ট’লেমিয়ে

(২) মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল কেইপ্ৰকাৰৰ ?

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৩ প্ৰকাৰৰ

(৩) ১/ ১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল–

(ক) ভাষাৰ স্কেল

(খ) নিৰূপক ভগ্নাংশ

(গ) ৰৈখিক স্কেল

উত্তৰঃ (খ) নিৰূপক ভগ্নাংশ

(৪) আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক’ত উদ্ধাৰ হৈছিল ?

(ক) মিছৰত

(খ) চীনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(৫) ভাৰতত বিজ্ঞানসন্মত মানচিত্ৰ প্ৰস্তুতিৰ সূচনা কোনে কৰিছিল ?

(ক) আহোমসকলে

(খ) হিন্দুসকলে

(গ) ইংৰাজসকলে

উত্তৰঃ (গ) ইংৰাজসকলে

(৬) ভাৰতত খ্ৰীষ্টপূৰ্ব কিমান চনৰ পৰা মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ?

(ক) খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰা

(খ) খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ পৰা

(গ) খ্ৰীষ্টপূৰ্ব ২৩০০ চনৰ পৰা

উত্তৰঃ (ক) খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰা

(৭) ইংৰাজসকলে কিমান চনত চাৰ্ভে অব্ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ?

(ক) ১৮৮০ চনত

(খ) ১৭০৪ চনত

(গ) ১৭৬৭ চনত

উত্তৰঃ (গ) ১৭৬৭ চনত

(৮) কিমান শতিকাৰ আৰম্ভণিতে চাৰ্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল ?

(ক) ১১ শতিকাৰ

(খ) ১৯ শতিকাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ১৯ শতিকাৰ

(৯) ভাষা বা উক্তিৰ স্কেলৰ ইংৰাজী নামটো কি ?

(ক) Represetative Fraction

(খ) Scale of statement

(গ) Graphical scale

উত্তৰঃ (খ) Scale of statement

(১০) ৰৈখিক স্কেলৰ ইংৰাজী নামটো কি ?

(ক) Scale of statement

(খ) Represetative Fraction

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১১) নিৰূপক ভগ্নাংশ স্কেলৰ ইংৰাজী নামটো কি ?

(ক) Scale of statement

(খ) Graphical scale

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১২) কোনবিধ স্কেলত দূৰত্বৰ কোনো একক ব্যৱহাৰ নহয় ?

(ক) নিৰূপক ভগ্নাংশৰ স্কেল

(খ) ৰৈখিক স্কেল

(গ) ভাষা বা উক্তিৰ স্কেল

উত্তৰঃ (ক) নিৰূপক ভগ্নাংশৰ স্কেল

(১৩) কোনবিধ স্কেলক এডাল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় ?

(ক) ভাষা বা উক্তিৰ স্কেল

(খ) নিৰূপক ভগ্নাংশৰ স্কেল

(গ) ৰৈখিক স্কেল

উত্তৰঃ (গ) ৰৈখিক স্কেল

(১৪) কোনবিধ স্কেলক ভাষা বা শব্দেৰে প্ৰকাশ কৰা হয় ?

(ক) নিৰূপক ভগ্নাংশৰ স্কেল

(খ) ৰৈখিক স্কেল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১৫) ১ ছেণ্টিমিটাৰ = ১০ কিল’মিটাৰ, এনেদৰে প্ৰকাশ কৰা স্কেল বিধৰ নাম কি ?

(ক) নিৰূপক ভগ্নাংশৰ স্কেল

(খ) ৰৈখিক স্কেল

(গ) ভাষা বা উক্তিৰ স্কেল

উত্তৰঃ (গ) ভাষা বা উক্তিৰ স্কেল

(১৬) কোনবিধ স্কেল সৰলৰেখাৰ একেবাৰে বাওঁফালৰ ভাগটোৰ আৰম্ভণিতে শূন্য ধৰি বাওঁফালৰ ১ ছেণ্টিমিটাৰ অংশটোক মিলিমিটাৰত ভাগ কৰা হয় ?  

(ক) তলৰ এটাও নহয়

(খ) নিৰূপক ভগ্নাংশৰ স্কেল

(গ) ৰৈখিক স্কেল

উত্তৰঃ (গ) ৰৈখিক স্কেল

(১৭) স্কেল নথকা চিত্ৰক কি বুলি কোৱা হয় ?

(ক) মানচিত্ৰ

(খ) আৰ্হি চিত্ৰ

(গ) ৰৈখিক চিত্ৰ

উত্তৰঃ (খ) আৰ্হি চিত্ৰ

(১৮) মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্বৰ আৰু ভূ-পৃষ্ঠত সেই একেই ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকেই কি বোলে ?

(ক) স্কেল বা মাপনী

(খ) আৰ্হি চিত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্কেল বা মাপনী

(১৯) কোনো এখন ঠাই বা দেশৰ প্ৰকৃত ক্ষেত্ৰফল ক’ত দেখুৱাব নোৱাৰি ?

(ক) বহীত

(খ) ম’বাইলত

(গ) সৰু কাগজত

উত্তৰঃ (গ) সৰু কাগজত

(২০) এখন দেশত সকলো থাকে কিন্তু তাত জীৱ-জন্তু নাথাকে উত্তৰটো কি ?  

(ক) মাটি

(খ) মেপ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মেপ