Sankardev Class 7 Social Science Chapter 16 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

অধ্যায় ১৬

১। অন্তঃগাঁথনি কেই প্ৰকাৰ আৰু কি কি?

উত্তৰঃ অন্তঃগাঁথনি দুই প্ৰকাৰৰ অৰ্থনৈতিক অন্তঃগাথনি আৰু সামাজিক অন্তঃগাথনি।

২। চৰকাৰৰ কাম-কাজবোৰক কেইটা ভাগত ভাগ কৰা হয়?

উত্তৰঃ চৰকাৰৰ কাম-কাজবোৰক তিনিটা ভাগত ভাগ কৰা হয়।

৩। দেশ এখনৰ ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?

উত্তৰঃ এখন দেশত এটা নিৰ্দিষ্ট বছৰত অৰ্থ ব্যৱস্থাৰ বিভিন্ন খণ্ডত উৎপাদিত বস্তু-সামগ্ৰী আৰু মুদ্ৰাগত মূল্যক দেশখনৰ ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়।

৪। প্ৰধান পৰিবহণ ব্যৱস্থা কেইটা আৰু কি কি?

উত্তৰঃ  প্ৰধান পৰিবহণ ব্যৱস্থা ৫টা সেইকেইটাৰ নাম হ’ল

(ক) পথ পৰিবহণ

(খ) ৰে’ল পৰিবহণ

(গ) বিমান পৰিবহন

(ঘ) জলপৰিবহন

(ঙ) ইন্ধন পৰিবহন (পাইপলাইল)।

৫। যাতায়ত বা পৰিবহন ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাক অৰ্থনৈতিক কি মূল উপাদান বুলি গণ্য কৰা হয়?

উত্তৰঃ যাতায়ত বা পৰিবহন ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাক অৰ্থনৈতিক আন্তঃগাঁথনিৰ মূল উপাদান বুলি গণ্য কৰা হয়।

৬। বৰ্তমান ভাৰতবৰ্ষত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কিমান?

উত্তৰঃ বৰ্তমান ভাৰতবৰ্ষত থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ সংখ্যা ২০০।

৭। মূল চাহিদা শক্তি  কি?

উত্তৰঃ উদ্যোগৰ বাবে কেঁচামাল অনাৰ-নিয়াৰ ক্ষেত্ৰত আৰু উদ্যোগত উৎপাদিত বস্তুসমূহৰ দেশ-বিদেশৰ বজাৰত বিক্ৰীৰ বাবে নিয়াৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থায়ই হ’ল মূল চাহিদা শক্তি।

৮। সোণালী চতুৰ্ভুজটোৰ দৈৰ্ঘ্য কিমান কিঃমিঃ?

উত্তৰঃ সোণালী চতুৰ্ভূজটোৰ দৈৰ্ঘ্য প্ৰায় ৫৮৪৬ কিঃমি।

৯। ভাৰতবৰ্ষত সীমান্ত অঞ্চলত কিহে আগুৰি আছে?

উত্তৰঃ ভাৰতবৰ্ষত সীমান্ত অঞ্চলত বিদেশী ৰাষ্ট্ৰই আগুৰি আছে।

১০। ভাৰতবৰ্ষত কেইখন মহানগৰ আছে আৰু কি কি?

উত্তৰঃ ভাৰতবৰ্ষত ৫ খন মহানগৰ আছে সেইকেইখন হ’ল

(১) দিল্লী

(২) কলকাতা

(৩) চেন্নাই

(৪) মুম্বাইক

১১। ভাৰতত প্ৰথম ডাক টিকট কিমান চনত প্ৰৱৰ্তন হয়?

উত্তৰঃ ভাৰতত প্ৰথম টিকট ১৮৫৪ চনত প্ৰৱৰ্তন হয়।

১২।কিমান চনত ভাৰতবৰ্ষত ডাক সেৱাৰ প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ ১৮৩৭ চনত ভাৰতবৰ্ষত ডাক সেৱাৰ প্ৰৱৰ্তন হৈছিল। 

Type Susmita Kakati