Sankardev Class 7 Social Science Chapter 20 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

অধ্যায় ২০

১। ভাৰতবৰ্ষ এখন কি দেশ?

উত্তৰঃ ভাৰতবৰ্ষ নানা জাতি-উপজাতি, বিভিন্ন ধৰ্ম, ভাষা, বৰ্ণ, সংস্কৃতিৰে ভৰপূৰ এখন দেশ।

২। কাৰ দৃষ্টিত ধৰ্ম, ভাষা, বৰ্ণ আদি সমান?

উত্তৰঃ আইনৰ দৃষ্টিত ধৰ্ম, ভাষা, বৰ্ণ আদি সমান।                                               

৩। সংবিধানে আমাৰ কি স্বীকৃতি দিয়ে?

উত্তৰঃ সংবিধানে আমাক সকলোকে এক ভাৰতীয় হিচাপে স্বীকৃতি দিয়ে।    

৪। অসমত  বান গৰাখহনীয়া কি সমস্যা?

উত্তৰঃ জটিল সমস্যা।

৫। অসমৰ মাটি কিহৰ বাবে উপযোগী?

উত্তৰঃ চাহখেতিৰ বাবে উপযোগী। 

৬। কাৰ দিনত অ সমত চাহ উদ্যোগ গঢ় লৈ উঠে?

উত্তৰঃ ব্ৰিটিছৰ দিনতে অসমত চাহ উদ্যোগ গঢ় লৈ উঠে।

৭। চৰকাৰে জনজাতীয় লোকসকলৰ বাবে কি ব্যৱস্থা কৰিছে?

উত্তৰঃ চৰকাৰে জনজাতীয় লোকসকলৰ বাবে ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

৮। গণতন্ত্ৰৰ প্ৰধান লক্ষ্য কি?

উত্তৰঃ গণতন্ত্ৰৰ প্ৰধান লক্ষ্য হৈছে দেশৰ জনসাধাৰণৰ সৰ্বাংগীণ উন্নতি সাধন কৰা।

৯। ২০০৯ চনত কি অধিকাৰ আইন প্ৰচলন হৈছিল?

উত্তৰঃ ২০০৯ চনত শিক্ষাৰ অদিকাৰ আইন প্ৰচলন হৈছিল।

১০। ব্ৰিটিছসকলে অসমৰ বৃহৎ এলেকাত কি খেতি কৰিছিল?

উত্তৰঃ ব্ৰিটিছসকলে অসমৰ বৃহৎ এলেকাত চাহ খেতি কৰিছিল।

১১। কি উদ্যোগত অসমৰ অৰ্থনৈতিক দিশত যথেষ্ট অৱদান আগবঢ়াইছে?

উত্তৰঃ চাহ উদ্যোগত অসমৰ অৰ্থনৈতিক দিশত যথেষ্ট অৱদান আগবঢ়াইছে।

Type Susmita Kakati

Post ID: DABP005838