SEBA Class 12 Assamese Book Chapter 2 মগনিয়াৰ Short Answer | চমু প্ৰশ্ন উত্তৰ |

 মগনিয়াৰ  

পাঠ – ২


অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)
১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা ৷

২। যতীন্দ্ৰনাথ দুৱৰাক কি কবি  বুলি জনা যায়?

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি  বুলি জনা যায় ৷

৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷

৪। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷

৫। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?

উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ  ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷

চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)
৬। কথা-কবিতা বুলিলে কি বুজা?পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা ৷

উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-    ১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে ৷    ২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷

৭। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?

উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয় ৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে ৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয় ৷ ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷

৮। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷

উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷                                                                                                     তেওঁ ৰচনা কৰা এখন পুথি হ’ল ৰুবায়ৎ ৷
৯। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে ৷ কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷
১০। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই ৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?

উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল ৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল ৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷

দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)
১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ “The Beggar” নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷ ২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?

উত্তৰঃ ‘মগনিয়াৰ’ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় ৷ ‘মগনিয়াৰ’ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক ৷ ‘মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে ৷ কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷ সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে ৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত ৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷
৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ অসমীয়া সাহিত্যজগতত ‘বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে ৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ ৷ ‘বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল ৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া ৷ ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল ৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে ‘কথা-কবিতা’৷
৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷

উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ৷কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা ৷ ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে ৷ দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত ৷ মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্বৰূপটো উপলব্ধি কৰিছে ৷ যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে ৷ ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে ৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷
৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ  ভাষাত লিখা ৷

উত্তৰঃ কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্ন” অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷

অতিৰিক্ত প্ৰশ্নঃ

১। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক কথা-কবিতাৰ জনক বুলি কোৱা হয় ৷

উত্তৰঃ

২। যতীন্দ্ৰনাথ দুৱৰাই কলিকতাৰ স্কটিচ চাৰ্চ কলিজৰ পৰা বি.এ ডিগ্ৰী লাভ কৰিছিল ৷

উত্তৰঃ

Answered by Sangeeta Das (MA in Assamese)