অপৰাজিতা

অপৰাজিতা ফুল - Mahabahu.com

গুণঃ

১। অপৰাজিতা ফুল পূজা-পাৰ্বণতো ব্যৱহাৰ কৰা হয়।

২। অপৰাজিতা ফুল ব্ৰণত ব্যৱহাৰ কৰা হয়।অ

৩। অপৰাজিতাৰ শিপা খান্দি উলিয়াই শুঙিলে মুৰৰ বিষ আৰু ৰোগ ভাল হয়।

৪। অপৰাজিতা ফুল বায়ুৰোগত উপকাৰি।

৫। চকুৰ অসুখ হ’লে অপৰাজিতা ফুলৰ পাত পিহি কপালত, চকুৰ পটা বা ওপৰৰ পিৰিকটিত সানিলে ভাল হয়।

৬। অপৰাজিতা ফুলৰ ৰস বহুমুত্ৰ ৰোগৰ ঔষধ।

৭। গাত বগা বেমাৰ হোৱা মাত্ৰে নীলা অপৰাজিতাৰ ফুল পিহি বেমাৰ হোৱা ঠাইত লগালে আকৌ স্বাভাৱিক ৰং ঘূৰি আহে।

৮। খাপে খুঁটিলে অপৰাজিতাৰ শিপা পিহি খোঁটা ঠাইত বান্ধি থ’লে বিষ ভাল হয়।

৯। কাহ হ’লে অপৰাজিতাৰ শিপাৰ ৰস এচামুচ অকণমান মৌৰ লগত মিহলি কৰি দিনে ২/৩ বাৰ খালে ৰোগ ভাল হয়।

১০। অপৰাজিতা ফুলৰ শিপা ১০ গ্ৰাম ৰস ছাগলীৰ গাখীৰৰ লগত ৩-৭ দিনৰ বাবে ঋতুস্নানৰ সময়ত খালে বন্ধ্য়া নাৰী গৰ্ভৱতী হয়।