দেউল | AJB Class 6 Assamese Chapter 17 Short Question and Answer Assamese Medium |

১। বৰপেটাৰ কীৰ্তন ঘৰৰ খুঁটাবোৰ কিহৰ আছিল বুলি শুনা যায়?

ক) তুলসীৰ

খ) খেৰৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) তুলসীৰ।

২। দেউল উৎসৱ অসমৰ কোন অঞ্চলৰ মানুহে পালন কৰে?

ক) বৰপেটা অঞ্চলৰ

খ) বৰদোৱা অঞ্চলৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বৰপেটা অঞ্চলৰ।

৩। দেউল উৎসৱৰ প্ৰথম দিনটোক কি বোলে?

ক) ৰঙৰ দিন

খ) গোন্ধ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) গোন্ধ।

৪। দেউল উৎসৱৰ শেষৰ দিনটোক কি বোলে?

ক) সুঁৱেৰি

খ) গোন্ধ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃক) সুঁৱেৰি

৫। দেউলৰ প্ৰথম দিনা কেইখন শৰাই পতা হয়?

ক) ছয়খন

খ) দহখন

গ) আঠখন

উত্তৰঃ গ) আঠখন।

৬। মহামিলন শব্দৰ অৰ্থ কি?

ক) প্ৰাৰ্থনা

খ) সংগম

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সংগম।

৭। ৰজনজনাই শব্দৰ অৰ্থ কি?

ক) সংগম

খ) প্ৰাৰ্থনা

গ) চাৰিওদিশে শব্দ বিয়পি যোৱা

উত্তৰঃ গ) চাৰিওদিশে শব্দ বিয়পি যোৱা।

৮। বৰপেটাৰ কীৰ্তন ঘৰৰ ছালবোৰ কিহৰ আছিল বুলি শুনা যায়?

ক) তুলসীৰ

খ) খেৰৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) খেৰৰ।

৯। সমদল শব্দৰ অৰ্থ কি?

ক) একেলগে

খ) সংগম

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) একেলগে।

১০। খাটনি শব্দৰ অৰ্থ কি?

ক) প্ৰাৰ্থনা

খ) যোগ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) প্ৰাৰ্থনা।

১১। কীৰ্তন ঘৰৰ চালবোৰ কিহৰ আছিল ?

ক) বাঁহৰ

খ) কাঠৰ

গ) খেৰৰ

উত্তৰঃ গ) খেৰৰ।

১২। দেউল মানে কি ?

ক) মন্দিৰ

খ) সত্ৰ

গ) উৎসৱ

উত্তৰঃ গ) উৎসৱ।

১৩। আবেলিতে ‘শালগ্ৰাম’ আৰু ‘দৌল-গোবিন্দ’ক কীৰ্তন-ঘৰৰ পূব দুৱাৰেদি উলিয়াই ক’ত ৰখা হয় ?

ক) শৰাইত

খ) বৰশৰাইত

গ) বটাত

উত্তৰঃ খ) বৰশৰাইত।

১৪। গোঁসাইক খাটোলাত তুলি মেজিৰ চাৰিওফালে কেইবাৰ ঘূৰাই ?

ক) তিনিবাৰ

খ) সাতবাৰ

গ) এবাৰ

উত্তৰঃ খ) সাতবাৰ।

১৫। দেউল উৎসৱত ৰাতিৰ ভাগত কি কৰা হয় ?

ক) বিহু গোৱা হয়

খ) ওজা-পালি

গ) যাত্ৰাগানৰ অভিনয়

উত্তৰঃ গ) যাত্ৰাগানৰ অভিনয়।

১৬। দেউলৰ শেষৰটো দিন সুঁৱেৰি অৰ্থাৎ চতুৰ্থদিনটো কিহৰ দিন ?

ক) আনন্দৰ দিন

খ)ৰঙৰ দিন

ফূৰ্তিৰ দিন

উত্তৰঃ খ)ৰঙৰ দিন।

১৭। দেউলৰ শেষৰ দিনটোত ইজনে-সিজনক ফাকুগুড়ি সানে ইয়াক কি বোলে ?

ক) ফাকুৰিয়া

খ) হোলী খেলা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) হোলী খেলা।

১৮। খাটনি শব্দৰ অৰ্থ কি ?

ক) নেৰানেপেৰা

খ) নাটনি হোৱা

গ) প্ৰাৰ্থনা

উত্তৰঃ গ) প্ৰাৰ্থনা।

১৯। মহামিলন শব্দৰ অৰ্থ কি ?

ক) সংগম

খ) যোগ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ গ) ওপৰৰ দুয়োটা।

২০। জীৱন শব্দৰ বিপৰীত শব্দ কি ?

ক) মৰণ

খ) প্ৰাণ

গ) দেহ

উত্তৰঃ ক) মৰণ।