সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য | Chapter 9 | MCQ Type Question | MCQ | Class 7 Social Science MCQ Chapter 9 | AJB Class 7 Social Science |

সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

Chapter – 9

১। কিমান চনত সংবিধান ৰচনাৰ কাম শেষ কৰে আৰু সংবিধান সভাৰ সভাপতিয়ে সংবিধানত স্বাক্ষৰ কৰে ?

(ক) ১৯৬৬

(খ) ১৯৪৯

(গ) ১৯২৮

উত্তৰঃ (খ) ১৯৪৯।

২। কিমান চনত সংবিধানখন ভাৰতীয় জনসাধাৰণৰ নামত অৰ্পণ কৰা হয় আৰু সেইদিনাৰেপৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়?

(ক) ১৯৫০

(খ) ১৯২৫

(গ) ১৯৩৭

উত্তৰঃ (ক) ১৯৫০।

৩। কি মাহৰ কিমান তাৰিখে সংবিধান ৰচনাৰ কাম শেষ কৰে আৰু সংবিধান সভাৰ সভাপতিয়ে সংবিধানত স্বাক্ষৰ কৰে?

(ক) জুলাই মাহৰ ২০ তাৰিখে

(খ) অক্টোবৰ মাহৰ ৫ তাৰিখে

(গ) নবেম্বৰ মাহৰ ২৬ তাৰিখে

উত্তৰঃ (গ) নবেম্বৰ মাহৰ ২৬ তাৰিখে।

৪। কিমান তাৰিখে প্ৰতিবছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়?

(ক) ১৫ তাৰিখে

(খ) ২৬ তাৰিখে

(গ) ১৮ তাৰিখে

উত্তৰঃ (খ) ২৬ তাৰিখে।

৫। কি মাহৰ কিমান তাৰিখে সংবিধানখন ভাৰতীয় জনসাধাৰণৰ নামত অৰ্পণ কৰা হয় আৰু সেইদিনাৰোপৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়?

(ক) জানুৱাৰি মাহৰ ২৬ তাৰিখে

(খ) ফেব্ৰুৱাৰী মাহৰ ১৩ তাৰিখে

(গ) এপ্ৰিল মাহৰ ২৭ তাৰিখে

উত্তৰঃ (ক) জানুৱাৰি মাহৰ ২৬ তাৰিখে।

৬। কিমান বছৰ বা তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকক প্ৰাপ্তবয়স্ক ভোটাধিকাৰী বোলা হয়?

(ক) ১৪ বছৰ

(খ) ২০ বছৰ

(গ) ১৮ বছৰ

উত্তৰঃ (গ) ১৮ বছৰ।

৭। নিৰ্দেশাত্মক নীতিবোৰক কেইটাভাগত ভগাব পাৰি?

(ক) ৮টা ভাগত

(খ) ৪টা ভাগত

(গ) ৩টা ভাগত

উত্তৰঃ (খ) ৪টা ভাগত।

৮। ভাৰতীয় সংবিধানখন মুঠ কেইটা অধ্যায়ত ভাগ কৰা হৈছে?

(ক) ২২টা অধ্যায়ত

(খ) ১৪টা অধ্যায়ত

(গ) ২০টা অধ্যায়ত

উত্তৰঃ (ক) ২২টা অধ্যায়ত।

৯। ভাৰতীয় সংবিধানখন কাৰ সংবিধানতকৈ সহজ?

(ক) চীনৰ সংবিধানতকৈ

(খ) জাপানৰ সংবিধানতকৈ

(গ) আমেৰিকাৰ সংবিধানতকৈ

উত্তৰঃ (গ) আমেৰিকাৰ সংবিধানতকৈ।

১০। ভাৰতীয় সংবিধান কাৰ সংবিধানতকৈ জটিল?

(ক) আয়াৰলেণ্ডৰ সংবিধানতকৈ

(খ) ইংলেণ্ডৰ সংবিধানতকৈ

(গ) ইথিওপিয়াৰ সংবিধানতকৈ

উত্তৰঃ (খ) ইংলেণ্ডৰ সংবিধানতকৈ।

১১। প্ৰবঞ্চনাৰ প্ৰতিকাৰৰ বাবে কিমান চনৰ গ্ৰাহক সুৰক্ষা আইনৰ সহায় লৈ গ্ৰাহকে অধিকাৰ সাব্যস্ত কৰিব পাৰে?

(ক) ১৯৮৬

(খ) ১৯৪৮

(গ) ১৯৭৪

উত্তৰঃ (ক) ১৯৮৬।

১২। কিমান চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য-সামগ্ৰীৰ বিশুদ্ধতা নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয়?

(ক) ১৯৬২

(খ) ১৯২৩

(গ) ১৯৩৭

উত্তৰঃ (গ) ১৯৩৭।

১৩। পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰৰে একোখনকৈ সংবিধান আছে নে নাই?

(ক) নাই

(খ) আছে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আছে।

১৪। খচৰা সমিতিখনৰ সভাপতি কোন আছিল?

(ক) ড° বি. আৰ. আম্বেদকাৰ

(খ) জৱাহৰলাল নেহৰু

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ (ক) ড° বি. আৰ. আম্বেদকাৰ।

১৫। সংবিধান সভাৰ সভাপতি কোন আছিল?

(ক) ৰবীন্দ্ৰনাথ ঠাকুৰ

(খ) দেৱকান্ত বৰুৱা

(গ) ড° ৰাজেন্দ্ৰ প্ৰসাদ

উত্তৰঃ (গ) ড° ৰাজেন্দ্ৰ প্ৰসাদ।

১৬। সংবিধান সভায়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ বাবে কেইজনীয়া খচৰা সমিতি গঠন কৰি দিছিল ?

(ক) তিনিজনীয়া

(খ) এজনীয়া

(গ) সাতজনীয়া

উত্তৰঃ (গ) সাতজনীয়া।

১৭। ভাৰতীয় সংবিধান লিখিত নে অলিখিত ?

(ক) লিখিত

(খ) অলিখিত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) লিখিত।

১৮। আটাইতকৈ দীঘলীয়া সংবিধান কোনখন ?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

(খ) ভাৰত

(গ) ৰাছিয়া

উত্তৰঃ (খ) ভাৰত।

১৯। ভাৰতীয় সংবিধানখন ইংলেণ্ডৰ সংবিধানতকৈ জটিল নে সহজ ? 

(ক) সহজ

(খ) জটিল

(গ) টান

উত্তৰঃ (খ) জটিল।

২০। ভাৰতৰ প্ৰতিগৰাকী নাগৰিক আইনৰ চকুত কেনেকুৱা ?

(ক) অসমান

(খ) সমান

(গ) প্ৰয়োজনীয়

উত্তৰঃ (খ) সমান।