Class 11 Education Book Chapter 6 Short Question Answer | অধ্যায় ৬ মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন |

চমু প্ৰশ্ন উত্তৰ |

Chapter 6

মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন

চমু প্ৰশ্ন উত্তৰঃ

১। আচৰণবাদ কি?

উত্তৰঃ  আচৰণবাদ হৈছে এটা বিশেষ চিন্তাৰ ধাৰা যিটো ১৯১৩ চনত প্ৰখ্যাত মনোবিজ্ঞানী ৱাটছনে প্ৰতিষ্ঠা কৰিছিল।

২। এজন মনোবিজ্ঞানীৰ নাম লিখা?

উত্তৰঃ  এজন মনোবিজ্ঞানীৰ নাম হ’ল জন ৱ্ৰডাচ।

৩। শিশুৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো কি?

উত্তৰঃ শিশুৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল শাৰীৰিক গঠন আৰু বিকাশ।

৪। ত্ৰুিড়াপ্ৰবণ বুলি কাক কোৱা হয়?

উত্তৰঃ ত্ৰুিয়াপ্ৰবণ বুলি শিশুসকলক কোৱা হয়।

৫। প্ৰেৰণা কি?

উত্তৰঃ প্ৰেৰণা হ’ল ব্যক্তিৰ এবিধ উল্লেখযোগ্য মানসিক অৱস্থা।

৬। মানুহৰ কি দাবী থাকে?

উত্তৰঃ মানুহৰ জৈৱিক আৰু মানসিক দাবী থাকে।

৭। পিয়াহৰ পৰা পৰিত্ৰাণ কৰিবলৈ মানুহৰ কি প্ৰয়োজন হয়?

উত্তৰঃ পিয়াহৰ পৰা পৰিত্ৰাণ কৰিবলা মানুহৰ পানী প্ৰয়োজন হয়।

৮। কিহৰ অভাৱ হ’লে আমাৰ উশাহ-নিশাহ লোৱাত কষ্ট হয়?

উত্তৰঃ বায়ুৰ অভাৱ হ’লে আমাৰ উশাহ-নিশাহ লোৱাত কষ্ট হয়।

৯। মানুহৰ ভাগৰ লাগিলে কি প্ৰয়োজন হয়?

উত্তৰঃ মানুহৰ ভাগৰ লাগিলে বিশ্ৰাম আৰু নিদ্ৰাৰ প্ৰয়োজন হয়।

১০। সকলো জীৱৰ কি থাকে?

উত্তৰঃ সকলো জীৱৰ যৌন প্ৰৱণতা থাকে।

১১। শৈশৱ কালত শিশু কেনেকুৱা হয়?

উত্তৰঃ শৈশৱ কালত শিশু আত্মকেন্দ্ৰিক হয়।

১২। প্ৰেৰণাই কি কৰে?

উত্তৰঃ প্ৰেৰণাই দাবীবোৰ পূৰণ কৰাৰ বাবে এবিধ অন্তৰ্নিহিত শক্তিৰ যোগান ধৰে।

১৩। প্ৰেৰণাদায়ক বুলি কাক কয়?

উত্তৰঃ মেক্ডুগালৰ দ্বাৰা নিৰ্ধাৰিত হোৱা প্ৰবৃত্তিসমূহকে প্ৰেৰণাদায়ক বুলি ক’ব পৰি।

১৪। মনোবিজ্ঞানী চি.এল.হালে কি কৈছিল?

উত্তৰঃ মনোবিজ্ঞানী চি.এল.হলে সকলো ব্যক্তিৰ নানাধৰণৰ মৌলিক প্ৰেৰণা আছে বুলি কৈছিল।

১৫। অভিপ্ৰায়ক কি বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ অভিপ্ৰায়ক মানুহৰ শক্তিশালী মানসিক অৱস্থা হিচাপে গণ্য কৰা হৈছিল।

১৬। অভিপ্ৰায় কি?

উত্তৰঃ অভিপ্ৰায় হল এটা জটীল অৱস্থা।

১৭। ভেলেনটাইন কোন আছিল?

উত্তৰঃ ভেলেনটাইন এজন মনোবিজ্ঞানী আছিল।

১৮। মনোবিজ্ঞানী মেকডুগালৰ মতে আৱেক কি?

উত্তৰঃ মনোবিজ্ঞানী মেকডুগালৰ মতে আৱেক হ’ল মানসিক উত্তেজনা ভৰা ব্যহ্যিক এক প্ৰকাৰৰ অমাৰ্জিতত আচৰণ।

১৯। শিশুৱে কিমান বছৰ পৰা মৰমৰ আৱেগিক প্ৰতিত্ৰুিয়া প্ৰকাশ কৰিব পাৰি?

উত্তৰঃ শিশুৱে এবছৰৰ পৰা মৰমৰ আৱেগিক প্ৰতিত্ৰুিয়া প্ৰকাশ কৰিব পাৰি।

২০। কিমান বছৰ হ’লে শিশুসকলৰ মনত ঈৰ্ষাৰ আৰু ফুটি কৰে?

উত্তৰঃ দুইবছৰ হ’লে শিশুসকলৰ মনত ঈৰ্ষাৰ আৰু ফুটি কৰে।

২১। অভ্যাস কি?

উত্তৰঃ অভ্যাস হ’ল এক স্বয়ংত্ৰুিয় আৰু যান্ত্ৰিক প্ৰত্ৰুিয়া।

২২। অভ্যাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো কি?

উত্তৰঃ অভ্যাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো Habit।