Class 12 EDUCATION Chapter 3 Short Question Answer | Class 12 EDUCATION Chapter 3 শিক্ষাত সাম্প্ৰতিক ধাৰাসমূহ Short Answer |

ক. খালী ঠাই পূৰ্ণ কৰাঃ

১। ভাৰতৰ বৰ্তমান স্বাক্ষতাৰ হাৰ———।

উত্তৰ : ৭৪.৪ শতাংশ।

২। বিশেষকৈ দৈহিক বিকাশ সাধনৰ বাবে—————- এক প্ৰণালীবদ্ধ ব্যৱস্থা যিয়ে শৰীৰৰ অংগী-ভংগী, দৈহিক সঞ্চলনত গুৰুত্ব দিয়ে।

উত্তৰ ঃ শাৰীৰিক শিক্ষা।

৩। জনসংখ্যা শিক্ষাই জনসংখ্যাৰ গুণগত দিশ আৰু ———-দিশ সাঙুৰি লয় ।

উত্তৰ : পৰিমাণগত ।

৪। ‘মহিলা সংৰক্ষণ বিল’ অনুযায়ী ৰাজ্যসভা আৰু লোকসভাত ————-শতাংশ আসন সংৰক্ষিত।

উত্তৰ ঃ ৩৩ ।

৫। পৰিবেশ শিক্ষাই ———–ৰ প্ৰতি সচেতন কৰে।

উত্তৰ : পৰিবেশ।

৬। পৰিবেশ শব্দৰ অৰ্থ হ’ল ——–।

উত্তৰ : চৌপাশ বা চাৰিওফাল ।

৭। ‘Environment’ শব্দটো ফৰাচী ভাষাৰ ——— ৰ পৰা উৎপত্তি হৈছে।

উত্তৰ : ‘Environer’

৮। পৰিবেশ হ’ল মূলতঃ———–যিয়ে প্ৰাণীজগতৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

উত্তৰঃ বাহ্য়িক শক্তি।

৯। বিশ্ব শীৰ্য সন্মিলনখন ————ত অনুষ্ঠিত হৈছিল।

উত্তৰঃ ব্ৰাজিলৰ ৰিঅ দ্য়া জেনেৰিঅ।

১০। পৰিৱেশ শিক্ষাৰ উদ্দেশ্য়সমূহ———— সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল।

উত্তৰঃ ৰাছিয়াৰ বিলিচি।

১১। প্ৰথম পৰিবেশ শিক্ষা সম্বন্ধীয় সন্মিলনখন ———চনত————ত অনুষ্ঠিত কৰা হৈছিল।

উত্তৰঃ ১৯৭৭, ৰাছিয়াৰ বিলিচি।

১২। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস————তাৰিখে উদ্য়যাপন কৰা হয়।

উত্তৰঃ ৮ মাৰ্চ।

খ। চমু প্ৰশ্নোত্তৰঃ

১। পৰিবেশৰ এটি সংজ্ঞা আগবঢোৱা।

উত্তৰঃ বৰিঙৰ মতে, “এজন লোকৰ পৰিবেশ হৈছে তেওঁক উদ্বীপিত কৰা সমূদায় পৰিস্থিতি, যাক তেওঁ গৰ্ভধাৰণ কৰা মূহুৰ্তৰ পৰা মৃত্য়ুলৈকে পাব পাৰে”।

২। জনবিস্ফোৰণ কি?

উত্তৰঃ জনসংখ্য়াৰ বৰ্দ্ধিত হাৰে যেতিয়া অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি কৰে তেতিয়া তাক ‘জনবিস্ফোৰণ বুলি কোৱা হয়। জনবিস্ফোৰণৰ ফলত খাদ্য় সমস্য়া, বাসস্থান সমস্য়া, আৰ্থিক সমস্য়া আদি নানা ধৰণৰ সমস্য়াই দেখা দিয়ে।

৩।পৰিবেশ বুলিললে কি বুজা?

উত্তৰঃ আমাৰ চৌপাশৰ জৈৱিক আৰু অজৈৱিক উপাদানেৰে আৱৰি ৰখা অৱস্থাটোৱেই হৈছে পৰিবেশ। এজন ব্য়ক্তিৰ শিক্ষা, জ্ঞান, চৰিত্ৰ, ব্য়ক্তিত্ব, মনোভাৱ আদিৰ ওপৰত পৰিবেশে গভীৰ প্ৰভাৱ পেলায়।

৪।প্ৰমূল্য় শিক্ষা মানে কি?

উত্তৰঃ প্ৰমূল্য় শিক্ষা বুলি কলে এনে ধৰণৰ শৈক্ষিক কাৰ্যসূচীৰ অন্তৰ্ভূক্তিৰ কথা সূচায়-যাৰ ফলত বিভিন্ন মানৱীয় প্ৰমূল্য়ৰ প্ৰভাৱত ব্য়ক্তিয়ে এক সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰি সমাজখন সুপথে পৰিচালিত কৰিব পাৰে। প্ৰমূল্য়বোধৰ শিক্ষাই সমন্বিতভাৱে এজন ব্য়ক্তিৰ ব্য়ক্তিত্ব আৰু চৰিত্ৰ গঢি তোলে।

৫। শাৰীৰিক শিক্ষা কি?

উত্তৰঃ শাৰীৰিক শিক্ষা হৈছে এক শৈক্ষিক প্ৰক্ৰিয়া যাৰ য়োগেদি ব্য়ক্তিৰ সৰ্বাংগীণ বিকাশ সম্ভৱ হয়। শাৰীৰিক শিক্ষাই ব্য়ক্তিৰ বাবে স্বাস্থ্য়ময়, সন্তোষজনক, উপযোগী আৰু বহু পৰিমাণে উৎপাদনমূখী জীৱনৰ গঢ দিয়ে। শাৰীৰিক শিক্ষাই বিভিন্ন ধৰণৰ খেল-ধেমালী, ব্য়ায়াম, নৃত্য় আদিৰ অনুশীলনক সাঙুৰি লয়।

৬। মূল্য়বোধ শিক্ষা দিয়া দুটা উপায় কি কি?

উত্তৰঃ মূল্য়বোধ শিক্ষা প্ৰত্য়ক্ষ আৰু পৰোক্ষ- এই দুই ধৰণে দিব পৰা যায়। বিদ্য়ালয়ত দৈনন্দিন পাঠদানত শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক বিভিন্ন পাঠৰ জৰিয়তে প্ৰত্য়ক্ষভাৱে মূল্য়বোধৰ শিক্ষা প্ৰদান কৰিব পাৰি। আনহাতে বিদ্য়ালয়ৰ সহপাঠ্য়ক্ৰমৰ দ্বাৰা পৰোক্ষভাৱে মূল্য়বোধৰ শিক্ষা প্ৰদান কৰিব পাৰি।

গ। উত্তৰ দিয়াঃ

১। জনসংখ্যা শিক্ষা মানে কি ?

উত্তৰ : জনসংখ্যা শিক্ষা হৈছে এক শিক্ষা আঁচনি যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ পৰা সৃষ্টি হ’ব পৰা সমস্যাসমূহৰ সমাধানৰ উপায়ৰ বিষয়ে অধ্যয়ন কৰা হয় । জনসংখ্যা শিক্ষাই সামাজিক পৰিবেশৰ ওপৰতো শিক্ষাদানৰ পোষকতা কৰে ।

২। মূল্যবোধ মানে কি ?

উত্তৰ : প্ৰমূল্য বা মূল্যবোধ মানে হ’ল- সামাজিক সমর্থন লাভ কৰা ব্যক্তি এজনৰ আচৰণ। মূল্যবোধে এজন ব্যক্তিৰ গুণগত মান প্রতিষ্ঠা কৰে। শিক্ষা নায়ক আলপট’ৰ মতে, “মূল্যবোধ হৈছে এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কাৰ্য সম্পাদন কৰে ।

৩। সামাজিক মূল্যবোধ মানে কি ?

উত্তৰ : সমাজৰ লোকসকলৰ মাজত ঐক্য, সামাজিক ন্যায়, জাতীয়তাবোধ, মানৱতাবোধ, ভাতৃত্ববোধ আদি মনোভাৱ জগাই তোলাই হৈছে সামাজিক মূল্যবোধ । মানৱ সমাজত শান্তি, শৃঙ্খলা, মানৱতাবোধ আদিৰ বিকাশৰ ক্ষেত্ৰত সামাজিক মূল্যবোধ সৃষ্টিৰ গুৰুত্ব অপৰিসীম।

৪। মহিলা সবলীকৰণ মানে কি ?

উত্তৰ : মহিলা সবলীকৰণ হ’ল এনে এক প্ৰক্ৰিয়া যাৰ দ্ধাৰা মহিলা আৰু পুৰুষৰ সম অধিকাৰ, সম স্বাধীনতা আৰু সম মর্যাদাৰ ভিত্তিত সম বিকাশৰ ব্যৱস্থা নিশ্চিত কৰিব পাৰি। মহিলা সবলী কৰণে নাৰীক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী আৰু সমাযোজন প্ৰক্ৰিয়াতো সহায় কৰে। ১৯৮৫ চনত আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনে মহিলা সবলীকৰণ সম্পৰ্কে কৈছিল, “মহিলা সবলীকৰণ হ’ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া।

৫। শিক্ষানুষ্ঠানত পৰিবেশ শিক্ষা কিদৰে দিব পাৰি চমুকৈ লিখা ।

উত্তৰ ঃ পৰিবেশৰ প্ৰতি মানুহৰ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিবলৈ বৰ্তমান শিক্ষানুষ্ঠানসমূহত পৰিবেশ শিক্ষাৰ পাঠ্যক্ৰম প্ৰচলন কৰা হৈছে। শিক্ষানুষ্ঠানত বিভিন্ন পর্যায়ত তলত দিয়া ধৰণে পৰিবেশ শিক্ষা দিব পাৰি- প্রাথমকি পৰ্যায়ত পৰিবেশ শিক্ষা : এই পৰ্যায়ত শিশুসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা, স্বাস্থ্যৰ অনুশীলন,ৰ’দ বৰষুণ দিয়া, শীত-তাপ অৱস্থা নিয়ন্ত্ৰণ কৰা আদি পৰিবেশ সম্পৰ্কীয় পাঠ অন্তৰ্ভূক্ত কৰা হৈছে। আনহাতে এই পৰ্যায়ত প্রাকৃতিক সৌন্দৰ্য অনুভৱ কৰাৰ বাবে প্রকৃতি পাঠ প্ৰদান কৰাৰ যুক্তিযুক্ততা আছে। মাধ্যমিক পৰ্যায়ত পৰিবেশ শিক্ষা : এই পৰ্যায়ত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, বতৰ বিজ্ঞান আদি পাঠ পাঠ্যসূচীত অন্তৰ্ভূক্ত কৰিব লাগে।

ঘ. বহলাই উত্তৰ দিয়া :

১। বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় গুৰুত্বপূৰ্ণ তিনিটা কাৰণ দেখুওৱা।

উত্তৰ : বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্বৰ কাৰণ –

(ক) শাৰীৰিক বিকাশ সাধন কৰা : শাৰীৰিক শিক্ষাৰ যোগেদি ছাত্র-ছাত্রীসকলক শৰীৰৰ প্ৰতি সচেতন কৰি তুলিব পাৰি। এনে শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক দুর্বলতা ৰোগ-ব্যাধি আদিৰ পৰা নিজকে বচাই ৰাখিব পাৰে।

(খ) অংগ সঞ্চালনৰ বিকাশ : শাৰীৰিক শিক্ষাৰ জৰিয়তে শিশুৱে শাৰীৰিক অংগ প্ৰতংগ উপযুক্তভাৱে সঞ্চালন কৰাৰ সুযোগ পায়। ফলত সিহঁতৰ কৰ্ম ক্ষমতা বৃদ্ধি পায়।

(গ) মানসিক সুস্থতাঃ শাৰীৰিক শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক অৱসাদ দূৰ কৰে। ফলত সিহঁতৰ শৰীৰ মন ভালে থকাৰ উপৰিও কর্ম দক্ষতা বৃদ্ধিপায় ।

(ঘ) সামাজিক গুণৰ অধিকাৰী : শাৰীৰিক শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ভ্ৰাতৃত্ববোধ, সহনশীলতা; সহযোগিতা, শ্রদ্ধা বন্ধুত্বভাৱ আদি সামাজিক গুণৰ বিকাশ হয়।

২। পৰিবেশ শিক্ষাৰ গুৰুত্ব (প্ৰয়োজনীয়তা) সম্পর্কে আলোচনা কৰা ।

উত্তৰ : বৰ্তমান বিশ্বৰ প্ৰেক্ষাপটত পৰিবেশ শিক্ষাৰ অতীব গুৰুত্ব আছে, যেনে –

(ক) প্রদূষণ : বর্তমান বিশ্বত প্ৰদূষণৰ মাত্ৰা অতিকৈ বৃদ্ধি পাইছে। প্রতিদিনে বায়ু, পানী, মাটি, আদিৰ প্ৰদুষণ বাঢ়ি গৈ আছে। পৰিবেশ শিক্ষাই ছাত্ৰ-ছাত্ৰীক পৰিবেশৰ এই প্ৰদুষণসমূহৰ বিষয়ে সজাগ কৰি তুলিব পাৰে।

(খ) গোলকীয় উষ্ণতা বৃদ্ধি : আধুনিকীকৰণ আৰু নগৰীকৰণ কৰাৰ বাবে গছ-গছনি কটা আৰু বনাঞ্চল ধ্বংস হোৱাৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাই আছে। পৰিবেশ বিজ্ঞান স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিলে ছাত্র-ছাত্রীয়ে নিশ্চয় এই গোলকীয় উষ্ণতাৰ বিষয়ে সচেতন হৈ ভৱিষ্যত প্রজন্ম পৰিবেশ সংৰক্ষণৰ বাবে আগুৱাই আহিব।

(গ) উদ্দ্যোগীকৰণ ঃ বিশ্বত জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে উদ্দ্যোগীকৰণো বৃদ্ধি পাইছে। ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। পাৰেবশৰ বিষয়ে অধ্যয়নে ইয়াৰ ভয়াবহতাৰ বিষয়ে ছাত্র- ছাত্ৰীসকলক অৱগত কৰিব পাৰিব ।

৩। মহিলা সবলীকৰণ আৰু শিক্ষাৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰ : শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ এক শক্তিশালী আহিলা। সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, নেতিবাচক ধ্যান-ধাৰণা আদি আঁতৰ কৰাত শিক্ষাই শক্তিশালী ভূমিকা গ্ৰহণ কৰে। সমাজত মহিলাসকল শিক্ষিত হ’লে সেই শিক্ষা নতুন প্ৰজন্মৰ বাবে বিশেষ ফলদায়ক হয়। মহিলাসকলক সামাজিকভাৱে সচেতন, দায়বদ্ধ আৰু উৎপাদনক্ষম কৰি সমাজৰ দ্ৰুত উন্নয়ন তথা বিকাশ সাধন কৰিব পাৰি। মহিলাসকলে সমাজলৈ সবল ভূমিকা গ্ৰহণ কৰিবলৈ হ’লে সিহঁতক বৃত্তিমূলক প্রশিক্ষণ, ঔদ্যোগিক বিষয়ৰ শিক্ষা প্ৰদান, প্রযুক্তিগত জ্ঞান প্ৰদান কৰিব লাগিব। অর্থাৎ মহিলাক সবলীকৰণ কৰিব লাগিব আৰু এই সবলীকৰণৰ প্ৰধান মাধ্যমটো হৈছে উপযুক্ত শিক্ষা প্ৰদান কৰা ।

৪। বর্তমান সমাজত প্ৰমূল্যবোধৰ শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা ।

উত্তৰ : বৰ্তমান সমাজত মূল্যবোধৰ শিক্ষাৰ প্রয়োজনীয়তা বৃদ্ধি পাইছে। কিয়নো মূল্যবোধে দেশ বা সমাজ এখন সুপৰিচালিত হ’বলৈ আইন সম্পৰ্কীয়, আদর্শ বিষয়ক আৰু সামাজিক ৰীতি নীতি সম্পর্কে নাগৰিকসকলৰ মাজত সচেতনতা বৃদ্ধি কৰে। মূল্যবোধৰ শিক্ষাই মানুহৰ নৈতিক আৰু সামাজিক আচৰণ সংশোধন কৰিব পাৰে। দেখা যায় সমাজত যিমানেই বৈজ্ঞানিক চিন্তাৰ্চ্চাৰ প্রকোপ বৃদ্ধি পাইছে সিমানেই মানুহে আবেগ-অনুভূতিবোৰ হেৰুৱাই যন্ত্ৰবৎ হৈ আছে। বিজ্ঞান-প্ৰযুক্তিৰ বশৱৰ্তী হৈ আত্মা-পৰামাত্মাৰ কথা পাহৰি গৈছে। সমাজত বিশৃঙ্খলতা, ভণ্ডামি, বিশ্বাসহীনতা আদি বৃদ্ধি পাইছে। এনে পৰিস্থিতিত মূল্যবোধৰ শিক্ষা এক প্রত্যাহান স্বৰূপ যদিও একমাত্র মূল্যবোধৰ শিক্ষাৰ দ্বাৰাহে সমাজৰ পৰা আমি কলুষ- কালিমাসমূহ আঁতৰ কৰি সামাজিক ন্যায়, জাতীয়তাবোধ, ভাতৃত্ববোধ, সৌন্দর্যবোধ আদি স্থাপন কৰিব পাৰি ৷

৫। বিদ্যালয়ত মূল্যবোধ শিক্ষা প্ৰদানৰ বাবে আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত আলোচনা কৰা ।

উত্তৰ ঃ বিদ্যালয়ত মূল্যবোধ শিক্ষা প্ৰদানৰ বাবে আমি তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰো-

(১) মূল্যবোধ শিক্ষা দিয়াৰ বাবে অনাতাঁৰ, দূৰদৰ্শন, বাতৰি কাকত আদ্ৰি ব্যৱস্থা কৰা উচিত।

(২) ছাত্ৰ-ছাত্ৰীসকলৰ আধ্যাত্মিক আৰু নৈতিক মূল্যবোধ জাগ্ৰত কৰিবলৈ বিদ্যালয়ত প্ৰাৰ্থনা সভাৰ আয়োজন কৰা উচিত । ইয়াৰ উপৰিও ভক্তিমূলক গীত মাত, মহৎ লোকৰ বাণী আদি পাঠৰ জৰিয়তে মূল্যবোধৰ শিক্ষা দিব পাৰি ।

(৩) সংগীত, নৃত্য নাটিকা, খেল-ধেমালী আদি মাধ্যমৰ জৰিয়তেও মূল্যবোধৰ শিক্ষা দিব পাৰি।

(৪) বিদ্যালয়সমূহত মাজে মাজে বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা বক্তৃতা অনুষ্ঠান, আলোচনা চক্ৰ আদিৰ আয়োজন কৰি ছাত্ৰ- ছাত্ৰীসকলক প্ৰমূল্যবোধৰ শিক্ষাৰ প্ৰতি উদ্বুদ্ধ কৰিব পাৰি।

(৫) ধর্মীয় শিক্ষাৰ জৰিয়তেও প্ৰমূল্যবোধ শিক্ষা প্রদান কৰিব পাৰি।

৬। NCERT মতে জনসংখ্যা শিক্ষাৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা ।

উত্তৰ : ১৯৭১ চনত দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত কোৱা হয় যে স্কুলীয়া শিক্ষাৰ সৰ্বস্তৰতে অর্থাৎ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষা প্রদান কৰা উচিত। প্রাথমিক স্তৰত ল’ৰা-ছোৱালীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ড আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে অৱগত কৰিব লাগে। মাধ্যমিক পৰ্যায়ত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যা বৃদ্ধিৰ গতি-ধাৰা সম্পর্কে ছাত্র- ছাত্রীসকলক শিক্ষা দিব লাগে। মহাবিদ্যালয় পর্যায়ত শিক্ষাৰ্থীসকলক শৰীৰৰ অঙ্গ- প্রত্যংগৰ লগত ভালদৰে চিনাকী কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে ।০০০

Type By Suman Bora