Class 12 Geography Assamese Medium Question Answer Solution | HS 2nd Year Geography GU Assamese Medium Question Answer Solution | Chapter 4 | চতুৰ্থ অধ্যায় | অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা | প্ৰশ্ন উত্তৰ |

চতুৰ্থ অধ্যায়

অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

অনুশীলনীঃ

১। সম্পদ হিচাবে গণ্য কৰিবলৈ হ’লে কোনটো বৈশিষ্ট্য উপাদানত নিহিত থকাটো প্রয়োজন?

(ক) কার্যকাৰিতা

(খ) উপযোগিতা

(গ) গতিশীলতা

(ঘ) ক, খ আৰুগ তিনিওটা।

উত্তৰঃ (ঘ) ক, খ আৰুগ তিনিওটা।

২। অসমৰ কোন স্থানত প্ৰথমতে কয়লা (ক’লা হীৰা) আবিস্কাৰ হৈছিল? 

(ক) নাহৰকটীয়া

(খ) মাৰ্ঘেৰিটা

(গ) লিডু

(ঘ) মাকুম

উত্তৰঃ (ঘ) মাকুম।

৩। অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা হৈছিল?

(ক) ১৮২২ চনত

(খ) ১৮৮৪ চনত

(গ) ১৯০১ চনত

(ঘ) ১৯৮৯ চনত।

উত্তৰঃ (ক) ১৮২২ চনত।

৪। ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয় ?

(ক) ২৭ শতাংশ 

(খ) ৩৪ শতাংশ

 (গ) ২২ শতাংশ 

(ঘ) ১৭ শতাংশ।

উত্তৰঃ (ঘ) ১৭ শতাংশ।

৫। তলৰ কোনটো শোধনাগাৰলৈ অসমত উৎপাদিত খাৰুৱা তেল পঠিওৱা হোৱা নাই—

 (ক) নুনমাটি

(খ) হালদিয়া

(গ) মথুৰা

(ঘ) বাৰাউনী।

উত্তৰঃ (গ) মথুৰা।

৬। প্ৰাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে?

(ক) ৮-৯ শতাংশ                    

 (খ) ১-১.৭ শতাংশ

(গ) ২-২.৪ শতাংশ                    

(ঘ) ৮০-৯০ শতাংশ।

উত্তৰঃ (ঘ) ৮০-৯০ শতাংশ।

৭। উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ কিমান শতাংশ ঠাই বনাবৃত?

(ক) ১৭ শতাংশ                         

(খ) ২১ শতাংশ

(গ) ২৭ শতাংশ                        

(ঘ) ৩৭ শতাংশ।

উত্তৰঃ (খ) ২১ শতাংশ।

৮। অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ কোন কেইটা প্রধান প্রকল্পই ব্যৱহাৰ কৰে?

উত্তৰঃ অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ OIL, ONGC, BRPL আদি প্ৰধান প্ৰকল্পই ব্যৱহাৰ কৰে।

৯। অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম লিখা। 

উত্তৰঃ অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ ৫ খন ঠাইৰ নাম হৈছে- 

(১) ডিলাই, (২) কইলাজান, (৩) শিলভেটা, (৪) ছৈনিলাংছ আৰু (৫) উমৰাংছ আদি।

১০। ১৯৯৩ চনত ‘বিশ্ব শীৰ্ষ সন্মিলন’ কোন চহৰত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৯৩ চনত ‘বিশ্ব শীৰ্ষ সন্মিলন’  ”ৰিউ-ডি-জেনিৰিও” চহৰত অনুষ্ঠিত হৈছিল।

১১। একমাত্ৰ অসমত উপলব্ধ দুষ্প্রাপ্য আৰু লুপ্তপ্রায় কোন দুবিধ প্ৰাণীক ৰাষ্ট্ৰ সংঘই ‘দুষ্প্রাপ্য আৰু বিপদাপন্ন প্রাণী’ হিচাবে ৰঙা তথ্য তালিকাত অন্তৰ্ভূক্ত কৰিছে?

উত্তৰঃ একমাত্ৰ অসমত উপলব্ধ দুষ্প্ৰাপ্য আৰু লুপ্তপ্ৰায় নল গাহৰি আৰু সুগৰি পহু এই দুবিধ প্ৰাণীক ৰাষ্ট্ৰ সংঘই ‘দুষ্প্ৰাপ্য আৰু বিপদাপন্ন প্ৰাণী’ হিচাবে ৰঙা তথ্য তালিকাত অন্তৰ্ভূক্ত কৰিছে।

১২। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত?

উত্তৰঃ অসমত বৰ্তমান ৫ খন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।

১৩। চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ চলন্ত শিল্পৰ এটা উদাহৰণ- ‘ডায়মণ্ড’ শিল্প।

১৪। মানৱ সম্পদ উন্নয়নৰ লাইখুটা কেইটা কি কি?

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ লাইখুটা চাৰিটা। যেনে- (১) সমতা ( Equality) , (২) উৎপাদন  (Production), (৩) স্থায়িত্ব (Durability) আৰু (৪) অধিকাৰ ( Rights)।

১৫। অসমত গ্ৰীষ্ম কালৰ তিনিটা মাহত ৰাস্তা আৰু ৰে’লপথ ক্ষতিগ্রস্ত কৰা খনন দুবিধৰ নাম লিখা।

উত্তৰঃ অসমত গ্ৰীষ্ম কালৰ তিনিটা মাহত ৰাস্তা আৰু ৰে’লপথ ক্ষতিগ্ৰস্ত কৰা খনন দুবিধৰ নাম- (১) লোৰ খনন (Gully Erosion) আৰু (২) পৃষ্ঠীয় খনন (Surface Erosion) ।

১৬। ৰছীপথ পৰিবহন অসমৰ কোন দুখন ঠাইৰ মাজত প্ৰচলিত ?

উত্তৰঃ কাৰ্বি আংলং জিলাৰ ডিলাইৰ পৰা বোকাজান আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটী মাজত ৰছীপথ পৰিবহন।

১৭৷ কোঁচ ৰজা নৰনাৰায়নে তেওঁৰ ৰাজত্ব কালত নিৰ্মাণ কৰা গোঁহাই-কমল আলিৰ দুই মূৰে থকা ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ কোঁচ বিহাৰৰ পৰা পূৱে নাৰায়ণপুৰলৈ (লখিমপুৰ) ” গোঁহাই কমল আলিৰ’ ৰ নিৰ্মাণ কৰিছিল।

১৮। ৪০ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথে (NH 40) কোন দুখন ঠাই সংলগ্ন কৰিছে?

উত্তৰঃ NH40এ গুৱাহাটী আৰু শ্বিলং এই দুখন ঠাইক সংলগ্ন কৰিছে।

১৯। অসমৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব ৩০ টা মান শব্দৰ ভিতৰত লিখা ৷

উত্তৰঃ আৰ্দ্ৰভূমিবোৰ অসংখ্য ‘উভচৰী’ আৰু ‘পক্ষী’ জীৱৰ আবাসভূমি। নদী, খাল-বিল, হ্ৰদ ইত্যাদি আদ্ৰভূমিৰ উদাহৰণ। অসমত বিশেষকৈ আৰ্দ্ৰভূমিবোৰ মাছ আৰু চৰাইৰ বাবে সমৃদ্ধ। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ ভেকুলী, সাপ, কাছ , পোক-পৰুৱা ইত্যাদিৰ বাবে জনপ্ৰিয়।

    অসমত আৰ্দ্ৰভূমিত পোৱা মাছৰ বাবে আমি বেলেগ ৰাজ্যৰ মাছৰ ওপৰত ১০০ শতাংশ নিৰ্ভৰ কৰিবলগীয়া হোৱা নাই। আমাৰ ইয়াত পোৱা থলুৱা মাছ যেনে- কাৱৈ, মাগুৰ, শিঙি, শিঙৰা, শাল-শোল, গৰৈ, চেঙেলী, পুঠি, দৰিকনা, মোৱা ইত্যাদি অনেক মাছৰ সোৱাদ অন্যান্য আৰু আমাৰ শৰীৰৰ বাবে উপযোগী।

    আনহাতে শীতকালত পৰিভ্ৰমী চৰাইবোৰে অসমৰ আৰ্দ্ৰভূমি আতক ধুনীয়া কৰি তোলে। ফলত, অসমৰ পৰ্যটন উদ্যোগৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে।

২০। Silk Route আৰু Steel-Well-Route ৰ বিষয়ে ৫০/৬০ টা মান শব্দত বৰ্ণনা কৰা।

উত্তৰঃ প্ৰাচুৰ্য্য আৰু সম্পদৰ সম্ভাৱনীয়তা থকা সত্বেও অসম শিল্প-উদ্যাগৰ ক্ষেত্ৰত  ভাৰতৰ আন অগ্ৰণী ৰাজ্যতকৈ তুলনামূলকভাৱে পিছপৰা। ইয়াৰ প্ৰধান ভৌগোলিক কাৰণবোৰ হ’ল-

    স্থানিক সূচলতাৰ অভাৱ; যেনে- অসম বাৰতৰ উত্তৰ-পূব চুকত অৱস্থিত। ‘বংগ দুৱাৰ’ নামে পৰিচিত এক ঠেক ভূভাগেৰে ভাৰতৰ মূল ভূ-ভাগৰ সৈতে স্থলপথেৰে সংলগ্ন হৈ আছে। তদুপৰি উত্তৰ-পূৰ্বাঞ্চল উত্তৰ, উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশত বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হোৱাৰ উপৰিও পাহাৰ-পৰ্বতেৰে আগুৰি আছে। ফলত স্থলপথেৰে চীন আৰু দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা বিচ্ছিন্ন হৈ আছে। Silk Route (চীন-ৰাছিয়া হৈ ইউৰোপলৈ যোৱা পথ), Steel-well Route (পাটকাই-ম্যানমাৰ হৈ দক্ষিণ-পূব-এছিয়াৰ সংযোগী পথ) আদি বৰ্তমান ব্যৱহাৰৰ উপযোগী হৈ থকা নাই।  

২১। অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ ৫ টা কাৰকৰ বিষয়ে লিখা।

উত্তৰঃ অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ ৫ টা কাৰকৰ বিষয়ে হৈছে-

(১) অসমত উপলব্ধ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা মুখ্য উদ্যোগঃ খনিজাত তেল সম্পদৰ ওপৰত ভিত্তি কৰি অসমত পাঁচটা তেল শোধনাগাৰ গঢ়ি উঠিছে। স্থানীয় চূণশিলৰ ওপৰত ভিত্তি কৰি কেইবাটাও চিমেন্ট কাৰখানা গঢ়ি উঠিছে। স্থানীয় ভাণ্ডাৰবোৰৰ পৰা অহৰহ কয়লা আহৰণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছে।

(২) বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগঃ প্লাইউড, হাৰ্ড ব’ৰ্ড, কাগজ কল, বাঁহ-বেতৰ উদ্যোগ, দিয়াচলাই উদ্যোগ, কাঠৰ ব্যৱহাৰৰ যোগে ঘৰুৱা আছবাব তৈয়াৰ কৰা উদ্যোগ, কাঠ ফলা উদ্যোগ ইত্যাদি।

(৩) বিগত দুটা দশকত পেট্ৰ’ৰাসায়নিক দ্ৰব্য (শোধনাগাৰ আশুত) কেঁচামাল হিচাবে ব্যৱহাৰ কৰি প্লাষ্টিকৰ বিভিন্ন সামগ্ৰী, পাইপ, ধাৰণ-পাত্ৰ, প্লাষ্টিক, ৰং, ঔষধ আৰু ঔষধৰ বটল, পানীৰ বটল আদি তৈয়াৰ কৰা অসংখ্য উদ্যোগ গঢ়ি উঠিছে।

(৪) কৃষি উৎপাদিত সামগ্ৰীৰ ওপৰত ভিত্তি কৰি অসমত কিছু উদ্যোগ গঢ়ি উঠিছে। যেনে- চাহশিল্প, ধানৰ কল, আটাৰ কল, মৰাপাট উদ্যোগ, কঁপাহী সূতা কটা উদ্যোগ, কৃত্ৰিম সূতা আৰু বস্ত্ৰ উদ্যোগ ইত্যাদি। এই উদ্যোগসমূহৰ বাহিৰেও  কিছুমান খাদ্য-সংসাধন উদ্যোগ, বিভিন্ন প্ৰকাৰৰ ৰুটি আৰু বিস্কুট তৈয়াৰ কৰা মজলীয়া উদ্যোগ গঢ়ি উঠিছেষ

(৫) এড়ি, মূগা আৰু পাটশিল্প অসমৰ আপুৰুগীয়া সম্পদ। অসম আৰু অসমীয়াৰ এই তিনিওবিধ অন্যতম সাংস্কৃতিক সম্পদ এই অকল ভাৰততেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত। বাৰেবৰণীয়া সংস্কৃতিৰ অনবদ্য সম্পদ এই বস্ত্ৰ কেইপদ বিবাহ, উৎসৱ-পাৰ্বন আদিত সততে পৰিধান কৰা দেখা যায়। এড়িপলুৰ খাদ্য হৈছে এড়া আৰু কেছেৰু গছৰ পাত। মূগাপলুৰ খাদ্য হ’ল চোম গছৰ পাত আৰু পাট-পলুৰ খাদ্য হ’ল নুনি গছ। এড়া, কেছেৰু, চোম আৰু নুনিগছ অসমৰ প্ৰাকৃতিক সম্পদৰ অতি মূল্যৱান বিৰিখ হিচাবে গণ্য কৰা হয়। প্ৰাকৃতিক পাট বা বিশুদ্ধ পাটসূতাৰে তৈয়াৰী বস্ত্ৰ অকল অসমৰ ‘বস্ত্ৰনগৰীত’ (শুৱালকুছিত) তৈয়াৰ কৰা হয়। তেনেদৰে মূগা-বস্ত্ৰও অতি আদৰৰ সম্পদ। এড়ী কাপোৰ পলাশবাৰী-ছয়গাওঁ অঞ্চলৰ শিপিনীৰ গৌৰৱময় সম্পদ। প্ৰাপ্তবয়স্ক পলুপোকৰ মুখেৰে নিৰ্গত এবিধ আঠা জাতীয় দ্ৰব্যৰ পৰা আঁহ বা সূতাকাটি এড়ী, মূগা আৰু পাট কাপোৰ তৈয়াৰ কৰা হয়। দাম তুলনামূলকভাৱে অধিক হ’লেও বহু বছৰ এইবোৰ কাপোৰ ব্যৱহাৰ কৰি থাকিলেও সহজতে নষ্ট নহয়- বৰং উজ্জ্বলতা আৰু চমক অধিক হয়।

২২। কাঁহ আৰু পিতলৰ শিল্পৰ ৫ টা সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ কাঁহ আৰু পিতলৰ শিল্পৰ ৫ টা সমস্যা হৈছে-

(১) কাঁহ আৰু পিতলৰ শিল্পৰ বজাৰত কেঁচামালৰ নাটনি দেখা যায়।

(২) কাঁহ আৰু পিতল শিল্পৰ ব্যৱসায় বৰ্তমান স্থানীয় লোকৰ হাতত কম, বহিৰাগত ব্যৱসায়ীৰ হাতত দেখা যায়।

(৩) কিছুমান অসাধু ব্যৱসায়ী চক্ৰই কেঁচামালৰ মূল্য নিজৰ ইচ্ছানুযায়ী নিৰ্ধাৰণ কৰে।

(৪) অসাধু ব্যৱসায়ী চক্ৰৰ ক্ষেত্ৰত বিভাগীয় মুৰব্বী সকলো নিমাত হৈ থকা দেখা যায়।

(৫) ইয়াৰ উপৰিও মোৰাদাবাদ আদিৰ পৰা মেচিনত তৈয়াৰী সস্তীয়া চিকচিকিয়া অথচ পাতল সামগ্ৰীৰে অসমৰ বজাৰ ভৰি পৰা দেখা যায়।

Question Type: Himashree Bora.

Answer Type: Pompi  Hazarika