Class 12 Geography Assamese Medium Question Answer Solution | HS 2nd Year Geography GU Assamese Medium Question Answer Solution | Chapter 8 | অষ্টম অধ্যায় | (ক) প্ৰাক্-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্য়োগ (খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ | প্ৰশ্ন উত্তৰ |

অষ্টম অধ্যায়

(ক) প্ৰাক্-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

(খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

অনুশীলনীঃ

১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ

(ক) অসমক ”পলু পোহাৰ দেশ” বুলি কোন গ্ৰন্থত কোৱা হৈছে?

 উত্তৰঃ অসমক ”পলু পোহাৰ দেশ” বুলি মহাকাব্য ‘ৰামায়ণ’ গ্ৰন্থত কোৱা হৈছে।

(খ) ‘থুপৰী’ মানে কি?

উত্তৰঃ বোৱা-কটা নজনা ছোৱালীক অসমীয়া সমাজত ‘থুপৰী’ বুলি কোৱা হৈছিল।

(গ) ”জোলা” নামৰ খেলটো আহোমৰ ৰাজত্বকালত কোনটো বৃত্তিৰ সৈতে জড়িত আছিল?

উত্তৰঃ ”জোলা” নামৰ খেলটো আহোমৰ ৰাজত্বকালত তাঁত শিল্পৰ সৈতে জড়িত আছিল।

(ঘ) আহোমৰ ৰাজত্ব কালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সূতা কাটি বৈ দিয়া কাপোৰ খনৰ নাম কি?

উত্তৰঃ আহোমৰ ৰাজত্ব কালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সূতা কাটি বৈ দিয়া কাপোৰ খনৰ নাম- ‘কৱচ কাপোৰ’।

(ঙ) ‘সোণ খপা’ মানে কি?

উত্তৰঃ নৈৰ বালিৰ পৰা সোণ-ৰূপ উৎপাদন কৰা পদ্ধতিটো ‘সোণ কমোৱা’ বা ‘সোণ-খপা’ বুলি কোৱা হয়।

(চ) ‘গুণাকটীয়া’ কি?

উত্তৰঃ ‘গুণাকটীয়া’ হ’ল এবিধ খেল।

(ছ) ‘লোৱা মাটি’ কি?

উত্তৰঃ বাৰিষা নৈত ঢল উঠিলে পানীৰ সোঁতে পৰ্বতৰ পৰা ‘লোৱা মাটি’ বা লোৰ আকৰ মিহলি মাটি আনি নৈৰ ঠায়ে ঠায়ে চট পেলায়হি। এই চটৰ ওপৰতে পলসো পৰি খৰালিমহীয়া লোৱা মাটি বা লোৰ আকৰ মিহলি মাটিবোৰ টান হয়। ইয়াকে ‘লোৱা মাটি’ বোলে।

(জ) ‘ঢেকৰ’ কি?

উত্তৰঃ লোৰে নিৰ্মিত কিছুমান  বস্তুৰ ওপৰৰ আৰু তলৰ দুয়োটা ভাগক যেতিয়া যোৰা লগোৱা হয় তাকে ‘ঢেকৰ’ বোলে। যেনে- পালকী।

(ঝ) ‘খাটাং’ কি?

উত্তৰঃ বেতেৰে তৈয়াৰী শকত বাঙাক ‘খাটাং’ বোলে। যেনে- ৰাইদাং, খালৈ, বিচনী আদি।

২। চমুটোকা লিখাঃ

(ক) কাঁহ শিল্প

উত্তৰঃ পুৰণি অসমৰ কাঁহ শিল্পৰ সৰ্ম্পকে জানিবলৈ বৰ বেছি সমল পোৱা নাযায়। অৱশ্য কাঁহৰ বহুবিধ সামগ্ৰীৰ ব্যৱহাৰৰ কথা পোৱা যায়। প্ৰাক্-আহোম যুগৰ সংগীতৰ বাদ্যযন্ত্ৰ যেনে-বৰকাঁহ, কাঁহ, নানা বিধৰ তাল, ঘন্টা, নূপুৰ, কিংকিনী আদিৰ নাম পোৱা যায়। প্ৰাচীন চৰ্য্যাপদসমূহৰ লগতে প্ৰাচীন গ্ৰন্থ কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, মাধৱ কন্দলিৰ ‘ৰামায়ণ’ আদি গ্ৰন্থত বিভিন্ন কাঁহৰ সামগ্ৰীৰ উল্লেখ পোৱা যায়। চৰিত পুথিসমূহতো কাঁহৰ বিভিন্ন সামগ্ৰীৰ উল্লেখ আছে। 

    মধ্যযুগৰ অসমত কাঁহ শিল্পই প্ৰসাৰতা লাভ কৰিছিল আৰু বিভিন্ন অঞ্চলত কাঁহ শিল্পৰ সৈতে জড়িত কঁহাৰসকল আছিল। অসমৰ কঁহাৰসকলে কাঁহ তৈয়াৰ কৰিবলৈ তাম আৰু ৰাং মিহলাইছিল। কেতিয়াবা ৰূপও মিহলাইছিল। খোৱা-বোৱা কৰা পাত্ৰ হিচাপে এই যুগৰ অসমত কাঁহৰ পাত্ৰই প্ৰধানকৈ ব্যৱহিত হৈছিল। কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰাৰ বাবে হাজো, সৰ্থেবাৰী, যোৰহাট জিলাৰ কৰঙা, তিতাবৰ আদি অঞ্চল বিখ্যাত হৈ উঠিছিল।

(খ) তাম শিল্প

উত্তৰঃ তাম শিল্পও অসমৰ প্ৰাচীন শিল্পসমূহৰ অন্যতম। প্ৰাচীন কামৰূপৰ ৰজাসকলৰ তামৰ ফলিকে ধৰি বিভিন্ন সামগ্ৰীসমূহৰ বিষয়ে বিভিন্ন গ্ৰন্থত উল্লেখ পোৱা যায়। প্ৰাচীন শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ চালখন তামেৰে ৰ্নিমিত আছিল বুলি পোৱা যায়। প্ৰাক্-ব্ৰিটিছ যুগৰ অসমত তামৰ কলহ, ভোগজৰা, শৰাই, সঁফুৰা, টেমা, মন্দিৰৰ বিভিন্ন পূজাৰ সঁজুলি আদি বহু পৰিমাণে ব্যৱহিত হৈছিল। বিশুদ্ধ তামৰ আচ্বাবৰ উপৰিও তামৰ কলচী, শৰাই-সঁফুৰা বা অন্যান্য সামগ্ৰীৰ ওপৰত সোণ-ৰূপৰ পাট বিশেষ উপায়েৰে মেৰিয়াই শিল্পীসকলে সামগ্ৰীসমূহক নতুন ৰূপ দিছিল। সেইদৰে তামৰ বিভিন্ন সামগ্ৰীত সোণ-ৰূপ খটোৱা কামও এই শিল্পীসকলে কৰিছিল।

    মধ্যযুগৰ অসমত তাম প্ৰধানকৈ সমীপৱৰ্তী পাহাৰীয়া জনজাতিসকলৰ পৰা সংগ্ৰহ কৰা হৈছিল। চীনদেশৰ পৰাও আনিছিল বুলি কোৱা হয়। কঁহাৰ, কমাৰ, মৰীয়া আদি বৃত্তিমূলক খেলসমূহৰ দক্ষ লোকসকল তাম শিল্পৰ সৈতে জড়িত আছিল।

(গ) পিতল শিল্প

উত্তৰঃ প্ৰাচীন কালৰে পৰা অসমত পিতল ধাতুৰ ব্যৱহাৰ আছিল বুলি অনুমান কৰা হয়। পিতল শিল্পটো আহোম যুগত এটা গুৰুত্বপূৰ্ণ শিল্প আছিল। এই যুগত প্ৰায় সকলোতে পিতলৰ সা-সঁজুলিৰ ব্যৱহাৰ আছিল। চৰিয়া, কলহ, শৰাই, টৌ, খৰাহি, কলহ, সঁফুৰা, হেতা, তলীয়া আনকি নামঘৰ, দ’ল-দেৱালয় আদিৰ ডবা পৰ্যন্ত পিতলৰ আছিল। আহোম ৰাজত্বত এই গুৰুত্বপূৰ্ণ পিতল শিল্পটো মৰীয়া খেলৰ পিতল শিল্পীসকলৰ দ্বাৰা বিকশিত হোৱাৰ কথা বুৰঞ্জীত পোৱা যায়।

    তামৰ সৈতে দস্তা মিহলি কৰি মিশ্ৰ ধাতু পিতল তৈয়াৰ কৰা হৈছিল। পিতল-শিল্পীসকলে পিতল কাটি, জোৰা লগাই, ভাতীত গলাই, নিয়াৰিত পিটি-খুন্দি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছিল। মাটিৰ নিৰ্দিষ্ট সাঁচ তৈয়াৰ কৰি সেই সাঁচত গলিত পিতল ঢালিও বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হৈছিল। কমাৰ শালত ব্যৱহিত প্ৰায়বোৰ সঁজুলিয়েই পিতলৰ শালতো ব্যৱহিত হৈছিল।

(ঘ) লা তৈয়াৰ কৰা শিল্প

উত্তৰঃ লা তৈয়াৰ কৰা শিল্পও প্ৰাচীন অসমৰ এক গুৰুত্বপূৰ্ণ শিল্প আছিল। কাষৰীয়া পাহাৰীয়া লোকসকলৰ পৰা সংগ্ৰহ কৰাৰ উপৰিও আহোমৰ ৰাজত্ব কালত লা গছত ‘লা পৰুৱা’ পুহিও লাৰ খেতি কৰা হৈছিল। বিভিন্ন প্ৰকাৰৰ ৰং দীৰ্ঘস্থায়ী কৰিবৰ বাবে লা ব্যৱহাৰ কৰাৰ উপৰিও মোহৰ, চাব আদি ৰাজকীয় ঘোষণা পত্ৰত মাৰিবৰ বাবেও লা ব্যৱহাৰ কৰা হৈছিল। সেইদৰে বিভিন্ন ধাতুৰ বাচন-বৰ্তনৰ সাঁচ আদি তৈয়াৰ কৰিবৰ বাবেও লাৰ প্ৰয়োজন হৈছিল। লা উৎপাদনৰ বাবে আহোম ৰাজ্যত ‘লাশুঙ্গি’ নামৰ এটা খেল বুৰঞ্জীত পোৱা যায়।

(ঙ) ৰহ তৈয়াৰ কৰা শিল্প

উত্তৰঃ আহোমৰ ৰাজত্ব কালত সৰু-বৰ পুখুৰীবোৰৰ পানী ফটফটীয়া কৰি ৰাখিবৰ বাবে ‘ৰহ’ (পাৰদ বা পাৰা) নামৰ এবিধ পদাৰ্থ তৈয়াৰ কৰা হৈছিল। সাধাৰণতে বেল গছৰ আঠাৰ পৰা বিশেষ পদ্ধতিৰে এই ‘ৰহ’ তৈয়াৰ কৰা হৈছিল বুলি পোৱা যায়। ‘ৰহ’ তৈয়াৰ কৰা লোকসকল আহোম ৰাজত্বত ‘ৰসেন্দ্ৰ বৰুৱা’ নামৰ বিষয়াজনৰ তত্বাৱধানত আছিল।

৩। বোৱা-কটা শিল্পৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ অসমীয়া শিপিনীৰ এক অসাধাৰণ শিল্প কৰ্ম। অসমীয়া তাঁতশালখনৰ লগত জড়িত বাঁহ বা কাঠেৰে তৈয়াৰ কৰা বিভিন্ন সঁজুলিবোৰৰ নামবোৰো শিল্প কৰ্ম। অসমীয়া তাঁতশালখনৰ লগত জড়িত বাঁহ বা কাঠেৰে তৈয়াৰ কৰা বিভিন্ন সঁজুলিবোৰৰ নামবোৰো আকৰ্ষণীয়- তাঁতৰ খুঁটা, টোলোঠা, ৰাঁচ, দোৰ্পতি, চালি-মাৰি, বান্দৰী, নাচনী, গৰকা, মাকো, মহুৰা, চিৰি, শলি, চিপকাঠী, গেৰেলী-কাঠী আদি অনেক সঁজুলিৰে অসমীয়া তাঁতশাল সাজি উলিওৱা হয়। তাঁত বোৱা আৰু সূতা কটা কাম দুটাক একেলগে বোৱা-কটা বুলি কোৱা হয়। সকলো অসমীয়া নাৰীৰ বাবে বোৱা-কটা কামটো প্ৰতিভা প্ৰদৰ্শনৰ কাম আছিল। ছোৱালীজনীক নিজৰ ঘৰতে মাক, বুঢ়ীমাক বা আন কাজী তিৰোতাই পৰ্য্যায়ক্ৰমে বোৱা-কটা কাম শিকাইছিল। বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী, সৰ্বশ্বৰী কুঁৱৰী আদি ৰাণীয়ে ৰংপুৰৰ ৰাজধানীত ছোৱালীহঁতক বোৱা-কটা শিকোৱাৰ কথা বুৰঞ্জীত পোৱা যায়। 

    বোৱা-কটা নজনা ছোৱালীক ‘থুপৰী’ বুলি সমাজে হাঁহিছিল। যদিও বোৱা-কটা কামটো সকলো অসমীয়া তিৰোতাই কৰিছিল তথাপি তাঁত বৈ জীৱিকা অৰ্জন কৰা ‘তাঁতী’ আৰু ‘জোলা’ নামৰ দুটা বৃত্তিজীৱী খেলও আছিল। কপাহৰ পৰা কপাহী কাপোৰৰ উপৰিও এৰী, মুগা আৰু পাট এই তিনিবিধ কাপোৰ অসমৰ মহিলাসকলে বৈছিল। ইয়াৰ ভিতৰত পাট-মেজাংকৰী কাপোৰ মিহি, পাতল, শুৱনি আৰু দীৰ্ঘস্থায়ী। এৰী কাপোৰ খহটা, উমাল আৰু দীৰ্ঘস্থায়ী। পাট-মেজাংকৰী কাপোৰৰ চোলা, চুৰিয়া, মেখেলা, ৰিহা, চাদৰ, গামোচা আদি সমাজৰ উচ্চ শ্ৰেণীৰ লোকে আৰু কপাহী, এৰী আদি কাপোৰ আন সকলো লোকেই ব্যৱহাৰ কৰিছিল। ব’হাগৰ বিহুৰ দিনা প্ৰতিগৰাকী অসমীয়া তিৰোতাই ঘৰৰ লগতে আনকো একোখনকৈ ফুলাম গামোচা বা ‘বিহুৱান’ উপহাৰ দিব পৰাটো গৌৰৱৰ কথা আছিল। সেইদৰে অসমীয়া তিৰোতাই স্বামীক যুদ্ধলৈ যাবলৈ ৰাতিটোৰ ভিতৰতে কপাহ নেওঠী, সূতা কাটি, তাঁত লগাই মন্ত্ৰপূত ‘কৱচ কাপোৰ’ বৈ দিয়াৰ কথা বুৰঞ্জীত আছে। আহোম ৰমণী মূলা গাভৰুৱে স্বামী ফ্ৰাচেংমুঙ বৰগোঁহাইক ‘কৱচ কাপোৰ’ বৈ দিব নোৱৰাৰ বাবে তুৰ্বক খানৰ বিৰুদ্ধে হোৱা যুদ্ধত স্বামীৰ মৃত্যু হোৱাত তাৰ প্ৰতিশোধ লবলৈ নিজে যুদ্ধলৈ গৈ যুদ্ধ ক্ষেত্ৰত প্ৰাণ আহুতি দিয়া কাহিনী বুৰঞ্জীত আছে।

৪। প্ৰাচীন অসমত সোণ কমোৱা পদ্ধতিৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ নদ-নদীৰ কোৱাল সোঁতে নৈৰ গৰা খহাই যেতিয়া সিটো পাৰে বালিৰ চট পেলায়, সোণ উৎপাদনত সুদক্ষ সোণোৱালসকলে গৈ সেই বালিৰ চট পৰীক্ষা কৰি বালিত সোণৰ চেঁকুৰা থকা গম পালে সেই ঠাইডোখৰতে সোণ কমোৱা বা সোণ খপাৰ বাবে বাহৰ পাতিবলৈ স্থিৰ কৰে। সোণ কমাব খোজা চাৰিজন সোণোৱাল পাইক একগোট হৈ মুঠ বান্ধে। এই পাইক চাৰিজনক ‘পালি’ আৰু তেওঁলোকৰ পৰামৰ্শদাতাজনক ‘পতি’ বোলা হৈছিল। প্ৰতিটো গোটে এখন দুৰুণীত সোণ কমাইছিল। এই পালি চাৰিজনৰ ভিতৰত এজনে বালি খান্দে, দুজনে লেহেতীৰে বালি কঢ়িয়াই দুৰণীলৈ আনে আৰু এজনে সোণ ধোৱে। 

        সোণ কমাবৰ বাবে  নিৰ্বাচন কৰি লোৱা বালি চটটোত এডাল বাঁহৰ জোঙা মাৰিৰে তললৈ খুঁচি চায় আৰু তলত পোৱা টান বালিৰ চপৰা এচলা বাঁহত তুলি ওপৰলৈ আনি বালিচপৰাত সোণৰ চেঁকুৰা থকা যেন দেখিলে চটৰ কাষত বাহৰ সাজি পলম নকৰাকৈ সোণ কমাবলৈ আৰম্ভ কৰে। প্ৰথমে সোণোৱালসকলে সুঁতিৰ দ ঠাইডোখৰত ভেটা মাৰে। সৰু সুঁতি হ’লে বালিৰে আৰু ডাঙৰ সুঁতি হ’লে জেং-জাবৰেৰে ভেটে। এইদৰে ভেটা মাৰিলে সোণ কমাব খোজা বালিৰ চটৰ ওপৰেদি পানীৰ সোঁতে পাক্ লৈ ওপৰৰ তৰপটো ধুই সোণ চেঁকুৰা মিহলি হৈ থকা বালিৰ তৰপটো উলিয়াই দিয়ে। ইয়াৰ পিছত সোণোৱালসকলে ভেটাটে ভাঙি সেই সোণ চেঁকুৰা মিহলি বালিবোৰ কাঠৰ লেহেতী এখনেৰে কঢ়িয়াই আনি এটা পাচিত ভৰাইহি। এই পাচিৰ বালিবোৰ এইবাৰ কাঠৰ দুৰুণীখনৰ ওপৰত থোৱা বান এখনত বাকি দিয়েহি। 

        ইয়াৰ পাছত এজনে এখন হাতেৰে ফুটা কলহৰ জলাৰে পানী বাকি আনখন হাতেৰে বালিবোৰ লৰাই তাত থকা খেৰ-কুটাবোৰ চাফা কৰে। এইদৰে বালিবোৰ ধুই থাকোতে তলত থকা দুৰুণীখন বালি আৰু পানীৰে ভৰি পৰে। তেতিয়া সেইখন অলপ একতীয়া কৰি  দিলে তাৰ পৰা বাকী থকা খেৰ-কুটা খিনি সুৰুঙাইদি সৰকি ওলাই যায় আৰু সোণৰ চেঁকুৰা মিহলি বালিবোৰ নিগৰি দুৰণীৰ তলত পৰি ৰয়। এইদৰে পঞ্চাছ পাচি মান বালি ধোৱা সম্পূৰ্ণ হ’লে সোণোৱালসকলে তাক ‘শিয়া’ বোলে।

        দুৰুণীখনৰ সুৰুঙাটোৰ মুখতে কৌপাত এখন ৰাখি সোণ মিহলি বালিৰ ওপৰত আকৌ কলহৰ জলাৰে পানী চটিয়াই দিয়া হয়। এইদৰে পানী চটিয়াই থাকিলে বালিবোৰ আঁতৰি যায় কিন্তু সোণৰ গুড়িবোৰ কৌপাতত লাগি ধৰে। এই কৌপাতত লাগি ধৰা সোণ গুড়িবোৰ লাহে লাহে এৰুৱাই চুঙাত ভৰাই সোপা দি থৈ দিয়া হয়। চুঙাত ভৰোৱা এই সোণ গুড়িবোৰকে আকৌ দুৰুণীত ঢালি তাৰ সৈতে পাৰদ (পাৰা) মিহলাই পানী বাকি দিয়া হয়। পানী পালেই পাৰদৰ লগ লাগি সোণগুড়িখিনি লদা বান্ধে। তেতিয়া  সেই লদাটো তুলি আনি শামুকৰ খোলাত ভৰাই নাহৰ কাঠৰ জুইত তপতোৱা হয়। জুইৰ তাপ পোৱাৰ লগে লগে পাৰদ বা পাৰাখিনি ভাপ হৈ উৰি যায়, শামুকৰ খোলাটো চূণ হয় আৰু সোণখিনিও সোম ভাগে ৰৈ যায়।

৫। প্ৰাচীন অসমৰ ৰূপ শিল্পৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ তামৰ ফলি, সংস্কৃত আৰু পুৰণি অসমীয়া সাহিত্য, বুৰঞ্জী, চৰিত পুথি আদিত ৰূপৰ ব্যৱহাৰৰ উল্লেখ পোৱা যায়। পুৰণি অসমত ধনশিৰি, দৈগ্ৰোং, দৈয়াং, দিচৈ আদি নৈসমূহ ‘ৰূপ খপা’ বা ‘ৰূপ কমোৱা’ৰ বাবে প্ৰখ্যাত আছিল। এই নদীসমূহৰ বালিৰ পৰা ৰূপৰ চেঁকুৰা সংগ্ৰহ কৰি বা ৰূপ কমাই ৰূপ উৎপাদন কাৰ্যত ৰূপোৱাল বা ঠেঙাল খেলৰ লোকসকল নিয়োজিত আছিল। ‘ৰূপ কমোৱা’ বা ‘ৰূপ খপা’ পদ্ধতিটো সোণ কমোৱা পদ্ধতিৰ সৈতে প্ৰায় একে আছিল। ৰূপোৱাল পাইকসকল পাঁচ-ছজনীয়া দলৰ একোটা গোট হৈ নৈৰ বালি পৰীক্ষা কৰি ৰূপৰ চেঁকুৰা পালে সেই ঠাইতে ৰূপ খপিবলৈ আয়োজন কৰিছিল।

    এওঁলোকৰ দলৰ নেতাজনক ‘দলৈ’ আৰু বাকীসকলক ‘পালি’ বোলা হৈছিল। সোণ কমোৱাৰ দৰে ৰূপ কমাবলৈও কাঠৰ দুৰুণী, লেহেতী, কাঠৰ চৰিয়া আদি সঁজুলিৰ প্ৰয়োজন হৈছিল। পালিসকলে বালি খান্দি, সেহেতীৰে বালি কঢ়িয়াই, কাঠৰ দুৰুণীত বালি ধুই ৰূপৰ চেঁকুৰা পৃথক কৰি ৰূপ উৎপাদন কৰিছিল।

৬। প্ৰাচীন অসমৰ লো শিল্পৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ ‘লো’ বা লোহা উৎপাদন শিল্পটো প্ৰাচীন অসমৰ অন্যতম প্ৰধান শিল্প আছিল। প্ৰাচীন অসমৰ ‘লো’ উৎপাদনৰ সৈতে তিৰোৱাল বা লো-শলীয়া খেলৰ লোকসকল জড়িত হৈ আছিল। উজনি অসমৰ জয়পুৰৰ পৰা তিৰুপাহাৰ, বচা-দৈয়াঙলৈকে নগাপাহাৰৰ নামনিত অবিভক্ত শিৱসাগৰ জিলা অৰ্থাৎ আহোম যুগৰ ৰংপুৰ নগৰৰ দক্ষিণে লো-শালবোৰ আছিল।

    বাৰিষা নৈত ঢল উঠিলে পানীৰ সোঁতে পৰ্বতৰ পৰা ‘লোৱা মাটি’ বা লোৰ আকৰ মিহলি মাটি আনি নৈৰ ঠায়ে ঠায়ে চট পেলায়হি। এই চটৰ ওপৰতে পলসো পৰি খৰালিমহীয়া লোৱা মাটি বা লোৰ আকৰ মিহলি মাটিবোৰ টান হয়। লো-শলীয়া পাইকে গম লৈ সেই লোৱা-মাটিবোৰ খান্দি উলিয়াই গাঁতত দম কৰি থয়। লো-শলীয়া পাইকৰ এটা গোটত পাঁচজন পালি আৰু এজন ওজা থাকে। এওঁলোকে খৰালি মহীয়া বিভিন্ন সঁজুলি লৈ এটা ডাঙৰ আৰু দ গাঁতত দমাই থোৱা মাটিবোৰত পানী ঢালি ভৰিৰে খচকি লোৰ আকৰ থকা খচখচীয়া মাটিবোৰ পৃথক কৰে।

    ইয়াৰ পাছত লোৰ আকৰবোৰ আহল-বহল কোঠাৰ চালিৰ তলত থকা জালীগাঁতত ৰাখি ইকৰা খৰিৰে জুই জ্বলাই জাল দিয়ে আৰু ভাতী মাৰি জুইৰ তাপ বঢ়ায়। এনেকৈ জাল দি থাকোতে এটা সময়ত লোক আকৰবোৰ গলিবলৈ ধৰে। গলা লোৰ ওপৰত ফেনৰ সৈতে উঠা ভেবেৰবোৰ পেলাই দিয়া হয় আৰু লোৰ আকৰবোৰ লেতুসেতু হৈ লদা বান্ধে। ইয়াৰ পাছত লৰণীৰে লৰাই, কাঢ়নীৰে কাঢ়ি লো ডোখৰ ধুৰমুছ্ এডালেৰে খুন্দি নাইবা সাঁচত পেলাই গোটা বা চেপেটা কৰি একোডোখৰ গোটা লো বা চিৰি লো গঢ়া হয়। ঘনাই খুন্দি থাকোতে লোডোখৰৰ পৰা অলাগতিয়াল অংশবোৰ এৰাই নিকা লোক ডোখৰ ওলাই পৰে।

৭। প্ৰাচীন অসমৰ মৃৎশিল্পৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ অসমৰ এটি প্ৰাচীন শিল্পৰ নাম- মৃৎ শিল্প। পুৰণি অসনত ‘কুম্ভকাৰ’ নামৰপতি্হ বত্তিজীৱীসকল মৃৎ শিল্পৰ সৈতে জড়িত আছিল। আহোম ৰাজত্ব স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত মৎ শিল্পই বিকাশ লাভ কৰিছিল। সেইদৰো কোচ, কাছাৰী, চুতীয়া আদি ৰাজ্যতো ৰাজ-পৃষ্ঠপোষকতাত মৃৎ শিল্পই গা কৰি উঠিছিল। কুমাৰ, হীৰা, খনিকৰ আদি খেলৰ লোকসকল ম-ৎ শিল্পৰ সৈতে জড়িত আছিল।

    কুমাৰসকলে মৃৎ শিল্পৰ বাবে ব্যৱহাৰ কৰা মাটিক ‘ ‘কুমাৰ মাটি’ বোলা হৈিছল। এইবিধ মাটি সাধাৰণতে নৈৰ মোহনাৰ কাষৰ পলসুৱা মাটি খান্দি তলৰ পৰা সংগ্ৰহ কৰা হৈছিল। ক’লা চানেকীয়া আলতীয়া এইবিধ মাটি যথেষ্ট পৰিমাণে সংগ্ৰহ কৰাৰ পাছত মাটিখিনি ভালকৈ খচি লৈ বিভিন্ন আকৃতিৰ সাচঁত বা জুমুঠিৰ ওপৰত লিপি মনোমত পাত্ৰৰ ৰূপ দিয়া হৈছিল। ইয়াৰ পাছত জুমুঠি আৰু সাঁচৰ পৰা উলিয়াই পাত্ৰবোৰ ৰ’দত শুকাবলৈ দি ‘পাগ্শালি’ বা ‘পেঘালিৰ’ ওপৰত জাপি পাগ্শালিৰ জুইত পুৰি পাগ্ দিয়া হৈছিল।

     শেষত প্ৰাত্ৰবোৰ দেখনিয়াৰ কৰিবৰ কাৰণে ‘ৰাংগন মাটি’ নামৰ এবিধ মাটিৰে পাত্ৰটোৰ ওপৰত ফুল-জালি আঁকিছিল। মহিলাসকলে সুন্দৰকৈ এই কাম কৰিছিল। হীৰাসকলে পাগ্শালি আৰু চাক ব্যৱহাৰ নকৰিছিল। কুমাৰসকলে বাঁহ বা কাঠৰ ঘূৰণীয়া আকৃতিৰ জঁকা সাজি তাত মাটি ভৰাই চাক তৈয়াৰ কৰাৰ উপৰিও পোৰা মাটিৰে ‘আফৰি’ বা কাঠেৰে ‘আঠালি’ নামৰ সাঁচ তৈয়াৰ কৰিও বিভিন্ন চৰু, কলহ আদি সাজিছিল। চাক, আঠালি, আফুৰি বা আফৰি, চাকি বা মাজনি, বলিয়া, পিটনী, পাগ্শাল বা পেঘালি আদি আহিলা কুমাৰসকলে মৃৎ শিল্পত ব্যৱহাৰ কৰিছিল। কুমাৰ, হীৰা আদি মৃৎ শিল্পীসকলৰ উপৰিও মৃন্ময় মূৰ্ত্তি, পুতলা আদি তৈয়াৰ কৰা ‘খনিকৰ’ নামৰ একশ্ৰেণীৰ বৃত্তিমূলক খেলৰ মধ্যযুগৰ অসমত আছিল। মাটিৰ সামগ্ৰীবোৰৰ ভিতৰত ঘট, টেকেলি, কলহ, মলা, চৰু, মঠীয়া, ধূনাদানি, বাচন-বৰ্তন ইত্যাদি প্ৰধান আছিল।

    পোৰামাটিৰ ফলকত বিভিন্ন মূৰ্ত্তি খোদাই কৰি দৌল-দেৱালয় আদিত খাজি দিয়া ‘টেৰাকোটা’ শিল্প মধ্যযুগৰ অসমৰ মৃৎশিল্পৰে অন্তৰ্গত এক শিল্প আছিল। মাটি খাচি লোৱাৰ পাছত কেঁচা হৈ থকা অৱস্থাতে বিভিন্ন মূৰ্ত্তি, ফুল আদি তৈয়াৰ কৰি লোৱা হৈছিল। কুমাৰ-খনিকৰ সকলেই এই শিল্পটো জীয়াই ৰাখিছিল। প্ৰাচীন অসমৰ অন্যতম মৃৎ শিল্প আছিল ‘ইটা নিৰ্মাণ’। আহোম ৰাজত্বত ‘ইটাসজীয়া’ নামৰ ইটা নিৰ্মাণ কৰা পাইকৰ খেল এটাৰ নাম বুৰঞ্জীত পোৱা যায়।

৮। প্ৰাচীন অসমৰ অন্যান্য শিল্পসমূহৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত এটি আলোচনা কৰা।

উত্তৰঃ প্ৰাক্-ব্ৰিটিছ যুগৰ অসমত ধূনা গছৰ পৰা সুগন্ধি ধূনা, কস্তুৰী মৃগৰ পৰা গান্ধ কলাই, সাঁচি গছৰ পৰা সুগন্ধি অগৰু আতৰ, বিভিন্ন গছ, ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হৈছিল। আঠা উৎপাদক বিভিন্ন গছৰ পৰা আঠা; মিচিমি পাহাৰ, ভূটান, তিৰ্ব্বত, আদিৰ পৰা বিভিন্ন প্ৰকাৰৰ ‘বিহ’ যেনে-বৰ বিহ, কণী বিহ ইত্যাদি সংগ্ৰহ কৰা হৈছিল। সেইদৰে ফেটী সাপৰ গাত কেতেকী ফুলৰ পাত বান্ধি ‘বিহ’ বা ‘বিষ’ সংগ্ৰহ কৰাৰ কথাও শুনা যায়। এনেবোৰ বিহ ঔষধ তৈয়াৰ কৰা বা অস্ত্ৰ-শস্ত্ৰত প্ৰয়োগ কৰা আদি কামত ব্যৱহিত হৈছিল। ‘বিহিয়া’ নামৰ খেলৰ লোকসকল বিহ উৎপাদন আৰু সংগ্ৰহৰ সৈতে জড়িত আছিল।

    সেইদৰে বিভিন্ন আঁহযুক্ত গছ-বনৰ পৰা আঁহৰ সামগ্ৰী; গড়ৰ ছালেৰে বাৰূ আৰু যুদ্ধৰ বৰ্ম আৰু জন্তুৰ চৰ্বীৰপৰা তেল আদি তৈয়াৰ; জীৱ-জন্তুৰ ছালৰ পৰা চামৰা তৈয়াৰ; কুহিলা, মাদুৰি বন, পাটীদৈ আদিৰ পৰা ঢাৰি-পাটী; খেৰ, টকৌ পাত, জেঙুপাত আদিৰ পৰা ঘৰৰ ছাল, বিভিন্ন প্ৰকাৰৰ জাপি, আৰোৱাণ, বিচনী, নাও আৰু গৰু গাড়ীৰ ছৈ, বিভিন্ন ধৰণৰ চালি আদি তৈয়াৰ কৰা হৈছিল।

    তদুপৰি সৰিয়হ পেৰি মিঠাতেল উৎপাদন কৰিবৰ বাবে বেতৰ বেতেৰিযুক্ত তেলীশাল;  কুঁহিয়াৰ ৰস উলিয়াই গুৰ আদি উৎপাদন কৰিবৰ বাবে লোহাৰ ভীমযুক্ত কুঁহিয়াৰ শাল; তাঁতশালৰ বিভিন্ন আহিলা-পাতি; কৃষিৰ সঁজুলি তৈয়াৰ কৰা; জুই ধৰিবৰ বাবে জুই উৎপাদক ‘টিঙিৰি’ নামৰ সঁজুলি; নোমালৰ বৰুৱা নামৰ বিষয়াজনৰ অধীনত জন্তুৰ নোমৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ – আদি বিভিন্ন সামগ্ৰী উৎপাদন কৰা শিল্প-উদ্যোগ প্ৰাক্-ব্ৰিটিছ যুগৰ অসমত আছিল। ইয়াৰে কিছু সংখ্যক শিল্প অদ্যপৰিমিত জীয়াই আছে যদিও সৰহভাগেই পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে।

৯। ‘জিওগ্ৰাফিকেল স্কেটছ্ অব আসাম’ৰ লেখক কোন?

উত্তৰঃ ‘জিওগ্ৰাফিকেল স্কেটছ্ অব আসাম’ৰ লেখক হ’ল- জন পিটাৰ ৱেড।

১০। অসমত কেতিয়াৰ পৰা ব্ৰিটিছ শাসন আৰম্ভ হয়?

উত্তৰঃ অসমত ১৮৩৮ চনৰ পৰা ব্ৰিটিছ শাসন আৰম্ভ হয়।

১১। অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি?

উত্তৰঃ অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম- ‘ আসাম টি কোম্পানী’।

১২। টি কমিটি কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গঠিত হৈছিল?

উত্তৰঃ টি কমিটি গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংকৰ দিনত গঠিত হৈছিল।

১৩। অসমত কেতিয়াৰ পৰা খনিজ তেলৰ প্ৰণালীবদ্ধ ব’ৰিং আৰম্ভ হয়?

 উত্তৰঃ অসমত ১৮৬৬ চনত প্ৰথমবাৰৰ বাবে খনিজ তেলৰ প্ৰণালীবদ্ধ ব’ৰিং আৰম্ভ হয়। 

১৪। অসমৰ চাহ গছৰ বৈজ্ঞানিক নাম কি?

উত্তৰঃ অসমৰ চাহ গছৰ বৈজ্ঞানিক জনৰ নাম- Camellia Sinesis Var Assamica.

১৫। অসমৰ প্ৰথম পেট্ৰ’লিয়াম কোম্পানীটোৰ নাম কি?

উত্তৰঃ অসমৰ প্ৰথম পেট্ৰ’লিয়াম কোম্পানীটোৰ নাম- এ. ও. চি।

১৬। ১৮৫৩ চনত লৰ্ড ডেলহাউচিয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল?

উত্তৰঃ ১৮৫৩ চনত লৰ্ড ডেলহাউচিয়ে ভাৰতৰ ৰে’ল যাতায়তৰ ৰাজনৈতিক সামাজিক আৰু বাণিজ্যিক গুৰুত্বৰ কথা প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল।

১৭। অসমত প্ৰথম ৰেলপথ কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰঃ অসমত প্ৰথম ৰে’লপথ ১৮৮২ চনত মুকলি কৰা হৈছিল।

১৮। ‘অৰুণোদয়’ ক’ৰ পৰা প্ৰকাশ হৈছিল?

উত্তৰঃ ‘অৰুণোদয়’ শিৱসাগৰৰ প্ৰেছৰ পৰা প্ৰকাশ হৈছিল। 

১৯। চমুটোকা লিখাঃ

(ক) চাহ উদ্যোগ

উত্তৰঃ বিশ্বৰ খ্যাতি সম্পন্ন অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়ে অভূতপূর্ব সাফল্যৰে অভিলেখ গঢ়িছে। সত্তৰ দশকৰ শেষফালে আৰম্ভ হোৱা অসমৰ ক্ষুদ্র চাহখেতিয়ে মাথোঁ তিনিটা দশকৰ ভিতৰতেই ৰাজ্যখনৰ মুঠ চাহ উৎপাদনৰ প্রায় ৩৩ শতাংশ যোগানৰ চমকপ্রদ অগ্রগতিৰে সেউজ বিপ্লৱৰ সূচনা কৰি এক আলোড়ন সৃষ্টি কৰিলে। সাম্প্রতিক  সময়ত অসমৰ ক্ষুদ্র চাহখেতি ব্যাপক সম্প্রসাৰণেৰে এক উদ্যোগলৈ ৰূপান্তৰ হোৱাটো সামগ্রিকভাবে অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় দিশ।

বছৰি গড়ে প্রায় ৪৮০ নিযুত কি:গ্রা: কেঁচাপাত উৎপাদন কৰি অসমৰ ক্ষুদ্র চাহখেতিয়ে গ্রাম্য অর্থনীতিৰ ভেটি টনকিয়াল কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছে। তদুপৰি ইয়াৰ দ্বাৰা ভাৰতীয় চাহ ব’র্ডে বছৰি হাজাৰ হাজাৰ কোটি ৰাজহ সংগ্রহ কৰে। প্রাপ্ত তথ্য অনুসৰি, বর্তমান অসমৰ ১৯ জিলাত প্রায় ১.৫ লাখ হেক্টৰতকৈ অধিক মাটিকালি আগুৰি থকা ক্ষুদ্র চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়কৰ সংখ্যা ৬৮,৪৩৮ জন যদিও নিচেই কম মাটিকালিৰ অতিৰিক্ত শ্রেণীক লৈ এই সংখ্যা এক লক্ষাধিক হ’ব। কেঁচাপাতৰ উৎপাদনো বছৰি ক্রমাত বৃদ্ধি পাবলৈ ধৰাটো ক্ষুদ্র চাহখেতিৰ উন্নয়নৰ পথত শুভ লক্ষণ। ২০০১ চনত কেঁচাপাতৰ উৎপাদন আছিল ৪৩৩ নিযুত কি:গ্রা:, ২০০৫ চনত ইয়াৰ পৰিমাণ হয়গৈ ৫২০নিযুত কি:গ্রা:। উল্লেখযোগ্য যে প্রায় ১২ লাখতকৈ অধিক কর্মচাৰীৰ লগতে শ্রমিক প্রত্যক্ষ আৰু পৰোক্ষভাবে নিয়োজিত হোৱাটোৱে বিশাল প্রসাৰতাৰে গঢ়ি উঠা অসমৰ ক্ষুদ্র চাহখেতিৰ বাস্তব ছবিখন স্বচ্ছ ৰূপত প্রতিপন্ন কৰে।

অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিৰ সংযোজনে উদ্যোগটো অধিক সমৃদ্ধিশালী কৰাৰ দিশত নতুন মাত্রা প্রদান কৰিলে। কিন্তু তাৰ বিপৰীতে আন্তজার্তিক বজাৰত প্রচুৰ চাহিদাসম্পন্ন অসমৰ চাহৰ যি সুনাম আছিল কিছু বছৰৰ পূর্বে তাত বিসংগতি হোৱাটোও উদ্যোগটোৰ বাবে অপ্রত্যাশিত অথচ অতি গুৰুত্বপূর্ণ বিষয়।

(খ) এ.আৰ.চি.চি.

উত্তৰঃ 

(গ) পেট্ৰ’লিয়াম উদ্যোগ

উত্তৰঃ অসমৰ অৰ্থনীতিত তেল উদ্যোগৰো বিশেষ ভূমিকা আছে। ১৮২৬ চনতে কেপ্তেইন উইলকক্সে শিৱসাগৰ জিলাৰ দক্ষিণ-পশ্চিম খনিজ তেল আৰু কয়লাক্ষেত্ৰ প্ৰত্যক্ষ কৰিছিল। কোম্পানীৰ শাসনকালত তেল উদ্যোগৰ সূচনা হৈছিল। আহৰণ কৰা খনিজ তেল শোধন কৰিবলৈ বৰ্তমান অসমত ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা শোধনাগাৰ আছে। ইয়াৰ ভিতৰত একমাত্ৰ ডিগবৈ শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল।

    খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ ব’ৰিং অৰ্থাৎ খনন আৰম্ভ হয় ১৮৬৬ চনৰ নৱেম্বৰ মাহত। প্ৰথম পৰ্যায়ৰ এই অভিযান সফল হোৱা নাছিল। আনহাতে সফল পেট্ৰ’লিয়াম উদ্যোগ এটা গুডএনাফেও প্ৰতিষ্ঠা কৰিব পৰা নাছিল। এইক্ষেত্ৰত প্ৰধান অসুবিধা আছিল যাতায়ত। পৰীক্ষামূলক তেল আহৰণত এটা কথা পৰিষ্কাৰ হৈছিল যে মাকুমৰ তৈলক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ তেল আহৰণ কৰিব পৰা হ’ব। তেল উদ্যোগে বাণিজ্যিক সফলতা লাভ কৰিব নোৱাৰাৰ মূলতে আছিল উপযুক্ত যাতায়ত ব্যৱস্থাৰ অভাৱ। আসাম ৰেইলওৱে এণ্ড ট্ৰেডিং কোম্পানীক ১৮৮২ চনৰ শেষৰফালে লখিমপুৰ জিলাত তেল আহৰণৰ সুবিধা দিয়া হৈছিল। ১৮৮৪ চনত এ.আৰ.টি.চিয়ে কাম আৰম্ভ কৰে। ২৫ বছৰৰ লিজ লাভ কৰি কোম্পানীয়ে দুবছৰৰ ভিতৰত ১০,৪০০ বেৰেল তেল আহৰণ কৰাৰ অনুমতি পাইছিল।

    কোম্পানীৰ প্ৰচেষ্টা প্ৰথম অৱস্থাত যথেষ্ট ব্যয়বহুল হৈ পৰিছিল। তৎস্বত্বেও কোম্পানীৰ ব’ৰ্ড অব ডাইৰেক্টৰ ডিগবৈৰ আশে-পাশে ছয় বৰ্গমাইল এটা এলেকাত পুনৰ লিজত বিচাৰিছিল। ১৮৯২ চনত কোম্পানীয়ে চাৰি বৰ্গমাইলৰ এখন ক্ষেত্ৰ ২০ বছৰৰ বাবে লিজ্জত লাভ কৰে। প্ৰতি এশ গেলন তেলৰ বিনিময়ত কোম্পানীয়ে আঠ অনা ৰয়েল্টি দিব লগা হৈছিল। ইতিমধ্যে বামেৰ লৰি কোম্পানীয়ে আসাম অইল চিণ্ডিকেটৰ এজেন্ট হৈ ডিগবৈত একেই চৰ্তত আন এটা ক্ষেত্ৰ লিজত লৈছিল। ১৮৮৮ চনত আৰ.এইছ.টাউনচেণ্ডে (R.H. Townsend) (বেলুচিস্তান পেট্ৰ’লিয়াম ওৱৰ্কছৰ অধীক্ষক) ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে মাকুম তৈল ক্ষেত্ৰত এটা জৰীপ কৰিছিল। তেওঁ তেল উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা দেখি ৰাজহ বিভাগলৈ এটা বিৱৰণ দিছিল।

(ঘ) এইচ.বি মেডলিকট

উত্তৰঃ 

২০। অসমত পেট্ৰ’লিয়াম উদ্যোগৰ আৰম্ভণি সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ অসমৰ অৰ্থনীতিত তেল উদ্যোগৰো বিশেষ ভূমিকা আছে। ১৮২৬ চনতে কেপ্তেইন উইলকক্সে শিৱসাগৰ জিলাৰ দক্ষিণ-পশ্চিম খনিজ তেল আৰু কয়লাক্ষেত্ৰ প্ৰত্যক্ষ কৰিছিল। কোম্পানীৰ শাসনকালত তেল উদ্যোগৰ সূচনা হৈছিল। আহৰণ কৰা খনিজ তেল শোধন কৰিবলৈ বৰ্তমান অসমত ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা শোধনাগাৰ আছে। ইয়াৰ ভিতৰত একমাত্ৰ ডিগবৈ শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল।

    খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ ব’ৰিং অৰ্থাৎ খনন আৰম্ভ হয় ১৮৬৬ চনৰ নৱেম্বৰ মাহত। প্ৰথম পৰ্যায়ৰ এই অভিযান সফল হোৱা নাছিল। আনহাতে সফল পেট্ৰ’লিয়াম উদ্যোগ এটা গুডএনাফেও প্ৰতিষ্ঠা কৰিব পৰা নাছিল। এইক্ষেত্ৰত প্ৰধান অসুবিধা আছিল যাতায়ত। পৰীক্ষামূলক তেল আহৰণত এটা কথা পৰিষ্কাৰ হৈছিল যে মাকুমৰ তৈলক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ তেল আহৰণ কৰিব পৰা হ’ব। তেল উদ্যোগে বাণিজ্যিক সফলতা লাভ কৰিব নোৱাৰাৰ মূলতে আছিল উপযুক্ত যাতায়ত ব্যৱস্থাৰ অভাৱ। আসাম ৰেইলওৱে এণ্ড ট্ৰেডিং কোম্পানীক ১৮৮২ চনৰ শেষৰফালে লখিমপুৰ জিলাত তেল আহৰণৰ সুবিধা দিয়া হৈছিল। ১৮৮৪ চনত এ.আৰ.টি.চিয়ে কাম আৰম্ভ কৰে। ২৫ বছৰৰ লিজ লাভ কৰি কোম্পানীয়ে দুবছৰৰ ভিতৰত ১০,৪০০ বেৰেল তেল আহৰণ কৰাৰ অনুমতি পাইছিল। কোম্পানীৰ প্ৰচেষ্টা প্ৰথম অৱস্থাত যথেষ্ট ব্যয়বহুল হৈ পৰিছিল। তৎস্বত্বেও কোম্পানীৰ ব’ৰ্ড অব ডাইৰেক্টৰ ডিগবৈৰ আশে-পাশে ছয় বৰ্গমাইল এটা এলেকাত পুনৰ লিজত বিচাৰিছিল। ১৮৯২ চনত কোম্পানীয়ে চাৰি বৰ্গমাইলৰ এখন ক্ষেত্ৰ ২০ বছৰৰ বাবে লিজ্জত লাভ কৰে। 

প্ৰতি এশ গেলন তেলৰ বিনিময়ত কোম্পানীয়ে আঠ অনা ৰয়েল্টি দিব লগা হৈছিল। ইতিমধ্যে বামেৰ লৰি কোম্পানীয়ে আসাম অইল চিণ্ডিকেটৰ এজেন্ট হৈ ডিগবৈত একেই চৰ্তত আন এটা ক্ষেত্ৰ লিজত লৈছিল। ১৮৮৮ চনত আৰ.এইছ.টাউনচেণ্ডে (R.H. Townsend) (বেলুচিস্তান পেট্ৰ’লিয়াম ওৱৰ্কছৰ অধীক্ষক) ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে মাকুম তৈল ক্ষেত্ৰত এটা জৰীপ কৰিছিল। তেওঁ তেল উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা দেখি ৰাজহ বিভাগলৈ এটা বিৱৰণ দিছিল।

    এ.আৰ.টি.চিৰ চেয়াৰমেন লৰ্ড ৰিবলছডেল আসাম অইল কোম্পানীৰ চেয়াৰমেন নিযুক্ত হৈছিল। ডিগবৈত সদৰ কাৰ্যালয় আৰু এটা ডাঙৰ শোধনাগৰ স্থাপন কৰাৰ পিছত কেৰাচিন তেল, মম, লুব্ৰিকেন্টছ আদি পেট্ৰ’লজাত সামগ্ৰীৰ উৎপাদন আৰম্ভ হৈছিল। ১৯১১ চনত কোম্পানীয়ে ৩,৫৬৫,১৬৩ গেলন পেট্ৰ’ল উৎপাদন কৰিছিল।

২১। অসমীয়া ভাষা সাহিত্যলৈ ব্যাপ্তিষ্ট মিছনাৰীসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আধুনিক অসমীয়া ভাষা সাহিত্যলৈ খ্ৰীষ্টান মিছনেৰী সকলৰ অৱদান আছিল অতি উল্লেখযোগ্য ।মিছনেৰীসকলে অসমীয়া ভাষা ভাষী লোকসকলৰ বাবে অসমীয়া অভিধান অনুবাদ ৰচনা কৰিছিল। ইংৰাজ ৰাজত্ব কালত ১৮২৬ খৃঃৰ সময়ত অসমৰ ৰাজনৈতিক পৰিৱর্তন ঘটিছিল আৰু অসমীয়া সাহিত্যৰো বিষয়বস্তু, ভাষা সাহিত্য এক গভীৰ সংকটত পৰিছিল ।

    ইংৰাজ সকলে অসম দেশ শাসন কৰিবলৈ লোৱাৰ পাছৰেপৰা অসমৰ শাসন চলোৱাত তেওঁলোকক সহায় কৰিবলৈ বংগদেশৰ পৰা কিছুসংখ্যক বঙালী ভাষি লোক কৰ্মচাৰী হিচাপেলৈ আহিছিল।অসমত বঙালী চাকৰিয়াল বোৰে ইংৰাজ শাসন সকলকক বুজাই দিছিল যে অসমীয়া সুকীয়া ভাষা নহয়, বঙালী ভাষাৰে এটা গ্ৰাম্য ৰূপ মাথোন ৷ ইংৰাজ শাসকলকলে বঙালী ভাষা মতে অসমীয়া ভাষাৰ বিৰোধিতা কৰি ১৮৩৬ চনত অসমীয়া ভাষাটো অসমৰ পঢ়াশালি আৰু আদালতত মাতৃ ভাষা বহিষ্কাৰ কৰি সেই ঠাইত বঙলা ভাষাৰ প্ৰয়োগ কৰিছিল ।

    ১৮৩৭ চনৰ আইন অনুসৰি ভাৰত সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষা স্কুল, আদালতত চলাই কিন্তু অসমত এই আইনকে উলংঘা কৰা হৈছিল । যাৰ ফলত নিজ জন্মভূমিতেই অসমীয়া ভাষা হ’ল এলাগী আৰু বাহিৰৰ বঙলা ভাষা হ’ল সুৱাগী।

বৃটিছ অসম ৰাজ্য লোৱাৰ পিছত কমিছনাৰ জেনেৰেল জেনকিনছন উপদেশ মতে ১৮৩৬ চনৰ পৰা ১৮৩৭ চনত নেথান ব্ৰাউন, লেকিংচনৰ ওলিভাৰ. টি. কেট্ভাৰ, ডঃ মাইলছ ব্ৰনছন আদি ভালেমান কেইগৰাকী আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীয়ে চাহাব সপৰিয়ালে অসমলৈ আহিছিল আৰু অসমত খৃষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল ।অসমবাসীৰ মাজত তেওঁ নিজ নিজ ভাষা ইংৰাজী এৰি অসমৰ অসমীয়া ভাষাত খৃষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিলে তদুপৰি তেওঁলোকে ইংৰাজী ভাষাৰে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান ৰচনা প্ৰণয়ন কৰিছিল । ৰবিছন চাহাবে ১৮৩৯ খৃঃত ইংৰাজীতে ‘ A Grammar of the Assamese language, ১৮৪৬ খৃঃত ডঃ নেথান ব্ৰাউনে ‘ Grommatical Notices on The Assamese language. আৰু ১৮৬৭ খৃঃত শব্দ সন্নিবিষ্ট কৰি অসমীয়া আৰু ইংৰাজী অভিধান লিখি কৰি প্ৰকাশ কৰিছিল।১৮৪০ খৃঃত শ্ৰীমতী কট্টৰে ইংৰাজী অসমীয়া ‘ vocabulary and phrases ‘ নামৰ অভিধান প্ৰকাশ কৰিছিল ।

        ১৮৪০ খৃঃত শ্ৰীমতী কট্টৰে ইংৰাজী অসমীয়া ‘ vocabulary And phrases ‘ নামৰ অভিধান প্ৰকাশ কৰিছিল ।মিছনেৰীসকলে অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰি ব্যাকৰণ অভিধান আদি ৰচনা কৰি যি প্ৰচেষ্টা চলাইছিল সেই প্ৰচেষ্টাত তেওঁলোকে আগবাঢ়ি গ’ল।

        প্ৰশাসন মফাট মিলছে ১৮৫৩ খৃঃত তেওঁ Report on the province of Assam -ত মত প্ৰকাশ কৰিছে যে অসমত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা চলোৱাৰ কোনো যুক্তি নাছিল । ১৮৫৫ খৃষ্টাব্দত মিছনেৰীসকলৰ উদ্যোগতেই আনন্দৰাম ঢেকিয়াল ফুকনে ‘ A few remarks on the Assamese language ‘ নামৰ পুস্তিকা এখন প্ৰণয়ন কৰি অসমীয়া ভাষাৰ স্বকীয়তা দাঙি ধৰিছিল ।

        অৱশেষত ১৮৭৩ খৃষ্টাব্দত আইন প্ৰণয়ন কৰি ইংৰাজ চৰকাৰে অসমৰ পঢ়াশালি আৰু আইন আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাধা হৈছিল । মিছনেৰীসকলে অসমীয়া সাহিত্য উন্নতি ‘ অৰুনোদই ‘ আলোচনী প্ৰকাশ কৰিছিল ।অৰুনোদই আলোচনীখন ১৮৪৬ খৃষ্টাব্দত জানুৱাৰী মাহত পোন প্ৰথমে শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিল ।

২২। ব্ৰিটিছ শাসনে অসমলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিছিল আলোচনা কৰা।

উত্তৰঃ ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল।অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ব্ৰিটিছে টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহ কৰিছিল। এই ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল।

Author: Pompi Hazarika