Class 12 Political Science Chapter 13 Short Question Answer | Class 12 Political Science Chapter 13 ভাৰতৰ বৈদেশিক সম্পৰ্ক Short Answer |

১। CTBT ৰ সম্পূৰ্ণ ৰুপটো কি?

উত্তৰঃ Comprehensive Test Ban Treaty .

2। ভাৰতৰ বৈদেশিক নীতিৰ বাটকটীয়া কোন?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু।

৩। বৈদেশিক নীতিৰ উপাদানসমূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ।

৪।ভাৰতৰ আণৱিক নীতিৰ দুটা উল্লেখযোগ্য় দিশ উল্লেখ কৰা।

উত্তৰঃ (১) শান্তিপূৰ্ণ উদ্দেশ্য়ত আণৱিক শক্তি প্ৰয়োগ কৰা ।

(২) আণৱিক অস্ত্ৰ- শস্ত্ৰৰ সৰ্বাত্মক ধ্বংসৰ বিপক্ষে মত প্ৰকাশ।

৫। বৈদেশিক নীতি বুলিলে কি বুজা?

উত্তৰঃ কোনো এখন স্বাধীন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপনৰ কৰাৰ বাবে গ্ৰহন কৰা নীতিক বৈদেশিক নীতি বুলি কোৱা হয়।

(ট) কোন চনত চীনে তিব্বতক চামিল কৰি লয় ?

উত্তৰ : ১৯৫০ চনত ।

(ঠ) চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰ : ১৯৬২ চনত ।

(ড) NEFA ই কি সূচায় ?

উত্তৰ: North-East Frontier Agency.

(ঢ) ১৯৬৬ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ ‘শাস্ত্ৰী আৰু পাকিস্থানৰ ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি ?

উত্তৰ ঃ তাছখণ্ড চুক্তি।

(ণ) কেতিয়া চিমলা চুক্তি কৰা হৈছিল ?

উত্তৰ ঃ ১৯৭২ চনত ।

(ত) কোন চনত বাংলাদেশ আৰু পাকিস্থানৰ মাজত যুদ্ধ সংঘটিত হৈছিল ?

উত্তৰঃ ১৯৭১ চনত।

(থ) চীন আৰু ভাৰতৰ সীমাৰেখা হিচাপে কোন চনত মেকমোহন ৰেখা নিৰ্ধাৰণ কৰা হৈছিল ?

উত্তৰ : ১৯১৪ চনত ।

(দ) কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল ?

উত্তৰ : ৰাষ্ট্ৰসংঘই।

(ধ) ভাৰতৰ বৈদেশিক নীতিৰ মূলনীতি কি ?

উত্তৰ ঃ গোষ্ঠীনিৰপেক্ষতা।

২ ‘ চমু প্রশ্নোত্তৰ ঃ

(ক) শান্তিপূর্ণ সহ-অৱস্থান বুলিলে কি বুজা ?

উত্তৰ : ভাৰতৰ বৈদেশিক নীতিৰ অন্তৰ্গত পঞ্চশীল নীতিৰ এটা অন্যতম নীতি হ’ল – সহ-অৱস্থানৰ নীতি ৷ সকলো ৰাষ্ট্ৰৰ লগত আভ্যন্তৰীণ আৰু বহিঃসাৰ্বভৌমত্বৰ প্ৰতি শ্ৰদ্ধা জনাই নিজৰ স্বতন্ত্রতা বজাই ৰখাকে শান্তিপূর্ণ সহ-অৱস্থান’ বুলি কোৱা হয় ৷

(খ) ‘গোষ্ঠীনিৰপেক্ষতা’ বুলিলে কি বুজা ?

উত্তৰ ঃ গোষ্ঠীনিৰপেক্ষতাই কোনো সামৰিক গোষ্ঠীত অন্তৰ্ভূক্ত নহৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰাক বুজাই।

(গ) পাকিস্থানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ দুটা মতানৈক্য়ৰ বিষয় উল্লেখ কৰা।

উত্তৰঃ (১) জম্বু আৰু কাশ্মীৰ বিষয়।

(২) বাংলাদেশৰ স্বাধীনতা।

(ঘ) চীনৰ সৈতে ভাৰতৰ দুটা বিবাদৰ বিষয় উল্লেখ কৰা।

উত্তৰঃ (১) লীমা বিবাদ আৰু

(২) দালাই লামাৰ আশ্ৰয়।

(ঙ) ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য় স্থপতি বুলি কাক কোৱা হয়?

উত্তৰঃ জৱাহৰলাল নেহৰু।

(চ) কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল?

উত্তৰঃ ১৯৯৯ চনত।

(ছ) ১৯৭১ চনত ভাৰতে কোন ৰাষ্ট্ৰৰ লগত বন্ধুত্বমূলক চক্তিত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ লগত ।

৩। মজলীয়া দৈৰ্ঘৰ প্ৰশ্নোত্তৰঃ

(ক)ভাৰতৰ বৈদেশিক নীতিৰ প্ধান গুৰুত্বপুৰ্ণ লক্ষ্য়সমূহ কি কি ?

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্য়সমুহ হল–

(১) ভৌগোলিক একতা ৰক্ষা কৰা।

(২) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু উৎসাহিত কৰা ।

(৩) চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰা ।

(৪) ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা।

(৫) অন্য়ান্য় ৰাষ্ট্ৰৰ সৈতে ব্য়ৱসায় বূদ্ধি কৰা ।

(৬) ভাৰতৰ আকাশমাৰ্গ আৰু নৌপথ সুচল কৰা।

(৭) ঔপনিবেশ শাসনৰ অধীনতা থকা ৰাষ্ট্ৰসমূহৰ স্বাধীনতাক উৎসাহিত কৰা ।

(৮) জাতিগত বৈষম্য়ৰ বিৰোধীতা কৰা আৰু জাতি, বৰ্ণ আৰু ধৰ্মৰ ক্ষেত্ৰত বৈষম্য়হীন সমাজবাদী আৰ্হিৰ সমাজৰ বিকাশ কৰা।

(৯) আন্তঃৰাষ্ট্ৰীয় বিবাদসমুহ শান্তিপূৰ্ণ সমাধান কৰা।

(১০) আন্তৰাষ্ট্ৰীয় সংগঠনসমূহ, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সৈতে সহযোগিতা কৰা।

(খ) পাঞ্চশীল কি?ইয়াৰ মুখ্য় নীতিবোৰ কি কি ?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে এক ভাষণত ভাৰত-চীন সম্পৰ্কৰ পথনিৰ্দিশক হিচাপে পাঁচটা স্তম্ভ উল্লেখ কৰে। ইয়াককেই ‘পঞ্চশীল’ বুলি কোৱা হয়। এইনীতি পাঁচটা পিছলৈ গোষ্ঠী নিৰপেক্ষ আলোন্দালনৰ ভোটি হিচাপে পৰিগনিত হয়। পঞ্চশীল নীতিকেইটা হল–

(১) অইন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন।

(২) পাৰস্পৰিক আনাক্ৰমণ।

(৩) অইন ৰাষ্ট্ৰৰ আভ্য়ন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

(৪) সমতা আৰু পাৰস্পৰিক সুবিধা।

(৫) শান্তিপূৰ্ণ সহাৱস্থান।

৪। ৰচনাধর্মী প্রশ্নোত্তৰ

(ক) ভাৰতৰ বৈদেশিক নীতিসমূহ আলোচনা কৰা ।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিসমূহ হ’ল –

(১) গোষ্ঠী নিৰপেক্ষতা : শীতল যুদ্ধৰ সময়ৰ সৈতে খাপ খুৱাবলৈ ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল। অৱশ্যে শীতল যুদ্ধৰ পৰিসমাপ্তিৰ পিছতো এই নীতি ভাৰতৰ বৈদেশিক নীতিৰ অভিন্ন অংশ হৈ আছে।

(২) উপনিবেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধীতা : প্রায় ২০০ বছৰ ঔপনিবেশিক শাসনৰ অধীনত থকাৰ তিক্ত অভিজ্ঞতাৰ বাবে ভাৰতে সদায় উপনিবেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধীতা কৰি আহিছে। এই ধাৰণাৰ জৰিয়তে এচিয়া আৰু আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহক ঔপনিবেশিক শাসনৰ পৰা মুক্ত কৰাৰ সপক্ষে মত দিছে।

(৩) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমর্থন : ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যৰাষ্ট্ৰ। ভাৰতে বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বৰ ওপৰত সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ভাৰতৰ মতে আন্তৰাষ্ট্ৰীয় বিবাদসমূহ = ৰাষ্ট্ৰসংঘৰ সীমাৰ ভিতৰত থাকি সমাধান কৰিব লাগে।

(৪) ন্যায়সংগত লক্ষ্য সাধন : মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ সমাধানৰ ক্ষেত্ৰত সদায় ন্যায়সংগত ব্যৱস্থা গ্ৰহণৰ পক্ষত থিয় দি আহিছে। ভাৰতে যুদ্ধ, হিংসা আৰু ক্ষমতা নীতিৰ বিৰোধীতা কৰে আৰু শান্তিপূর্ণ অহিংস পদ্ধতিক সমৰ্থন কৰে।

(৫) অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন : কোনো ধৰণৰ সামৰিক মিত্ৰতাত আবদ্ধ নোহোৱাকৈ ভাৰত অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপনত বিশ্বাসী।

(খ) চিমলা চুক্তিৰ বিষয়ে চমুকৈ আলোচনা কৰা ৷

উত্তৰ ঃ ১৯৭২ চনৰ জুন মাহত ভাৰতৰ প্ৰধান মন্ত্রী শ্ৰীমতী ইন্দিৰা গান্ধী আৰু পাকিস্থানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোৰ মাজত চিমলাত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিক ‘চিমলা চুক্তি’ বুলি কোৱা হয়। চুক্তিখনৰ মূল কথাবোৰ আছিল –

(১) দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূর্ণ আলোচনাৰ জৰিয়তে সিহঁতৰ বিবাদ আৰু সংঘাতৰ সমাধান কৰিব ।

(২) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰ জাতীয় একতা, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতাৰ প্রতি সন্মান প্ৰদৰ্শন কৰিব ।

(৩) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্রয়োগ নকৰিব ।

ভাৰতে যদিও কোনো দিন প্রথমে সংঘাত সৃষ্টি কৰা নাই, পাকিস্থানে চিমলা চুক্তিৰ পিছতো বিভিন্ন সময়ত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কার্যত উদ্‌গনি যোগাই আহিছে। আজিলৈকে পাকিস্থানে ভাৰতত বহুত আপত্তিক “সন্ত্রাসী কার্য-কলাপ চলাইছে।

(গ) ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল ? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ স্থপতিজন আছিল জৱাহৰলাল নেহৰু নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ হ’ল-

(১) নেহৰুৱে সদায় ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ইয়াৰ বাবে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰি দেশৰ স্বাধীনতা যাতে কোনো বিদেশী শক্তিৰ দ্বাৰা বিনষ্ট নহ তাৰ চেষ্টা কৰিছিল।

(২) বিভাজিত হৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই যাতে পুনৰবাৰ বিভাজিত হ’ব নালগে তাৰ বাবে নেহৰুৱে চুবুৰীয়া ৰাষ্টসমূহৰ লগত সুসম্পর্ক স্থাপনত জোৰ দিছিল।

(৩) দেশখনৰ দ্ৰুত অর্থনৈতিক বিকাশৰ বাবে নেহৰুৱে বিশ্বৰ উন্নত দেশবোৰৰ সৈতে বাণিজ্যিক আৰু কাৰিকৰী সহযোগিতা বৃদ্ধি কৰাৰ সপক্ষে মাত মাতিছিল।

(ঙ) ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্ৰদৰ্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি? ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে লিখা ৷

উত্তৰঃ হোমী জাহাঙ্গীৰ ভাবাক ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্ৰদৰ্শক বুলি কব পাৰি । ভাৰতৰ এক শক্তিশালী পাৰমাণৱিক নীতি আছে। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে আধুনিক ভাৰত নিৰ্মাণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখিছিল। নেহৰু আৰু ভাৰতৰ বাবে সৌভাগ্য যে ভাৰতত হোমী জাহাঙ্গীৰ ভাবাৰ দৰে বিজ্ঞানী আছিল। ১৯৪০ ৰ দহকৰ শেষৰ ফালে হোমী জাহাঙ্গীৰ ভাবাৰ নেতৃত্বত ভাৰতত পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ হয় ।

জৱাহৰলাল নেহৰু পাৰমাণৱিক যুদ্ধাস্ত্ৰ বিৰোধী আছিল ৷ সেই কাৰণে তেওঁ ‘সুসংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণ’ অনুমোদন জনাই আহিছিল। ১৯৬৪ চনৰ অক্টোবৰ মাহত চীনে পাৰমাণৱিক পৰীক্ষা কৰে। ইতিমধ্যে বিশ্বত পাৰমাণৱিক যুদ্ধাস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পাবলৈ ধৰে৷ এনে অৱস্থাত ৰাষ্ট্ৰসংঘই ‘পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায় ৷ ভাৰতে আজিলৈকে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে। কাৰণ, ভাৰতে ভাবে যে চুক্তিখন বৈষম্যমূলক। অৱশ্যে ভাৰতে ১৯৬৩ চনত ‘আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ত স্বাক্ষৰ কৰিছে আৰু ১৯৭৪ আৰু ১৯৯৮ চনত দুবাৰকৈ ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছে। ১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য, ন্যূনতম প্ৰতিৰোধৰ ওপৰত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে। ভাৰতে ঘোষণা কৰে যে ৰাষ্ট্ৰখনে কেতিয়াও প্রথমে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰিব। ০ ০ ০

Type By Suman Bora