Class 12 Political Science Chapter 14 Short Question Answer | Class 12 Political Science Chapter 14 কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্রতিষ্ঠা Short Answer |

১। অতি চমু প্রশ্নোত্তৰ :

(ক) ‘ছিণ্ডিকেট’ বুলিলে কি বুজা ?

উত্তৰ : ‘ছিণ্ডিকেট’ বুলিলে কোনো এক শক্তিশালী আৰু প্রভাৱশালী ৰাজনৈতিক নেতাৰ গোটক বুজায়।

(খ) লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ -প্রধান মন্ত্রী আছিল। (খালী ঠাই পূৰণ কৰা)

উত্তৰ : দ্বিতীয়।

(গ) ‘জয় জোৱান, জয় কিষাণ’ শ্লোগানটোৰ স্ৰষ্টা কোন আছিল ?

উত্তৰ : লাল বাহাদুৰ শাস্ত্রী।

(ঘ) কংগ্ৰেছ ছিণ্ডিকেটৰ নেতৃত্ব কোনে লৈছিল ?

উত্তৰ: কে. কামৰাজ।

(ঙ) দ্রাবিড়া মুন্নেটা কাজাগাম’ কোন ৰাজ্যৰ আঞ্চলিক

উত্তৰ : তামিলনাডুৰ।

(চ) ইন্দিৰা হটাও’ শ্লোগানটো কোনে দিছিল ?

উত্তৰ : ১৯৭১ চনত কংগ্ৰেছৰ সভাপতি এছ. নিজামিংগাপ্পাই ইন্দিৰা বিৰোধী মিত্ৰজোঁটৰ হৈ উক্ত শ্লোগানটো দিছিল।

(ছ) কিমান চনত দলত্যাগ বিৰোধী আইন প্ৰণয়ন কৰা হৈছিল ?

উত্তৰ: ১৯৮৫ চনত।

(জ) ভাৰতৰ প্ৰথম মহিলা প্রধান মন্ত্রী কোন আছিল ?

উত্তৰ : শ্ৰীমতী ইন্দিৰা গান্ধী।

(ঝ) ‘গৰীৰি হটাও’ শ্লোগানটো কোনটো দলৰ আছিল ?

উত্তৰ: কংগ্ৰেছ দলৰ ।

(ঞ) ভাৰতত কোন দশকক ‘বিপদজ্জনক দহক’ হিচাপে আখ্যা দিয়া হৈছে?

উত্তৰ : ১৯৬০ দশকটোক।

(ট) লাল বাহদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ লোক আছিল ?

উত্তৰ : উত্তৰ প্ৰদেশ।

(ঠ) ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত কোন অধিষ্ঠিত হৈছিল ?

উত্তৰ : শ্ৰীমতী ইন্দিৰা গান্ধী।

(ড) DMK ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰ : Dravida Munnetra Kazhagam.

(ঢ) SVD ই কি সুচায় ?

উত্তৰ : Sanyukt Vidhayak Dal.

(ণ) ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচন সম্পৰ্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বৰ্ষ হিচাপে বিবেচনা কৰা হয় ?

উত্তৰ: ১৯৬৭ চনটোক ।

(ত) কোনটো অঞ্চলৰ বিধায়কৰ লগত ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটো জড়িত ?

উত্তৰ ঃ হাৰিয়ানা ।

(থ) ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৬৭ চনৰ পৰা ।

(দ) চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ : ১৯৬৭ চনত।

(ধ) ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতৰ জাতীয় কংগ্ৰেছে লোকসভাত কিমানখন আসন লাভ কৰিছিল ?

উত্তৰঃ ২৮৩ খন।

(ন) ‘দলত্যাগ’ৰ অৰ্থ কি ?

উত্তৰ : এজন নিৰ্বাচিত সদস্যই এটা দল ত্যাগ কৰি আন এটা দলত যোগদান কৰা বা নতুনকৈ দল গঠন কৰাকে ‘দলত্যাগ’ বুলি কোৱা হয় ।

২। চমু প্রশ্নোত্তৰ ঃ

(ক) ‘হুইপ’অভিধাটো ব্যাখ্যা কৰা ৷

উত্তৰ : ৰাজনীতিত ‘হুইপ’শব্দটোৰ অৰ্থ হ’ল বিধায়িনী দলৰ সদস্যসকলক দলীয় নেতৃবৰ্গৰ দ্বাৰা প্ৰদান কৰা কঠোৰ নিৰ্দেশ। এই নিৰ্দেশ দলৰ প্ৰত্যেকজন সদস্যই মানি চলাটো বাধ্যতামূলক।

(খ) ‘আয়া ৰাম, গয়া ৰাম’- ব্যাক্যাংশটোৰ উদ্ভৱ কিদৰে হৈছিল ?

উত্তৰ : ভাৰতৰ ৰাজনীতিত ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটো অতি জনপ্রিয়। এই শব্দটো বিধায়কসকলৰ সঘন দল সলনি কৰা কাৰ্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই বাক্যাংশটো উদ্ভৱ হোৱাৰ এক হাস্যকৰ কাহিনী আছে। . কাহিনীটো হ’ল – ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত হাৰিয়ানাৰ ‘গয়া ৰাম’ নামৰ এজন বিধায়কে নিৰ্বাচনৰ পিছত পোন্ধৰ দিনৰ ভিতৰত তিনিবাৰকৈ দল সলনি কৰি হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তেওঁ প্ৰথমে কংগ্ৰেছ দলৰ পৰা ইউনাইটেড ফ্রন্টলৈ আকৌ সেই দলৰ পৰা কংগ্ৰেছলৈ আকৌ ন ঘন্টা পিছত পুনৰ ইউনাইটেড ফ্রন্টলৈ আনুগত্য পৰিৱৰ্তন কৰিছিল। সেয়ে এজন সাংবাদিকে কৈছিল, ‘আয়া ৰাম, গয়া ৰাম’।

(গ) মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা ।

উত্তৰ : মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য হ’ল-

(১) মৰ্চা চৰকাৰ গঠন হয় এটা দলতকৈ অধিক দলৰ

(২) মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত আদৰ্শৰ ওপৰত গুৰুত্ব সহযোগত । দিয়া নহয় ।

(৩) মৰ্চা চৰকাৰত যোগ দিয়া দলবোৰৰ চৰিত্ৰ হ’ল সুবিধাবাদ।

(৪) মৰ্চা চৰকাৰ ক্ষণস্থায়ী।

(ঘ) লালবাহাদুৰ শাস্ত্ৰীৰ চমু প্রধানমন্ত্রীত্বৰ সমছোবাত ভাৰতে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা ।

উত্তৰ: (১) খৰাং বতৰৰ বাবে খাদ্য সংকট আৰু (২) ১৯৬৫ চনত পাকিস্থানৰ লগত যুদ্ধ

(ঙ) মৰ্চা চৰকাৰ বুলিলে কি বুজা ?

উত্তৰ: কোনো নিৰ্বাচনৰ ফলাফলৰ পাছত যদি কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ নহয়, তেতিয়া একাধিক ৰাজনৈতিক দল লগ লাগি উমৈহতীয়া এজন নেতা মনোনীত কৰি যি চৰকাৰ গঠন কৰে তাকে ‘মৰ্চা চৰকাৰ’ বুলি কোৱা হয় ।

(চ) ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প ই কি সুচায় ?

উত্তৰ: ১৯৬৭ চনত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে মাত্র ২৮৩ খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছিল। এই নিৰ্বাচনত সাতখন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ লগতে দুখন ৰাজ্যত দলত্যাগ কাৰ্যই চৰকাৰ গঠন কৰাত বিফল হৈছিল৷ ইয়াৰোপৰি ইন্দিৰা গান্ধী মন্ত্ৰীসভাৰ আধাতকৈ বেছি সংখ্যক সদস্যই নির্বাচনত জয়ী হ’ব পৰা নাছিল। সেইবাবে ১৯৬৭ চনৰ এই নির্বাচনটোক ভাৰতৰ ৰাজনীতিত ‘ৰাজনৈতিক ভূমিকম্প’ বুলি কোৱা হয়।

(ছ) ‘অনা-কংগ্ৰেছবাদ কি ?

উত্তৰ: ১৯৬৭ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ বিৰোধী ধাৰণাটোক বুজাবলৈ মনোহৰ লোহিয়াই অ-কংগ্ৰেছবাদ শব্দটো ব্যৱহাৰ কৰিছিল। ১৯৬২ চনত চীনৰ লগত ভাৰতৰ যুদ্ধ, ১৯৬৫ চনত পাকিস্থানৰ লগত ভাৰতৰ যুদ্ধ, দেশত দেখা দিয়া খাদ্য সংকট, অর্থনৈতিক সংকট আদিয়ে ৰাজনীতিত প্ৰভাৱ পেলাইছিল। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন কংগ্ৰেছ বিৰোধী দলবোৰে একগোট হৈ নির্বাচন অভিযান আৰম্ভ কৰিছিল। সেই অভিযানটোক অনা- কংগ্ৰেছবাদ বুলি কোৱা হয়।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ

(ক) ১৯৭০ দহকৰ আৰম্ভণিতে ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তা লাভ কৰাৰ কাৰণসমূহ কি কি আছিল?

উত্তৰ: ১৯৭০ ৰ দহকৰ প্ৰথমছোৱাত ইন্দিৰা গান্ধী চৰকাৰে বহুল জনপ্রিয়তা অৰ্জন কৰিছিল। ইয়াৰ কাৰণবোৰ আছিল –

(১) ইন্দিৰা গান্ধীয়ে সাংগঠনিক দিশত থকা কঠোৰতা, নিয়মানুবর্তিতা, নিপুণতা আৰু বিচক্ষণতাৰে নেতৃত্ব দিব পাৰিছিল বাবে জনগণৰ পৰা ব্যপক হাৰত ভোট লাভ কৰিছিল।

(২) ইন্দিৰা গান্ধীয়ে কিছুমান সংস্কাৰমূলক কাম-কাজ আৰম্ভ কৰিছিল তাৰ ভিতৰত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা, ভূমি সংস্কাৰ নীতি আদিৰ বাবে জনগণৰ বিপুল সমর্থন পাইছিল।

(৩) ইন্দিৰা গান্ধীয়ে ‘গৰীবি হটাও’ শ্লোগানেৰে জনকল্যাণমূখী আঁচনি গ্ৰহণ কৰি দৰিদ্ৰতা দৃঢ়ীকৰণত আগভাগ লৈছিল। ফলত সৰ্বসাধাৰণৰ প্রিয়ভাজন হৈছিল।

(৪) ১৯৭১ চনত পাকিস্থানৰ লগত হোৱা যুদ্ধত জয়ী হোৱাৰ বাবেও ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা বাঢ়ি গৈছিল।

(খ) মৰ্চা চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা ।

উত্তৰ : গিয়ান সিং বাৰেৱালাৰ নেতৃত্বত ১৯৫২ চনত পাটিয়ালা এগু পঞ্জাৱ ষ্টেটছ ইউনিয়নত পোন প্ৰথমবাৰৰ বাবে মৰ্চা (সংযুক্ত) চৰকাৰ গঠন হয়। ১৯৫৯ চনত দ্বিতীয়খন মৰ্চা চৰকাৰ গঠন হয় উৰিষ্যাত হৰেকৃষ্ণ মহাবৰ নেতৃত্বত। সেইদৰে ১৯৬৭ চনত ভাৰতৰ আঠখন ৰাজ্যত মৰ্চা চৰকাৰ গঠন হৈছিল। অৱশ্যে মৰ্চা চৰকাৰত ভিন্ন মতাদৰ্শ থকা দলসমূহে একেলগে কাম কৰাৰ ক্ষেত্ৰত অতি সোণকালে সমস্যাৰ উদ্ভৱ হয়। ফলত মৰ্চা চৰকাৰৰ সুস্থিৰতা নাইকীয়া হৈ পৰে আৰু মধ্যৱৰ্তীকালীন নির্বাচন অনুষ্ঠিত কৰিব লগা হয়। বৰ্তমান মৰ্চা চৰকাৰ ভাৰতীয় ৰাজনীতিত এক অভিন্ন অংগত পৰিণত হোৱা দেখা যায়।

৪। ৰচনাধর্মী প্রশ্নোত্তৰ :

(ক) ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণবোৰ কি আছিল ? অথবা কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা ।

উত্তৰ : কংগ্ৰেছ দলৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনটো আছিল এক বৃহৎ প্ৰত্যাহ্বানস্বৰূপ। এই নির্বাচনত কংগ্ৰেছে পূৰ্বৰ ধাৰাবাহিকতা হেৰুৱাইছিল আৰু বহুতো ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ অসমৰ্থ হৈছিল। ইয়াৰ কৰাণবোৰ হ’ল-

(১) ১৯৬০ ৰ দহকটোত ভাৰতত অর্থনৈতিক সংকটে। দেখা দিছিল। ফলত জনসাধাৰণে কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল আৰু কংগ্ৰেছ বিদ্বেষী হৈ উঠিছিল।

(২) সেই সময়ৰ কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ বিদ্বেষ ভাৱৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে ভাৰতত প্ৰথমবাৰৰ বাবে একাংশ জনসাধাৰণে সশস্ত্ৰ বিদ্ৰোহৰ সূচনা কৰিছিল।

(৩) সেই সময়ছোৱাত কংগ্ৰেছ দলত বিভাজন হোৱা আৰম্ভ কৰিছিল আৰু ই দুটা দলত বিভক্ত হোৱাত অনা- কংগ্ৰেছী দলবোৰ কংগ্ৰেছৰ বিৰুদ্ধে সংগ্ৰামত নামি কংগেছৰ বিপর্যয় সাধন কৰিছিল।

৪) সেই সময়ত কংগ্ৰেছ দলত নেতৃত্বৰ বাবে উপযুক্ত নেতাৰ অভাৱ অনুভূত হৈছিল। নেহৰুৰ মৃত্যুৰ পিছত নেতৃত্বক লৈ কংগ্ৰেছ দল বিমোৰত পৰিছিল।

(৫) সেই সময়ত জনতা দলে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। ফলত কংগ্ৰেছ দল বিপর্যয়ৰ সন্মুখীন হৈছিল।

Type By Suman Bora