Class 9 Social Science Part 1 Chapter 4 | MCQs Short Question Answer | মানৰ অসম আক্ৰমণ |

Chapter 4

মানৰ অসম আক্ৰমণ

১। বৰ্তমানৰ শোণিতপুৰ আৰু নগাওঁ জিলাৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংখনৰ নাম কি?

(ক) কলিয়াভোমোৰা

(খ) নৰনাৰায়ণ

(গ) নামদাঙৰ শিলৰ সাঁকো

(ঘ) ভূপেন হাজৰিকা সেতু

উত্তৰঃ (ক) কলিয়াভোমোৰা

২। ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল?

(ক) নিম্ন শ্ৰেণীৰ লোক বুলি

(খ) মান বুলি

(গ) কৰ্মী লোক বুলি কৈছিল

(ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) মান বুলি

৩। আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্য়ুৰ পিছত কোনে সিংহাসনত বহিছিল?

(ক) পূৰ্ণানন্দ বুঢ়াগোহাঁই

(খ) কমলেশ্বৰ সিংহ

(গ) ভৰত সিংহ

উত্তৰঃ (খ) কমলেশ্বৰ সিংহ

৪। কলিয়াভোমাৰা সেতুখন কিমান খ্ৰীষ্টাব্দত সাজি উলিওৱা হয়?

(ক) ১৯৪৭ খ্ৰীষ্টাব্দত

(খ) ১৯৫০ খ্ৰীষ্টাব্দত

(গ) ১৯৮৭ খ্ৰীষ্টাব্দত

(ঘ) ১৯৮৯ খ্ৰীষ্টাব্দত

(ঙ) ১৮৯০ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৯৮৭ খ্ৰীষ্টাব্দত

৫। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

(ক) ১৮৮৫ খ্ৰীষ্টাব্দত

(খ) ১৮২৫ খ্ৰীষ্টাব্দত

(গ) ১৮২৬ খ্ৰীষ্টাব্দত

(ঘ) ১৯৫০ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮২৬ খ্ৰীষ্টাব্দত

৬। বদন চন্দ্ৰই কিমানমান সৈন্য় লগত আনিছিল?

(ক) ৮০০০ মান সৈন্য়

(খ) ১০০০০ মান সৈন্য়

(গ) ১০০ জন মান সৈন্য়

উত্তৰঃ (ক) ৮০০০ মান সৈন্য়

৭। মোৱামৰিয়াসকলে যেতিয়া আহোম ৰজাক আক্ৰমণ কৰোঁতে তেওঁলোকক কোনে কোনে সহায় কৰিছিল?

(ক) ব্ৰিটিছ আৰু জাপানৰ লোকসকলে

(খ) ব্ৰহ্মদেশীয় লোকসকল আৰু গ্ৰীক সকলে

(গ) চিংফৌ আৰু মান সকলে

(ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (গ) চিংফৌ আৰু মান সকলে

৮। বদৌপায়াৰ নাতি কোন আছিল?

(ক) মিঙ্গিমাহা

(খ) বাগদাও

(গ) যোগেশ্বৰ সিংহ

(ঘ) ওপৰত উল্লেখ কৰা এজনো নহয়

উত্তৰঃ (খ) বাগদাও

৯। মানসকলে আহোম সৈন্য়ক পৰাস্ত কৰি অসমৰ কোনখন জিলাৰ অধিকাৰ কৰে?

(ক) যোৰহাট

(খ) মৰিগাঁও

(গ) নগাওঁ

(ঘ) ডিব্ৰুগড়

উত্তৰঃ (ক) যোৰহাট

১০। কিমান চনৰ পৰা কিমান চনলৈ মানৰ দিন বুলি কোৱা হয়?

(ক) ১৮২১ চনৰ পৰা ১৮২৬ চনলৈ

(খ) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ

(গ) ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ

উত্তৰঃ (খ) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ

১১) বদন বৰফুকন অসমলৈ আহোতে কিমান সৌন্য লগত লৈ আহিছিল?

(ক) ১৫,০০০ হাজাৰ

(খ) ১৬,০০০ হাজাৰ

(গ) ১৭,০০০ হাজাৰ

উত্তৰঃ (খ) ১৬,০০০ হাজাৰ

১২) বদনৰ নতুন নামটো কি আছিল

(ক) মন্ত্ৰী বৰফুকন

(খ) মন্ত্ৰী বৰভৃঞা

(গ) বৰগোহাই

উত্তৰঃ (ক) মন্ত্ৰী বৰফুকন

১৩) বদনৰ লগত অহা লেখকজনে লিখা টোকা দুটাৰ নাম কি?

(ক) বৈশালী হুকং আৰু বৈশালী মুংডুন চুন-খাম

(খ) হুকং আৰু চুন-খাম

(গ) বৈশালী আৰু আৰু মুংডুন

উত্তৰঃ (ক) বৈশালী হুকং আৰু বৈশালী মুংডুন চুন-খাম

১৪) বদন বৰফুকনক কোনে হত্যা কৰিছিল?

(ক) চুবেদাৰ

(খ) লাচিত

(গ) বৰফুকন

উত্তৰঃ (ক) চুবেদাৰ

১৫) ৰাজেশ্বৰ সিংহৰ নাতি কোন আছিল?

(ক) বজ্ৰনাথ

(খ) চন্দ্ৰকান্ত

(গ) পুৰন্দৰ

উত্তৰঃ (ক) বজ্ৰনাথ

১৬) মানৰ আক্ৰমণ কিমান চনত হৈছিল?

(ক) ১৮২১ চনত

(খ) ১৯২১ চনত

(গ) ১৭২১ চনত

উত্তৰঃ (ক) ১৮২১ চনত

১৭) যোগেশ্বৰ সিংহই কিমান চনলৈ ৰাজত্ব কৰে?

(ক) ১৮২৫ চনত

(খ) ১৮২৬ চনত

(গ) ১৯৭৮ চনত

উত্তৰঃ (ক) ১৮২৫ চনত

১৮) কিমানৰ পৰা কিমান চনলৈ মানৰ দিন বুলি কোৱা হয়?

(ক) ১৮২১-১৮২৫ চনলৈ

(খ) ১৯২১-১৯২৫ চনলৈ

(গ) ১৭২১-১৭২৫ চনলৈ

উত্তৰঃ (ক) ১৮২১-১৮২৫ চনলৈ