Class 12 ADAVANCE ASSAMESE Chapter 13 Short Question Answer | Chapter 13 সাহিত্য সমালোচনা ১. চুটিগল্প Short Answer |

১। চুটি গল্প কি ? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰঃ চুটিগল্প হৈছে মানৱ জীৱনৰ কোনো এক মূহুৰ্তত ঘটা ঘটনা বা বিষয়ৰ আধাৰত ৰচিত চুটি পৰিসৰৰ এক কাল্পনিক গদ্য ৰচনা। সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত চুটি গল্পই হৈছে সর্বাধুনিক সৃষ্টি। সাহিত্যৰ এক স্বতন্ত্র শাখা হিচাপে ইঊনবিংশ শতাব্দীৰ দ্বিতীয় দহকটোৰ পৰা উদ্ভৱ হোৱা আৰম্ভ কৰে। ১৮১৯ চনত আমেৰিকাৰ ৱাছিটন আৰভিং নামৰ এজন লিখকে ৰিপ ভান উইংকল’ নামৰ এটি গল্প ৰচনা কৰে। আন এজন আমেৰিকাৰ লিখক নাথানিয়েল হ’ৰ্থন নামৰ লিখকে ১৮৩২ চনত ‘টুৱাইচ টুল্ড ষ্টুৰিজ’নামৰ এখন গল্পৰ পুথি প্রনয়ণ কৰে। “এই গল্পবোৰত আধুনিক চুটি গল্পৰ কিছু উপাদান পোৱা যায়। যদিও চুটিগল্পক সাহিত্যৰ এক স্বাধীন শাখা হিচাপে প্ৰতিষ্ঠা কৰাত আন এজন আমেৰিকাৰ লিখক এডগাৰ এলেন পো নামৰ লিখকৰ নাম জড়িত হৈ আছে। তেঁৱেই পোন প্ৰথমতে চুটিগল্পৰ তত্ত্ব আগবঢ়ায়। তেওঁৰ মতে চুটি গল্প হৈছে, “এক সৰু গল্প যি পঢ়োতে আধাঘন্টা সময়ৰ পৰা এক বা দুঘন্টা সময় লয়।” (Short story is a prose narrative requiring from half an hour to one or two hours in its pe- rusal.) ইয়াৰ পিছৰ পৰা চুটিগল্পই বিশেষকৈ ৰুছ আৰু ফৰাচী সাহিত্যকসকলৰ হাতত পৰিপূৰ্ণতা লাভ কৰে ।

অৱশ্যে চুটি গল্পক আধুনিক যুগৰ সৃষ্টি বুলি কোৱা হয় যদিও প্রাচীন কালতো চুটি গল্পৰ দৰে গল্পৰ অস্তিত্ব আছিল। ইটালী সাহিত্যত ‘গেষ্টা ৰোমান’ৰাম’ বোক্কাচিওৰ ‘ডেকামেৰ’ন’ জেওফ্ৰে চচাৰৰ ‘কেন্টাৰবেৰি টেলচ’ আৰু অন্যান্য সাধু যেনে ঃ ঈচপৰ সাধু, সংস্কৃত ভাষাত ‘হিতোপদেশ’, পঞ্চতন্ত্ৰ’, ‘কথা সৰি‍ সাগৰ’, আৰু বৌদ্ধ জাতকৰ সাধুবোৰত চুটি গল্পৰ বিভিন্ন উপাদানৰ নিদৰ্শন পোৱা যায়। কিন্তু সেইবোৰ গল্পৰ লগত আধুনিক যুগৰ গল্পৰ মূল প্রভেদ হ’ল আধুনিক চুটি গল্প সম্পূর্ণ বাস্তৱ মানৱ সমাজৰ ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে প্ৰাচীন যুগৰ গল্পবোৰ আছিল সম্পূর্ণ কল্পনা প্রসূত আৰু ৰূপকাত্মক।

আধুনিক চুটিগল্পই ইয়াৰ জন্মৰ মাত্ৰ পাঁচোটা দহকৰ ভিতৰত বিপুল জনপ্রিয়তা লাভ কৰি কিছুমান সুকীয়া বৈশিষ্ট্য পৰিগ্ৰহণ কৰি সাহিত্যৰ এক বলিষ্ঠ শাখা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। ইয়াৰ প্ৰধান বৈশিষ্ট্য (উপাদান) সমূহ তলত চমুকৈ আলোচনা কৰা হ’ল হল ঃ

কাহিনী (Plot)ঃ চুটি গল্পত এটি মাথো কাহিনী থাকে। চুটিগল্পৰ পৰিসৰ যিহেতু কম সেয়ে ইয়াত একাধিক কাহিনীৰ স্থান নাই। আকৌ ইয়াৰ কাহিনীটো কাল্পনিক যদিও বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ কাহিনী মানৱ জীৱনৰ কোনো এক সৰু বা খণ্ড ঘটনাৰ আধাৰত বিন্যস্ত হয়।

চৰিত্ৰ (Character) : চুটিগল্প যেহেতু বাস্তৱ সমাজৰ পটভূমিৰ ওপৰত আধাৰিত গতিকে ইয়াৰ প্ৰধান চৰিত্ৰ হৈছে মানুহ। ইয়াত জীৱ-জন্তু, চৰাই-চিৰিকতি আদি চৰিত্ৰ থাকিব পাৰে যদিও সেইবোৰ কেতিয়াও প্ৰধান চৰিত্ৰ হ’ব নোৱাৰে। ইয়াৰ চৰিত্ৰ সমাজৰ লগত সম্পৰ্ক থকা ৰক্ত-মাংসৰ মানুহহে। ইয়াৰ উপৰিও চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াৰ চৰিত্ৰৰ সংখ্যাও কম। এনে গল্পত এটা বা দুটাতকৈ বেছি প্ৰধান চৰিত্ৰ থাকিব নোৱাৰে ।

পৰিবেশ (Atmosphere) : চুটি গল্পৰ আন এক উপাদান হৈছে পৰিবেশ সৃষ্টি। পৰিবেশ হৈছে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক বা মানৱ সৃষ্ট অৱস্থা। পৰিবেশে গল্পৰ নায়ক, নায়িকা বা ব্যক্তি এজনৰ দেহ ভংগী, পোছাক পৰিচ্ছদ আদিকো সামৰি লয়। চুটি গল্পৰ লিখক এজনে বৰ্ণনা কৰিবলৈ লোৱা কাহিনী এটা কি পৰিবেশত সংঘটিত হৈছে তাৰ বৰ্ণনা চুটি গল্পত থাকিব লাগে। পৰিবেশ অংকনে চুটি গল্প এটিক বাস্তৱধর্মীতা, বিশ্বাসযোগ্যতা আৰু সজীৱতা দান কৰে।

সংলাপ (Dialogue): অন্যান্য উপাদানৰ দৰে সংলাপো চুটিগল্পৰ এক আৱশ্যকীয় উপাদান। সংলাপ বুলিলে দুই বা তাতোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। কিন্তু চুটি গল্পৰ সংলাপ সংক্ষিপ্ত আৰু যথাযথ হোৱা উচিত। লিখকে সংলাপসমূহ তেওঁৰ গল্পৰ চৰিত্ৰৰ ভূমিকা, সামাজিক মর্যদা, পেশা আদিৰ লগত খাব খোৱাকৈ ৰচনা কৰিব লাগে । তাৰোপৰি সংলাপ সমূহ এনে হ’ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ, স্বভাৱ আদি প্ৰকাশ পোৱাৰ উপৰিও গল্পটিৰ কাহিনীভাগ আগবঢ়াই নিয়াত সহায়ক হয় ।

লিখকৰ জীৱন দৰ্শন (Philosophy of Life) : জীৱন দৰ্শন বুলিলে মানৱ জীৱন, মানৱ আচৰণ বা মানৱ কাৰ্যৰ ওপৰত এক মতামত বা ধাৰণা প্রতিফলন হোৱাক বুজায়। চুটি গল্পত লিখকৰ জীৱন দৰ্শন কেতিয়াবা প্ৰত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাৱে প্ৰকাশ পায় । অৱশ্যে লিখকৰ জীৱন দৰ্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্ৰকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীৱন দৰ্শনটো উহ্যও ৰাখিব পাৰে ।

চুটিগল্প আৰু উপন্যাসৰ মূল উপাদানসমূহ একে যদিও এই উপাদানসমূহ ব্যৱহাৰ আৰু পৰিসৰত দুয়োৰে মাজত পার্থক্য আছে। চুটি গল্পত উক্ত উপাদনসমূহ অতি মিতব্যয়ী হিচাপে ব্যৱহাৰ কৰিব লাগে।

২। চমু টোকা লিখা :

(ক) চুটি গল্পৰ কলা-কৌশল।

(খ) চুটি গল্পত মনস্তত্ত্ব বিশ্লেষণ ।

(গ) চুটি গল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি।

(ঘ) চুটি গল্পৰ দের্ঘ্য ।

(ঙ) চুটি গল্প আৰু সাধুকথাৰ মাজৰ পাৰ্থক্য।

উত্তৰ :

(ক) চুটি গল্পৰ কলা-কৌশল : চুটিগল্প সাহিত্যৰ বহুতো শাখাৰ ভিতৰত অনুজ যদিও বৰ্তমান ই এক বলিষ্ঠ আৰু জনপ্ৰিয় শাখাত উপনীত হৈছে। চুটি গল্পৰ কলা- কৌশল সম্পর্কে কোনো নিৰ্দিষ্ট ধৰা বন্ধা নীতি নাই যদিও ইয়াৰ কিছুমান সাধাৰণ উপাদান আৰু বৈশিষ্ট্য আছে। ইয়াৰ প্ৰধান উপাদান সমূহ হ’ল:

(১) চুটিগল্পত এটা মাত্র কাহিনী থাকে। কাহিনীটো কাল্পনিক যদিও ই বাস্তৱ মানৱ সমাজৰ ওপৰত প্ৰতিষ্ঠিত। (২) চুটিগল্পত এটা বা সর্বাধিক দুটিতকৈ অধিক প্ৰধান চৰিত্ৰ থাকিব নোৱাৰে। ইয়াত কোনো জীৱ-জন্তু বা চৰাই-চিৰিকতি চুৰিত্ৰ হ’ব পাৰে যদিও ইয়াৰ প্ৰধান চৰিত্ৰ সদায় মানুহ হ’ব লাগ। (৩) চুটিগল্পৰ তৃতীয় উপাদানটো হৈছে পৰিবেশ অংকন। পৰিবেশত কোনো এক ঘটনা সংঘটিত হোৱাৰ চাৰিও ফালৰ অৱস্থাৰ বিৱৰণ দিয়া হয়। অৱশ্যে পৰিবেশৰ চিত্ৰ ঘটনা, স্থান আৰু চৰিত্ৰৰ লগত খাপ-খাব পৰাকৈ উপস্থাপন কৰিব লাগে । (৪) চুটিগল্পত সংলাপ এক আৱশ্যকীয় উপাদান বুলি ধৰা হয়। লিখকে সংলাপ চৰিত্ৰৰ মুখৰে প্ৰকাশ কৰিব লাগে । সংলাপসমূহ এনেভাৱে ৰচিত হ’ব লাগে যাতে চৰিত্ৰ এটিৰ উদ্দেশ্য, আচৰণ আদি প্ৰকাশ হোৱাৰ উপৰিও কাহিনীভাগক আগবঢ়াই নিয়ে। (৫) চুটিগল্পৰ পঞ্চম উপাদানটো হৈছে লিখকৰ জীৱন দৰ্শন। জীৱন দৰ্শন হৈছে মানৱ জীৱনৰ ওপৰত লিখকৰ মন্তব্য ।

দেখা যায় কোনো কোনো চুটি গল্পত কাহিনীয়ে প্রাধান্য পায়। কোনে কোনো গল্পত চৰিত্রাঙ্কনে প্রাধান্য পায় আৰু কোনো কোনো গল্পত পৰিবেশ অংকনে প্রাধান্য পায়। এই দিশৰ পৰা চুটি গল্পক কাহিনী প্রধান, চৰিত্ৰ প্ৰধান আৰু পৰিবেশ প্ৰধান – এই তিনি শ্ৰেণীত ভাগ কৰিব পাৰি ।

চুটিগল্পত লিখকৰ এটা মাথো উদ্দেশ্য থাকে। লিখকে তেওঁৰ গল্পটোৰ কথাভাগ উপস্থাপনত সেই উদ্দেশ্যৰ ঐক্য প্ৰথমৰ পৰা শেষলৈ বজাই ৰাখিব লাগে ।

ইয়াৰ উপৰিও চুটিগল্পৰ আৰম্ভণি আৰু সামৰণি মন কৰিবলগীয়া বিষয় । ইয়াৰ আৰম্ভণি প্ৰায়ে আকস্মিক হোৱা দেখা যায়। অৰ্থাৎ ইয়াৰ আৰম্ভণি এনেভাৱে কৰিব লাগে যেন গল্পটো শেষলৈ পঢ়ি যাবলৈ পাঠকৰ মনত কৌতূহলৰ উদ্রেক হয়। চুটিগল্পৰ আৰম্ভণি আকস্মিক বা নাটকীয় হয় যদিও কিছুমান গল্প লিখকে মানৱ জীৱনৰ কোনো এটি বিষয় বা দিশৰ প্ৰতি লিখকৰ দাৰ্শনিক মতামত ব্যক্ত কৰি পিছত এটি কাহিনীক অৱলম্বন হিচাপে লৈ সেই মতামতটো প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰে ৷

চুটিগল্পৰ সামৰণিও আৰম্ভণিৰ দৰে অভিনৱ ব নাটকীয় হোৱা উচিত। অর্থাৎ কাহিনীটো পঢ়ি উঠাৰ পিছত গল্পটো শেষ হ’লেও পঢ়ুৱৈৰ মনত শেষ নোহোৱা ভাৱ এটি যেন ৰৈ যায়।

(খ) চুটি গল্পত মনস্তত্ত্ব বিশ্লেষণ: চুটিগল্পত মনস্তত্ত্ব বিশ্লেষণ এটি গুৰুত্বপূৰ্ণ বিষয়। ৰুচ চুটিগল্পকাৰ এন্টন চেখভ গল্পত পোন প্ৰথমতে মনস্তত্ত্ব বিশ্লেষণৰ সচেতন প্রতিফলত ঘটে। বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা মানৱ সমাজে বিভিন্ন জটিলতাৰ সন্মুখীন হোৱা আৰম্ভ কৰে। ফলত মানুহৰ মানসিক অন্তঃদ্বন্দ্বও বৃদ্ধি পায়। চুটিগল্পত সদালনিকৈ ইয়াৰ প্রতিফলনো ঘটি আছে। বিশেষকৈ সমসাময়িক ঘটনাৰ ওপৰত আলোকপাত কৰি ব্যক্তিমনৰ ক্ৰিয়া-প্রতিক্রিয়া গল্পত স্থান পোৱা বাবে গল্পত মনস্তাত্ত্বিক বিশ্লেষণ সম্ভৱ হৈছে। অসমীয়া চুটি গল্পকাৰসকলৰ ভিতৰত লক্ষ্মীনাথ ফুকন, যোগেশ দাস, হোমেন বৰগোঞি, চৈয়দ আব্দুল মালিক, লক্ষ্মীনন্দন বৰা আদিৰ গল্পবোৰত মনস্তত্ত্ব বিশ্লেষণৰ সফল ৰূপায়ণ আছে।

(গ) চুটি গল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি ঃ চুটিগল্পৰ আৰম্ভণি আৰু সামৰণি মন কৰিবলগীয়া বিষয়। ইয়াৰ আৰম্ভণি প্রায়ে আকস্মিক হোৱা দেখা যায়। অর্থাৎ ইয়াৰ আৰম্ভণি এনেভাৱে কৰিব লাগে যেন গল্পটো শেষলৈ পঢ়ি যাবলৈ পাঠকৰ মনত কৌতুহলৰ উদ্ৰেক হয়। চুটিগল্পৰ আৰম্ভণি নি আকস্মিক বা নাটকীয় হয় যদিও কিছুমান গল্প লিখকে মানৱ জীৱনৰ কোনো এটি বিষয় বা দিশৰ প্ৰতি লিখকৰ দাৰ্শনিক মতামত ব্যক্ত কৰি পিছত এটি কাহিনীক অৱলম্বন হিচাপে লৈ সেই মতামতটো প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে ।

চুটিগল্পৰ সামৰিণিও আৰম্ভণিৰ দৰে অভিনৱ বা নাটকীয় হোৱা উচিত । অর্থাৎ কাহিনীটো পঢ়ি উঠাৰ পিছত গল্পটো শেষ হ’লেও পঢ়ুৱৈৰ মনত শেষ নোহোৱা ভাৱ এটি যেন ৰৈ যায়।

(ঘ) চুটি গল্পৰ দৈৰ্ঘ্য : চুটিগল্পৰ দৈৰ্ঘ্য কিমান হোৱা উচিত সেই সম্পর্কে কোনো সৰ্বসন্মত ধৰা-বন্ধা নিয়ম নাই। অৱশ্যে কিছুমান লিখকে চুটি গল্পৰ দৈৰ্ঘ্যৰ ওপৰত মতামত প্ৰকাশ নকৰা কৈয়ো থকা নাই। চুটি গল্পৰ পিতৃস্বৰূপ এডগাৰ এলেন পোয়ে চুটি গল্পৰ সংজ্ঞাত সময়ৰ উল্লেখ কৰিছে এনেদৰে, “চুটি গল্প হৈছে এনে এক গদ্য ৰচনা যি পঢ়ুতে আধা ঘন্টা সময়ৰ পৰা এক ঘন্টা বা দুই ঘন্টাৰ প্রয়োজন হয়।” বিশ্ব বিখ্যাত বিজ্ঞান ভিত্তিক চুটি গল্পকাৰ এইচ. জে. ওৱেলচে সময়ৰ পৰিমাণ কমাই দি কৈছে যে চুটি গল্প দহ মিনিটৰ পৰা পঞ্চাশ মিনিটৰ ভিতৰত শেষ হোৱা বাঞ্ছনীয়। আনহাতে ইংৰাজ চুটি গল্পকাৰ চমাৰচেষ্ট মমে কৈছে যে চুটি গল্প একে বহাতে শেষ কৰিব পৰা দৈৰ্ঘ্যৰ হ’ব লাগে।

মুঠতে চুটি গল্প চুটি হোৱা বাঞ্ছনীয়।

(ঘ) চুটি গল্প আৰু সাধুকথাৰ মাজৰ পাৰ্থক্য ঃ যদিও কিছুমান উপাদানৰ ক্ষেত্ৰত চুটি গল্প আৰু সাধুকথা বা উপাখ্যান মাজত মিল আছে তথাপি সাহিত্যৰ স্বতন্ত্র শাখা হিচাপে দুয়োৰে মাজত যথেষ্ট পার্থক্য আছে। যেনে

প্ৰথমতে সাধুকথা হৈছে প্ৰাচীন বস্তু। এইবোৰ প্ৰধানকৈ ৰপকাত্মক। এইবোৰত মানৱ চৰিত্ৰৰ বাহিৰেও জীৱ-জন্তু, চৰাই-চিৰিকতি আনকি কেতিয়াবা অতি প্রাকৃতিক প্রাণী বা জীৱও ইয়াৰ চৰিত্ৰ হয়। কিন্তু চুটি গল্প হৈছে বাস্তৱ ভিত্তিক আৰু ইয়াৰ চৰিত্ৰসমূহ সদায় মানুহ হয়। ইয়াত কোনো অপ্রাকৃতিক জীৱ বা প্ৰাণী প্ৰধান চৰিত্ৰ হিচাপে উপস্থাপন হ’ব নোৱাৰে ।

দ্বিতীয়তে, প্রাচীন যুগৰ সাধুকথা বা আখ্যানমূলক – কাহিনীৰ প্ৰধান উদ্দেশ্য আছিল মানুহক নৈতিক বা আধ্যাত্মিক শিক্ষা প্ৰদান কৰা। কিন্তু আধুনিক যুগৰ চুটি গল্পৰ প্ৰধান উদ্দেশ্য হৈছে পঢ়ুৱৈক আজৰি সময়ত বিনোদন দান কৰা ৷

তৃতীয়তে, সাধু কথাসমূহৰ সৰহভাগেই বেনামী ৰচকৰ দ্বাৰা মুখে মুখে ৰচিত হৈছিল আৰু সেইবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে মুখে চলি আহিছিল। কিন্তু চুটি গল্প লিখিত ৰূপত জন্ম গ্ৰহণ কৰে আৰু এইবোৰৰ নিৰ্দ্দিষ্ট লিখক থাকে।

চতুৰ্থতে আগৰ যুগৰ সাধু কথাবোৰ ৰচনাৰ কোনো নিৰ্দ্দিষ্ট বা ধৰা-বন্ধা নীতি-নিয়ম নাছিল। কিন্তু আধুনিক যুগৰ চুটি গল্প ৰচনাৰ কিছুমান নিৰ্দ্দিষ্ট ধৰা-বন্ধা নীতি-নিয়ম আছে। মুঠতে সাধুকথা আৰু চুটিগল্প সাহিত্যৰ দুটি স্বতন্ত্র শাখা হিচাপে সিহঁতৰ নিজা নিজা বৈশিষ্ট্য আছে- যি বৈশিষ্ট্যই সাধুকথা আৰু চুটিগল্পৰ মাজত সীমাৰেখাৰ সৃষ্টি কৰিছে।

Type By Suman Bora