Class 12 ADAVANCE ASSAMESE Chapter 14 Short Question Answer | Chapter 14 উপন্যাস Short Answer

১। উপন্যাস কি ? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰ : সাহিত্যৰ বিভিন্ন শাখাবোৰৰ ভিতৰত উপন্যাস এক জনপ্রিয় উল্লেখযোগ্য শাখা । অসমীয়া ‘উপন্যাস’শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল Novel । ই ইটালী, Novella (নভেলা) শব্দৰ পৰা আহিছে বুলি কোৱা হয় ৷ ইটালী Novella শব্দটোৱে গদ্যত লিখিত প্রেমমূলক আখ্যান বা অভিজানমূলক কাহিনীক বুজাইছিল । ইটালীত এনেকুৱা ৰচনা চতুৰ্দশ আৰু পঞ্চদশ শতিকাত জনপ্রিয় হৈছিল। উদাহৰণ স্বৰূপে : গিঅভান্নি বকাচিঅ’য়ে ১৩৫০ খ্রীষ্টাব্দত ডেকামেৰ’ ৰচনা কৰিছিল । সোতৰ শতিকাত ইংলণ্ডত কিছুমান গদ্য লিখক যথা জন বনিয়ন, জনাথান চুইফট, ডেনিয়েল ডিফো, থমাচ ন্যাচ আদিয়ে ইটালীয় নভেলা আৰু অন্যান্য আখ্যানমূলক কাহিনীৰ ‘ . অনুকৰণত কিছুমান কাল্পনিক বর্ণনাত্মক কাহিনীৰ সৃষ্টি কৰিছিল। ১৭৪০ চনত ইংৰাজ লিখক চেমুৱেল বিচাৰ্ডচনে ‘পামেলা’ নামৰ এখন কাল্পনিক বর্ণনাত্মক কাহিনী ৰচনা কৰে। এইখন প্ৰকাশৰ লগে লগে প্রাকৃতাৰ্থত আধুনিক উপন্যাসৰ পৰম্পৰা আৰম্ভ হয় বুলি কোৱা হয়। । ইয়াৰ পিছত অন্যান্য ইংৰাজ লিখক যেনে – হেনরী ফেইল্ডিং, স্কুলেট, ষ্টার্ন, আদি লিখকে এনেজাতীয় সাহিত্য বিকাশত অৰিহণা যোগায়। পিছলৈ চাৰ্লচ ডিকেন্স, জর্জ ইলিয়ট, জেন আষ্টিন, চাৰ উইলিয়াম স্কট আদিয়ে এই জাতীয় সাহিত্যৰ পূৰ্ণতা আনে । তেতিয়াৰ পৰাই উপন্যাস সাহিত্য . বিশ্বৰ আন আন ভাষাতো ৰচনা হ’বলৈ ধৰে।

উপন্যাসৰ সংজ্ঞা বিভিন্ন জনে বিভিন্ন ধৰণে আগবঢ়াইছে। অক্সফোর্ড অভিধানৰ মতে, “উপন্যাস হৈছে যথেষ্ট দীঘল মনে সজা কথাৰ গল্প য’ত প্ৰকৃত জীৱনৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ আৰু কাৰ্যকলাপ কম বেছি পৰিমাণে জটিল কাহিনীত চিত্রিত হয়।” মুঠতে উপন্যাসৰ সংজ্ঞা যিয়েই নহওক কিয়, বিশ্বৰ প্ৰতিনিধিত্বশীল উপন্যাস অধ্যয়ন কৰিলে দেখা যায় যে সেইবোৰত কিছুমান লক্ষণ আৰু উপাদান আছে যিবোৰ উপাদান প্রায় সকলোবোৰ উপন্যাসতে কম বেছি পাৰেমাণে পোৱা যায় ৷ উপন্যাসৰ প্ৰধান উপাদানসমূহ হ’ল — কাহিনী, চৰিত্ৰ, কথোপকথন, সংলাপ আৰু লিখকৰ জীৱন দর্শন। তলত এই উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা – কৰা হ’ল।

কাহিনী (Plot) : উপন্যাসৰ প্ৰথম কেঁচা সামগ্ৰী বা উপাদানটো হৈছে কাহিনী। কাহিনী বুলিলে কোনো বর্ণনাত্মক লিখনিত থকা অনুক্রমিক ঘটনাৰাজিক বুজায়। কাহিনী এটাই কোনো এটা বা অধিক বিষয়ক লক্ষ্য হিচাপে লৈ বৰ্ণিত হয়। উপন্যাসত এটা বা তাতোধিক ঘটনা বর্ণিত হ’ব পাৰে । ইয়াৰ কাহিনী প্ৰায়ে কাল্পনিক হয় যদিও ইয়াৰ বাস্তৱতাও থাকে। যিবোৰ উপন্যাসত এটাতকৈ অধিক ঘটনা বর্ণিত হয় আৰু এটাৰ লগত আনটোৰ যুক্তিসংগত মিল নাথাকে সেইবোৰ উপন্যাসক যৌগিক কাহিনীৰ উপন্যাস (Novel of Compound Plot) বুলি কোৱ হয়। আনহাতে যিবোৰ উপন্যাসত মাত্ৰ এটা কাহিনী বা বিষয় থাকে সেইবোৰ উপন্যাসক সৰল কাহিনীৰ উপন্যাস (Novel of Single Plot) বুলি কোৱা হয়।

আকৌ কাহিনী উপস্থাপনৰ দিশৰ পৰা উপন্যাসক দুটা ভাগত ভাগ কৰিব পাৰি, যেনেঃ শিথিলবন্ধী উপন্যাস আৰু কঠোৰ বন্ধী উপন্যাস। যিবোৰ উপন্যাসত কিছুমান বিক্ষিপ্ত ঘটনা অসংলগ্নভাৱে সংলগ্ন কৰা হয় সেইবোৰ উপন্যাস – শিথিলবন্ধী উপন্যাস (Novel of Loose Plot) বুলি কেরা হয়। অসমীয়া ভাষাত ৰজনীকান্ত বৰদলৈৰ উপন্যাস যেনে মনোমতী, ৰঙিলী, ৰহদৈ লিগীৰি আদি এনে শিথিল ‘বন্ধী উপন্যাস। আনহাতে যিবোৰ উপন্যাসত কাহিনীবোৰ এটাৰ লগত আনটো অংগাঙ্গীভাৱে জড়িত বা মিল থাকে সেইবোৰ উপন্যাসক কঠোৰবন্ধী উপন্যাস (Novel of Organic Plot) বুলি কোৱা হয়।

চৰিত্ৰ (Character) : উপন্যাস এটিৰ ঘটনা বা কাহিনীৰ লগত জড়িত ব্যক্তিক উপন্যাসৰ চৰিত্ৰ’ বুলি কোৱা হয়। উপন্যাসৰ পৰিসৰৰ কোনো ধৰা বন্ধা সীমা নাই বাবে উপন্যাসত বহুত চৰিত্ৰৰ সমাবেশ ঘটিব পাৰে। উপন্যাসৰ চৰিত্ৰবোৰৰ বৈশিষ্ট্য আৰু সিহঁতৰ অস্তিত্ব অনুযায়ী দুই শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে – স্থিৰ চৰিত্ৰ (Stable Character) আৰু পৰিবৰ্তনশীল চৰিত্ৰ (Chang- ing Character। উপন্যাসৰ যিবোৰ চৰিত্ৰ সিহঁতৰ ভূমিকা, আচৰণ আৰু দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা শেষলৈ একেই থাকে তেনে চৰিত্ৰক ‘স্থিৰ চৰিত্ৰ’ বুলি কোৱা হয়। আনহাতে যিবোৰ চৰিত্ৰ উপন্যাসখনৰ আদিৰ পৰা শেষলৈ পৰিস্থিতি সাপেক্ষে সিহঁতৰ আচৰণ, দৃষ্টিভংগী, ভূমিকা আদিৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল হৈ থাকে তেনে চৰিত্ৰক ‘পৰিৱৰ্তনশীল চৰিত্ৰ’ বুলি কোৱা হয় ৷

আকৌ চৰিত্ৰাংকন অনুসৰি উপন্যাসৰ চৰিত্ৰবোৰক দুটা ভাগত ভাগ কৰিব পাৰি : আৰ্হিমূলক চৰিত্ৰ (Type Character) আৰু স্বতন্ত্র বা মুক্তক চৰিত্ৰ (Indi- vidual Character)। যিবোৰ চৰিত্ৰই কেনো এক মানৱ গোষ্ঠী বা শ্রেণী বা অঞ্চলক প্রতিনিধিত্ব কৰে সেইবোৰ চৰিত্ৰক আৰ্হিমূলক চৰিত্ৰ বোলে। আনহাতে যিবোৰ চৰিত্ৰৰ নিজস্ব কিছুমান আচৰণ, স্বভাৱ, অভ্যাস বা তেনে কোনো গুণ থাকে যি গুণবোৰে তেওঁক অন্যান্য চৰিত্ৰবোৰৰ পৰা বা তেওঁৰ গোষ্ঠী বা শ্ৰেণীৰ পৰা পৃথকতা দান কৰে তেনে চৰিত্ৰক স্বতন্ত্র বা মুক্তক চৰিত্ৰ বোলে ।

উপন্যাসত গ্ৰহণ কৰা ভূমিকা অনুসৰি চৰিত্ৰবোৰক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি, যেনে – প্রধান চৰিত্ৰ আৰু গৌণ চৰিত্ৰ। উপন্যাসৰ যিবোৰ চৰিত্ৰই উপন্যাসখনৰ আদিৰ পৰা শেষলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি থাকে আৰু উপন্যাসখনৰ কাহিনীভাগৰ বিকাশ ঘটাই পৰিণতিৰ পিনে আগুৱাই নিয়ে সেইবোৰ চৰিত্ৰক প্ৰধান বা মুখ্য চৰিত্ৰ (Principal Character) বুলি কোৱা হয় ৷

আনহাতে যিবোৰ চৰিত্ৰ মূল কাহিনীৰ লগত কোনো সম্পর্ক নাৰাখে বা বিক্ষিপ্ত ভাৱে মুখ্য চৰিত্ৰৰ তলতীয়া হিচাপে সামান্য ভূমিকা গ্ৰহণ কৰে সেইবোৰ চৰিত্ৰক গৌণ চৰিত্ৰ (Minor Character) বুলি কোৱা হয়। মূখ্য চৰিত্ৰবোৰৰ ভিতৰত যি চৰিত্ৰই কাহিনীখনত মুখ্য স্থান পায় বা যাক কেন্দ্ৰ কৰি অন্যান্য চৰিত্ৰবোৰে নিজৰ নিজৰ ভূমিকা গ্ৰহণ কৰি থাকে সেই চৰিত্ৰটোক উপন্যাসখনৰ নায়ক বা নায়িকা (Hero or Heroine) বুলি কোৱা হয়। আনহাতে বিজ্ঞন প্রধান চরিত্রই উপন্যাসখনৰ আদিৰ পৰা অন্তলৈ নাৱকজনৰ বিৰুদ্ধে ভূমিকা গ্ৰহণ কৰি নায়ক বা নয়িকাজনৰ লক্ষ্যস্থানত উপনীত হোৱাত নানান প্রতিবন্ধকতাৰ সৃষ্টি কৰি ঘটনা এটিক বলে করে বা আগবঢ়াই লৈ যায় সেই চৰিত্ৰক খলনায়ক (Antagonist) বোলে।

পৰিবেশ (Atmosphere): উপন্যাসৰ আন এক উপাদান হৈছে পৰিবেশ সৃষ্টি। পরিবেশ হৈছে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক বা মানৱ সৃষ্ট অৱস্থা পৰিবেশে ঘটনা এটিৰ নায়ক, নায়িকা বা ব্যক্তি এজনৰ দেহ ভঙ্গী, পোছাক পৰিষদ আদিকো সামৰি লয়। উপন্যাসিক এজনে বৰ্ণনা কৰিবলৈ লোৱা ঘটনা এটা কি পৰিবেশত সংঘটিত হৈছে তাৰ বৰ্ণনা উপন্যাসটিত থাকিব লাগে। পরিবেশ অংকনে উপন্যাস এটিক বাস্তবধর্মীতা, বিশ্বাসযোগ্যতা আৰু সজীবতা দান করে।

সংলাপ (Dialogue): অন্যান্য উপাদানৰ দৰে সংলাপো উপন্যাসৰৰ এক আবশ্যকীয় উপাদান। সংলাপ বুলিলে দুই বা তাতোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। কিন্তু সংলাপ সংক্ষিপ্ত আৰু যথাযথ হোৱা উচিত। লিখকে সংলাপসমূহ তেওঁৰ কাহিনীৰ চৰিত্ৰৰ ভূমিকা, সামাজিক মর্যদা, পেশা আদিৰ লগত খাব খোৱাকৈ ৰচনা কৰিব লাগে। তাৰোপৰি সংলাপ সমূহ এনে হ’ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ, স্বভাৱ আদি প্ৰকাশ পোৱাৰ উপৰিও কাহিনীভাগ আগবঢ়াই নিয়াত সহায়ক হয়।

লিখকৰ জীৱন দৰ্শন (Philosophy of Life): জীৱন দৰ্শন বুলিলে মানৱ জীৱন, মানৱ আচৰণ বা মানৱ কাৰ্যৰ ওপৰত এক মতামত বা ধাৰণা প্রতিফলন হোৱাক বুজায়। উপন্যাসত লিখকৰ জীৱন দৰ্শন কেতিয়াবা প্রত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাবে প্রকাশ পায়। অৱশ্যে লিখকৰ জীৱন দৰ্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্ৰকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীৱন দৰ্শনটো উহ্যও ৰাখিব পাৰে।

বিষয়-বস্তু আৰু পটভূমি অনুসৰি উপন্যাসক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি, যথা : সামাজিক উপন্যাস, ৰাজনৈতিক উপন্যাস, মনস্তাত্ত্বিক উপন্যাস, আঞ্চলিক উপন্যাস, অপৰাধমূলক উপন্যাস, বিজ্ঞান ভিত্তিক উপন্যাস, প্রতীকধর্মী উপন্যাস, ৰূপকধর্মী উপন্যাস, আত্মজীৱনীমূলক উপন্যাস ইত্যাদি।

২। ঐতিহাসিক উপন্যাসৰ ওপৰত এটি টোকা লিখা।

উত্তৰ : উপন্যাসৰ বিভিন্ন বিভাগবোৰৰ ভিতৰত ঐতিহাসিক উপন্যাস এটি উল্লেখযোগ্য বিভাগ। ঐতিহাসিক উপন্যাসত উপন্যাসৰ সাধাৰণ উপাদানসমূহ থকাৰ উপৰিও এনে উপন্যাসৰ কাহিনীভাগ ইতিহাসৰ পৰা লোৱা হয়। অৱশ্যে ঐতিহাসিক উপন্যাস মানে ইতিহাস নহয়। ঐতিহাসিক সত্য বা তথ্য প্ৰকাশ কৰা ঐতিহাসিক উপন্যাসৰ মূল উদ্দেশ্য হ’ব নোৱাৰে। কাৰণ বুৰঞ্জীত মানুহৰ ৰাজনৈতিক দিশটোৰ কথাহে পোৱা যায়, পাৰিবাৰিক বা ঘৰৱা জীৱনৰ আভাষ বুৰঞ্জীত পোৱা নাযায়। ঐতিহাসিক উপন্যাসত যিটো যুগৰ কাহিনী লোৱা হয় সেই যুগৰ সামাজিক আৰু পাৰিবাৰিক জীৱনত আলোকপাত কৰাটো ঔপন্যাসিকৰ প্ৰধান কৰ্তব্য। এনে উপন্যাসত ঘটনা এটি সংঘটিত হোৱা সময়ছোৱাৰ সামাজিক পৰিবেশ, সাজ-সজ্জা, ৰীতি-নীতি, আচাৰ-আচৰণ, কথা-বতৰা আদি ফুটাই তোলাৰ চেষ্টা কৰা হয়। অৱশ্যে অতীতৰ কোনো এটা যুগক একপক্ষীয়ভাৱে হুবহু অনুকৰণ কৰিব নোৱাৰি। সেয়া হ’লেও ঐতিহাসিক উপন্যাস এটি পঢ়াৰ সময়ত যাতে পাঠকে ঘটনা এটিৰ সময়-কালৰ লগত পৰিচয় হ’ব পাৰে তাৰ চেষ্টা কৰিব লাগে।

ইংৰাজ উপন্যাসিক চাৰ ৱাল্টাৰ স্কটক ঐতিহাসিক উপন্যাসৰ বাটকটীয়া বুলি কোৱা হয়। তেওঁ কেইবাখনো সফল ঐতিহাসিক উপন্যাস ৰচনা কৰি এই শ্ৰেণীৰ উপন্যাস সাহিত্যক পৰিপূৰ্ণতা দি থৈ গৈছে। অসমীয়া ভাষাত পোন প্রথমতে ঐতিহাসিক উপন্যাস ৰচনাত হাত দিয়ে ৰজনীকান্ত বৰদলৈদেৱে। তেওঁৰ একমাত্ৰ ‘মিৰি জীয়ৰী’ উপন্যাসখনৰ বাহিৰে বাকী আটাইবোৰে উপন্যাসেই ঐতিহাসিক উপন্যাস। অসমীয়া উপন্যাস সাহিত্য জগতত সেয়ে ৰজনীকান্ত বৰদলৈক ‘অসমৰ স্কট’ বুলি কোৱা হয়।

৩। সামাজিক উপন্যাসৰ ওপৰত এটি টোকা লিখা ।

উত্তৰ : উপন্যাসৰ বিভিন্ন বিভাগবোৰৰ ভিতৰত উল্লেখযোগ্য এটি বিভাগ হৈছে সামাজিক উপন্যাস। সামাজিক উপন্যাসৰ পটভূমি হৈছে এখন সামজ। এনে উপন্যাসত সমসাময়িক সমাজত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ চিত্ৰ দাঙি ধৰা হয় । এনে উপন্যাসত বিশেষকৈ প্ৰেমৰ চিত্ৰ, অর্থনৈতিক চিত্ৰ, পৰিয়াল বা ব্যক্তি বিশেষৰ মাজত আদৰ্শৰ দ্বন্দ্ব আদি দেখুৱা হয়। বৰ্তমান কালৰ সৰহভাগ উপন্যাসেই সামাজিক উপন্যাস। অসমীয়া ভাষাত বহুতো উৎকৃষ্ট সামাজিক উপন্যাস, আছে। তাৰ ভিতৰত হিতেশ ডেকাৰ ‘এয়েতো জীৱন’ বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’ ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ আদি শ্ৰেষ্ঠ অসমীয়া সামাজিক উপন্যাসৰ উদাহৰণ।

৪। উপন্যাস আৰু চুটি গল্পৰ মাজত পাৰ্থক্য নির্ণয় কৰা ।

উত্তৰ : চুটি গল্প আৰু উপন্যাস দুয়ো সাহিত্যৰ দুটি জনপ্রিয় শাখা। দুয়ো বিধ সাহিত্যৰ গঠনকাৰী উপাদান একেই তথাপি পৰিসৰ আৰু বিষয়বস্তু উপস্থাপনৰ দিশৰ পৰা দুয়োৰে মাজত পাৰ্থক্য আছে, যেনে —

প্ৰথমতে, চুটিগল্পৰ পৰিসৰ স্বল্প। চুটি গল্পত এটা মাত্ৰ কাহিনী বা জীৱনৰ এটা মত্ৰ দিশহে প্ৰতিফলিত হয়। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল। ইয়াত এটাতকৈ অধিক কাহিনী বা বহুত উপ কাহিনী থাকিব পাৰে ।

দ্বিতীয়তে, চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াত অধিক চৰিত্ৰৰ সমাবেশ ঘটিব নোৱাৰে। চুটি গল্পত এটা বা দুটাহে মুখ্য চৰিত্ৰ থাকিব পাৰে। সেয়ে চুটি গল্পত পৰিপূৰ্ণ চৰিত্রাঙ্কন সম্ভৱ নহয়। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল হোৱা বাবে ইয়াত উপন্যাসিকে বহুত চৰিত্ৰৰ সমাবেশ ঘটাব পাৰে আৰু নিজৰ ইচ্ছানুযায়ী চৰিত্ৰাংকন কৰিব পাৰে।

তৃতীয়তে, চুটি গল্পকাৰ এজনে চুটি গল্পৰ স্বল্প পৰিসৰৰ ভিতৰত তেওঁৰ কাহিনীটো উপস্থাপন কৰিব লগা হোৱা বাবে বহুত নীতি- নিয়ম মানি চলিব লাগে। মিতব্যয়ীতা চুটিগল্পৰ এক প্ৰধান গুণ । চুটি গল্পত এই গুণটো বজাই ৰাখিব লাগে। আনহাতে উপন্যাস হৈছে সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত আটাইতকৈ বেছি শিথিল বা ঢিলা। উপন্যাসিক এজনে কাহিনী বিস্তাৰ বা চৰিত্ৰাংকনত অধিক স্বাধীনতা ভোগ কৰে ।

চতুর্থতে, উপন্যাসত এক সুবিন্যস্ত আৰু সুপৰিকল্পিত কাহিনীৰ আৱশ্যক। কিন্তু চুটি গল্পত কাহিনী থাকে যদিও কাহিনী চুটি গল্পৰ আৱশ্যকীয় উপাদান নহ’বও পাৰে ।

১৮। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া :

(ক) জোনাকী কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল ?

উত্তৰ : ১৮৮৯ চনত ।

(খ) ভানুমতী উপন্যাসৰ ৰচক কোন ?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা ।

(গ) অসমীয়া চুটি গল্পৰ জনক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

(ঘ) ‘বাজীকৰ’ গল্প পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰ : শৰৎচন্দ্ৰ গোস্বামী।

(ঙ) ‘লাহৰী’ উপন্যাসখনৰ ৰচক কোন ?

উত্তৰ ঃ পদ্মনাথ গোহাঞি বৰুৱাৰ ।

(চ) হোমেন বৰগোহাঞিয়ে ৰচনা কৰা এখন গল্প পুথিৰ নাম লিখা ।

উত্তৰ : বিভিন্ন কোৰাচ ।

(ছ) ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা ।

(জ) ‘ব্যৰ্থতাৰ দান’ কাৰ ৰচনা ?

উত্তৰ : লক্ষ্মীধৰ শৰ্মাৰ।

(ঝ) অ. ভা. উ. সা. সভা কিমান চনত স্থাপিত হৈছিল ?

উত্তৰ: ১৯৮৮ চনত।

(ঞ) ‘পদুম কুঁৱৰী’ৰ ৰচক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

(ট) ‘সাতসৰী’ গল্প পুথিৰ লেখক কোন ?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।

(ঠ) ‘অপূর্ণ’ কোন শ্ৰেণীৰ ৰচনা ?

উত্তৰ : দৈৱচন্দ্ৰ তালুকদাৰৰ এখন ৰাজনৈতিক উপন্যাস।

(ড) ‘মনোমতী’ কাৰ ৰচনা ?

উত্তৰ : ৰজনীকান্ত বৰদলৈৰ ।

(ঢ) ‘জোনাকী’ কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম কি ?

উত্তৰ ঃ বনকুৱঁৰী।

(ণ) ‘ইন্দ্ৰমালতী’ কথাছবিৰ নিৰ্মাতা কোন ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা ।

(ত) ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : মাণিক চন্দ্ৰ নেওগ ।

(থ) ‘সাধনা’ গ্ৰন্থৰ ৰচক কোন ?

উত্তৰ : দণ্ডিনাথ কলিতা।

(দ) ‘আৱাহন’ কাকত প্ৰথম প্ৰকাশ কিমান চনত হৈছিল ?

উত্তৰ: ১৯২৯ চনত।

(ধ) ৰহদৈ লিগিৰী উপন্যাসৰ ৰচক কোন ?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

(ণ) বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি ?

উত্তৰ : পদুম কুঁৱৰী ৷ 000

Type By Suman Bora