Class 12 ADAVANCE ASSAMESE Chapter 16 Short Question Answer | Chapter 16 অসমীয়া সাহিত্য়ৰ বুৰঞ্জী উপন্য়াস Short Answer

১। অসমীয়া উপন্যাস সাহিত্য সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা ।

উত্তৰ : অসমীয়া উপন্যাস সাহিত্য ৰচনাৰ পৰম্পৰা ঊনবিংশ শতাব্দীৰ অন্তিম দহক কেইটাত পাশ্চাত্য আৰু কিছু পৰিমাণে বঙালী উপন্যাস সাহিত্যৰ অনুকৰণ আৰু প্ৰভাৱৰ ফলত শুভাৰম্ভ হয়। প্ৰথমতে কিছুমান লিখকে ইংৰাজী আৰু বঙালী উপন্যাস কেইখনমান অনুবাদ ৰূপত অসমীয়া ভাষাত প্ৰকাশ কৰে। তাৰ ভিতৰত ‘যাত্ৰিকৰ যাত্ৰা, ‘ফুলমনি আৰু কৰুণা’, ‘এলোকেশী বেশ্যাৰ বিষয়’, ‘কামিনীকান্ত ’ আদি উল্লেখযোগ্য। অসমীয়া মৌলিক – উপন্যাস সাহিত্যৰ সগৌৰৱ উদ্বোধন হয় পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’ উপন্যাসৰ জৰিয়তে। এই উপন্যাসখন • অসমীয়া সমাজ জীৱনৰ ওপৰত আলোকপাত কৰি ৰচনা কৰা হৈছিল। ইয়াৰ পিছত তেওঁৰ দ্বিতীয়খন উপন্যাস ‘লাহৰী’ প্রকাশ পায়।

পদ্মনাথ গোহাঞি বৰুৱাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস ‘পদুম কুঁৱৰী’ প্রকাশ পায় । এইখন ঐতিহাসিক দন্দোৱাদ্ৰোহৰ পটভূমিত ৰচিত। এই উপন্যাসখনত অস্বাভাৱিক ঘটনা, চাঞ্চল্যকৰ পৰিস্থিতি আৰু অপ্রয়োজনীয় বর্ণনা দেখা যায় বাবে ইয়াক পৰিপূর্ণ উপন্যাস বুলিব নোৱাৰি যদিও অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা সৃষ্টিত এইখন উপন্যাসৰো অৱদান আছে।

পদ্মনাথ গোহাঞি বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত আৰম্ভ হোৱা অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰাত পূর্ণতা আনে ৰজনীকান্ত বৰদলৈদেৱে। মিৰি জাতীয় জীৱনৰ পটভূমিত ৰচনা কৰা ‘মিৰি জীয়ৰী’ নামৰ উপন্যাসখন তেওঁৰ প্ৰথম উপন্যাস। এইখন ১৮৯৪ চনত প্রকাশিত হয়। ইয়াৰ পিছত তেওঁ ইংৰাজ উপন্যাসিক চাৰ ৱাল্টাৰ স্কট অনুকৰণত ঐতিহাসিক উপন্যাস সাহিত্য ৰচনাত হাত দিয়ে। তেওঁ তেওঁৰ উপন্যাসসমূহত বৈচিত্র্যময় ঘটনাৰ সমাবেশ কৰাৰ উপৰিও ইংৰাজ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমৰ ৰীতি-নীতি, ধৰ্ম সংস্কাৰ, আচাৰ-অনুষ্ঠান আদিৰ চিত্ৰাংকন কৰিছে।

বৰদলৈদেৱে অসমীয়া উপন্যাস সাহিত্যক এক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰাৰ পিছে পিছে অসমীয়া ভাষাত উপন্যাস সাহিত্য ৰচনাৰ ঢল বোৱা আৰম্ভ হয়। বৰদলৈদেৱৰ পিছত -দণ্ডিনাথ কলিতাৰ নাম লব পাৰি। তেওঁৰ ‘ফুল’আৰু ‘সাধনা’ নামৰ উপন্যাস দুটি সার্থক অসমীয়া উপন্যাস। দণ্ডিনাথ কলিতাৰ লগতে আন এজন উপন্যাসিক হ’ল দৈৱচন্দ্ৰ তালুকদাৰ। তেওঁ ‘ধুঁৱলী-কুঁৱলী’, ‘ অপূর্ণ’, ‘আগ্নেয়গিৰি’, ‘বিদ্রোহ’ আদি উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা শক্তিশালী কৰে। তেওঁৰ উপন্যাসমূহ সমস্যাবহুল আৰু অতিপাত বৰ্ণনাত্মক।

ওপৰত উল্লেখিত উপন্যাসিকসকলৰ লগতে হিতেশ্বৰ বৰবৰুৱা, শৰৎচন্দ্ৰ গোস্বামী, শান্তিৰাম দাস, স্নেহলতা, হৰিনাৰায়ণ দত্ত বৰুৱা, দীননাথ শৰ্মা, কমলেশ্বৰ চলিহা আদি ভালেমান লিখকে উপন্যাস ৰচনা কৰে। এইসকল উপন্যাসিকৰ সৰহভাগ উপন্যাসেই সামাজিক উপন্যাস। দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা অসমীয়া উপন্যাস সাহিত্যৰ ধাৰা সলনি হয়। এই সময়ৰ পৰা অসমীয়া উপন্যাসিকসকলে প্ৰকৃত অৰ্থত সফল সামাজিক উপন্যাস ৰচনা কৰিবলৈ সমৰ্থ হয়। এই যুগত আত্ম প্ৰকাশ কৰা উপন্যাসিকসকলৰ ভিতৰত বিৰিঞ্চি কুমাৰ বৰুৱা, হিতেশ ডেকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কৈলাশ শৰ্মা, চন্দ্ৰ প্ৰসাদ শ‍ইকীয়া, পদ্ম বৰকটকী, প্রফুল্ল দত্ত গোস্বামী, ভবেন্দ্ৰ নাথ শ‍ইকীয়া, লক্ষ্মীনন্দন বৰা, মামনি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞি, চৈয়দ আব্দুল মালিক আদিৰ নাম উল্লেখযোগ্য। এই সকল উপন্যাসিকে অসমীয়া উপন্যাস সাহিত্যক প্ৰকৃতাৰ্থত পৰিপূৰ্ণতা দান কৰাৰ উপৰিও অসমীয়া উপন্যাস সাতিহ্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰে। বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’ এটি বিখ্যাত সামাজিক উপন্যাস। তেনেদৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখন এক লেখত লবলগীয়া বিখ্যাত উপন্যাস। এইখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত। তেনেদৰে হিতেশ ডেকাৰ ‘আজিৰ মানুহ, ‘এয়েতো জীৱন’ উল্লেখযোগ্য সামাজিক উপন্যাস।

এইসকল উপন্যাসিকৰ বলিষ্ঠ পৰম্পৰা অটুট ৰাখি বৰ্তমানলৈ অসমীয়া ভাষাত উভৈনদী উপন্যাস ৰচিত হৈ আছে। বৰদলৈৰ অৱদান আলোচনা কৰা

২। অসমীয়া উপন্যাস সাহিত্য জগতলৈ ৰজনীকান্ত বৰদলৈৰ অৱদান আলোচনা কৰা ।

উত্তৰ ঃ পদ্মনাথ গোহাঞি বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত আৰম্ভ হোৱা অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰাত পূৰ্ণতা আনে ৰজনীকান্ত বৰদলৈদেৱে। মিৰি জাতীয় জীৱনৰ পটভূমিত ৰচনা কৰা ‘মিৰি জীয়ৰী’নামৰ উপন্যাসখন তেওঁৰ প্ৰথম উপন্যাস। এইখন ১৮৯৪ চনত প্ৰকাশিত হয় । এইখন উপন্যাসত তেওঁ মিৰি ডেকা জঙ্কি আৰু মিৰি জীয়ৰী পানৈৰ কৰুণ প্ৰেম কাহিনী মর্মস্পর্শী ৰূপত দাঙি ধৰিছে। ইয়াৰ পিছত তেওঁ ইংৰাজ উপন্যাসিক চাৰ ৱাল্টাৰ স্কট অনুকৰণত আৰু অনুপ্ৰেৰণাত ঐতিহাসিক উপন্যাস সাহিত্য ৰচনাত হাত দিয়ে। তেওঁ ৰচনা কৰা উপন্যাসসমূহ হৈছেঃ মনোমতী, ৰঙ্গিলী, নির্মল ভকত, ৰহদৈ লিগীৰি, তাম্ৰেশ্বৰী মন্দিৰ, দন্দোৱাদ্ৰোহ, ৰাধা ৰুক্মিণীৰ ৰণ আদি। তেওঁ উপন্যাসসমূহত বৈচিত্র্যময় ঘটনাৰ সমাবেশ কৰাৰ উপৰিও ইংৰাজ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমীয়া ৰীতি-নীতি, ধৰ্ম সংস্কাৰ, আচাৰ-অনুষ্ঠান আদিৰ চিত্ৰাংকন কৰিছে। বিশেষ উল্লেখ্য যে বৰদলৈদেৱৰ একমাত্ৰ মিৰি জীয়ৰী খনৰ বাহিৰে বাকী আটাইবোৰ উপন্যাসেই ঐতিহাসিক উপন্যাস।

তেওঁৰ উপন্যাসবোৰত অসমৰ অতীত মূৰ্তমান হৈ উঠাৰ লগতে অসমৰ প্ৰকৃতি জগতখনো প্ৰকট হৈ উঠিছে। অসমৰ বিভিন্ন নদ-নদী, পাহাৰ টিলাৰে পৰিবেষ্ঠিত প্রাকৃতিক সৌন্দৰ্যৰ চিত্ৰ তেওঁৰ উপন্যাসসমূহত প্ৰাণৱন্ত ৰূপত জিলিকি উঠিছে।

বৰদলৈদেৱৰ উপন্যাসসমূহ ঐতিহাসিক উপন্যাস যদিও সেইবোৰ ইতিহাস নহয়। ইতিহাসৰ ঘটনা এটিক আধাৰ বা আলম হিচাপে লৈ অতীত অসমৰ, বিশেষকৈ মানৰ আক্ৰমণৰ আগৰ সময়ছোৱাৰ অসমীয়া সামাজিক আৰু ৰাজনৈতিক জীৱনৰ এক আভাস দিবলৈ চেষ্টা কৰি সফল হৈছে। তেওঁৰ ‘মনোমতী’ উপন্যাসখন এটি জনপ্রিয় ঐতিহাসিক উপন্যাস । এইখন উপন্যাসত বৰপেটা জিলাৰ (বৰ্তমানৰ ) হাউলী অঞ্চলৰ চণ্ডীবৰুৱা নামৰ বৰুৱা এজনৰ সময়কালৰ ছবি অংকন কৰিছে।

ৰজনীকান্ত বৰদলৈয়ে অসমীয়া উপন্যাস সাহিত্যক বিষয়-বস্তুৰ উপস্থাপন আৰু আঙ্গিকৰ দিশত এক বিশেষ গতি প্ৰদান কৰি অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা নিকপকপীয়াকৈ প্ৰতিষ্ঠা কৰে বাবে তেওঁক অসমীয়া সাহিত্য জগতত ‘উপন্যাস সম্রাট’উপাধিৰে বিভূষিত কৰা হৈছে। ইয়াৰ উপৰিও এইজন উপন্যাসিকে ইংৰাজ উপন্যাসিক চাৰ ৱাল্টাৰ স্কটৰ দৰে ঐতিহাসিক উপন্যাস ৰচনা কৰি অসমীয়া ঐতিহাসিক উপন্যাস ৰচনাৰ পৰম্পৰা শক্তিশালী কৰে বাবে তেওঁক ‘অসমৰ স্কট’ বুলি শ্ৰদ্ধা জনোৱা হয় ।

৩। অসমীয়া উপন্যাস সাহিত্য জগতলৈ বিৰিঞ্চি কুমাৰ বৰুৱাৰ অৱদান আলোচনা কৰা ।

উত্তৰ ঃ বিৰিঞ্চি কুমাৰ বৰুৱা অসমীয়া সাহিত্য জগতত এক বহুমূখী প্রতিভাধাৰী ব্যক্তিত্ব । তেওঁ একেধাৰে লোকসংস্কৃতিৰ গৱেষক, প্ৰৱন্ধকাৰ, চুটি গল্প ৰচিয়তা আৰু সফল ঔপন্যাসিক। তেওঁ অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাললৈ দুখন অনুপম উপন্যাস দান কৰি থৈ গৈছে। ইয়াৰে প্ৰথমটো হৈছে জীৱনৰ বাটত’। ‘বীণা বৰুৱা ছদ্ম নামেৰে লিখা এই উন্যাসখনত তেওঁ অসমীয়া গ্ৰাম্য জীৱনৰ সৰলতা, সাধুতা আৰু নিষ্ঠাৰ চিত্ৰ দাঙি ধৰিছে। এইখন উপন্যাসৰ চৰিত্ৰ তগৰ’ কৃষিজীৱি গ্ৰাম্য সমাজৰ প্ৰতিনিধি । উপন্যাসখনৰ নায়ক কমলাকান্ত অসমৰ নগৰীয়া জীৱনৰ ভদ্রলোক শ্ৰেণীৰ প্ৰতিনিধি। উপন্যাসখনত কেনেদৰে উদ্যোগিক সভ্যতাৰ হাতত গ্ৰাম্য সমাজৰ কৃষিজীৱি মানুহে কাৰুণ্য ভূগিছে তাৰ প্ৰতিচ্ছবি লিখকে সফলভাৱে দাঙি ধৰিছে।

বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বিতীয় উপন্যাস ‘সেউজী পাতৰ কাহিনী’ ৰাস্না বৰুৱা ছদ্ম নামত লিখে আৰু এইখন প্রকাশিত হয় ১৯৫৮ চনত। উপন্যাসখনত অসমৰ চাহ বাগিছাৰ এখন সুন্দৰ আলেখ্য দাঙি ধৰিছে। উপন্যাসখনত ইংৰাজসকলৰ প্ৰভাৱত গঢ়ি উঠা আধুনিক উদ্যোগিক সভ্যতাৰ স্থিতি হেৰুৱাৰ কৰুণ কাহিনী ৰূপায়িত হৈছে।

কাহিনী নির্বাচন, উপস্থাপন, চৰিত্ৰাংকন আদি সকলো দিশৰ পৰাই বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস দুখন অনুপম উপন্যাস।

৪। অসমীয়া উপন্যাস সাহিত্য জগতলৈ চৈয়দ আব্দুল মালিকৰ অৱদান আলোচনা কৰা ।

উত্তৰ : অসমীয়া উপন্যাস সাহিত্য জগতত এক আছুতীয়া আসন লাভ কৰিবলৈ সমৰ্থ হোৱা চৈয়দ আব্দুল মালিক বিংশ শতাব্দীৰ পঞ্চম দহকৰ পৰা উপন্যাসিক হিচাপে আত্ম প্ৰকাশ কৰে। তেওঁৰ প্ৰথমখন উপন্যাস হৈচে ‘ল. সা. গু.”। তেওঁ মুঠতে ডেৰ কুৰিমান উপন্যাস ৰচনা কৰে। তাৰ ভিতৰত উল্লেখ যোগ্য কেইখনমান হ’ল ঃ ৰথৰ চকৰি ঘূৰে, ছবিঘৰ, সূৰুযমুখী স্বপ্ন, মাটিৰ চাকি, অঘৰী আত্মাৰ কাহিণী, ওমলা ঘৰৰ ধূলি, চকুলো, সিপাৰে প্ৰাণ সমুদ্র, একাবেঁকা বৃত্ত আদি।

মালিকে তেওঁৰ উপন্যাসৰ জৰিয়তে অসমৰ গাঁৱলীয়া-নগৰীয়া, শিক্ষিত-অশিক্ষিত, সৎ-অসৎ, এন্ধাৰ- পোহৰ আদি বিভিন্ন দিশৰ চিত্ৰ অংকন কৰিছে। কিছুমান উপন্যাসত তেওঁ নৰ-নাৰীৰ মাজৰ সম্পর্কও উদঙাই দেখুৱাইছে।

চৈয়দ আব্দুল মালিকে জীৱন ভিত্তিক ‘ৰূপতীৰ্থৰ যাত্ৰী’ আৰু ‘ধন্য নতনু ভাল’নামৰ দুখন জীৱন ভিত্তিক উপন্যাসো ৰচনা কৰিছে। ইয়াৰ ‘ৰূপতীৰ্থৰ যাত্ৰী’ উপন্যাসখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত ৰচিত। ‘ধন্য নতনু ভাল’ উপন্যাসখন শ্রীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত। দুয়োখন উপন্যাসেই সার্থক জীৱন ভিত্তিক উপন্যাস।

মালিকৰ ভাষা আৰু শৈলী অতি সহজ আৰু সৰল । তেওঁৰ কাহিনী সম্পূৰ্ণ ৰূপেই অসমীয়া চহা গোন্ধেৰে আমোলমোল। তেওঁৰ চৰিত্ৰাংকন কেতিয়াৱা বিশ্লেষণধর্মী আৰু আৰ্হিমূলক ৷

মুঠতে অসমীয়া উপন্যাস সাহিত্য জগতত চৈয়দ আব্দুল মালিকৰ অৱদান যে অনবদ্য তাক সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য।

৫। অসমীয়া উপন্যাস সাহিত্য জগতলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অৱদান আলোচনা কৰা ।

উত্তৰ : অসমীয়া ঔপন্যাসিকসকলৰ ভিতৰত এগৰাকী নমস্য ঔপন্যাসিকৰ নাম হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য। তেওঁ অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাললৈ ভালেমান বলিষ্ঠ উপন্যাস দান দি থৈ গৈছে। তেওঁ বিংশ শতাব্দীৰ চতুৰ্থ দহকত ‘ৰাজপথে ৰিঙিয়ায়’ উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ একেলেথাৰিয়ে ভালেমান উপন্যাস ৰচনা কৰিছে। তেওঁ ৰচনা কৰা প্ৰধান উপন্যাসবোৰৰ ভিতৰত ইয়াৰুইঙ্গম, মৃত্যুঞ্জয়, মুনিচুনি পোহৰ, কাল হুমুনিয়াহ, আই, কবৰ আৰু ফুল, নষ্টচন্দ্র, চিনাকী সুঁতি আদি উল্লেখযোগ্য।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেওঁৰ উপন্যাসৰ জৰিয়তে সমসাময়িক অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সকলোবোৰ দিশেই প্রতিভাত কৰি তুলিছে।

তেওঁৰ ৰাজপথে ৰিঙিয়ায়’ উপন্যাসখনত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে লাভ কৰা স্বাধীনতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ ইয়াৰুইঙ্গম, মৃত্যুঞ্জয়’ আৰু ‘প্ৰতিবাদ’ উপন্যাস তিনিখন ৰাজনৈতিক উপন্যাস। ‘ইয়াৰুইঙ্গম’ উপন্যাসখনৰ পটভূমি হৈছে প্ৰাক-স্বাধীনতা কালৰ নগা পাহাৰৰ ৰাজনৈতিক পৰিস্থিতি। ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ পটভূমি হৈছে ১৯৪২ চনৰ গণ বিল্পৱ ।

তেওঁৰ উপন্যাসসমূহত সমাজবাদী দৃষ্টিভংগী, মানৱতাবোধ, মানৱ প্ৰমূল্য, অৱহেলিত, পতিত দৰিদ্ৰ জনগণৰ প্ৰতি সহানুভূতি আদি ভাৱধাৰা প্ৰকাশ পাইছে। আঙ্গিকৰ দিশৰ পৰা তেওঁৰ উপন্যাসবোৰ সংযমী, ভাষা শৈলী গাম্ভীৰ্যপূৰ্ণ আৰু চৰিত্ৰাংকন উদ্যমী।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল অকল চহকী কৰাই নহয় তেওঁ অসমীয়া উপন্যাস সাহিত্যক গাম্ভীর্যতাও দান কৰি থৈ গৈছে।

৬। অসমীয়া উপন্যাস সাহিত্য জগতলৈ হিতেশ ডেকাৰ অৱদান আলোচনা কৰা ।

উত্তৰঃ অসমীয়া উপন্যাস সাহিত্যলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা বিংশ শতিকাৰ দ্বিতীয়ার্ধত ‘আজিৰ মানুহ উপন্যাসখনৰ জৰিয়তে আত্ম প্রাকশ কৰা এজন জনপ্রিয় উপন্যাসিকৰ নাম হ’ল হিতেশ ডেকা। এইজন উপন্যাসিকে অসমীয়া সহিত্যৰ ভঁৰাললৈ বহু কেইখন সার্থক উপন্যাস দান দি থৈ গৈছে। তাৰ ভিতৰত নতুন পথ, বৈৰী মানুহ, ভাড়া ঘৰ, এয়তো জীৱন, মাটি কাৰ, আচল মানুহ, জীৱন সংঘাত আদি উল্লেখযোগ্য।

হিতেশ ডেকাই অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশৰ গঢ়াখহনীয়া তেওঁৰ উপন্যাসত মূর্তমান কৰি তুলিছে। বিশেষকৈ তেওঁৰ কিছুমান উপন্যাসত পাৰিবাৰিক জীৱনৰ সমস্যা, সংঘাত, কাৰুণ্য, সম্পর্ক ভাঙোন আদি নিখুঁতভাৱে আন্তৰিকতাৰে অংকিত হৈছে। আনহাতে কিছুমান উপন্যাসত দাৰিদ্ৰ পীড়িত লোকৰ ওপৰত নিষ্পেষণৰ চিত্ৰ প্রতিফলিত হৈছে।

সামৰণিত ক’বলৈ গ’লে হিতেশ ডেকাই অসমীয়া উপন্যাস সাহিত্যক এক মৰ্যদাশালী স্থানত উপনীত কৰাত সফল হৈছে।

৭। অসমীয়া উপন্যাস সাহিত্য জগতলৈ পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান আলোচনা কৰা ।

উত্তৰ: অসমীয়া উপন্যাস সাহিত্যৰ বাটকটীয়া হৈছে পদ্মনাথ গোহাঞি বৰুৱা। তেঁৱেই পোন প্ৰথমতে ইংৰাজী আৰু বাংলা উপন্যাসৰ প্ৰেৰণা লৈ অসমীয়া ভাষাত উপন্যাস সাহিত্যৰ সগৌৰৱ উদ্বোধনী কৰে। তেওঁ ‘ভানুমতী’ আৰু ‘লাহৰী’ নামৰ মাত্ৰ দুখন উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা আৰম্ভ কৰে। তেওঁৰ প্ৰথম উপন্যাস ‘ভানুমতী’ সেই সময়ৰ আলোচনী ‘বিজুলী’ৰ পাতত ছোৱাছোৱাকৈ প্ৰাকশ পায় আৰু ই ১৮৯১ চনত পুথি আকাৰে প্ৰকাশ পায় ৷

তেওঁৰ ‘ভানুমতী’ উপন্যাসখন মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত। ইয়াত এটি অসমীয়া পৰিয়ালৰ পাৰিবাৰিক জীৱনৰ শোকাবহ কাহিনী বৰ্ণনা কৰিছে। তেওঁৰ দ্বিতীয়খন উপন্যাস ‘লাহীৰী’খনো ঐতিহাসিক পটভূমিক লৈ ৰচিত যদিও ঐতিহাসিক ঘটনাই তেওঁৰ উপন্যাখনত ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই। সেয়ে তেওঁৰ উপন্যাস দুখনক পৰিপূৰ্ণ ঐতিহাসিক উপন্যাস নুবুলি সামাজিক উপন্যাস বুলি কোৱাই যুগুত। তেওঁৰ দুয়োখন উপন্যাসেই নায়িকা প্রধান ।

আঙ্গিক, চৰিত্ৰাংকন, বৰ্ণনাৰ বৈচিত্ৰ আদি দিশৰ পৰা তেওঁৰ উপন্যাস শক্তিশালী নহয় যদিও অসমীয়া উপন্যাস সাহিত্যৰ বাটকটীয়া হিচাপে তেওঁৰ এক সুকীয়া স্থান আছে।

Type By Suman Bora