Class 12 ECONOMICS Chapter 11 Short Question Answer | Chapter 11 ভাৰতত মানৱ মূলধন Short Answer

ক. অতি চমু প্রশ্নোত্তৰ ঃ

১। মানৱ মূলধন বুলিলে কি বুজা?

উত্তৰ : মানৱ মূলধন বুলিলে এখন দেশৰ মুঠ উৎপাদনক্ষম লোকক বুজায় ৷

২। মানৱ সম্পদ গঠনৰ মূল উৎস কি ?

উত্তৰ ঃ শিক্ষা, প্রশিক্ষণ, সুস্বাস্থ্য, প্রব্রজন, তথ্য বিনিয়োগ আদি মানৱ মূলধন গঠনৰ মূল উৎস।

৩। মানৱ মূলধন গঠন বুলিলে কি বুজা ?

উত্তৰ : দেশৰ মানৱ মূলধনক শিক্ষা আৰু স্বাস্থ্যত বিনিয়োগৰ যোগেদি শাৰীৰিক আৰু মানসিকভাৱে কাৰ্যক্ষম আৰু পাৰদৰ্শী কৰি তোলা প্ৰক্ৰিয়াক মানৱ মূলধন গঠন’ বুলি কোৱা হয় ।

৪। ভাৰতত গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজনৰ মূল কাৰণ কি ?

উত্তৰ ঃ নিবনুৱা ।

৫। ভৌতিক মূলধন কি ?

উত্তৰ : চকুৰে চাব পৰা আৰু হাতেৰে চুব পৰা মূলধনকেই ‘ভৌতিক মূলধন’ বোলে।

৬। মানব মূলধন আৰু ভৌতিক মূলধনৰ মাজত থকা এটা সাদৃশ্য উল্লেখ কৰা ।

উত্তৰ : মানৱ মূলধন আৰু ভৌতিক মূলধন সময়ৰ লগত অৱক্ষয় হয়।

৭। শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্যত জনমূৰি ব্যয় সর্বনিম্ন ?

উত্তৰ : বিহাৰত ।

৮। প্ৰব্ৰজনৰ বাবে হোৱা খৰচ মানৱ মূলধন গঠনৰ উৎস হয় নে ?

উত্তৰঃ হয়।

৯। শিক্ষাৰ ক্ষেত্ৰত কোনখন ৰাজ্যত জনমুৰি ব্যয় সর্বোচ্চ ?

উত্তৰ : লাক্ষাদ্বীপ ।

১০। ১৯৬৪-৬৬ চনত শিক্ষা আয়োগৰ মতে মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হৈছিল ?

উত্তৰ : ৬ শতাংশ।

১১। কোন চনত ১৪ বছৰৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হৈছে?

উত্তৰ: ২০০২ চনত।

১২। অর্থনৈতিক উন্নয়নৰ বাবে শিক্ষিত আৰু অশিক্ষিত লোকৰ ভিতৰত কাৰ অৱদান বেছি?

উত্তৰ : শিক্ষিত লোকৰ ।

১৩। অর্থনৈতিক বৃদ্ধি বুলিলে কি বুজা ?

উত্তৰঃ দেশ এখনৰ প্ৰকৃত জাতীয় আয় বৃদ্ধি হোৱাকে অর্থনৈতিক বৃদ্ধি বোলে।

১৪। শিক্ষা আৰু স্বাস্থ্য খণ্ডক নিয়ন্ত্ৰণ কৰা দুটা চৰকাৰী প্ৰতিষ্ঠানৰ নাম লিখা ।

উত্তৰ : (ক) ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। (খ) সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ ।

১৫। ২০০৪-৫ চনত কেন্দ্ৰীয় বাজেটত সকলো কেন্দ্ৰীয় কৰৰ ওপৰত কিমান শতাংশ শিক্ষা উপ-কৰ নিৰ্ধাৰণ কৰা হৈছে?

উত্তৰ : ২ শতাংশ।

১৬। কোন চনত ভাৰতত জাতীয় শিক্ষা নীতি আৰম্ভ কৰা হয় ?

উত্তৰ : ১৯৮৬ চনত।

১৭। UGC ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ : University Grants Commission.

১৮। NCERT ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ : National Council for Educa tional Research and Training.

১৯। ICRM ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ : Indian Council for Medical Re- search.

২০। AICTE ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ : All India Council for Technical Education.

খ. চমু প্রশ্নোত্তৰ :

১। এখন দেশৰ মানৱ মূলধনৰ দুটা উৎস লিখা ।

উত্তৰ : (ক) স্বাস্থ্য শিক্ষাৰ ওপৰত বিনিয়োগ আৰু

(খ) ৰাষ্ট্ৰীয় কামৰ বাবে খাদ্য আঁচনি ।

২। দেশ এখনৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশকসমূহ কি কি ?

উত্তৰ : এখন দেশৰ শৈক্ষিক নির্দেশকসমূহ হ’ল ঃ (ক) প্রাপ্তবয়স্ক শিক্ষিতৰ হাৰ

(খ) প্রাথমিক শিক্ষা সমাপ্ত কৰাৰ অনুপাত ।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। মানৱ মূলধন’ৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ : মানৱ মূলধনৰ চাৰিটা বৈশিষ্ট্য হ’ল ঃ

(ক) মানৱ মূলধন শৰীৰ আৰু মনৰ ভিতৰত গঠিত হয়,যাক চুই চাব নোৱাৰি।

(খ) মানৱ মূলধন সময়ৰ লগত অৱক্ষয় হয়।

(গ) মানব মূলধন বিভিন্ন দেশৰ লগত সম্পূর্ণ চলমান নহয়।

(ঘ) মানৱ মূলধন বজাৰত বিক্ৰী কৰা নহয় ।

২। ভৌতিক মূলধনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ ঃ ভৌতিক মূলধনৰ চাৰিটা বৈশিষ্ট্য হ’ল :

(ক) ভৌতিক মূলধন চকুৰে মনিব পাৰি ।

(খ) ভৌতিক মূলধন বজাৰত বিক্ৰী কৰিব পাৰি ।

(গ) ভৌতিক মূলধন চলমান।

(ঘ) ভৌতিক মূলধন ইয়াৰ গৰাকীৰ পৰা পৃথক কৰিব পাৰি।

৩। এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষা এক গুৰুত্বপূৰ্ণ সমল হ’ব পাৰে নে? ব্যাখ্যা কৰা।

উত্তৰ : এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ সমল হ’ব পাৰে। কাৰণ –

(ক) শিক্ষাই মানুহৰ কৰ্ম দক্ষতা বৃদ্ধি কৰে।

(খ) শিক্ষাই ব্যক্তিৰ শাৰীৰিক আৰু মানসিক বিকাশ ঘটায়।

(গ) শিক্ষাই ব্যক্তিৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত সহায় কৰে।

(ঘ) শিক্ষাই প্রগতিশীল ভাৱধাৰা গ্ৰহণ কৰাত সহায় কৰে।

(ঙ) শিক্ষাইনাগৰিকক সমাজ সচেতন আৰু কর্ম সচেতন কৰি তোলে।

৪। ‘স্বাস্থ্যবান শ্রম শক্তি এটা জাতিৰ মানৱ মূলধন গঠনৰ উৎস হৈ পৰে’ – ব্যাখ্যা কৰা।

উত্তৰ : স্বাস্থ্যবান শ্রম মানৱ মূলধন গঠনৰ উৎস । কাৰণ স্বাস্থ্য মানুহৰ বাবে পৰম সম্পদ। স্বাস্থ্যবান ব্যক্তি এজনে শিক্ষা-দীক্ষা সকলোতে সমানে আগবাঢ়ি যাব পাৰে। সু স্বাস্থ্যই মানৱ মনৰ ওপৰত সুপ্ৰভাৱ পেলায়। অর্থাৎ সুস্থ্য শৰীৰতহে সুস্থ মন বাস কৰে। আকৌ শৰীৰ সুস্থ হ’লেহে মানুহে কার্য দক্ষতা বৃদ্ধি কৰাৰ, শিক্ষা দীক্ষা লাভ কৰাৰ মানসিকতা পায়। দেখা যায় ৰুগ্ন মানুহৰ কৰ্ম ক্ষমতাও যথেষ্ট কম। সি সদায় পৰৰ অধীন হৈ জীৱন নিৰ্বাহ কৰিব লাগে। সেয়ে স্বাস্থ্যবান ব্যক্তিয়ে দেশ এখনত প্ৰকৃত মানৱ মূলধন গঠন কৰিব পাৰে ।

৫। ভাৰতবৰ্ষত শিক্ষা আহৰণৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য কিয় দেখা যায় ?

উত্তৰ ঃ ভাৰতৰ ৰাজ্যসমূহৰ মাজত শিক্ষাৰ ক্ষেত্ৰত জনমূৰি ব্যয়ৰ যথেষ্ট পার্থক্য দেখা যায়। লাক্ষাদ্বীপত জনমূৰি শিক্ষা ব্যয় সর্বোচ্চ ৩৪৪০ কিন্তু বিহাৰত এই হাৰ ৩৮৬ টকা মাত্ৰ ৷ এই বাবেই ৰাজ্যসমূহৰ মাজত শিক্ষা আহৰণৰ ক্ষেত্ৰত বৈষম্য দেখা যায়।

৭। মানব মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পার্থক্যসমূহ দেখুৱা ।

উত্তৰ : মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজত থকা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল ঃ (ক) মানব মূলধনে শিক্ষা আৰু স্বাস্থ্যক শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধিৰ উপায় হিচাপে বিবেচনা কৰে। আনহাতে মানব উন্নয়নত শিক্ষা আৰু স্বাস্থ্যক মানৱ কল্যাণৰ বাবে অপৰিহাৰ্য বুলি বিবেচনা কৰে। কাৰণ শিক্ষা আৰু সুস্বাস্থ্যই মানুহৰ কৰ্মদক্ষতা বৃদ্ধি কৰে।

(খ) মানৱ মূলধনে মানুহক এটা লক্ষ্যত উপনীত হোৱাৰ উপায় গ্ৰহণত সহায় কৰে। কিন্তু মানব উন্নয়নৰ পৰিপ্ৰেক্ষিতত মানুহৰ লক্ষ্য মানুহ নিজেই। শিক্ষা আৰু স্বাস্থ্যত কৰা বিনিয়োগে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তে মানৱ কল্যাণ সাধন হয়।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ

১। মানৱ মূলধন সৃষ্টিত সম্মুখীন হোৱা সমস্যাবোৰ সমাধানৰ কাৰণে কিছু পৰামৰ্শ আগবঢ়োৱা ।

উত্তৰ : মানৱ মূলধন সৃষ্টিত সম্মুখীন হোৱা সমস্যাসমূহ সামধানৰ কাৰণে তলত দিয়া পাৰামর্শবোৰ আগবঢ়াব পাৰি

(ক) শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন : প্রচলিত শিক্ষা ব্যৱস্থাই নিবনুৱা সৃষ্টি কৰাৰ কাৰণে জগৰীয়া। সেয়ে উচ্চ শিক্ষিতক সিহঁতৰ যোগ্যতা অনুসৰি কৰ্মত নিয়োজিত কৰি বাকী সাধাৰণ শিক্ষিত সকলক কাৰিকৰী আৰু প্ৰযুক্তিগত শিক্ষা প্ৰদান কৰি উৎপাদনমূলক কাৰ্যত নিয়োজিত কৰিব লাগে।

(খ) মাধ্যমিক শিক্ষা বাধ্যতামূলক কৰা : প্রাথমিক শিক্ষাৰ লগে লগে মাধ্যমিক শিক্ষাকো বাধ্যতামূলক কৰিব লাগে। কাৰণ মাধ্যমিক শিক্ষাৰ জৰিয়তে ব্যক্তিৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয় ফলত উৎপাদনশীলতা বৃদ্ধি হ’ব পাৰে।

(গ) কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব : বৰ্তমান শিক্ষা ব্যৱস্থাৰ এক প্ৰধান ত্রুটি হ’ল এই শিক্ষা তত্ত্বমূলকহে। তত্ত্বমূলক শিক্ষাই বাস্তৱ জীৱনত প্রয়োগ কম হয়। সেয়ে স্কুল- কলেজত তাত্বিক শিক্ষা দিয়াৰ লগে লগে কাৰিকৰী শিক্ষা প্ৰদানত গুৰুত্ব দিব লাগে। অধিক কাৰিকৰী স্কুল- কলেজ স্থাপন কৰিব লাগে।

(ঘ) চৰকাৰী হস্তক্ষেপঃ দেখা যায় বহুতো ব্যক্তিগত শিক্ষা প্রতিষ্ঠানত যথেষ্ট পৰমাণে মাছুল নিৰ্ধাৰণ কৰে। ফলত সৰ্বসাধাৰণ লোকে এনে শিক্ষা গ্রহণ কৰাত অপাৰগ হয়। সেয়ে এনে ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজন। চৰকাৰে পাৰ্যমানে কাৰিকৰী শিক্ষা বিনামূলীয়া কৰাৰ লগতে সহজলভ্য কৰিব লাগে ।

(ঙ) যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন : মানৱ মূলধন গঠনৰ বাবে যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন কৰিব লাগে। ইয়াৰ জৰিয়তে শ্ৰমৰ গতিশীলতা আৰু উৎপাদিত সামগ্ৰীৰ সৰবৰাহ বৃদ্ধি পায় ।

২। শিক্ষা আৰু স্বাস্থ্য বিষয়ত বিভিন্ন প্ৰকাৰৰ চৰকাৰী হস্তক্ষেপৰ সপক্ষে যুক্তি আগবঢ়োৱা ।

উত্তৰ : শিক্ষা আৰু স্বাস্থ্য বিষয়ত বিভিন্ন প্ৰকাৰৰ চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ সপক্ষে তলত দিয়া যুক্তিসমূহ আগবঢ়াব পাৰি

(ক) শিক্ষা আৰু স্বাস্থ্য পৰিসেৱাৰ চৰকাৰী হস্তক্ষেপৰ যোগেদি চৰকাৰে দেশৰ শিক্ষা আৰু সুস্বাস্থ্যৰ মৌলিক অধিকাৰসমূহ পূৰণ কৰিব পাৰে।

(খ) চৰকাৰী নিয়ন্ত্ৰণৰ দ্বাৰা শিক্ষা আৰু স্বাস্থ্য পৰিসেৱা চহৰ অঞ্চলত কেন্দ্ৰীভূত নহৈ গাওঁ অঞ্চললৈ প্ৰসাৰিত হ’ব পাৰে।

(গ) শিক্ষা আৰু স্বাস্থ্য বিষয়ত চৰকাৰী হস্তক্ষেপ থাকিলে সম্পদৰ সঠিক ব্যৱহাৰ হ’ব পাৰে। দেশখনত অৰ্থনৈতিক উন্নয়নত সহায়ক হ’ব পৰাকৈ চৰকাৰী হস্তক্ষেপ হোৱা নিশ্চয় বাঞ্চনীয়।

(ঘ) চৰকাৰে শিক্ষা আৰুস্বাস্থ্যৰ বিষয় সহজলব্য কৰিলে ব্যক্তিৰ কৰ্মদক্ষতা বৃদ্ধিপাব। ই দেশৰ কাৰণে কল্যাণকৰ ৷

(ঙ) চৰকাৰী হস্তক্ষেপৰ যোগেদি যেতিয়া সকলো শ্ৰেণীৰ মানুহে শিক্ষা আৰু স্বাস্থ্য পৰিসেৱাৰ সুবিধা ল’ব পাৰিব, তেতিয়া দেশখনত অধিক পৰিমাণে মানৱ মূলধন গঠন হ’ব। ০০০

Type By Suman Bora