Class 12 ECONOMICS Chapter 12 Short Question Answer | Chapter 12 গ্ৰাম্য় উন্নয়ন Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। গ্ৰাম্য উন্নয়নৰ প্ৰধান উৎস কি ?

উত্তৰ : কৃষি।

‘২। ‘সেউজ মর্যাদা’ প্রাপ্ত মার্কেটত কি বিপনন কৰা ।

উত্তৰ : সামুদ্রিক মাছ উৎপাদন কৰা ভাৰতৰ প্ৰধান ৰাজ্যকেইখন হ’ল কেৰেলা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ : জৈৱ খাদ্য।

৩। মাছৰ ৰপ্তানি বিপননৰ ক্ষেত্ৰত কিমান শতাংশ মহিলাই শ্রম প্রদান কৰে ?

উত্তৰ : ৬০ শতাংশই।

৪। সামুদ্রিক মাছ উৎপাদন কৰা ভাৰতৰ প্ৰধান ৰাজ্যকেইখনৰ নাম উল্লেক কৰা।

উত্তাতৰঃ মিলানডু ।

৫। মহাত্মা গান্ধীয়ে প্ৰকৃত প্ৰগতিৰ কথা ক’বলৈ যাওঁতে কোন অঞ্চলৰ উন্নতিৰ কথা বুজাইছে?

উত্তৰ : গাওঁবিলাকৰ উন্নতিৰ কথা বুজাইছে।

৬। ভাৰতত পহুধন খণ্ডই কিমান শ্রমিকক জীৱিকাৰ সুবিধা প্ৰদান কৰে ।

উত্তৰঃ ৭০ নিযুতৰো অধিক উপাত্ত আৰু ক্ষুদ্র কৃষকক।

৭। ১৯৯৭ চনত ভাৰতত কিমান গোধন আছিল ?

উত্তৰ : ৭০ নিযুত ম’হৰ লগতে ২৮৭ নিযুত গোধন আছিল।

৮। ‘প্লাৱনা অভিযান’ কেতিয়া আৰম্ভ কৰা হৈছিল ?

উত্তৰ : ১৯৬৬ চনত ।

৯। মাছমৰীয়া সম্প্রদায়ে জলধাৰসমূহক কি বুলি জ্ঞান কৰে?

উত্তৰ : মাতৃ বা প্ৰদাত্ৰী বুলি ।

১০। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক কোন চনত গঠন কৰা হয় ?

উত্তৰ : ১৯৮২ চনত ।

১১। NABARD ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ: National Bank for Agriculture and Rural Development.

১২। কুদুম্বশ্রী কি?

উত্তৰ : ‘কুদুম্বশ্ৰী’ হৈছে কেৰালাত সামুহিক ভিত্তিত ৰূপায়িত কৰা এখন মহিলামুখী দৰিদ্ৰতা হ্ৰাস কৰণ কাৰ্যসূচী।

১৩। ক্ষুদ্র সঞ্চয় বেংক কোন চনত আৰম্ভ কৰা হৈছিল ?

উত্তৰ: ১৯৯৫ চনত ।

১৪। ভাৰতৰ আভ্যন্তৰীণ উৎসসমূহৰ পৰা মাছৰ উৎপাদন মুঠ মীন উৎপাদনলৈ কিমান শতাংশ বৰঙণি যোগায় ?

উত্তৰ : ৪৯ শতাংশ।

১৫। ভাৰতত বৰ্তমান মুঠ মাছ উৎপাদন সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ?

উত্তৰ: ১.৪ শতাংশ।

১৬। ‘কৃষি কার্যত তামিলনাড়ু মহিলাসকল’ (TANWA) কি ?

উত্তৰ : ‘কৃষি কাৰ্যত তামিলনাড়ু মহিলাসকল’ হৈছে কৃষি কৌশল সম্বন্ধে মহিলাসকলক প্ৰশিক্ষণ দিবলৈ গ্ৰহণ কৰা এক প্রকল্প।

১৭। চৰকাৰী অভিকৰণ আৰু ভোক্তা সমবায়সমূহে নিয়ন্ত্ৰণ কৰা কৃষিজাত উৎপাদনৰ পৰিমাণ কিমান ?

উত্তৰ : ১০ শতাংশ।

১৮। কৃষি বিপনন বুলিলে কি বুজা ?

উত্তৰ : কৃষি বিপনন হৈছে এক প্ৰক্ৰিয়া যি কৃষিজাত সামগ্ৰীৰ একত্ৰীকৰণ, মজুতকৰণ, প্ৰক্ৰিয়াকৰণ, পৰিবহণ, মান অনুযায়ী ক্রমাংকন আৰু বিতৰণ কাৰ্যৰ লগত জড়িত।

১৯। ‘Avian Influenza’ বুলিলে কি বুজা ?

উত্তৰ : ই এবিধ চৰাইৰ বেমাৰ।

খ. চমু প্রশ্নোত্তৰ :

১। গ্ৰাম্য ঋণ প্ৰদান কৰা বিত্তীয় অনুষ্ঠানবোৰৰ নাম উল্লেখ কৰা।

উত্তৰ ঃ গ্ৰাম্য ঋণ প্রদান কৰা বিত্তীয় অনুষ্ঠানবোৰ হ’লঃ

(ক) বাণিজ্যিক বেংক

(খ) সমবায় আৰু কৃষি উন্নয়ন বেংক

(গ) আঞ্চলিক গ্রামীণ বেংক।

২। গ্ৰাম্য উন্নয়নৰ প্ৰধান উপাদানবোৰ কি কি ?

উত্তৰ : গ্রাম্য উন্নয়নৰ প্ৰধান উপাদানবোৰ হ’ল গ্রাম্য ঋণ ব্যৱস্থা, কৃষি বজাৰ ব্যৱস্থা, সমবায়, ভূমি সংস্কাৰ আদি।

৩। গ্রাম্য ঋণ বুলিলে কি বুজা ?

উত্তৰ ঃ কৃষি আৰু আনুসঙ্গিক কার্য-কলাপৰ কাৰণে প্ৰদান কৰা ঋণক ‘গ্রাম্য ঋণ’ বুলি কোৱা হয়। এই ঋণ হ্রস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন হ’ব পাৰে ।

৪। গ্ৰাম্য ঋণৰ অনা-আনুষ্ঠানিক উৎসৰ নাম লিখা ।

উত্তৰ : গ্ৰাম্য ঋণৰ অনা-আনুষ্ঠানিক উৎস হ’ল – মহাজন, মাটিৰ মালিক, ব্যৱসায়ী, আত্মীয় স্বজন আদি।

৫। জৈৱিক কৃষি কাক বোলে ?

উত্তৰ : পৰিবেশতন্ত্ৰৰ সন্তুলক পুনৰ প্ৰতিষ্ঠা কৰা, অব্যাহত ৰখা আৰু ইয়াৰ উত্তৰণ ঘটোৱা কৃষি প্ৰণালীক ‘জৈৱিক কৃষি’ বুলি কোৱা হয় ৷

৬। সমবায় কৃষি বজাৰ বুলিলে কি বুজা ?

উত্তৰ : সমবায় কৃষি বজাৰ বুলিলে কৃষিজাত দ্ৰব্যৰ সমূহীয়া বিক্ৰীৰ ব্যৱস্থাক বুজায় ।

৭। গ্রাম্য ঋণগ্রস্ততা বুলিলে কি বুজা ?

উত্তৰ : গ্ৰাম্য অঞ্চলৰ কিছু ব্যক্তিয়ে কৃষি আৰু আনুসঙ্গিক কাৰ্যৰ কাৰণে লোৱা ঋণ সময়ত পৰিশোধ কৰিব নোৱাৰা বাবে খেতিয়কৰ ঋণৰ বোজা ক্রমে বাঢ়ি গৈ থাকে। এনে অৱস্থাকেই ‘গ্রাম্য ঋণগ্রস্ততা’ বোলে ।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। গ্ৰাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ কি কি ?

উত্তৰ : গ্ৰাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ হ’ল ঃ

(ক) চৰকাৰী নিয়ন্ত্ৰিত বজাৰ স্থাপন কৰা।

(খ) উপযুক্ত জোখ-মাপৰ ব্যৱস্থা কৰা।

(গ) বিত্ত যোগান।

(ঘ) বজাৰৰ ওপৰত গৱেষণাৰ সুবিধা প্ৰদান কৰা ।

(ঙ) ৰাস্তা-ঘাটৰ উন্নয়ন সাধন কৰা।

(চ) ওৱেৰ হাউচিঙৰ সুবিধা প্রদান।

২। জৈৱিক কৃষি পদ্ধতিৰ সুফলসমূহ উল্লেখ কৰা।

উত্তৰ : জৈৱিক কৃষি পদ্ধতিয়ে বর্তমান এক বিশেষ গুৰুত্ব পাইছে। কাৰণ ইয়াৰ যথেষ্ট সুফল আছে। জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰি উৎপাদন কৰা শস্য স্বাস্থ্যসন্মত । এনে কৃষি পদ্ধতিৰ জৰিয়তে উৎপাদন কৰা শস্যত অতিৰিক্ত কোনো ক্ষতিকাৰক ৰাসায়নিক পদার্থ নাথাকে। জৈৱ সাৰ খেতিয়কে নিজ ঘৰতে তৈয়াৰ কৰি ল’ব পাৰে। ফলত সিহঁতৰ মূলধন ৰাহি হয়। আন্তর্জাতিক বজাৰতো জৈৱিক কৃষি শস্যৰ যথেষ্ট চাহিদা আছে। ফলত বাণিজ্যিক দিশৰ পৰা জৈৱিক কৃষি লাভদায়ক। জৈৱিক কৃষিয়ে মাটিৰ উৎপাদনশীলতা হ্রাস নকৰি ইয়াৰ উৎপাদন বৃদ্ধি কৰে । জৈৱিক কৃষিত বেছি পৰিমাণে শ্ৰমদানৰ প্ৰয়োজন হয় ৷ ফলত নিবনুৱা সমাস্যা সমাধানতো অৰিহণা যোগাব পাৰে ।

৩। গ্ৰাম্য উন্নয়ন বুলিলে কি বুজা ? গ্রাম্য উন্নয়নৰ প্রধান বিষয়বোৰ উল্লেখ কৰা।

উত্তৰ : গ্ৰাম্য উন্নয়ন বুলিলে গ্রামীণ অর্থ ব্যৱস্থাৰ সামগ্ৰীক উন্নয়নৰ লগত জড়িত ক্ষেত্ৰসমূহৰ ভিতৰত যিবোৰ পিছ পৰি আছে, সেইবোৰৰ উন্নয়নৰ বাবে প্রয়োজনীয় কাৰ্যসমূহলৈ দৃষ্টি নিক্ষেপ কৰাক বুজায় ।

গ্ৰাম্য উন্নয়নৰ প্ৰধান বিষয়সমূহ হ’ল ঃ

(ক) সাক্ষৰতা।

(খ) অনামায় ব্যৱস্থা ।

(গ) জনস্বাস্থ্য।

(ঘ) ভূমিসংস্কাৰ ।

(ঙ) উৎপাদনক্ষম সম্পদসমূহৰ উন্নয়ন ।

(চ) আন্তঃগাঁথনিৰ উন্নয়ন ।

(ছ) দৰিদ্ৰতা দূৰীকৰণ ৷

৪। গ্রামীণ ভাৰত বৰ্ষৰ উন্নয়নৰ বাবে নতুন উদ্যোগৰ আৱশ্যকতা থকা প্ৰত্যাহ্বানযুক্ত ক্ষেত্রসমূহ কি কি ?

উত্তৰ : গ্রামীণ ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে নতুন উদ্যোগৰ আবশ্যকতা থকা প্ৰত্যাহ্বানযুক্ত ক্ষেত্রসমূহ হ’ল:

(ক) মানৱ সম্পদসমূহৰ উন্নয়ন।

(খ) পুৰুষ-মহিলাৰ সমান সাক্ষতা।

(গ) অনাময় ব্যবস্থা।

(ঘ) ভূমি সংস্কাৰ।

(ঙ) উৎপাদনমুখী নিয়োগৰ সুযোগ-সুবিধা সৃষ্টি।

৫। গ্রাম্য ঋণ প্ৰদানৰ ক্ষেত্ৰত আত্মসহায়ক গোটসমূহৰ ভূমিকা আলোচনা কৰা ।

উত্তৰ : গ্রাম্য ঋণ প্ৰদানৰ ক্ষেত্ৰত আত্মসহায়ক গোটসমূহৰ বিশেষ ভূমিকা আছে। আত্মসহায়ক গোটসমূহে ইয়াৰ প্ৰত্যেকজন সদস্যৰ পৰা নিম্নতম বৰঙনিৰে ক্ষুদ্ৰ অনুপাতত সঞ্চয় গঠন কৰিব পাৰে। সেই সঞ্চয়ৰ পৰা ইয়াৰ সদস্যসকলৰ ভিতৰত ই ঋণ প্ৰদান কৰে। ২০০৩ চনৰ মাৰ্চ মাহলৈকে ৭ লাখতকৈ অধিক আত্মসহায়ক গোটে ঋণ লাভৰ সুযোগ গ্ৰহণ কৰিছে। এনে ঋণৰ সুন্দৰ হাৰ কম আৰু কিস্তিত পৰিশোধযোগ্য। এনে ঋণ ব্যৱস্থাক ‘ক্ষুদ্র ঋণ কাৰ্যসূচী’বুলি কোৱা হয়। চৰকাৰে সেয়ে আত্মসহায়ক গোট • গঠনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আত্ম সহায়ক গোটসমূহে মহিলা সবলীকৰণতো ভূমিকা গ্ৰহণ কৰিছে।

৬। ভাৰতৰ কৃষি বিপনন উন্নতকৰণৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা ।

উত্তৰঃ ভাৰতৰ কৃষি বিপনন উন্নয়নৰ কাৰণে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াব পাৰিঃ

(ক) গ্রামীণ বজাৰসমূহক নিয়ন্ত্ৰিত বজাৰলৈ উন্নীত কৰা।

(খ) যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নয়ন কৰা।

(গ) সমবায় বিপনন ব্যৱস্থা প্ৰচলন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

(ঘ) কৃষিজাত শস্য উৎপাদনত উদ্‌গনি দিয়া ।

৭। ‘স্বৰ্ণ বিপ্লৱ’ৰ ধাৰণাটো ব্যাখ্যা কৰা ৷

উত্তৰ : ১৯৯১ আৰু ২০০০ চনৰ মাজৰ সময়ছোৱাক “স্বর্ণ বিপ্লৱৰ বাৰ্তা বহনকাৰী প্ৰচেষ্টা’ বুলি অভিহিত কৰা হয়। ইয়াৰ কাৰণ হ’ল এই সময়ছোৱাত উদ্যান কৃষিত কৰা পৰিকল্পিত বিনিয়োগৰ বাবে উৎপাদন অতি মাত্রা বৃদ্ধি পাইছিল। ভাৰতে ফলমূল উৎপাদনত বিশ্বৰ ভিতৰত এক নেতৃত্বস্থানীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ফল-মূলৰ পুলি উৎপাদন, ফুলৰ সঁচ উৎপাদন, খাদ্য প্ৰক্ৰিয়াকৰণ আদি গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ বাবে অত্যন্ত লাভজনক নিয়োগৰ উপায় হৈ উঠিছিল ।

৭। জৈৱিক কৃষি পদ্ধতিৰ সীমাবদ্ধতা উল্লেখ কৰা ।

উত্তৰ : জৈৱিক কৃষি পদ্ধতিৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ’ল

(ক) জৈৱিক কৃষি পদ্ধতিত প্রথম কেইবছৰত উৎপাদনৰ পৰিমাণ কম হয়।

(খ) জৈৱিক কৃষিত কীটনাশক দ্রব্য বা বেলেগ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰাৰ ফলত উৎপাদিত শস্যৰ গুণ- গুণ হ্রাস পায়।

(গ) তুলনামূলকভাবে জৈৱিক কৃষিত মুঠ উৎপাদন ব্যয় বেছি হয়। কাৰণ এনে কৃষিত অধিক শ্ৰমৰ প্রয়োজন

(ঘ) ক্ষুদ্ৰ আৰু উপাত্ত কৃষকসকলে বৃহৎ মাত্ৰাৰ উৎপাদনৰ লগত নিজকে খাপ খুৱাই লোৱাত অসুবিধা পায়।

৮। ‘প্লাবন অভিযান’ বুলিলে কি বুজা ?

উত্তৰ: প্লাবন অভিযান হ’ল এটা ব্যৱস্থা যাৰ জৰিয়তে সকলো কৃষকে বিভিন্ন ক্রমাংক অনুযায়ী তেওঁলোকৰ উৎপাদিত গাখীৰ উমৈহতীয়াকৈ জমা ৰাখিব পাৰে আৰু সেইবোৰৰ প্ৰক্ৰিয়াকৰণৰ পিছত সমবায়ৰ জৰিয়তে নগৰৰ কেন্দ্ৰসমূহত বিক্ৰী কৰা হয়। এই প্লাবন অভিযান ১৯৬৬ চনত আৰম্ভ হয়। ইয়াৰ ফলস্বৰূপে ভাৰতত দুগ্ধ উৎপাদন চাৰিগুণ বৃদ্ধি পাইছে। ভাৰতৰ প্ৰদেশবোৰৰ ভিতৰত প্লাৱন অভিযানত অগ্রগণ্য ৰাজ্যখন হ’ল গুজৰাট ।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ

১। গ্ৰাম্য ঋণৰ প্ৰকাৰসমূহ আলোচনা কৰা ।

উত্তৰ : গ্রাম্য ঋণক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। তলত সেইবোৰ আলোচনা কৰা হ’ল ।

(ক) হ্রস্বম্যাদী কৃষি ঋণ : খেতিত ব্যৱহাৰ কৰা বীজ, সাৰ, শ্রমিকক মজুৰি দিয়া আদি কামৰ বাবে ভাৰতীয় কৃষকসকলক ১৫ মাহতকৈ কম সময়ৰ বাবে যি ঋণ প্রদান কৰা হয়, তাকে ‘হ্রস্বম্যাদী ঋণ’ বোলে। এই ঋণ সাধাৰণতে শস্য চপোৱাৰ পিছত পৰিশোধ কৰিব লগা হয়।

(খ) মধ্যম্যাদী ঋণ : মধ্যম্যাদী ঋণৰ ম্যাদ ১৫ মাহৰ পৰা ৫ বছৰ। এই ঋণ কৃষিৰ আহিলাপতি ক্ৰয়, গৰু-ম’হ ক্ৰয় আদিৰ বাবে প্ৰদান কৰা হয় ৷

(গ) দীর্ঘম্যাদী ঋণ : বাবে লোৱা ঋণক দীর্ঘম্যাদী ঋণ বোলে। এনে ঋণ ভূমি ক্ৰয় বা মাটিৰ স্থায়ী উন্নয়ন, কূপ খনন, পতিত মাটি উদ্ধাৰ আদিৰ বাবে প্ৰদান কৰা হয়। এই ঋণ পৰিশোধৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। ৫ বছৰতকৈ অধিক কালৰ

২। গ্ৰাম্য ঋণৰ অনা-আনুষ্ঠানিক উৎসসমূহ আলোচনা কৰা।

উত্তৰঃ গ্ৰাম্য ঋণৰ অনা-আনুষ্ঠানিক উৎসসমূহ তলত আলোচনা কৰা হ’ল :

(ক) মহাজন : দুখীয়া খেতিয়ক সকলে পৰম্পৰাগতভাৱে গাওঁ বা চহৰ অঞ্চলৰ মহাজনসকলৰ পৰা ঋণ লয়। মহাজনৰ পৰা লোৱা ঋণৰ সুদ সাধাৰণতে বেছি হয়। এনে মহাজন দুই প্রকাৰৰ। যেনে – বৃত্তিধাৰী মহাজন ঋণদাতা আৰু খেতিয়ক মহাজন ঋণদাতা।

(খ) বেপাৰী ঃ গ্ৰাম্য ঋণৰ আন এক উৎস হ’ল বেপাৰী বা ব্যৱসায়ী সকল। বেপাৰী বা ব্যৱসায়ীসকলে শস্য চপোৱাৰ লগে লগেই এনে ঋণৰ বিনিময়ত খেতিয়কসকলৰ পৰা আগতে স্থিৰ কৰা কম দামত শস্য ক্ৰয় কৰি লয়। এনে ঋণ সাধাৰণতে বাণিজ্যিক শস্য উৎপাদনত আগবঢ়োৱা হয়।

(গ) আত্মীয় স্বজন ঃ খেতিয়কসকলে তেওঁলোকৰ অসুবিধাৰ সময়ত টকা বা বস্তুৰ বিনিময় কৰাৰ প্ৰতিশ্ৰুতিৰে নিজা আত্মীয় স্বজনৰ পৰা ঋণ লয়। এনে ঋণৰ কাৰণে সাধাৰণতে কোনো সুদ দিয়া নহয়। ফচল চপোৱাৰ পিছত এনে ঋণ পৰিশোধ কৰিব লগা হয়।

(ঘ) মাটিৰ মালিক : ভাৰতবৰ্ষত ক্ষুদ্ৰ খেতিয়কসকলে বা ৰায়তীসকলে তেওঁলোকৰ প্রয়োজন পূৰণ কৰাৰ বাবে মাটিৰ মালিকৰ পৰা ঋণ গ্ৰহণ কৰে। এনে ঋণৰ সুদ সাধাৰণতে বেছি হয়। কেতিয়াৱা ঋণ পৰিশোধ কৰিব নোৱাৰি ৰায়তসকলে মাটিৰ মালিকক শ্রমিক হিচাপে সেৱা আগবঢ়াব লাগে ।

৩। গ্ৰাম্য ঋণৰ আনুষ্ঠানিক উৎসসমূহ আলোচনা কৰা।

উত্তৰ : গ্রাম্য ঋণৰ আনুষ্ঠানিক উৎসসমূহ তলত আলোচনা কৰা হ’ল :

(ক) সমবায় ঋণদান সমিতি : ভাৰতত কৃষি ঋণৰ সকলোতকৈ সস্তীয়া আৰু ভাল উৎস হ’ল সমবায় ঋণদান সমিতি। সমবায় ঋণদান সমিতিবোবে, সাধাৰণতে হ্রস্বকালীন আৰু মধ্যকালীন ঋণ প্ৰদান কৰে যদিও কেতিয়াৱা ই দীর্ঘকালীন ঋণো প্ৰদান কৰে। ভাৰতৰ কেইখনমান ৰাজ্যত যেনে – বিহাৰ, পশ্চিমবংগ, উৰিষ্যা আদিত সমবায় ঋণদান সমিতিবোৰে যথেষ্ট সেৱা আগবঢ়াই আছে।

(খ) ভূমি উন্নয়ন বেংক ঃ কৃষি ভূমি উন্নয়ন বেংকসমূহে খেতিয়কসকলৰ কৃষি ভূমি বন্ধকত ৰাখি মাটিৰ স্থায়ী উন্নয়নৰ বাবে দীৰ্ঘম্যাদী ঋণ আগবঢ়াই আছে। কিন্তু এই ভূমি উন্নয়ন বেংকৰ সুবিধাবোৰ ক্ষুদ্ৰ খেতিয়কসকলে লাভ কৰিব পৰা নাই ।

(গ) বাণিজ্যিক বেংকসমূহঃ বাণিজ্যিক বেংকসমূহে আৰম্ভণিতে কৃষি ঋণ যোগান ধৰা ক্ষেত্ৰত প্ৰান্তিক ভূমিকা গ্ৰহণ কৰিছিল । কিন্তু বাণিজ্যিক বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰাৰ পিছত এইবোৰে কৃষি ঋণ প্রদানত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আছে।

(ঘ) আঞ্চলিক গাঁৱলীয়া বেংক : ১৯৭৫ চনৰ পৰা আঞ্চলিক গাঁৱলীয়া বেংকসমূহে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক, কৃষি শ্রমিকসকলক, গাঁৱলীয়া হস্তশিল্পীসকলক প্রত্যক্ষ ঋণ আগবঢ়াই আছে।

(ঙ) চৰকাৰ ঃ কৃষি ঋণৰ আন এক উৎস হ’ল চৰকাৰ । চৰকাৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োধৰণৰ ঋণ কৃষকসকলক আগবঢ়ায়। বিশেষকৈ বানপানী, দুর্ভিক্ষ আদি প্রাকৃতিক দুৰ্যোগৰ সময়ত এনে ঋণ আগবঢ়োৱা হয় । ০০০

Type By Suman Bora