Class 12 ECONOMICS Chapter 13 Short Question Answer | Chapter 13 নিয়োগ ঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। শ্রমিক কাক বোলে ?

উত্তৰঃ অর্থনৈতিক কার্যত লিপ্ত থকা ব্যক্তিক ‘শ্রমিক’ বোলে ৷

২। ভাৰতত মুঠ শ্ৰমিকৰ কিমান শতাংশ পুৰুষ ?

G

উত্তৰ : প্ৰায় ৭০ শতাংশ।

৩। ১৯৯৯-২০০০ তথ্যমতে ভাৰতত কিমান শ্রমিক আছে?

উত্তৰ : ৪০০ নিযুত।

৪। ‘সাধাৰণতে নিয়োগকৰ্তাৰ পৰা দৰমহা পোৱা সকলকহে আমি শ্রমিক বুলি বুজোঁ।’ : কথাষাৰ সঁচা নে?

উত্তৰ ঃ নহয় ৷

৫। শ্রমিকসকল স্ব-নিয়োজিত হ’ব পাৰে নে ?

উত্তৰ: পাৰে।

৬। মুঠ ঘৰুৱা উৎপাদন (GDP) বুলিলে কি বুজা ?

উত্তৰ ঃ কামত নিয়োজিত হোৱা ব্যক্তিসকলে একোটা বছৰত যিমান পৰিমাণৰ সামগ্ৰী আৰু সেৱা কাৰ্য যোগান ধৰে, তাৰ সমষ্টিয়েই হ’ল ‘মুঠ ঘৰুৱা উৎপাদন’ (GDP)

৭। আর্থিক কাম-কাজ কাক বোলে ?

উত্তৰ : যিবোৰ কৰ্মই মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায়, সেইবোৰ কাম-কাজকে ‘আর্থিক কাম-কাজ’ বোলে।

৮। মুঠ জাতীয় উৎপাদন বুলিলে কি বুজা ?

উত্তৰ : দেশ এখনৰ মুঠ উৎপাদনৰ সৈতে দেশৰ বাহিৰৰ পৰা লাভ কৰা আয়ৰ পৰিমাণ যোগ কৰিলে যি আয় পোৱা যায়, তাক মুঠ জাতীয় উৎপাদন বোলে।

৯। শুদ্ধ উপার্জন কি?

উত্তৰ : দেশৰ ৰপ্তানিৰ পৰা হোৱা আয়ৰ পৰা আমদানিৰ খৰচ বাদ দিয়াৰ পিছত যি থাকে তাকে শুদ্ধ উপার্জন’ বোলে।

১০। দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ নিৰ্দেশক কি?

উত্তৰ : শ্রমিক জনসংখ্যাৰ অনুপাত হৈছে দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰ হোৱা এক গুৰুত্বপূৰ্ণ নির্দেশক।

১১। ভাৰতত স্বাধীনোত্তৰ কালত গ্ৰহণ কৰা উন্নয়নৰ পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য কি ?

উত্তৰ : দেশৰ জনসাধাৰণক এক মৰ্যদাপূৰ্ণ জীৱন- ধাৰণৰ উপায় প্ৰদান কৰা ।

১২। নগৰীয়া শ্ৰমিকৰ কিমান শতাংশ সেৱা খণ্ডই সামৰি লয় ?

উত্তৰ : ৬০ শতাংশ।

১৩। গৌণ খণ্ডই কিমান শতাংশ শ্রমিকক নিয়োজিত কৰে ?

উত্তৰ : ১৬ শতাংশ।

১৪। নিয়োগৰ প্ৰধান উৎস কি ?

উত্তৰ : প্ৰাথমিক খণ্ড ।

১৫। স্ব-নিয়োজিত শ্রমিক বুলিলে কি বুজা ?

উত্তৰ : যিসকল শ্রমিক কোনো উদ্যোগ বা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বা তেনে প্রতিষ্ঠান চলায়, সেইসকলক ‘স্ব- নিয়োজিত শ্রমিক’ বুলি কোৱা হয় ৷

১৬। শ্রমিক জনসংখ্যাৰ অনুপাত নির্ণয় কৰা সূত্ৰটো কি ?

উত্তৰ: মুঠ শ্ৰমিকৰ সংখ্যা

শ্রমিক জনসংখ্যাৰ অনুপাত = *১০০

মুঠ জনসংখ্যা

১৭। নিয়মীয়া বেতনভোগী কর্মী বুলিলে কি বুজা ?

উত্তৰ ঃ যেতিয়া কোনো শ্রমিকে উদ্যোগ বা প্রতিষ্ঠানত নিয়মিত ৰূপত নিযুক্তি লাভ কৰি দৰমহা বা মজুৰি পায়, তেনে শ্রমিকক ‘নিয়মীয়া বেতনভোগী শ্রমিক’ বোলে।

১৮। আনুষ্ঠানিক খণ্ড কাক বোলে ?

উত্তৰ ঃ চৰকাৰী খণ্ডৰ সকলোবোৰ আৰু বেচৰকাৰী খণ্ডৰ ১০ জন বা তাতোধিক শ্রমিক মকৰল কৰা প্ৰতিষ্ঠানক “আনুষ্ঠানিক খণ্ড’ বোলে।

১৯। আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক কাক বোলে ?

উত্তৰ : আনুষ্ঠানিক খণ্ডত কাম কৰা শ্ৰমিকক আনুষ্ঠানিক খণ্ডৰ শ্রমিক বোলে।

২১। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোক আৰ্থিক কাম-কাজত নিয়োজিত হৈ আছে?

উত্তৰ : প্ৰায় দুই- পঞ্চমাংশ লোক ।

২২। ১৯৮০ দহকৰ পাছত আহমেদাবাদত কিমান শ্রমিক কর্মহীন হৈছিল ?

উত্তৰঃ ৮০,০০০ স্থায়ী আৰু ৫০,০০০ অস্থায়ী শ্রমিক কর্মহীন হৈছিল।

২৩। আনুষ্ঠানিক খণ্ডত ২০০১ চনত নিয়োজিত শ্ৰমিকৰ কিমান শতাংশ পুৰুষ আছিল ?

উত্তৰ ঃ ৬৯ নিযুত ।

২৪। শ্রমিকসকলক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰ : শ্ৰমিকসকলক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে ঃ আনুষ্ঠানিক শ্রমিক আৰু অনানুষ্ঠানিক শ্রমিক ।

২৫। স্ব নিয়োজিত কর্মী কোন ?

উত্তৰ : যিসকল কর্মীয়ে নিজে স্থাপন কৰা উদ্যোগত বা কৰ্মস্থলীত কাম কৰি জীৱিকা উপাৰ্জন কৰে, সেইসকল কর্মীক ‘স্ব-নিয়োজিত কর্মী’ বোলে।

২৬। নৈমিত্তিক শ্রমিক কাক বোলে ?

উত্তৰ : যিসকল শ্রমিক স্থায়ী ভিত্তিত মকৰল নহয়, সেই সকল শ্রমিকক ‘নৈমিত্তিক শ্রমিক’ বোলে।

২৭। নতুনকৈ সৃষ্টি হোৱা কামবোৰ সাধাৰণতে কোন খণ্ডত দেখা যায় ?

উত্তৰ : সেৱা খণ্ডত।

২৮। ৪ জন ভাড়াতীয়া শ্রমিক থকা প্ৰতিষ্ঠানক কি খণ্ডৰ প্ৰতিষ্ঠান বুলি কোৱা হ’ব ?

উত্তৰ ঃ অনানুষ্ঠানিক।

২৯। ৰাম বিদ্যালয়লৈ যায়। যেতিয়া তেওঁ বিদ্যালয়লৈ নাযায়, তেতিয়া তেওঁ পথাৰত কাম কৰে। তেওঁক শ্রমিক বুলি ক’ব পাৰি নে ?

উত্তৰ : পাৰি। কাৰণ তেওঁ আর্থিক কাম-কাজৰ লগত জড়িত।

৩০। মহিলাসকলে ঘৰুৱাভাৱে দৈনন্দিন কৰি থকা কামবোৰক উৎপাদনশীল কাম বুলি ধৰা হয় নে ?

উত্তৰ ঃ নহয়।

৩১। স্ব-নিয়োজিত শ্রমিকৰ এটা উদাহৰণ দিয়া।

উত্তৰ : ৰিক্সা চালক।

৩২। নিয়মীয়া বেতনভোগী কৰ্মীৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ সেনাবাহিনীত নিয়োজিত হোৱা কর্মী।

৩৩। কৰ্ম সংস্থানহীনতাৰ অৰ্থ কি ?

উত্তৰ : কর্মসংস্থানহীনতা হ’ল এনেকুৱা এটা অৱস্থা, য’ত মানুহৰ কাম কৰাৰ দক্ষতা থাকে আৰু প্ৰচলিত মজুৰিৰ হাৰত কাম কৰিব বিচাৰে কিন্তু কাম বিচাৰি নাপায় ।

৩৪। ঋতুগত নিবনুৱা কাক বোলে ?

উত্তৰ : যিসকল বনুৱাই বছৰৰ মাত্ৰ কেইমাহমান কাম কৰাৰ সুবিধা পায় আৰু বাকী কেইমাহমান কৰ্মহীন হৈ বহি থাকে, সেইসকল নিবনুৱাক ‘ঋতুজনিত নিবনুৱা’ বোলে। সাধাৰণতে কৃষকসকলৰ মাজত ঋতুজনিত নিবনুৱা অধিক হাৰত দেখা যায় ৷

৩৫। শিক্ষিত নিবনুৱা বুলিলে কি বুজা ?

উত্তৰ : যিসকল শিক্ষিত যুৱক-যুৱতীৰ শিক্ষাগত অৰ্হতা থকা সত্বেও উপযুক্ত কাম বিচাৰি নাপায়, সেইসকল শিক্ষিত লোকক শিক্ষিত নিবনুৱা বোলে।

৩৬। কর্মহীন উন্নয়ন বুলিলে কি বুজা ?

উত্তৰ : যেতিয়া এখন দেশত বস্তু আৰু সেৱাৰ উৎপাদন বৃদ্ধি পায় কিন্তু নিয়োগৰ সংখ্যা বৃদ্ধি নাপায়, তেতিয়া তাক ‘কর্মহীন উন্নয়ন’ বোলা হয় ।

৩৭। তলত উল্লেখ কৰা সকলৰ কোনজন সংগতিবিহীন ?

উত্তৰ : এজন চেলুনৰ স্বত্বাধিকাৰী।

(ক) এজন চেলুনৰ স্বত্বাধিকাৰী

(খ) এজন মুচী

(গ) ‘মাদাৰ ডায়েৰীৰ হিচাপ ৰক্ষক

(ঘ) টিউচন শিক্ষক

(ঙ) পৰিবহন চালক

(চ) নিৰ্মাণ কাৰ্যৰ শ্রমিক ।

খ. চমু প্রশ্নোত্তৰ :

১। কর্মহীনতাৰ তথ্য সংগ্ৰহ কৰা উৎসবোৰ কি কি ?

উত্তৰ : কর্মহীনতাৰ তথ্য সংগ্ৰহ কৰা উৎসবোৰ হ’ল

(ক) ভাৰতৰ লোকপিয়লৰ প্ৰতিবেদন ।

(খ) ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থাৰ নিয়োগ প্ৰতিবেদন ।

(গ) নিয়োগ তথা প্রশিক্ষণ সঞ্চালকালয়ৰ পঞ্জীয়ন পৰিসংখ্যা।

২। শ্রমিকৰ গুণগত মান নির্ণায়কবোৰ কি কি ?

উত্তৰ : শ্ৰমিকৰ গুণগত মান নির্ণায়কবোৰ হ’ল ঃ

(ক) কৰ্মচাৰী বীমাকৰণ

(খ) ভৱিষ্যনিধি

(গ) বিনামূলীয়া স্বাস্থ্য সেৱা আদি ।

৩। ভিক্ষাৰী, চোৰ, চোৰাং কাৰবাৰী, জুৱাৰী ঃ এইসকল শ্রমিক হয় নে ?

উত্তৰ ঃ নহয়। কাৰণ সিহঁতৰ কাম-কাজবোৰ আৰ্থিক কাম-কাজৰ লগত জড়িত নহয় ।

৪। চক্ৰীয় নিবনুৱা বুলিলে কি বুজা ?

উত্তৰঃ উদ্যোগ প্রধান দেশসমূহত অর্থনৈতিক মন্দাৱস্থাত নানা শিল্প উদ্যোগত কৰ্মৰত শ্রমিক কামৰ পৰা বিতাৰিত হয়। অর্থনৈতিক অৱস্থা ভাল হ’লে উদ্যোগিক খণ্ডত আকৌ কৰ্মসংস্থাপনৰ সুবিধা উভতি আহে। এনে অৱস্থাকেই চক্রীয় নিবনুৱা’ বুলি কোৱা হয়।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। আনুষ্ঠানিক খণ্ডত অনানুষ্ঠানিক খণ্ডতকৈ কিয় অধিক নিয়োগ সৃষ্টিৰ প্ৰয়োজন ?

উত্তৰঃ চৰকাৰী খণ্ডৰ সকলোবোৰ আৰু বেচৰকাৰী খণ্ডৰ দহজন বা ততোধিক শ্রমিক নিয়োগ কৰা প্ৰতিষ্ঠানক ‘আনুষ্ঠানিক খণ্ড’ বোলে। দেশ এখনৰ সৰ্বাংগীন কল্যাণৰ বাবে অনানুষ্ঠানিক খণ্ডতকৈ আনুষ্ঠানিক খণ্ডত অধিক নিয়োগৰ প্ৰয়োজন। ইয়াৰ সপক্ষে আমি তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি

(ক) অধিক আয় : আনুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলে অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকতকৈ অধিক আয় অৰ্জন কৰিব পাৰে।

(খ) অধিক সুৰক্ষা ঃ আনুষ্ঠানিক খণ্ডৰ প্ৰতিষ্ঠানবোৰত .শ্রমিকসকলে অনানুষ্ঠানিক খণ্ডৰ প্ৰতিষ্ঠানতকৈ অধিক সুৰক্ষা পায় ।

(গ) সামাজিক সুৰক্ষাৰ সুবিধা : আনুষ্ঠানিক খণ্ডত -কাম কৰা শ্ৰমিকসকলে সামাজিক সুৰক্ষা যেনে – অৱসৰ ভাট্টা, মৰণোত্তৰ ভাট্টা, বীমা, গ্রেচুৱেটি, ভবিষ্যত নিধি আদি লাভ কৰে।

২। নগৰীয়া নিবনুৱা সমস্যা সমাধানৰ কাৰণে কেইটামান পৰামৰ্শ আগবঢ়োৱা ।

উত্তৰ : নগৰীয়া নিবনুৱা সমস্যা সমাধানৰ কাৰণে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াব পাৰি।

(ক) স্ব-নিয়োগৰ ব্যৱস্থা ঃ নগৰৰ যুৱক-যুৱতীসকলক স্ব-নিৰ্ভৰশীল হ’বলৈ উৎসাহ প্ৰদান কৰি সিহঁতক কাৰিকৰী কাম-কাজৰ বিভিন্ন প্রশিক্ষণ দিব লাগে ।

(খ) শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঃ ভাৰতৰ শিক্ষা ব্যৱস্থা প্রায় তাত্ত্বিক। সেয়ে শিক্ষা ব্যৱস্থা পৰিৱৰ্তন কৰি কাৰিকৰী শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি নিবনুৱা সমস্যাৰ সমাধানত অৰিহনা যোগাব পাৰি ।

(গ) উদ্যোগৰ দ্ৰুত উন্নয়ন : দ্রুত উদ্যোগৰ উন্নয়ন কৰি নিবনুৱা সমস্যাৰ সমাধান কৰিব পৰা যায়। বর্তমান বৰ্তি থকা উদ্যোগসমূহ সম্প্ৰসাৰণ কৰি বা নতুন উদ্যোগ স্থাপন কৰিও নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰি ।

(ঘ) ক্ষুদ্র উদ্যোগৰ উন্নয়ন : ক্ষুদ্র উদ্যোগবোৰে তুলনামূলকভাৱে বৃহৎ উদ্যোগবোৰতকৈ অধিক শ্রমিক নিয়োগ কৰিব পাৰে। সেয়ে চহৰ অঞ্চলৰ নিবনুৱা সমস্যা সমাধান কৰাৰ বাবে ক্ষুদ্ৰ উদ্যোগৰ সম্প্ৰসাৰণ কৰিব লাগে।

(ঙ) চৰকাৰী পদক্ষেপ ঃ নগৰীয়া নিব্ৰুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে নিয়োগ সৃষ্টিৰ নতুন নতুন আঁচনিৰ সৃষ্টি কৰিব পাৰে।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ

১। ভাৰতত নিবনুৱা সমস্যাৰ কাৰণবোৰ আলোচনা কৰা ।

উত্তৰঃ নিবনুৱা সমস্যা ভাৰতবৰ্ষত এক জলন্ত সমস্যা হিচাপে দেখা দিছে। ইয়াৰ প্ৰধান কাৰণবোৰ তলত আলোচনা কৰা হ’ল।

(ক) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থাঃ ভাৰতৰ প্ৰচলিত শিক্ষা ব্যৱস্থা অতিকৈ ত্রুটিপূর্ণ। ইয়াত গতানুগতিক শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও সেই অনুপাতে কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া নহয় । ফলত শিক্ষা লাভ কৰি যুৱক-যুৱতীসকলে কোনো কাম নাপাই নিবনুৱা হৈ বহি থাকে আৰু পৰিয়াল, সমাজ তথা দেশৰ বোজাস্বৰূপ হয়।

(খ) লেহেম গতিৰ উদ্যোগিক উন্নয়ন : ভাৰতবৰ্ষ উদ্যোগিক ক্ষেত্ৰত সিমান আগবাঢ়িব পৰা নাই। তাৰোপৰি যিবোৰ উদ্যোগ স্থাপন কৰা হৈছে সেইবোৰো আধুনিকীকৰণৰ পৰা বঞ্চিত। ফলত উপযুক্ত নিয়োগ সৃষ্টি কৰিব পৰা নাই।

(গ) কৃষিৰ অনগ্ৰসৰতা ঃ ভাৰতত অধিক সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি পদ্ধতিও পুৰণিকলীয়া। সেয়ে চাহিদা বাঢ়িলেও উৎপাদন বৃদ্ধি হোৱা নাই। ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।

(ঘ) জনবিস্ফোৰণ : ভাৰতত প্ৰতিবছৰে ২ শতাংশতকৈ অধিক হাৰত জনসংখ্যা বাঢ়ি আছে। সেই অনুপাতে নিয়োগ বৃদ্ধি পোৱা নাই। ফলত নিবনুৱা সমস্যাই বছৰে বছৰে প্ৰৱলতৰ ৰূপ ধাৰণ কৰিছে।

(ঙ) নিম্ন প্ৰগতিৰ হাৰঃ ভাৰতৰ প্ৰগতিৰ হাৰ আশানুৰূপ নহয়। নিম্ন হাৰৰ প্ৰগতিৰ বাবে কৰ্ম সংস্থাপন ব্যহত হৈছে।

২। ভাৰতৰ গ্ৰামীণ নিবনুৱা সমস্যা সমাধানৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা ৷

উত্তৰঃ ভাৰতৰ গ্ৰামীণ অর্থনীতি প্ৰধানকৈ প্রাথমিক খণ্ড, অন্তর্গত। ভাৰতৰ গাওঁ অঞ্চলত দেখা দিয়া নিবনুৱা সমস্যা সমাধানৰ কাৰণে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াব পাৰি –

(ক) কৃষিৰ আধুনিকীকৰণ ঃ ভাৰতৰ কৃষি পদ্ধতি- আওপুৰণি। কৃষকসকলে পুৰণিকলীয়া নাঙলৰ জৰিয়তেই খেতি চহ কৰে। ফলত কৃষিৰ উৎপাদন বৃদ্ধি হোৱা নাই। সেয়ে উৎপাদন বৃদ্ধিৰ কাৰণে কৃষিত আধুনিক প্রযুক্তি ব্যৱহাৰ কৰিব লাগিব । ইয়াৰ উপৰিও খাদ্য শস্য উৎপাদন কৰাৰ লগতে বাণিজ্যিক শস্য উৎপাদনতো জোৰ দিব লাগিব।

(খ) আনুষঙ্গিক খণ্ডৰ বিকাশ : কৃষি খণ্ডত আধুনিক প্রযুক্তি ব্যৱহাৰৰ লগে লগে আনুসঙ্গিক খণ্ডৰো উন্নয়ন কৰিব লাগিব। আনুসঙ্গিক খণ্ডৰ ভিতৰত হাঁহ-কুকুৰা পালন, গো পালন, মীন পালন, দুগ্ধ উৎপাদন আদিৰ উন্নয়ন সাধন কৰিব লাগিব ।

(গ) ক্ষুদ্র উদ্যোগৰ উন্নয়ন : ভাৰতৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে গাঁৱে-ভূৱে ক্ষুদ্র উদ্যোগ স্থাপনত গুৰুত্ব দিব লাগিব। তাৰ বাবে চৰকাৰে বিত্তীয় সাহার্য, প্রশিক্ষণ আদিৰ ব্যৱস্থা কৰিব লাগিব ।

(ঘ) আত্মসহায়ক গোষ্ঠী আৰু ক্ষুদ্ৰ বিত্তৰ ব্যৱস্থা : আত্ম নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে আত্মসহায়ক গোট গঠনত উৎসাহ উদ্দীপনা দিব লাগিব। চৰকাৰে আত্ম সহায়ক গোটসমূহক ক্ষুদ্ৰ বিত্তৰ যোগান ধৰিব লাগিব । ০০০

Type By Suman Bora