Class 12 ECONOMICS Chapter 14 Short Question Answer | Chapter 14 আন্তঃগাঁথনি Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। আন্তঃগাঁথনি বুলিলে কি বুজা ?

উত্তৰ : ‘আন্তঃগাঁথনি’ বুলিলে ভৌতিক সা-সুবিধাক বুজায় ।

২। ‘ভগৱানৰ স্বদেশ’ বুলিলে কোনখন ৰাজ্যক বুজায় ?

উত্তৰ : কেৰালা ।

৩। এটা জাতিৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি কোনটো ?

উত্তৰ : বিদ্যালয়সমূহ।

৪। উদ্যোগিকভাৱে আগবঢ়া দুখন ভাৰতীয় ৰাজ্যৰ নাম উল্লেখ কৰা।

উত্তৰ : মহাৰাষ্ট্ৰ আৰু গুজৰাট ।

৫। কৃষি আৰু উদ্যান শস্যত অগ্রগতি লাভ কৰা তিনিখন ভাৰতীয় ৰাজ্যৰ নাম লিখা ।

উত্তৰ : পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশ ।

৬। ২০০৩-২০০৪ চনত ভাৰতবৰ্ষৰ মুঠ শক্তি উৎপাদন ক্ষমতাৰ কিমান শতাংশ তাপ শক্তি আছিল ?

উত্তৰ : ৭০ শতাংশ।

৭। দিল্লী ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড কোন চনত গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৫১ চনত ।

৮। ২০০৪-০৫ চনত কিমান বিদেশী ভাৰতলৈ চিকিৎসাৰ বাবে আহিছিল ?

উত্তৰ: ১,৫০,০০০ জন।

৯। হোমিঅ’প্যাথিক চিকিৎসাক কি বুলি জনা যায় ?

উত্তৰ: ‘আয়ুস’ ।

১০। বর্তমান ভাৰতবৰ্ষত ভাৰতীয় চিকিৎসা প্ৰণালীৰ কেইখন চিকিৎসালয় আছে?

উত্তৰ : ৩০০৪ খন।

১১। বৰ্তমান ভাৰতত শিশুৰ মৃত্যুৰ হাৰ কিমান ?

উত্তৰ : প্ৰতি হাজাৰত ৬৮ জন।

১২। ২০০৩ চনত গাওঁ অঞ্চলত উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত লোকৰ সংখ্যা কিমান ?

উত্তৰ : ২৪ শতাংশ ।

১৩। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত শিশু লিংগৰ অনুপাত কিমান ?

উত্তৰ : ৯২৭ (ল’ৰা : ছোৱালী)।

১৪। ভাৰতৰ ধনী লোকসকলে তেওঁলোকৰ আয়ৰ কিমান শতাংশ চিকিৎসাৰ বাবদ খৰচ কৰে ?

উত্তৰঃ ২ শতাংশ ।

১৫। ভাৰতত বৰ্তমান কেইখন স্বীকৃতিপ্রাপ্ত মহাবিদ্যালয় আছে?

উত্তৰ : ১২ হাজাৰ ।

১৬। স্বাস্থ্য বুলিলে কি বুজা ?

উত্তৰ : স্বাস্থ্যই ৰোগহীনতাৰ লগতে এজন ব্যক্তিৰ কাৰ্যক্ষমতা প্রাপ্তিৰ যোগ্যতাক বুজায় ।

১৭। জীৱন প্রত্যাশা কি ?

উত্তৰ : জন্মৰ পিছত গড় হিচাপে জীয়াই থকাৰ সম্ভাৱ্য সময়খিনিক ‘জীৱন প্রত্যাশা’ বুলি কোৱা হয় ৷

১৮। শিশুৰ মৃত্যুৰ হাৰ বুলিলে কি বুজা ?

উত্তৰ : শিশু মৃত্যুৰ হাৰ বুলিলে প্রতি হাজাৰ শিশুৰ এক বছৰৰ ভিতৰত গড় মৃত্যুৰ সংখ্যাক বুজায়।

খ . চমু প্রশ্নোত্তৰ ঃ

১। আন্তঃগাঁথনি কেই প্ৰকাৰৰ ?

উত্তৰ : আন্তঃগাঁথনি দুই প্ৰকাৰৰ। যেনে-

(ক) অর্থনৈতিক আন্তঃগাঁথনি আৰু

(খ) সামাজিক আন্তঃগাঁথনি ।

২। সামাজিক আন্তঃগাঁথনি বুলিলে কি বুজা ?

উত্তৰঃ যিবোৰ ভৌতিক সা-সুবিধাই সমাজৰ উন্নতিৰ বাবে ভেটি স্বৰূপ কাম কৰে, সেইবোৰকে ‘সামাজিক আন্তঃগাঁথনি’ বুলি কোৱা হয় ৷

৩। অর্থনৈতিক আন্তঃগাঁথনিৰ সংগঠকবোৰ কি ?

উত্তৰ : অর্থনৈতিক আন্তঃগাঁথনিৰ সংগঠকবোৰ হ’ল -ঃ পৰিবহন, যোগাযোগ, পানী যোগান, শক্তি যোগান আদি।

৪। দুটা গতানুগতিক শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰ: দুটা গতানুগতিক শক্তিৰ উৎস হ’ল : কয়লা আৰু খাৰুৱা তেল।

৫। দুটা অগতানুগতিক শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰ : দুটা অগতানুগতিক শক্তিৰ উৎস হ’ল ঃ সৌৰ শক্তি আৰু বায়ু শক্তি।

৫। স্বাস্থ্যৰ অবস্থা মূল্যায়নৰ বাবে থকাসূচকবোৰ কি কি?

উত্তৰ: স্বাস্থান অবস্থা মূল্যায়নৰ বাবে থকা সূচকবোৰ হ’ল: শিশু মৃত্যুৰ হাৰ, প্ৰসূতি মৃত্যুৰ হাৰ, জীৱন প্রত্যাশা আদি।

৬। বিভিন্ন ধৰণৰ পথবোৰ কি কি ?

উত্তৰ: বিভিন্ন ধৰণৰ পথবোৰ হ’ল : ৰাষ্ট্ৰীয় থাই পথ, ৰাজ্যিক ঘাই পথ, জিলা প্রধান পথ আৰু অন্যান্য পথ।

৭। যোগাযোগৰ প্ৰধান উৎসবোৰ কি কি ?

উত্তৰ: যোগাযোগৰ প্ৰধান উৎস বোৰ হ’ল : ডাক সেৱা, ই-মেইল, টেলিগ্রাফ, টেলিফোন, ইন্টাৰনেট, মোবাইল ফোন আদি।

৮। স্বাস্থ্য আন্তঃগাঁথনিৰ উপাদানসমূহ কি কি ?

উত্তৰ : স্বাস্থ্য আন্তঃগাঁথনিৰ উপাদানসমূহ হ’ল : ডাক্তৰ, নাৰ্চ, ঔষধ, চিকিৎসালয়, চিকিৎসালয়ত ব্যৱহাৰ হোৱা সা-সজুঁলি আদি।

১৯। কেৰালাক কিয় ‘ভগৱানৰ স্বদেশ’ বুলি কোৱা হয়।

উত্তৰ : ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত কেৰালাৰ আন্তঃগাঁথনি বৰ উন্নত। এই ৰাজ্যখন শিক্ষা, স্বাস্থ্য, অনাময় ব্যবস্থা আদি বিষয়ত যথেষ্ট উন্নত হৈছে। ইয়াৰ উপৰিও ৰাজ্যখনে পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত উত্তম ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। সেয়ে কেৰালাক ‘ভগৱানৰ স্বদেশ’ বুলি কোৱা হয়।

১০। ভাৰত বৰ্ষৰ আন্তঃগাঁথনি কেই তৰপীয়া আৰু কি কি ?

উত্তৰ : ভাৰতবৰ্ষৰ আন্তঃগাঁথনি তিনিতৰপীয়া। সেইবোৰ হ’ল ঃ প্রাথমিক সেৱা, দ্বিতীয় সেৱা আৰু তৃতীয় সেবা।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ

১। স্বাস্থ্য আন্তঃগাঁথনি সম্পর্কে চমুকৈ লিখা।

উত্তৰ : স্বাস্থ্য বুলিলে ব্যক্তি এজনৰ ৰোগহীনতাৰ লগতে কৰ্ম ক্ষমতা প্রাপ্তৰ যোগ্যতাক বুজায়। স্বাস্থ্য হ’ল ব্যক্তি এজনৰ কল্যাণৰ মাপকাঠি। স্বাস্থ্য আন্তঃগাঁথনি বুলিলে চিকিৎসাৰ সা-সুবিধা থকা ব্যৱস্থাক বুজায়। ইয়াৰ ভিতৰত ডাক্তৰ, নাচ, চিকিৎসালয়, ঔষধ-পাতি, চিকিৎসাত ব্যৱহাৰ হোৱা সা-সজুঁলি আদি সামৰি লয়।

দেশ এখনৰ সৰ্বাত্মক উন্নয়নৰ মূলতে হ’ল স্বাস্থ্য আন্তঃগাঁথনি । কাৰণ এখন দেশৰ উন্নয়ন সেই দেশৰ মানৱ শক্তিৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। স্বাস্থ্যৰ আন্তঃগাঁথনি উন্নত হ’লে সেই দেশৰ মানৱ শক্তি নিশ্চয় উন্নত হ’ব আৰু দেশখনে উন্নয়নৰ দিশত আগবাঢ়ি যোৱাত সহায়ক হ’ব।

২। ভাৰত বৰ্ষৰ শক্তি খণ্ডই সম্মুখীন হোৱা প্রত্যাহ্বানসমূহ উল্লেখ কৰা ।

উত্তৰ : ভাৰতবৰ্ষৰ শক্তি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ’ল :

(ক) ভাৰতৰ শক্তি খণ্ডৰ মূল ভেটি তাপ বিদ্যুত কেন্দ্ৰসমূহে প্রয়োজনীয় কেঁচামাল আৰু কয়লাৰ নাটনিত ভূগি আছে।

(খ) ব্যক্তিগত খণ্ডৰ বিদ্যুৎ উৎপাদনকাৰী গোটসমূহে আঞ্চলিক প্রয়োজন পূৰণ কৰাত ব্যৰ্থ হৈছে।

(গ) বিদ্যুত্ৰ উচ্চ হাৰৰ নিৰিখ আৰু দেশৰ বিভিন্ন প্ৰান্তত সঘনাই ঘটি থকা বিদ্যুৎ অব্যাহতৰ বাবে জনসাধৰণ বিদ্যুৎ বিভাগৰ ওপৰত আস্থা হেৰুৱাইছে।

(ঘ) গাওঁ অঞ্চল আনকি নগৰ অঞ্চলতো বিদ্যুৎ চুৰি হয়। ফলত বিদ্যুৎ বিভাগ ঘাটিৰ সন্মুখীন হৈছে। পৰিণাম স্বৰূপে বিদ্যুৎ বিভাগৰ সম্প্ৰসাৰণ স্থবিৰ হৈ পৰিছে।

(ঙ) ভাৰতবৰ্ষত জলশক্তিৰ যথেষ্ট সম্ভাৱনা আছে যদিও সেইবোৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাত চৰকাৰে অৱহেলা কৰি আছে।

৩। নবীকৰণযোগ্য শক্তিৰ উৎসবোৰৰ ব্যৱহাৰ কৰি শক্তিৰ সংকট দূৰ কৰিব পৰা যায়। কথাষাৰ যুক্তিৰে প্ৰতিপন্ন কৰা ।

উত্তৰ : নবীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কৰি শক্তিৰ সংকট দূৰ কৰিব পৰা যায়। ইয়াৰ কাৰণ এই উৎসবোৰ ব্যৱহাৰ কৰা ৰ ফলত ইয়াৰ যোগান কমি নাযায়। এইবোৰ উৎসক আমি উৎপাদন কৰিব পাৰো, আনকি সংৰক্ষণ কৰিও ৰাখিব পাৰো। উদাহৰণ স্বৰূপে খৰি, কৃষিৰ অৱশিষ্ট অংশ, গৰুৰ গোবৰ আদিয়ে গ্ৰাম্য অঞ্চলৰ শক্তিৰ এক বৃহৎ অংশ পূৰণ কৰে ।

৪। ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ পদ্ধতিবোৰ উল্লেখ কৰা।

উত্তৰ : ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ পদ্ধতিবোৰ হ’ল ঃ আয়ুর্বেদ, যোগ, ইউণানী, সিদ্ধ, প্রাকৃতিক চিকিৎসা আৰু হোমিঅ’পেথি ।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ উদ্দেশ্যসমূহ কি কি ?

উত্তৰ : ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ উদ্দেশ্যসমূহ হ’ল

(ক)শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা ।

(খ) কম খৰচত মানবিশিষ্ট স্বাস্থ্য সেৱা প্ৰদান কৰা।

(গ) স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলা

(ঘ) বিস্তৃত প্রাথমিক স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা।

(ঙ) জনসংখ্যাৰ স্থিৰতা প্ৰদান কৰা।

২। আয়ুস ব্যৱস্থা বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ কি কি ?

উত্তৰ : আয়ুস ব্যৱস্থা বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ হ’ল:

(ক) আয়ুস সম্পর্কে জনসাধাৰণক অধিক সচেতন কৰি তোলা।

(খ) নটা আয়ুস প্রতিষ্ঠানক সৰ্বভাৰতীয় প্ৰতিষ্ঠানলৈ উন্নীত কৰা ।

(গ) আয়ুস শিক্ষাৰ বাবে কৰ্মীবাহিনী গঠন কৰা ।

(ঘ) বনৌষধীৰ উৎপাদন আৰু মান উন্নত কৰা।

(ঙ) গৱেষণা আৰু শিক্ষাৰ মান উন্নীত কৰা ।

৩। ভাৰতত অর্থনৈতিক উন্নয়নত পৰিবহন ব্যৱস্থাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ : ভাৰতবৰ্ষত অর্থনৈতিক উন্নয়নত পৰিবহনৰ ভূমিকা তলত আলোচনা কৰা হ’ল –

(ক) শ্ৰমৰ চলনশীলতা বৃদ্ধিঃ পৰিবহন ব্যৱস্থাই দেশৰ বিভিন্ন অঞ্চলৰ মাজত শ্ৰমৰ চলনশীলতা বৃদ্ধিৰ সুবিধা কৰি দিয়ে। শ্ৰমৰ চলনশীলতা ঔদ্যোগিক বিকাশ আৰু শ্ৰমিকসকলৰ অৱস্থাৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ।

(খ) উৎপাদনৰ আহিলা আৰু উৎপাদিত বস্তুৰ চলনশীলতা ঃ দেশৰ পৰিবহন ব্যৱস্থাই দেশৰ বিভিন্ন ধৰণৰ উৎপাদনৰ আহিলা যেনে কেঁচা মাল, জ্বালানি, যন্ত্রপাতি আদি সৰবৰাহ কৰাত যথেষ্ট অৰিহণা যোগায়। ইয়াৰ লগতে পৰিবহন ব্যৱস্থাই উৎপাদিত সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

(গ) বিশেষীকৰণৰ ব্যৱস্থাঃ ভাৰতৰ পৰিবহন ব্যৱস্থাই উৎপাদনৰ ক্ষেত্ৰত ভৌগোলিক বিশেষীকৰণৰ সুবিধা প্রদান কৰিছে। সামগ্ৰীৰ বজাৰৰ সম্প্ৰসাৰণ ঘটাইছে।

(ঘ) দুর্গম অঞ্চলৰ উন্নতি সাধন : পথ আৰু ৰেল পৰিবহনৰ সম্প্ৰসাৰণৰ ফলত দূৰণীবটীয়া আৰু দুৰ্গম অঞ্চলৰ লগত সংযোগ স্থাপন হৈছে। সেই দুর্গম আৰু আওহতীয়া অঞ্চলবোৰো উন্নতিৰ পিনে ধাৱমান হৈছে।

(ঙ) মানুহৰ চিন্তাধাৰাৰ বিকাশ : পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ লগে লগে এক অঞ্চলৰ মানুহে আন অঞ্চললৈ যোৱাৰ সুবিধা লাভ কৰিছে। ফলত মানুহৰ মাজত ভাৱধাৰাৰ আদান-প্ৰদান হৈ মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক চিন্তাচৰ্চাৰ উৎকৰ্ষ সাধন হৈছে।

৪। ভাৰতৰ শক্তিখণ্ডৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰাকৈ ল’ব লগা ব্যৱস্থাবোৰ উল্লেখ কৰা ৷

উত্তৰ : ভাৰতৰ শক্তিখণ্ডৰ প্ৰত্যহ্বানসমূহৰ সন্মুখীন হ’বলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি —

(ক) শক্তিখণ্ডত ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা ৷

(খ) নবীকৰণ শক্তিৰ ব্যৱহাৰ সুনিশ্চিত কৰা ।

(গ) জৈৱ ইন্ধন উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ৷

(ঘ) শক্তিখণ্ডত অধিক উন্নত প্রযুক্তি প্ৰৱৰ্তন কৰা ।

(ঙ) শক্তিৰ উৎস উদ্‌ঘাটনত অধিক প্রাধান্য দিয়া ।000

Type By Suman Bora