Class 12 ECONOMICS Chapter 15 Short Question Answer | Chapter 15 পৰিবেশ আৰু বহনক্ষম উন্নয়ন Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। পৰিবেশ বুলিলে কি বুজা ?

উত্তৰ : সমগ্ৰ ভূমণ্ডলীয় উত্তৰাধিকাৰ আৰু সম্পদৰ সামগ্ৰীকতাকে ‘পৰিবেশ’ বুলি কোৱা হয়। পৰস্পৰক প্রভাৱিত কৰা আটাইবোৰ জৈৱিক আৰু অজৈৱিক উপাদানক ই সাঙুৰি লয় ।

২। নবীকৰণযোগ্য সম্পদ বুলিলে কি বুজা ?

উত্তৰ : অৱক্ষয় আৰু নিঃশেষ হোৱাৰ সম্ভৱনাক নুই কৰি যিবোৰ সম্পদ ব্যৱহাৰ কৰিব পাৰি, সেইবোৰ সম্পদক ‘নবীকৰণযোগ্য সম্পদ’ বোলে। যেনেঃ অৰণ্যৰ গছ-গছনি ।

৩। অ-নবীকৰণযোগ্য সম্পদ বুলিলে কি বুজা ?

উত্তৰ : যিবোৰ সম্পদ উদঘাটন আৰু ব্যৱহাৰৰ ফলত নিঃশেষ হয়, তেনেবোৰ সম্পদকে ‘অ-নবীকৰণযোগ্য সম্পদ বোলে। যেনে : ইন্ধন; খাৰুৱা তেল।

৪। ভাৰত বৰ্ষত কিমান হেক্টৰ বনাঞ্চল আছে?

উত্তৰ : জনমূৰি ০.০৮ হেক্টৰ।

৫। বিশ্বৰ মুঠ পহুধনৰ কিমান শতাংশ ভাৰত বৰ্ষত আছে?

উত্তৰঃ ২০ শতাংশ।

৬। বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে?

উত্তৰ : ১৭ শতাংশ।

৭। বিশ্বৰ মুঠ ভৌগোলিক খণ্ডৰ কিমান শতাংশ ভাৰতবৰ্ষই আৱৰি আছে?

উত্তৰ : ২.৫ শতাংশ ।

৮। বিশ্বৰ মুঠ লো আকৰ ভাণ্ডাৰৰ কিমান শতাংশ ভাৰতত আছে?

উত্তৰ: ২০ শতাংশ ।

৯। গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় চুক্তি কেতিয়া, কত হৈছিল ?

উত্তৰ : জাপানৰ ‘কিয়ত’ (Kyoto) ত, ১৯৯৭ চনত।

১০। কেন্দ্রীয় প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ: ১৯৪৭ চনত ।

১১। ভূমিস্খলনৰ বাবে ভাৰতে বছৰি কিমান পোষক দ্রব্য হেৰুৱাবলগীয়া হয় ?

উত্তৰ : বছৰি ৫.৮ ৰ পৰা ৮.৪ নিযুত টন ।

১২।C:N.G. ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ : Compressed Natural Gas.

১৩। শক্তিৰ দুটা সেউজ কৌশলৰ উদাহৰণ দিয়া ৷

উত্তৰ : বতাহ শক্তি আৰু সৌৰ শক্তি ।

১৪। ‘আপ্পকো’ কি ?

উত্তৰ : ‘আপ্পকো’আছিল কৰ্ণাটকৰ পৰিবেশ ৰক্ষা কৰাৰ এটা আন্দোলন। আপ্পকো’ শব্দৰ অৰ্থ হ’ল সাৱটি ধৰা ।

১৫। অ’জন অৱক্ষয় বুলিলে কি বুজা ?

উত্তৰ : অ’জন অৱক্ষয়ে ষ্ট্রেট স্ফিয়াৰত অ’জনৰ পৰিমাণ হ্রাস হোৱা পৰিঘটনাক বুজায়।

১৬। গোলকীয় উষ্ণতা কি ?

উত্তৰ : গোলকীয় উষ্ণতা হ’ল পৃথিৱীত উদ্যোগিক বিপ্লৱৰ পিছৰ পৰা পৃথিৱীৰ নিম্ন স্তৰৰ বায়ুমণ্ডলৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি হোৱা অৱস্থাক বুজায় ।

১৭। বিশোষণ ক্ষমতা বুলিলে কি বুজা?

উত্তৰ : প্ৰদূষণৰ পৰা সৃষ্টি হোৱা অৱনমনক পৰিবেশৰ আত্মীয়কৰণ কৰাৰ ক্ষমতাক ‘বিশোষণ ক্ষমতা’ বোলে ।

১৮। বহনক্ষম উন্নয়ন বুলিলে কি বুজা ?

উত্তৰ : যি উন্নয়নে প্ৰজন্মসমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ অক্ষুন্ন ৰাখে তাকেই ‘বহনক্ষম উন্নয়ন’ বোলে।

১৯। সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদ্‌ঘাটনৰ হাৰ অধিক হ’লে কি হ’ব ?

উত্তৰ : সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদ্‌ঘাটনৰ হাৰ অধিক হ’লে প্রয়োজনীয় সম্পদৰ নাটনিয়ে দেখা দিয়াৰ লগতে পাৰিবেশিক সমস্যাৰ সৃষ্টি হ’ব।

খ. চমু প্রশ্নোত্তৰ :

১। তলত দিয়াবোৰক নবীকৰণযোগ্য আৰু অ নবীকৰণযোগ্য সম্পদত শ্ৰেণীবিভাজন কৰা ঃ (ক) গছ (খ) মাছ (গ) প্রেট’লিয়াম (ঘ) কয়লা (ঙ) আকৰ (চ) পানী।

উত্তৰ : নবীকৰণযোগ্য সম্পদ : গছ, মাছ, পানী। অ-নবীকৰণযোগ্য সম্পদ : গ্রেট ‘লিয়াম, কয়লা, আকৰ।

২। ভাৰতবৰ্ষত ভূমিস্খলনৰ বাবে কি পৰিমাণৰ নাইট্ৰ’জেন, ফচফৰাছ, আৰু পটাছিয়াম হেৰুৱাবলগীয়া হয় ?

উত্তৰঃ ভূমিস্খলনৰ বাবে ভাৰতবৰ্ষই ০.৮ নিযুত টন নাইট্ৰ’জেন, ১.৮ নিযুত টন ফচফৰাছ আৰু ২৬.৩ নিযুত টন পটাছিয়াম হেৰুৱাবলগীয়া হয় ।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন :

১। পৰিবেশৰ কাৰ্যাৱলীবোৰ কি কি ?

উত্তৰ : পৰিবেশৰ কাৰ্যাৱলীবোৰ হ’ল ঃ

(ক) পৰিবেশে সম্পদৰ যোগান ধৰে।

(খ) পৰিবেশে পেলনীয়া দ্ৰব্যবোৰ ভূমিৰ লগত মিহলি কৰি দিয়ে । জাতীয় আয় আৰু কল্যাণ বৃদ্ধিক বুজায় । গুৰুত্ব দিয়ে। আনহাতে বহনক্ষম উন্নয়নে পৰিবেশৰ ৰক্ষণাবেক্ষণৰ

(খ) নিৰ্বননীকৰণ।

(গ) পৰিবেশে প্রকৃতিক সৌন্দৰ্য দান কৰে।

(ঘ) পৰিবেশে জৈৱ বৈচিত্ৰতাৰ সৃষ্টি কৰে।

২। ভূমিৰ অৱনমনৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰ ঃ ভূমিৰ অৱনমনৰ কাৰণবোৰ হ’ল :

(ক) অৰণ্যভূমি বেদখল।

(খ) বনজুই আৰু চৰণীয়া পথাৰৰ মাত্ৰাধিক ব্যৱহাৰ ।

(গ) সাৰ আৰু ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ।

(ঘ) ঝুম খেতি।

(ঙ) জীৱ-জন্তুৰ খাদ্য আৰু ইন্ধনৰ বাবে ঘাঁহ-বনৰ ব্যবহাৰ।

৩। অর্থনৈতিক উন্নয়ন আৰু বহনক্ষম উন্নয়নৰ মাজত পার্থক্য দেখুওৱা ।

উত্তৰ : অর্থনৈতিক উন্নয়ন বুলিলে এখন দেশৰ প্ৰকৃত আনহাতে, বহনক্ষম উন্নয়নে প্রকৃত জাতীয় আয় বৃদ্ধিৰ লগতে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ কল্যাণৰ দিশটো সামৰি লোৱা হয়।

(খ) অর্থনৈতিক উন্নয়নে প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ হিচাপ নাৰাখে । বহনক্ষম উন্নয়নে ভৱিষ্যত প্ৰজন্মৰ ৰক্ষণাবেক্ষণৰ বাবে প্রাকৃতিক সম্পদৰ অৱক্ষয়ৰ পৰা হোৱা ক্ষতিৰ ওপৰত গুৰুত্ব দিয়ে।

(গ) অর্থনৈতিক উন্নয়ন সাধাৰণতে উন্নয়নশীল দেশবোৰত গুৰুত্ব পায়। কিন্তু উন্নত দেশবোৰে বহনক্ষম উন্নয়নৰ ওপৰত বেছি

(ঘ) অর্থনৈতিক উন্নয়নে পৰিবেশৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব নিদিয়ে। ওপৰত গুৰুত্ব দিয়ে।

৪। গোলকীয় উষ্ণতাৰ কাৰণসমূহ উল্লেখ কৰা ।

উত্তৰ : গোলকীয় উষ্ণতাৰ কাৰণসমূহ হ’ল ঃ

(ক) কয়লা আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ দহন।

(গ) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি ।

(ঘ) জন্তুৰ বৰ্জিত দ্ৰব্যই সৃষ্টি কৰা মিথেন গেছ।

(ঙ) জীৱাশ্ম ইন্ধন, ব্যৱহাৰত অৰিহনা যোগোৱা গৰু ম’হৰ সংখ্যা বৃদ্ধি।

৫। গোলকীয় উষ্ণতাৰ কু-প্ৰভাৱসমূহ উল্লেখ কৰা ।

উত্তৰ : গোলকীয় উষ্ণতাৰ কু-প্ৰভাৱসমূহ হ’ল:

(ক) মেৰু অঞ্চলত বৰফ গলাৰ ফলত সমুদ্রপৃষ্ঠৰ উৰ্দ্ধমুখী গতি আৰু উপকূলীয় প্লাবন।

(খ) গলিত বৰফৰ বাবে খোৱাপানী যোগানত ব্যাঘাত।

(গ) সঘন ক্রান্তীয় ধুমুহা বতাহ।

(ঘ) বেমাৰ-আজাৰ বৃদ্ধি ।

(ঙ) পৰিবেশৰ অৱনমন আৰু ইয়াৰ ফলত বহুত জীৱ প্ৰজাতিৰ বিলুপ্তি

৬। ভাৰত বৰ্ষৰ পৰিবেশৰ সমস্যাসমূহ কি কি?

উত্তৰ : ভাৰতবৰ্ষৰ পৰিবেশৰ সমস্যাসমূহ হ’লঃ

(ক) ভূমিৰ অৱনমন ।

(খ) জৈৱ-বৈচিত্ৰৰ ক্ষতি

(গ) বিশুদ্ধ খোৱা পানীৰ নাটনি ।

(ঘ) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি।

(ঙ) আৱৰ্জনাৰ দ’ম বৃদ্ধি ।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্ন :

১। ভাৰত বৰ্ষত বহনক্ষম উন্নয়নৰ বাবে কেইটামান পদক্ষে পৰ উল্লেখ কৰা ।

উত্তৰ : ভাৰতবৰ্ষত বহনক্ষম উন্নয়নৰ বাবে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি।

(ক) পৰিবেশৰ বহনক্ষমতাৰ ভিতৰত জনসংখ্যাৰ সীমিতকৰণ ৷

(খ) অ-নবীকৰণযোগ্য সম্পদসমূহ বহন ক্ষমতাৰ ভিত্তিত আহৰণ কৰা উচিত।

(গ) খেতি-পথাৰত জৈৱ সাৰৰ প্ৰয়োগ।

(ঘ) কার্বন-ডাই অক্সাইড গেছ নিৰ্গত কৰা কল- কাৰখানা, গাড়ী-মটৰ আদিৰ সংখ্যা হ্ৰাস কৰা ।

(ঙ) অনবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰি নবীকৰণযোগ্য সম্পদ উন্নয়ন সাধন কৰা ।

000

Type By Suman Bora