Class 12 ECONOMICS Chapter 16 Short Question Answer | Chapter 16 ভাৰতবৰ্ষ আৰু ইয়াৰ প্রতিবেশীদেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। ভাৰ অবৰ্ষৰ দুখন চুবুৰীয়া দেশৰ নাম লিখা ৷

উত্তৰ : পাকিস্থান আৰু বাংলাদেশ ।

২। পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ কোনখন ?

উত্তৰ: চীন।

৩। পাকিস্থানে কেতিয়া স্বাধীনতা লাভ কৰে ?

উত্তৰ : ১৯৪৭ চনৰ ১৪ আগষ্টত ।

৪। চীন দেশত কেতিয়া প্রজাতন্ত্র প্রতিষ্ঠা হয় ?

উত্তৰ: ১৯৪৯ চনত।

৫। ভাৰতৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ: ১৯৫১ চনত ।

৬। চীন দেশৰ দশম পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা।

উত্তৰ : ২০০১-০৬ চন।

৭। ১৯৯৮ চনলৈ পাকিস্থানে কেইখন পঞ্চবার্ষিক পৰিকল্পনা হাতত লৈছে?

উত্তৰ : ৮ খন।

৮। চীনত কোন চনত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হয় ?

উত্তৰ: ১৯৫৩ চনত ।

৯। পাকিস্থানত প্রথম পাঁচ বছৰীয়া পৰিকল্পনাটো কি নামৰে পৰিচিত ?

উত্তৰ: Medium Term Plan.

১০। পাকিস্থানত প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা কোন চনত আৰম্ভ হয় ?

উত্তৰ: ১৯৫৬ চনত ।

১১। চীন, ভাৰত বৰ্ষ আৰু পাকিস্থান এই তিনিখন দেশৰ ভিতৰত কোনখন দেশৰ জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি?

উত্তৰ : চীন দেশৰ ।

12। Great Leap Forward (GLF) অভিযান কোন চনত আৰম্ভ হয় ?

উত্তৰ : ১৯৫৮ চনত ।

১৩। ভাৰত, চীন, পাকিস্থান – এই তিনিখন দেশৰ কোনখন দেশ ভৌগোলিক পৰিসৰত ডাঙৰ ?

উত্তৰঃ চীন।

১৪। পাকিস্থানৰ জনসংখ্যা ভাৰত বা চীনৰ জনসংখ্যাৰ কিমান অংশ ?

উত্তৰ : দহভাগৰ এভাগ।

১৫। পৃথিৱীত বসবাস কৰা প্ৰতি ছয়জন লোকৰ ভাৰত আৰু চীনৰ লোকৰ সংখ্যা কিমান ?

উত্তৰ : পৃথিৱীত বসবাস কৰা প্ৰতি ছয়জন লোকৰ এজন ভাৰতীয় আৰু এজন চীন দেশীয়।

১৬। কোন চনত পাকিস্থানত মূলধনজাত সামগ্ৰীৰ উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয় ?

উত্তৰ:১৯৭০ চনত।

১৭। ভাৰত আৰু পাকিস্থানে গ্ৰহণ কৰা পৰিকল্পনাৰ প্রধান কৌশল কি ?

উত্তৰ : এক বৃহৎ ৰাজহুৱা খণ্ডৰ সৃষ্টি কৰা আৰু সামাজিক উন্নয়নৰ বাবদ ৰাজহুৱা ব্যয় বৃদ্ধি কৰা ।

১৮। ভাৰতৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়কাল উল্লেখ কৰা ।

উত্তৰ : ২০০২-০৭ চন।

১৯। আন্তর্জাতিক বাণিজ্যত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ কিমান ?

উত্তৰ : ০.০৮ শতাংশ।

২০। চীনৰ মুঠ ঘৰুৱা উৎপাদনলৈ কোন খণ্ডই সর্বাধিক বৰঙণি যোগায় ?

উত্তৰ : নিৰ্মাণ খণ্ডই।

২১। চীন দেশত জনসংখ্যা বৃদ্ধিৰ নিম্ন হাৰৰ কাৰণ নিম্ন কি ?

উত্তৰ : ১৯৭০ দশকৰ শেষ ভাগত চীন দেশত ‘এটি সন্তান নীতি’ গ্ৰহণৰ বাবে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ

২২। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ ‘ হয়?

উত্তৰঃ ১৯৯১ চনত ।

২৩। পাকিস্থানত কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল ?

উত্তৰ: ১৯৮৮ চনত ।

২৪। চীনদেশত অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ : ১৯৭৮ চনত ।

২৫। ২০০৩ চনত চীনত প্ৰসূতি মৃত্যুৰ হাৰ কিমান আছিল ?

উত্তৰ : এখ লাখ শিশুৰ জন্মৰ হওঁতে প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ আছিল ৫০ জনী।

খ. চমু প্রশ্নোত্তৰ :

১। ২০০৩ চনত চীন, ভাৰত আৰু পাকিস্থানৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা কিমান আছিল ?

উত্তৰ : ২০০৩ চনত ভাৰত, চীন আৰু পাকিস্থানৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা আছিল নিম্নৰূপ ঃ

ভাৰত: ৩৪.৭%

চীনঃ ১৬.৬%

পাকিস্থান : ১৩.৪%

২। শীতল যুদ্ধৰ পৰৱৰ্তীকালত বিশ্বৰ বিভিন্ন দেশে দেশীয় অর্থনীতি টনকীয়াল কৰিবৰ কাৰণে গঠন কৰা আঞ্চলিক আৰু গোলকীয় জোঁটবোৰ কি কি ?

উত্তৰ : শীতল যুদ্ধৰ পৰৱৰ্তীকালত বিশ্বৰ বিভিন্ন দেশে দেশীয় অর্থনীতি টনকীয়াল কৰিবৰ কাৰণে তলত দিয়া আঞ্চলিক আৰু গোলকীয় জোঁটসমূহ গঠন কৰিছিল :

(ক) ছার্ক (SAARC)

(খ) ইউৰোপীয়ান ইউনিয়ন (EU)

(গ) আছিয়ান (ASEAN)

(ঘ) জি-৮ (G-8)

(ঙ) জি-২০ (G-20) আদি ।

৪। ২০০৩ চনত ভাৰত, চীন আৰু পাকিস্থানৰ জন্মকালীন জীৱন প্ৰত্যাশা কিমান আছিল ?

উত্তৰ : ২০০৩ চনত ভাৰত, চীন আৰু পাকিস্থানৰ জন্মকালীন জীৱন প্রত্যাশা তলত উল্লেখ কৰা ধৰণৰ আছিলঃ ভাৰত : ৬৩.৩ চীনঃ ৭১.৬ পাকিস্থানঃ ৬৩.০

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। ১৯৫৮ চনত চীনত গ্ৰহণ কৰা ‘গ্রেট লীপ ফৰৱাৰ্ড” (Great Leap Forward) অভিযানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চীন দেশে ১৯৫৮ চনত ‘গ্ৰেট লীপ ফৰৱাৰ্ড’ (Great Leap Forward) অভিযান আৰম্ভ কৰে ৷ এই অভিযানৰ উদ্দেশ্য আছিল গোটেই দেশ ব্যাপি প্ৰচুৰ পৰিমাণে উদ্যোগীকৰণ কৰা। এই অভিযানে জনসাধাৰণক উদ্যোগ প্ৰতিষ্ঠানৰ বাবে উৎসাহ প্রদান কৰিছিল। চীনৰ গাওঁ অঞ্চলত ক্ষুদ্র ক্ষুদ্ৰ প্ৰজা-সংঘ গঠন আৰম্ভ হৈছিল ৷ প্রজা সংঘ ব্যৱস্থাত মানুহে সামূহিকভাৱে খেতি কৰিছিল । ১৯৫৮ চনত গোটেই চীন দেশত কৃষক সমাজক সামৰি ২৬,০০০ প্রজা সংঘ গঠন হৈছিল। চীনৰ অৰ্থনীতিৰ দ্ৰুত উন্নয়নৰ বাবে গ্ৰহণ কৰা এই আঁচনিয়ে দুটা সমস্যাৰ সন্মুখীন হৈছিল। যেনে ঃ

(ক) দেশত খৰাং বতৰে দেখা দিছিল। ফলত ৩০ নিযুত মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ।

(খ) ছোভিয়েত ৰাছিয়াৰ সৈতে কেতবোৰ বিষয়ত মতানৈক্যই দেখা দিছিল। ফলত চীন দেশত কৰ্মৰত কছ বিশেষজ্ঞসকলক ৰুচ চৰকাৰে চীন দেশৰ পৰা ওভতাই নিছিল। ফলস্বৰূপে চীনৰ উদ্যোগিকৰণৰ গতি স্থবিৰ হৈ পৰিছিল।

২। চীনত গ্ৰহণ কৰা ‘এটি সন্তান নীতি’ৰ তাৎপর্য কি ?

উত্তৰঃ চীন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ওপৰত প্ৰৱল চাপ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত দেশখনে জনসংখ্যা হ্ৰাস কাৰৰ বাবে ‘এটি সন্তান নীতি’ গ্ৰহণ কৰে। এই নীতি অনুসৰি বিবাহিত পুৰুষ মহিলাই সিহঁতৰ সন্তান সংখ্যা এটিতেই সীমাবদ্ধ কৰি ৰাখিব লগা হয়। এই নীতিৰ জৰিয়তে চীনে বর্তমান জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণলৈ আনিছে।

৩। পাকিস্থানত অর্থনৈতিক বৃদ্ধিৰ হাৰ মন্থৰ আৰু দৰিদ্ৰতা বৃদ্ধিৰ কাৰণসমূহ কি কি ?

উত্তৰ : পাকিস্থানত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ মন্থৰ আৰু দৰিদ্ৰতা বৃদ্ধিৰ কাৰণসূমহ তলত উল্লেখ কৰা হ’ল

(ক) পাকিস্থানত কৃষি পদ্ধতি সম্পূর্ণ আধুনিকীকৰণ হোৱা নাই। কৃষকসকলে আওপুৰণি পদ্ধতিৰেই কৃষি কৰি আছে। ফলত জনসংখ্যা বৃদ্ধিৰ অনুপাতে খাদ্য শস্যৰ উৎপাদন বৃদ্ধি হোৱা নাই । প্রথমতে ই কৃষি, বৈদেশিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত সংস্কাৰৰ সূচনা কৰে। ইয়াৰ পিছত উদ্যোগ খণ্ডত সংস্কাৰ আৰম্ভ কৰে। সাধাৰণতে ব্যক্তিগত খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানসমূহক নিজাববীয়াকৈ উৎপাদনৰ কৰ্তৃত্ব প্রদান কৰে। এইদৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহ পৰস্পৰ প্ৰতিযোগীতাৰ মুখামুখী হ’বলৈ এৰি দিয়া হয়। এই সংস্কাৰমূলক প্ৰক্ৰিয়াত দ্বৈত-দৰ ব্যৱস্থা প্রচলিত হয়।

(গ) দেশত মাজে মাজে দেখা দিয়া প্রাকৃতিক দুৰ্যোগ যেনেঃ খাবতৰ,বানপানী আদিৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখী হ’বলৈ বিশ্ববেংক আৰু আন্তঃর্জাতিক মুদ্ৰা নিধিৰ পৰা পাকিস্থানে যথেষ্ট পৰিমাণে ঋণ গ্ৰহণ কৰিছে। গতিকে দেশৰ আয়ৰ এক বৃহৎ অংশ সেই ঋণৰ সুদ পৰিশোধ কৰোতেই ব্যয় হয়। ফলত উন্নয়ন ব্যাহত হৈছে।

৪। ব্যক্তি স্বতন্ত্ৰতাৰ নিৰ্দেশকৰ সংজ্ঞা দি কেইটামান উদাহৰণ দিয়া।

উত্তৰ : যি নিৰ্দেশকে ব্যক্তিৰ সামাজিক আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গণতান্ত্রিক অংশ গ্ৰহণৰ ব্যাপ্তিৰ মাপসূচক বুজায়, তাকে ‘ব্যক্তি স্বতন্ত্ৰতাৰ নিৰ্দেশক’ বুলি কোৱা হয়। উদাহৰণস্বৰূপে : নাগৰিক অধিকাৰৰ সাংবিধানিক সুৰক্ষাৰ ব্যপ্তিৰ নিৰ্দেশক, মানৱ উন্নয়নৰ সূচক ইত্যাদি।

৫। চীনত ১৯৭৮ চনত গ্ৰহণ কৰা অর্থনৈতিক সংস্কাৰসমূহ কি কি ?

উত্তৰ : চীনত দ্রুত অর্থনৈতিক বিকাশৰ বাবে ১৯৭৮ চনত অর্থনৈতিক সংস্কাৰ হাতত লয় ।

প্রথমতে ই কৃষি, বৈদেশিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত সংস্কাৰৰ সূচনা কৰে। ইয়াৰ পিছত উদ্যোগ খণ্ডত সংস্কাৰ আৰম্ভ কৰে। সাধাৰণতে ব্যক্তিগত খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানসমূহক নিজাববীয়াকৈ উৎপাদনৰ কৰ্তৃত্ব প্রদান কৰে। এইদৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহ পৰস্পৰ প্ৰতিযোগীতাৰ মুখামুখী হ’বলৈ এৰি দিয়া হয়। এই সংস্কাৰমূলক প্ৰক্ৰিয়াত দ্বৈত-দৰ ব্যৱস্থা প্রচলিত হয়। 000

Type By Suman Bora