Class 12 ECONOMICS Chapter 8 Short Question Answer | Chapter 8 ভাৰতীয় অৰ্থব্য়ৱস্থা (১৯৫০-১৯৯০) Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। ভাৰতবৰ্ষত কোন চনত ঔদ্যোগিক নীতি আৰম্ভ কৰা হৈছিল ?

উত্তৰ: ১৯৪৮ চনত ।

২। কোন চনত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৫০ চনত ।

৩। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ নিৰ্মাতা কোন ?

উত্তৰ : প্ৰশান্ত চন্দ্ৰ মহলানবিচ ।

৪। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?

উত্তৰ ঃ ভাৰতৰ প্ৰধান মন্ত্রী।

৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য কি ?

উত্তৰ : ভাৰতবৰ্ষৰ পঞ্চ বার্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হ’ল জীৱনৰ মানদণ্ড উন্নত কৰা, আধুনিকীকৰণ, আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সমতা স্থাপন কৰা ৷

৬। বর্তমান বিশ্বত প্ৰচলিত থকা তিনিটা অর্থনৈতিক ব্যৱস্থা কি কি ?

উত্তৰ : পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা ।

৭। স্বাধীনতাৰ সময়ত দেশখনৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষি নিৰ্ভৰশীল আছিল ?

উত্তৰ : ৭৫%।

৮। অর্থনৈতিক সমস্যাৰ তিনিটা ধৰণ কি কি ?

উত্তৰঃ কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব আৰু কাৰ বাবে উৎপাদন কৰিব ৷

৯। ভাৰতবৰ্ষৰ পৰিকল্পনাক কি পৰিকল্পনা বুলি কোৱা হয় ?

উত্তৰ : পঞ্চবার্ষিক পৰিকল্পনা

১০। পৰিপ্ৰেক্ষাত্মক পৰিকল্পনা বুলিলে কি বুজায় ?

উত্তৰ : এটা দীৰ্ঘকালীন (প্রায় ২০ বছৰ) পৰিকল্পনাক ‘পৰিপ্ৰেক্ষাত্মক পৰিকল্পনা’ বোলে।

১১। ১৯৯০ চনত সেৱা খণ্ডই মুঠ ঘৰুৱা উৎপাদনলৈ কিমান বৰঙণি আগবঢ়াইছিল ?

উত্তৰ : ৪০.৫৯ শতাংশ।

১২। কি পৰিকল্পনাই পৰিপ্ৰেক্ষাত্মক পৰিকল্পনাৰ ভেটি ৰচনা কৰে ?

উত্তৰ: পঞ্চবার্ষিক পৰিকল্পনাই।

১৩। মহলানবিচে প্রকাশ কৰা মুখ পত্ৰখনৰ নাম কি ?

উত্তৰ: ‘সংখ্যা’।

১৪। ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান কোনে, ক’ত স্থাপন কৰিছিল ?

উত্তৰ : মহলানবিচে কলকাতাত প্রতিষ্ঠা কৰিছিল।

১৫। বজাৰ বিক্রীত উদ্বৃত্ত বুলিলে কি বুজা ?

উত্তৰ : কৃষি উৎপাদনৰ যিটো অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰে, সেই অংশটোক ‘বজাৰ বিক্ৰীত উদ্বৃত্ত বুলি কোৱা হয় ।

১৬। লো আৰু তীখাৰ প্ৰকল্প থকা ভাৰতৰ দুখন ঠাইৰ নাম লিখা।

উত্তৰ : কলকাতা আৰু জামছেদপুৰ।

১৭। বিশ্ব ৰপ্তানি বাণিজ্যত ভাৰতৰ অংশ কিমান ?

উত্তৰ : ০.৪ শতাংশ।

১৮। ১৯৫৬ চনৰ ঔদ্যোগিক নীতিত কিমানটা উদ্যোগ ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি ৰখা হৈছিল ?

উত্তৰঃ ১৭ টা।

১৯। ১৯৯০ চনত ভাৰতবৰ্ষত কিমান শতাংশ লোক কৃষিকাৰ্যত নিয়োজিত হৈ আছিল ?

উত্তৰ ঃ ৬৫ শতাংশ।

২০। ‘ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ’ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ : ১৯৫৯ চনত ।

21। ‘People Plan’ কোনে গঠন কৰিছিল?

উত্তৰ : এম. এন. ৰয়।

২২। ক্ষুদ্র উদ্যোগৰ বিনিয়োগৰ পৰিমাণ কিমান ?

উত্তৰ : এক কোটি।

২৩। কোন চনত নতুন অর্থনীতি প্রচলন কৰা হয় ?

উত্তৰঃ ১৯৯১ চনত।

২৪। আমদানিকৃত সামগ্ৰীৰ ওপৰত লগোৱা এবিধ কৰৰ নাম উল্লেখ কৰা ।

উত্তৰ : আমদানি শুল্ক ।

খ. চমু প্রশ্নোত্তৰ ঃ

১। ক্ষুদ্র উদ্যোগ বুলিলে কি বুজা ?

উত্তৰ : যি উদ্যোগ গোটে সর্বোচ্চ এক কোটি টকালৈকে বিনিয়োগ কৰিব পাৰে, তাকে ‘ক্ষুদ্র উদ্যোগ’ বুলি কোৱা হয়। (১৯৫০ চনত ক্ষুদ্র উদ্যোগত বিনিয়োগৰ সৰ্বোচ্চ টকাৰ পৰিমাণ আছিল পাঁচ লাখ)।

২। ক্ষুদ্র উদ্যোগৰ এটা সুবিধা উল্লেখ কৰা ।

উত্তৰ : ক্ষুদ্র উদ্যোগে অধিক শ্রম ব্যৱহাৰ কৰে বাবে ইয়াৰ দ্বাৰা অধিকক লোকে কর্ম সংস্থান পায়।

৩। কৃষি খণ্ডত মূল নীতি বিষয়ক পদক্ষেপসমূহ কি কি ?

উত্তৰ: কৃষি খণ্ডত মূল নীতিবিষয়ক পদক্ষেপসমূহ হ’ল ভূমি সংস্কাৰ আৰু সেউজ বিপ্লৱ ।

৪। ভাৰতৰ পাঁচবিধ ৰপ্তানিজাত সামগ্ৰীৰ নাম উল্লেখ কৰা।

উত্তৰ : ভাৰতৰ পাঁচবিধ ৰপ্তানিজাত সামগ্ৰী হ’ল ঃ চাহ, কফি, মৰাপাট, কপাহী সূতা আৰু চেনি।

৫। বিস্ময়কৰ বীজ কি ?

উত্তৰঃ উচ্চ উৎপাদনক্ষম বীজকেই ‘বিস্ময়কৰ বীজ’ বুলি কোৱা হয় ৷

৬। মুঠ দেশীয় উৎপাদন বুলিলে কি বুজা ?

উত্তৰ : এটা অৰ্থ ব্যৱস্থাত নিৰ্দিষ্ট বছৰত উৎপাদিত সকলো অন্তিম ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱাৰ মুদ্ৰা মূল্যকেই মুঠ দেশীয় উৎপাদন’ বুলি কোৱা হয় ।

৭। টেৰিফ আৰু কোটাৰ এটা সুবিধা উল্লেখ কৰা ।

উত্তৰ ঃ টেৰিফ আৰু কোটাই আমদানি সীমিত কৰে আৰু ঘৰুৱা ব্যৱসায় প্ৰতিষ্ঠানসমূহক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে।

৮। ভাৰতৰ তিনিবিধ আমদানিজাত সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ তিনিবিধ আমদানিজাত সামগ্রী হলঃ ৰাসায়নিক সাৰ, পেট্ৰ’ল আৰু আভিযান্ত্ৰিক সঁজুলি ।

৯। ভাৰতীয় অর্থনীতিক কিয় মিশ্র অর্থনীতি কোৱা হয় ?

উত্তৰ : ভাৰতীয় অর্থনীতিত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্থান দেখা যায় বাবে ভাৰতীয় অর্থনীতিক ‘মিশ্র অর্থনীতি’ বুলি কোৱা হয় ৷

১০। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ অনুমোদন জনোৱা কৰ্তৃপক্ষৰ নাম কি ?

উত্তৰ : ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ অনুমোদন জনোৱা কৰ্তৃপক্ষৰ নাম হ’ল ‘ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ’।

১১। আমদানি প্রতিকল্পন কি ?

উত্তৰঃ আমদানিকৃত উচ্চ ব্যয় সম্পন্ন বস্তু বা সেৱাৰ ঘৰুৱাভাৱে উৎপাদন কৰি আমদানিৰ পৰিমাণ হ্ৰাস কৰাকে ‘আমদানি প্রতিকল্পন’বোলে।

১১। কোটা কি?

উত্তৰ : ‘কোটা’ বুলিলে সাধাৰণতে এটা নিৰ্দিষ্ট পৰিমাণৰ বা নিৰ্দিষ্ট মূল্যৰ সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰাক বুজায় ।

১২। ৰাজ সাহাৰ্য বুলিলে কি বুজা ?

উত্তৰ : ‘ৰাজ সাহাৰ্য’বুলিলে এজন ব্যক্তি বা প্রতিষ্ঠানে ক্ৰয় কৰিবলগা বস্তু বা সেৱাৰ যিটো অংশ চৰকাৰে প্ৰদান কৰে তাকে বুজায়।”

১৩। ঔদ্যোগিক নীতি বুলিলে কি বুজা ?

উত্তৰ উদ্যোগিক ত্যাগ সম্পর্কিত সকলো

১৫। ভূমি সংস্কাৰ বুলিলে কি বুজা ?

উত্তৰ: ভূমি সংস্কাৰ বুলিলে প্ৰাচীন কালৰ পৰা চলি অহা ভূমি প্ৰথাৰ সংস্কাৰ কৰাক বুজায়। কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ভূমি সংস্কাৰৰ গুৰুত্ব উপলব্ধি কৰি ভাৰতবৰ্ষত স্বাধীনোত্তৰ কালত ভূমি সংস্কাৰ আইন প্ৰণয়ন কৰা হয় ।

গ.মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। পৰিকল্পনাৰ সময়ত ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক কিয় অগ্রণী ভূমিকা প্ৰদান কৰা হৈছে?

উত্তৰঃ ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক অগ্রণী ভূমিকা প্ৰদান কৰা হৈছে। ইয়াৰ কাৰণ স্বৰূপে অর্থনীতিবিদসকলে দেখুৱাইছে যে উদ্যোগে দেশত কর্ম সংস্থাপন বৃদ্ধি কৰে, উৎপাদন উভৈনদী কৰে। বিভিন্ন উদ্যোগিক সামগ্ৰীৰ বজাৰত প্ৰতিযোগিতাৰ পৰিবেশৰ সৃষ্টি কৰে। ফলত জনসাধাৰণে কিছু কম মূল্যত সামগ্রী ক্রয় কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰে। তাৰোপৰি উদ্যোগে দেশৰ কৃষিজাত, বনজাত, খনিজাত কেঁচা সামগ্ৰীসমূহৰ উপযোগীতা বৃদ্ধি কৰে। উদ্যোগজাত বা শিল্পজাত বস্তুৰ উদ্ধৃত্তখিনি বিদেশলৈ ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰে। সেয়ে পৰিকল্পনাৰ সময়ত ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক অগ্রণী ভূমিকা প্ৰদান কৰা হৈছে।

২। আমদানি বিকল্পকরণে দেশীয় উদ্যোগসমূহক কিদৰে ৰক্ষণাবেক্ষণ দিব পাৰে?

আলোচনা কৰা । উত্তৰ : আমদানি বিকল্পকৰণ নীতিৰ উদ্দেশ্য হ’ল আমদানিকৃত সামগ্ৰীসমূহৰ সলনি ঘৰুৱা সামগ্ৰীৰ সৰবৰাহ বৃদ্ধি কৰা। এই নীতিৰ অধীনত শুল্ক আৰু কোটাৰ জৰিয়তে আমদানিকৃত দ্ৰব্যৰ মূল্য বৃদ্ধি কৰা হয় । ফলত তুলনামূলকভাৱে ঘৰুৱা উৎপাদিত সামগ্ৰীৰ মূল্য হ্রাস পায় আৰু চাহিদাও বৃদ্ধি পায়। আনকি বৈদেশিক সামগ্ৰীৰ লগত ঘৰুৱা সামগ্ৰীয়েও প্রতিযোগিতাত তিষ্টি থাকিব পাৰে। এনেদৰে আমদানি বিকল্পকৰণে দেশীয় উদ্যোগসমূহৰ ‘ ৰক্ষণাবেক্ষণ দিয়ে।

৩। কৃষি খণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্রয়োজনীয়তা উল্লেখ কৰা ৷

উত্তৰ : কৃষিখণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ’ল:

(ক) ভূমিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।

(খ) কৃষিৰ উন্নয়নৰ পথত থকা বাধাসমূহ আঁতৰ কৰা।

(গ) প্রকৃত কৃষকক ভূমিৰ ওপৰত অধিকাৰ দিয়া।

(ঘ) সামাজিক অসমতা আঁতৰ কৰা ।

(ঙ) সমবায় ভিত্তিত কৃষি কৰাৰ বাবে কৃষকসকলক উৎসাহ দিয়া।

৪। ভাৰত বৰ্ষত ভূমি সংস্কাৰ কাৰ্যকৰী কৰাৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা ।

উত্তৰঃ ভাৰতবৰ্ষত ভূমি সংস্কাৰ কাৰ্যকৰী কৰাৰ বাবে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াব পাৰি

(ক) চিলিং আইনৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্য চৰকাৰবোৰৰ মাজত সমতা স্থাপন কৰা ।

(খ) যিবিলাক ৰাজ্যত ৰায়তসকলক মাটিৰ মালিকীস্বত্ব প্ৰদানৰ কাৰণে উপযুক্ত আইন প্ৰণয়ন কৰা হোৱা নাই, সেইবোৰ ৰাজ্যত শীঘ্ৰেই উপযুক্ত আইন প্রণয়ন কৰি তাক কাৰ্যকৰী কৰা। ‘

(গ) কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে ভূমিৰ একত্ৰীকৰণ ব্যৱস্থা অনতিপলমে বাস্তৱায়িত কৰা।

(ঘ) ভূমি সংক্রান্ত সকলো নথি-পত্র প্রণালীবদ্ধভাৱে ৰখা।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্ন :

১। ১৯৯১ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা ঔদ্যোগিক নীতি আলোচনা কৰা ।

উত্তৰ : ১৯৯১ চনত নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰে এক নতুন ঔদ্যোগিক নীতি ঘোষণা কৰে। ইআছিল এক উদানৈতিক উদ্যোগ নীতি। এই উদ্যোগ নীতিৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতীয় ঔদ্যোগিক অর্থনীতিক আমোলতান্ত্রিক নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ লগতে মুক্ত উদাৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা । এই উদ্যাগ নীতিৰ প্ৰধান ব্যৱস্থাসমূহ আছিল নিম্নৰূপ

(ক) ১৯৯১ চনৰ ঔদ্যোগিক নীতিত কেইটামান নির্দিষ্ট উদ্যোগৰ বাহিৰে সকলোবোৰ ঔদ্যোগিক অনুজ্ঞাপত্ৰ লোৱাৰ ব্যৱস্থা বাতিল কৰা ৷

(খ) নতুন ঔদ্যোগিক নীতিত ৰাজহুৱা খণ্ডৰ ৰাবে সংৰক্ষিত ১৭ খনৰ বিপৰীতে ৮ খনলৈ হ্ৰাস কৰা ।

(গ) একচেটিয়া আৰু অন্তৰায়মূলক ব্যৱসায় আইন অনুসৰি নিৰ্ধাৰিত পৰিমাণৰ সম্পদ থকা যি কোনো প্রতিষ্ঠানক MRTP প্রতিষ্ঠান বুলি ঘোষণা কৰা ৷

২। ভাৰতৰ অৰ্থনৈতিক উন্নয়নত কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা আলোচনা কৰা ৷

উত্তৰঃ ভাৰতৰ অৰ্থনৈতিক উন্নয়নত কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ১৯৬৫ চনলৈ ভাৰতৰ ক্ষুদ্র উদ্যোগসমূহত ভাৰতৰ মুঠ শ্রমিকৰ ৩২.৫ শতাংশ শ্ৰমিক নিয়োজিত হৈ আছিল। ভাৰতৰ অৰ্থনীতিলৈ ক্ষুদ্র উদ্যোগ আৰু কুটিৰ শিল্পৰ ভূমিকা তলত আলোচনা কৰা হ’ল –

(ক) কৰ্ম সংস্থানৰ সুবিধা ঃ বৃহৎ উদ্যোগসমূহৰ তুলনাত কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ কৰ্ম সংস্থানৰ সুবিধা অধিক । ১৯৫১ চনত ক্ষুদ্ৰ উদ্যোগত ২০ নিযুত লোকে কর্ম সংস্থাপন পাইছিল। ১৯৮০ চনত ভাৰতত থকা প্ৰায় আঠ লাখ ক্ষুদ্র উদ্যোগত ৭০ লাখ লোকে কর্মসংস্থাপন পাইছিল।

(খ) ঔদ্যোগিক বিকেন্দ্ৰীকৰণ আৰু আঞ্চলিক বৈষম্য দূৰীকৰণঃ ভাৰতত আঞ্চলিক বৈষম্য দূৰীকৰণত আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে শিল্পৰ বিকেন্দ্ৰীকৰণৰ প্ৰয়োজন অনুভৱ কৰি ক্ষুদ্ৰ উদ্যোগসমূহক অধিক সুবিধা প্রদান কৰি সামাজিক বৈষম্য আতঁৰ কৰাত ক্ষুদ্র উদ্যোগে ভাল ভূমিকা গ্ৰহণ কৰিছে।

(গ) নিষ্ক্রিয় সম্পদৰাজিৰ সদ্ব্যৱহাৰ : ক্ষুদ্র উদ্যোগসমূহৰ জৰিয়তে নিষ্ক্রিয় আৰু অৱহেলিত সম্পদৰাজিৰ সদ্ব্যৱহাৰ হৈছে। মানুহে গোপনে সাঁচি ৰখা ধন, অৱহেলিত সঞ্চিত পুঁজি, স্থানীয় কেঁচামাল আদি ক্ষুদ্র উদ্যোগসমূহত ব্যৱহাৰ হৈছে।

(ঘ) জাতীয় আয়লৈ বৰঙণি : কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহে জাতীয় আয়লৈ বিশেষ বৰঙণি আগবঢ়াই আছে। ১৯৭১ চনত এই উদ্যোগসমূহৰ উৎপাদনৰ পৰিমাণ ৪০৫০ কোটিৰ পৰা ১৯৮০ চনত ইয়াৰ পৰিমাণ ১১,০০০ কোটিলৈ বৃদ্ধি পায়।

(ঙ) ৰপ্তানি বৃদ্ধিঃ কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগত উৎপাদিত দ্রব্য-সামগ্ৰী বৈদেশলৈ ৰপ্তানি কৰি ভাৰতে যথেষ্ট বৈদেশিক ‘ মুদ্ৰা অৰ্জন কৰি আহিছে। ১৯৮১ চনত ইয়াৰ মূল্য আছিল ১,০০০ কোটি টকা।

৩। ভাৰতৰ ঔদ্যোগিক নীতিৰ প্ৰতিবন্ধকতাসমূহ আলোচনা কৰা ।

উত্তৰঃ ভাৰতৰ ঔদ্যোগিক উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) মূলধনৰ অভাৱ ঃ ভাৰতবৰ্ষত অতি নিম্ন হাৰত হোৱা উদ্যোগিক উন্নয়নৰ অন্যতম কাৰণ হ’ল প্রয়োজনীয় মূলধনৰ অভাৱ।

(খ) ৰাজনৈতিক কাৰণঃ ঔপনিবেশিক শাসন কালত ভাৰতক কেঁচামালৰ সৰবৰাহকাৰী দেশৰূপে প্ৰস্তুত কৰা হৈছিল। ফলত উদ্যোগিক উন্নয়নৰ ভেটি দুৰ্বল হৈছিল।

(গ) সুদক্ষ শ্রমিকৰ অভাৱ : ভাৰতত কাৰিকৰী শিক্ষাৰ অভাৱৰ বাবে সুদক্ষ শ্রমিকৰ অভাৱ। ফলত উদ্যোগৰ আশানুৰূপ উন্নয়ন হোৱা নাই।

(ঘ) কৃষিৰ উৎপাদনৰ তাৰতম্য কৃষি পণ্ডত উন্নয়ন স্থিৰতাৰ অভাৱৰ কাৰণেও উদ্যোগ খণ্ডত উৎপাদন ব্যয় বৃদ্ধি পাইছে। গতিকে কৃষিৰ অৱস্থা বেয়া হোৱাৰ ফলত দেশৰ ঔদ্যোগিক খণ্ডৰ প্ৰগতি ব্যহৃত হৈছে।

(ঙ) পৰিবহন আৰু যোগাযোগৰ ব্যৱস্থাৰ অভাৱ ভাৰতত যথোপযুক্ত পৰিবহন আৰু যোগাযোগৰ অসুবিধাৰ বাবেও কেঁচামাল সৰবৰাহ, শ্ৰমৰ চলাচল, উৎপাদিত দ্রব্যৰ বজাৰ পোৱাত অসুবিধা হয়। ফলত উদ্যোগৰ উন্নয়ন আশানুৰূপ হোৱা নাই।

৪। ভাৰতৰ কৃষি ব্যৱস্থাই সন্মুখীন হোৱা সমস্যাসমূহ আলোচনা কৰা।

উত্তৰ : ভাৰতৰ কৃষি ব্যৱস্থাই সম্মুখীন হোৱা সমস্যাসমূহ তলত উল্লেখ কৰা হ’ল ঃ

(ক) কৃষি ভূমিৰ ওপৰত অত্যধিক হেঁচা ঃ ভাৰতৰ কৃষিৰ নিম্ন উৎপাদিকা শক্তিৰ এক অন্যতম কাৰণ হৈছে জনসংখ্যাৰ তুলনাত সীমিত কৃষি ভূমি। ভাৰতৰ জনসংখ্যাৰ ৬০ শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও সেইঅনুপাতে কৃষি ভূমিৰ অনুপাত কম।

(খ) আওপুৰণিকৃষি পদ্ধতি ঃ ভাৰতৰ কৃষিখণ্ডত বিজ্ঞানৰ এই চৰম উন্নতিৰ যুগতো আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সৰ্বাত্মক হোৱা নাই। বহু কৃষকে এতিয়াও নাঙলেৰেই কৃষি * কাৰ্য চলাই আছে। ফলত উৎপাদন বৃদ্ধি হোৱা নাই।

(গ) মূলধনৰ অভাৱ : ভাৰতৰ অধিকাংশ কৃষকে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰে। সিহঁতে কৃষিৰ আধুনিক প্রযুক্তি ব্যৱহাৰ কৰাৰ বাবে মূলধনৰ অভাৱৰ সন্মুখীন হয় ।

(ঘ) উপযুক্ত জলসিঞ্চনৰ অভাৱ ঃ ভাৰতৰ কৃষি ব্যৱস্থা এতিয়াও মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল। দেশৰ মুঠ শস্য ক্ষেত্ৰৰ মাত্ৰ ৩৩ শতাংশতহে পানী যোগানৰ ব্যৱস্থা আছে।

(ঙ) কৃষি গৱেষণাৰ অভাৱ ঃ কৃষিৰ উন্নয়নৰ বাবে কৃষি গৱেষণাৰ অতীৱ প্ৰয়োজন। কিন্তু ভাৰতত প্ৰয়োজনীয় কৃষি গৱেষণাৰ অভাৱ পৰিলক্ষিত হয়।

(চ) বজাৰ আৰু মজুতকৰণৰ অসুবিধা ঃ ভাৰতবৰ্ষত কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ বাবে উপযুক্ত সংগঠিত বজাৰৰ অভাৱ। ইয়াৰ উপৰিও গ্ৰাম্যাঞ্চলত উপযুক্ত মজুতকৰণৰ বাবে ভঁৰাল, শীতপণ্যাগাৰ আদিৰ অভাৱ ৷

(ছ) কৃষিভূমিৰ বিভাজন ঃ ভাৰতবৰ্ষৰ সামাজিক প্রথা অনুযায়ী পুৰুষানুক্ৰমে ভূমি বিভাজন হোৱাৰ ফলত খেতিয়কৰ কৃষিভূমিৰ পৰিমাণ কমি আহিছে। ফলত কৃষকে তেওঁলোকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষি ভূমিত আধুনিক প্রযুক্তি প্ৰৱৰ্তন কৰিব পৰা নাই।

৫। ভাৰতৰ কৃষিখণ্ডই সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ কাৰণে কিছুমান পৰামৰ্শ আগবঢ়োৱা । কৃষিখণ্ডই সম্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে তলত দিয়া পৰামৰ্শসমূহ আগবান পাৰি

(ক) কৃমি ভূমিৰ ওপৰত হেঁচা হ্ৰাস কৃষি উন্নয়ন বাবে কৃমি ভূমিৰ ওপৰত অত্যধিক জনসংখ্যাৰ হেঁচা হ্রাস কৰিব লাগিব। উদ্বৃত্ত কৃষকৰ বাবে বিকল্প ব্যবস্থা গ্ৰহণ কৰিব লাগিব।

(খ) গৱেষণা আৰু প্ৰশিক্ষণ : কৃষিৰ উন্নয়নৰ বাবে চৰকাৰে কৃষি গৱেষণাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। কৃষকসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

(গ) কৃষি ভূমিৰ একত্ৰীকৰণ : ভাৰতবৰ্ষত পুরুষানুক্রমে বিভাজিত হোৱা কৃষি ভূমি একত্ৰীকৰণ কৰি সমবায় ভিত্তিত কৃষি কৰাৰ পৰম্পৰাৰ সৃষ্টি কৰিও কৃষিভূমিৰ উৎপাদন বৃদ্ধি কৰিব পাৰি।

(ঘ) উপযুক্ত বজাৰৰ সৃষ্টি : ভাৰতত যোগাযোগ আৰু পৰিবহন ব্যৱস্থাৰ অসুবিধাৰ বাবে কৃষিজাত সামগ্রী বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱ। এই অভাৱ পূৰণ কৰিবলৈ যোগাযোগ আৰু পৰিকল্পিত বজাৰ, মজুতকৰণৰ বাবে উপযুক্ত ভঁৰাল, শীত পন্যাগাৰ আদিৰ ব্যৱস্থা কৰিব লাগে ।

(ঙ) আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰঃ ভাৰতৰ কৃষিৰ উন্নয়নৰ বাবে পুৰণিকলীয়া কৃষি পদ্ধতিৰ পৰিৱৰ্তে আধুনিক প্রযুক্তি ব্যৱহাৰ কৰা অতীৱ প্ৰয়োজন। ইয়াৰ বাবে চৰকাৰে কৃষককলক ৰেহাই মূল্যত পাৱাৰ টিলাৰ, ৰাসায়নিক আৰু জৈৱিক সাৰ, কৃষি ঋণ আৰু আধুনিক প্ৰযুক্তিগত সামগ্ৰী যোগান ধৰিব লাগিব ।

৬। কৃষি ক্ষেত্ৰত প্ৰৱৰ্তন কৰা সেউজ বিপ্লৱৰ ত্রুটিসমূহ উল্লেখ কৰা ।

উত্তৰ : কৃষি ক্ষেত্ৰত সেউজ বিপ্লৱে উৎপাদনৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগাইছিল যদিও ইয়াৰ কিছু ত্রুটিও আছে। যেনে

(ক) সেউজ বিপ্লৱ সাধাৰণতে খাদ্য শস্য বিশেষকৈ ধান আৰু ঘেঁহু উৎপাদনতে সীমাবদ্ধ আছিল ফলত বাণিজ্যিক শস্য উৎপাদনত কোনো উন্নয়ন দেখা নগৈছিল ৷

(খ) বিংশ শতাব্দীৰ ষাঠিৰ দহকত আৰম্ভ হোৱা সেউজ বিপ্লৱ ভাৰতৰ কেইখনমান ৰাজ্য যেনে – পঞ্জাৱ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদিত সীমাবদ্ধ আছিল। সেয়ে সেউজ বিপ্লৱৰ সুফলৰ পৰা বাকী ৰাজ্যবোৰ বঞ্চিত হয় ৷

(গ) সেউজ বিপ্লৱৰ সুবিধা অকল বৃহৎ পৰিমাণৰ কৃষি ভূমি থকা কৃষকসকলেহে গ্ৰহণ কৰিব পাৰিছিল। ক্ষুদ্র খেতিয়কে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈছিল।

(ঘ) সেউজ বিপ্লৱে কৃষি ভূমিত আধুনিক কৌশল প্রয়োগ কৰাত নিবনুৱা সমস্যাই দেখা দিয়ে। বৃহৎ ভূমি

থকা কৃষকে ভূমি নথকা শ্রমিক সকলক শোষণ কৰিছিল ।000

Type By Suman Bora