Class 12 EDUCATION Chapter 8 Short Question Answer | Class 12 EDUCATION Chapter 8 শিক্ষা বিজ্ঞানত পৰিসংখ্যা Short Answer |

ক. খালী ঠাই পূৰ্ণ কৰাঃ

১। অনুমিত গঢ় পদ্ধতিত, অনুমিত গঢ় হৈছে কোনো এটা শ্রেণী অন্তৰালৰ ———-।

উত্তৰঃ মধ্যবিন্দু।

৩। কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ পৰা ৰাশিসমূহ কেনেদৰে প্ৰসাৰিত হৈ থাকে তাক জানিবৰ বাবে ব্যৱহাৰ কৰা জোখক ———- বোলে।

উত্তৰঃ ভেদ্যতা বা বিচ্যুতি ।

৪। যিটো ৰাশিৰ তলত আমি আধাৰ ৰাশি পাওঁ তাক ———— বোলে।

উত্তৰঃ মধ্যমা।

৫। সর্বোচ্চ আৰু সৰ্বনিম্ন ৰাশিৰ ব্যৱধানক ———- বোলে।

উত্তৰ : প্ৰসাৰ ।

৬। প্ৰসাৰ হৈছে ———– ৰ জোখ ।

উত্তৰ : ভেদ্যতাৰ ৷

৭। আয়ত চিত্ৰ হৈছে ————ৰেখাচিত্র।

উত্তৰ : সৰল ।

৮। বহুভূজত বাৰংবাৰতাবোৰ ———- অংকন কৰা হয় ৷

উত্তৰ: OY ।

১১। হিষ্টোগ্ৰামত প্ৰতিটো শ্ৰেণীৰ সমকোণী ত্ৰিভূজ ———– ৰ ভিত্তিত ।

উত্তৰঃ ৰাশিসমূহ।

১০। হিষ্টোগ্ৰামত প্ৰতিটো সমকোণী ত্ৰিভূজৰ ক্ষেত্রফল হ’ল———- ৰ আনুপাতিক ।

উত্তৰ : বাৰংবাৰতা।

১২। ———চিত্ৰ হৈছে এটা স্তম্ভ চিত্ৰ যাৰ মাজত ব্যৱধান নাথাকে।

উত্তৰ ঃ আয়ত ।

১৩। ——–—উপযুক্তভাৱে এটা সৰল ৰেখা চিত্ৰ ।

উত্তৰঃ বাৰংবাৰতা বহুভূজ ।

খ. শুদ্ধনে অশুদ্ধ কোৱা ঃ

১। কেন্দ্ৰীয় প্ৰৱণতা হৈছে ৰাশিসমূহক প্ৰতিনিধিত্ব কৰা ৰাশি ।

উত্তৰ : শুদ্ধ।

২। সীমামূৰীয়া দুই এটা সামগ্ৰীৰ আচল মান দিয়া নাথাকিলেও মধ্যমা নিৰ্ণয় কৰিব পাৰি।

উত্তৰ : শুদ্ধ।

৩। বহুভূজ বাৰংবাৰ্তাসমূহ OX অক্ষত বহুওৱা হয়।

উত্তৰ: অশুদ্ধ।’

৪। গড় হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ এক বিশ্বাসযোগ্য জোখ।

উত্তৰ : শুদ্ধ।

৫। আমি পৰিসংখ্যা, পৰিসংখ্যাৰ পৰা, পৰিসংখ্যাৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰো ।

উত্তৰ : শুদ্ধ।

৬। পাইনক্সা হ’ল উৎপাদন পর্যন্ত ভাঙি পেলোৱা এটা চক্র।

উত্তৰ : শুদ্ধ।

৭। সৰ্বোচ্চ ৰাশি আৰু সৰ্বনিম্ন ৰাশিৰ মাজৰ ব্যৱধানক প্ৰসাৰ বোলে।

উত্তৰ : শুদ্ধ।

৮। মধ্যমা বিতৰণৰ চৰম মানৰ প্ৰতি সংবেদনশীল।

উত্তৰ : অশুদ্ধ।

৯। প্রথম চতুর্থক এনে এটা ৰাশি যাৰ তলত সামগ্রী ৰাশিৰ ৭৫ শতাংশ থাকে।

উত্তৰ : অশুদ্ধ।

১০। মধ্যমান সর্বোচ্চ মূল্যৰ দ্বাৰা প্ৰভাৱিত হয়।

উত্তৰ : অশুদ্ধ।

১১। বহুলক ৰাশি প্ৰসাৰৰ দ্বাৰা প্ৰভাৱিত নহয় ।

উত্তৰ : শুদ্ধ।

১২। মধ্যমান হৈছে শ্রেণী অন্তৰালৰ মাজৰ ৰাশি ৷

উত্তৰ : শুদ্ধ।

১৩। বহুভূজ হৈছে সৰলৰেখা চিত্ৰ।

উত্তৰ : শুদ্ধ।

গ. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া :

১। আয়ত চিত্ৰক কিয় অবিচ্ছিন্ন স্তম্ভ চিত্ৰ বুলি কোৱা হয় ?

উত্তৰ : আয়তক্ষেত্ৰৰ বাৰংবাৰ্তা উচ্চতা অনুসৰি আঁকা বাবে একো একোটা স্তম্ভৰ দৰে দেখা যায়। সেইবাবে আয়ত চিত্রক অবিচ্ছিন্ন স্তম্ভ চিত্ৰ বুলি কোৱা হয় ।

২। পাই চিত্র কি ?

উত্তৰ : পাই চিত্ৰ হৈছে এটা গুৰুত্বপূৰ্ণ ৰেখা চিত্ৰ । পাই চিত্ৰত বৃত্ত এটাক প্ৰয়োজন অনুসৰি খণ্ড খণ্ড কৰি লোৱা হয়। ইয়াৰ প্ৰত্যেক বৃত্তাংশই তথ্য ৰাশিৰ নিৰ্দিষ্ট কোনো অংশক বুজায় ।

৩। বাৰংবাৰ্তা কাক বোলে ?

উত্তৰ : অবিন্যক্ত সংখ্যাবোৰক শৃঙ্খলাবদ্ধভাৱে সজোৱাটোক বাৰংবাৰতা বিভাজন বুলি কোৱা হয়। একোটা সমান দৈৰ্ঘৰ হোৱা উচিত ।

৪। শ্রেণী ব্যৱধান বুলিলে কি বুজা ?

উত্তৰ : পৰিসংখ্যা বিজ্ঞানত সংগৃহীত তথ্যসমূহক প্রয়োজন অনুসৰি শ্ৰেণী বিভাজন কৰিব লগা হয়। প্ৰতিটো শ্রেণীকে একো একোটা শ্ৰেণী ব্যৱধান বুলি কোৱা হয়। সকলোবোৰ শ্ৰেণী ব্যৱধান সমান দৈৰ্ঘৰ হয়।

৫। বাৰংবাৰ্তা বিভাজন তালিকা কি ?

উত্তৰঃ বিশৃঙ্খল সংখ্যাবোৰক শৃঙ্খলাবদ্ধভাৱে সজাই তালিকা ভুক্ত কৰাকে বাৰংবাৰতা বিভাজন তালিকা বোলে। তালিকাভূক্তকৰণে তথ্যসমূহক এক নতুন ৰূপ প্ৰদান কৰে । ফলত বুজাত সহজ হয়।

৫। উপস্থাপনীয় ৰেখাচিত্ৰ কি কি ?

উত্তৰ : কোনো পৰিমাপণৰ দ্বাৰা প্ৰদত্ত ৰাশিবোৰক কেতবোৰ চিত্ৰৰ দ্বাৰা বুজালে তাকেই ৰেখাচৈত্ৰিক উপস্থাপন বুলি কোৱা হয়। উপস্থপনীয় ৰেখাচিত্ৰসমূহ হ’ল : বাৰংবাৰতা বহুভূজ, আয়ত চিত্ৰ, দণ্ডচিত্ৰ আৰু কৌনিক বা পাই চিত্র।

৬। প্ৰসাৰ মানে কি ?

উত্তৰ : প্ৰসাৰ মানে হ’ল কোনো সংখ্যা সমষ্টিৰ বিষমতাৰ সহজ পৰিমাপ । কোনো সংখ্যা সমষ্টি বৃহত্তম সংখ্যাটোৰ পৰা নিম্নতম সংখ্যাটো বাদ দিলেই প্ৰসাৰ পোৱা যায়। উদাহৰণ স্বৰূপে কোনো এটা পৰীক্ষা ৫০ জন ল’ৰা আৰু ৫০ গৰাকী ছোৱালীৰ ওপৰত প্ৰয়োগ কৰা হ’ল। ধৰা হ’ল ল’ৰাৰ নম্বৰ ১৬ ৰ পৰা ৬২ আৰু ছোৱলীৰ নম্বৰ ১৮ ৰপৰা ৪৪ লৈকে উঠিল। এতেকে বুজা গ’ল যে ল’ৰাৰ নম্বৰৰ সংখ্যা সমষ্টিৰ প্ৰসাৰ হ’ল ৬২-১৬ = ৪৬।

সেইদৰে ছোৱালীৰ নম্বৰৰ সংখ্যাসমষ্টিৰ প্ৰসাৰ হ’ল ৪৪-১৮ = ২৬। সাধাৰণ হ’লেও ই অৱশ্যে ৰাশিবোৰৰ তাৎপৰ্যপূৰ্ণ অৰ্থ প্ৰদান কৰিব পাৰে। এই প্ৰসাৰৰ যোগেদি অন্যান্য ৰাশিৰ ভাল বেয়া সম্বন্ধে গুণাত্মক মান জানিব পৰা যায়। প্ৰসাৰৰ যোগেদি দুই বা ততোধিক শ্ৰেণীৰ ৰাশিৰ মাজত তুলনামূলক অধ্যয়নৰ বাবে সুবিধা হয়। অৱশ্যে প্ৰাপ্ত ৰাশিৰ সংখ্যা নিচেই কম হ’লৈ প্ৰসাৰৰ নিৰ্ভৰযোগ্যতা নাথাকে।

৭। দণ্ডচিত্ৰ কি ? ইয়াৰ ভাগসমূহ কি কি ?

উত্তৰঃ বাৰংবাৰতাৰ নিৰ্দিষ্ট মান অনুসৰি সাধাৰণ ভূমিৰ ওপৰত থিয়কৈ বা পথালিকৈ অঁকা দণ্ডবোৰেই হৈছেদণ্ডচিত্র। দণ্ডচিত্ৰক দুটা ভাগত ভাগ কৰা হয়। যেনেঃ বিচ্ছিন্ন দণ্ডচিত্র আৰু অবিচ্ছিন্ন দণ্ডচিত্ৰ। যেতিয়া বিভক্ত শ্ৰেণীসমূহ পৰস্পৰ বিচ্ছিন্ন হৈ থাকে, তেতিয়া বিচ্ছিন্ন স্তম্ভ চিত্ৰ ব্যৱহাৰ হয়। আনহাতে আহৰিত ৰাশিসমূহ যদি অবিচ্ছিন্ন হয় তেনেহ’লে অবিচ্ছিন্ন স্তম্ভচিত্র বা দণ্ডচিত্ৰ ব্যৱহাৰ কৰা হয়।

৮। পাইচিত্ৰ বুলিলে কি বুজা ? পাই চিত্র অংকনৰ নিয়মসমূহ বৰ্ণনা কৰা।

উত্তৰ: পাইচিত্ৰ হৈছে একপ্ৰকাৰৰ ৰেখাচিত্র। পাইচিত্ৰত তথ্যসমূহ এটা বৃত্তৰ ভিতৰত সিঁচৰতি হৈ থাকে। ৰাশিসমূহৰ সমগ্ৰমান ৩৬০° বুলি লোৱা হয়। তাৰ পাছত উপস্থাপন কৰিবলগীয়া তথ্যসমূহৰ সমঅংশ পাবৰ বাবে ৩৬০ কোণটো বিভিন্ন অংশত ভাগ কৰা হয় আৰু এই প্ৰতিটো ভাগেই ব্যক্তিগত তথ্যৰ সংখ্যাগত মান নিৰূপণ কৰে ।

৯। আয়তক্ষেত্ৰ আৰু বহুভূজৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰ : আয়তক্ষেত্ৰ আৰু বহুভূজৰ মাজত পাৰ্থক্য তলত দিয়া ধৰণে অধ্যয়ন কৰিব পাৰি : বহুভূজ : বহুভূজ অংকন কৰিবৰ বাবে গ্ৰাফ কাগজৰ ব্যৱহাৰ কৰি আৰু নিম্নোক্ত স্তৰবোৰ অতিক্ৰম কৰিব লাগে ।

প্ৰথমতে, OX নামেৰে অনুভূমিক ৰেখা এডাল অংকন কৰিব লাগে ।

দ্বিতীয়তে, OY নামেৰে উলম্ব ৰেখা এডাল অংকন কৰিব লাগে।

তৃতীয়তে, OX ৰেখাডালত শ্ৰেণী অন্তৰাল আৰু OY ৰেখাত বাৰংবাৰ্তাবোৰ বহুৱাব লাগে ৷

চতুৰ্থতে, এডাল ৰেখাৰে বাৰংবাৰ্তাবোৰ সংযুক্ত কৰিলে বহুভূজ পোৱা যাব ।

আয়তক্ষেত্র : আয়ত চিত্ৰ অংকন কৰিবলৈ বাৰংবাৰতা বহুভূজৰ দৰে OX নামেৰে অনুভূমিক ৰেখা এডাল অংকন কৰিব লাগে। লগতে OY নামেৰে উলম্ব ৰেখা এডাল অংকন কৰিব লাগে। বহুভূজৰ দৰে OX ৰেখাত শ্রেণী ব্যৱধান আৰু OY ৰেখাত বাৰংবাৰতাবোৰ সমান ব্যৱধানত বহুৱাব লাগে। প্ৰতিটো শ্ৰেণী ব্যৱধানৰ ওপৰত অংকিত ৰেখা চিত্ৰটোৱেই হৈছে আয়তক্ষেত্র ।

১০। বাৰংবাৰতা বিভাজন কি? শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যাৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : বাৰংবাৰতা বিভাজন হ’ল, সংগৃহীত তথ্যসমূহ শৃঙ্খলাবদ্ধভাৱে সজোৱা আৰু সুসংগঠিতৰূপে গঢ়ি তোলাত সহায় কৰা এক অতি সুবিধাজনক কৌশল। ই এক প্ৰকাৰৰ তালিকা প্রস্তুতকৰণ য’ত সংগৃহীত ৰাশিসমূহ সুবিধা অনুসৰি কেইবাটাও ভাগত ভগোৱা হয় আৰু প্ৰতিটো ভাগত সামৰাকৈ সংখ্যাৰ বিভাগ তৈয়াৰ কৰি প্ৰতি ভাগত পৰা ৰাশিৰ সংখ্যা বিভাগটোৰ বিপৰীতে লিখি দিয়া হয়। এনেদৰে বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰা হয়।

পৰিসংখ্যা বিজ্ঞানত ইয়াৰ প্ৰয়োজনীয়তা মন কৰিবলগীয়া। কোনো এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে যদি কোনো এটা বিষয়ত পোৱা নম্বৰসমূহ খুব কম সময়তে জানিব লগা হয়, তেন্তে বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুতকৰণৰ দ্বাৰা আমি সেই নম্বৰত সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰাশিটো উলিয়াব পাৰো ৷ ইয়াৰ উপৰিও নম্বসমূহৰ গড় মধ্যমা আৰু বহুলক ইত্যাদি এই বিভাজন তালিকাৰ পৰা সহজে নিৰূপন কৰিব পাৰি ।

১০। মনোবিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা ৷

উত্তৰঃ শিক্ষা মনোবিজ্ঞানত পৰিসংখ্যাৰ বহুল ব্যৱহাৰ আছে। তলত মনোবিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ আলোচনা কৰা হ’ল-

(ক) পৰিসংখ্যা বিজ্ঞান হ’ল শিক্ষা আৰু মনোবিজ্ঞানৰ বৈজ্ঞানিক অধ্যয়নৰ মূল ভেটি ।

(খ) পৰিসংখ্যা বিভিন্ন বিষয় আৰু ক্ষেত্ৰত সংগৃহীত তথ্য আৰু ৰাশিবোৰৰ অৰ্থ বুজাত সহায় কৰে।

(গ) শিক্ষা আৰু মনোবিজ্ঞানৰ বহু তত্ত্ব আৰু সূত্ৰ পৰিসংখ্যা ভেটিত গঢ় লৈ উঠিছে।

(ঘ) ব্যৱহাৰিক সাহিত্য অধ্যয়নত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে।

(ঙ) প্রশিক্ষণপ্রাপ্ত মনোবিজ্ঞানীসকলৰ বাবে পৰিসাংখ্যিক জ্ঞান অপৰিহাৰ্য। কিয়নো পৰিসংখ্যা বিজ্ঞানৰ অবিহনে পৰীক্ষাৰ ফলাফলসমূহ বৰ্ণনা কৰিব নোৱাৰি আৰু প্রতিবেদনো লিখিব নোৱাৰি ।

১১। ৰাশিৰ বিচ্যুতি বা ভেদ্যতা বুলিলে কি বুজা ? ইয়াৰ পৰিমাপসমূহ কি কি? প্ৰসাৰৰ ব্যৱহাৰ সম্পৰ্কে লিখা ।

উত্তৰঃ আহৰিত ৰাশিসমূহ যি পৰিমাণে গড়ৰ ওচৰত থাকে অথবা যি পৰিমাণে গড়ৰ পৰা আঁতৰি থাকে তাৰ সাধাৰণ প্ৰৱণতা সম্বন্ধে কৰা অধ্যয়নেই ভেদ্যতা বা বিচ্যুতি পৰিমাপন। ভেদ্যতাৰ পৰিমাপন সমূহ হৈছে-

(ক) প্ৰসাৰ,

(খ) চতুর্থক বিচ্যুতি

(গ) গড় বিচ্যুতি

(ঘ) মানক বিচ্যুতি ।

প্ৰসাৰৰ ব্যৱহাৰ তলত দিয়া ধৰণৰ –

(ক) ইওপৰঞ্চি জোখ হিচাপে অতি উপযোগী।

(খ) ইয়াক প্ৰদত্ত ৰাশিৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানাংকৰ ব্য়ৱধান বুলিব পাৰি।

(গ) প্ৰসাৰৰ জৰিয়তে ৰাশিৰ বিচ্য়ুতিৰ ধাৰণা লাভ কৰিব পাৰি।

১২। বৃত্তচিত্ৰ কি? বৃত্ত চিত্ৰৰ অংকন প্ৰণালী বৰ্ণালী বৰ্ণনা কৰা।

উত্তৰঃ পৰিসংখ্য়া বিজ্ঞানত ব্য়ৱহাৰ হোৱা সমগ্ৰ তথ্য়সমূহ এটা বৃত্তৰ ভিতৰত বিস্তত হৈ থকা বুলি ধৰা হয়। প্ৰতিটো জোখৰ বা বৈশিষ্ট্য়ৰ মান নিৰ্ণয় কৰা সংখ্য়াবোৰৰ এটা বৃত্তৰ বৃত্তাংশৰ সহায়ত বুজোৱা হয়। তথ্য়ৰ গোটে মানৰ কাৰণে কৌণিক চিত্ৰত ৩৬০ ডিগ্ৰী ধৰা হয়। পিছত উপস্থাপন কৰিবলগীয়া তথ্য়সমূহৰ সম অংশ পাবলৈ ৩৬০ ডিগ্ৰী কোণটো বিভিন্ন অংশত ভাগ কৰা হয় আৰু এই প্ৰতিটো ভাগেই ব্য়ক্তিগত তথ্য়ৰ সংখ্য়াগত মান নিৰুপণ কৰে ।

১৩। এখন বাৰংবাৰতা বিভাজন তালিকাত বিভিন্ন অংশসমূহ কি কি ?

উত্তৰ : এখন বাৰংবাৰতা বিভাজন তালিকাৰ বিভিন্ন অংশসমূহ হ’ল –

(ক) প্ৰথমতে সমগ্ৰ ৰাশিৰ পৰা সৰ্বোচ্চ আৰু সবনিম্ন নম্বৰ উলিয়াই প্ৰসাৰ নিৰ্ণয় কৰিব লাগে ।

(খ) সৰ্বমুঠ ৰাশি কিমান আছে সেয়া উলিয়াব লাগে ।

(গ) প্রাপ্ত ৰাশিসমূহক আকাৰ অনুযায়ী শ্রেণী বিভাজিত কৰিব লাগে ।

(ঘ) নম্বৰসমূহ বিভাজিত ৰূপত বিতৰণ কৰি প্ৰত্যেক নম্বৰৰ দাগ চিহ্ন দিব লাগে ।

(ঙ) দাগ চিহ্নবোৰ বাৰংবাৰতা সংখ্যালৈ নি যোগ কৰিলে মুঠ ৰাশি পোৱা যায় ৷

১৪। চতুর্থক বিচ্যুতি কি ? ভেদ্যতাৰ পৰিমাপ হিচাপে চতুৰ্থক বিচ্যুতিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰ : ভেদ্যতা পৰিমাপনৰ এক উপযুক্ত কৌশল ৷ আহৰিত ৰাশিসমূহৰ ৭৫ শতাংশ আৰু ২৫ শতাংশৰ মাজৰ দূৰত্বৰ ঠিক মধ্যবিন্দুটোক চতুৰ্থক বিচ্যুতি বুলি কোৱা হয় ৷ ভেদ্যতাৰ পৰিমাপন হিচাপে চতুৰ্থক বিচ্যুতিৰ ব্যৱহাৰ সমূহ হ’ল –

(ক) কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপণৰূপে কেৱল মধ্যমাৰ কথা জনা থাকিলে চতুর্থক বিচ্যুতিৰ ব্যৱহাৰ কৰা হয় ৷

(খ) বিতৰণৰ ওপৰৰ বা তলৰ অংশ অসম্পূৰ্ণ হৈ থাকিলে চতুর্থক বিচ্যুতি ব্যৱহাৰ হয় ।

(গ) বিতৰণৰ মধ্যৱৰ্তী ৫০ শতাংশ ৰাশিৰ দুয়োমূৰৰ ৰাশি দুটা সম্পূর্ণ জানিবৰ প্রয়োজন হ’লে চতুৰ্থক বিচ্যুতিৰ ব্যৱহাৰ হয়।

১৫। ভেদ্যতাৰ জোখ হিচাপে প্ৰসাৰ আৰু চতুৰ্থক বিচ্যুতিৰ গুণাৱলী বর্ণনা কৰা ৷

উত্তৰঃ ভেদ্যতাৰ জোখ হিচাপে প্ৰসাৰৰ গুণাৱলীসমূহ হ’ল-

(ক) প্ৰসাৰ অতি সহজে নিৰ্ণয় কৰিব আৰু বুজিব পাৰি ।

(খ) ইওপৰঞ্চি জোখ হিচাপে অতি উপযোগী।

(গ) তথ্যসমূহৰ বৰ্ণনা দিয়াত ই সহায়ক হয় ।

(ঘ) ই ভেদ্যতাৰ আটাইতকৈ সৰল জোখ ।

চতুৰ্থক বিচ্যুতিৰ গুণাৱলীসমূহ হ’ল –

(ক) চতুৰ্থক বিচ্যুতি যিহেতু একেবাৰে মূৰৰ কেইটামান ৰাশিৰ ওপৰত নিৰ্ভৰশীল নহয়, সেয়ে ভেদ্যতাৰ জোখ হিচাপে ই বিস্তৃতিতকৈ বেছি নিৰ্ভৰযোগ্য।

(খ) ইয়াক নিৰ্ণয় কৰিবলৈ সহজ আৰু ইয়াৰ অৰ্থও সহজেই অনুধাৱন কৰিব পাৰি ।

(গ) ই ভেদ্যতা নির্ণয়ৰ আটাইতকৈ উপযোগী জোখ ৷

১৬। তলৰ তালিকাখনৰ পৰা দীঘল পদ্ধতিৰে গড় নিৰ্ণয় কৰা ।

শ্ৰণী বাৰংবাৰতা

55-59 2

50-54 2

45-49 4

40-44 8

35-39 6

30-34 11

25-29 9

20-24 7

15-19 5

10-14 0

5-9 2

—————-

N=56

উত্তৰঃ

C.I f x X1(গড) fx১

শ্ৰেণী অন্তৰাল বাৰংবাৰতা মধ্য়মান বিচলন

55-59 2 57 5 10

50-54 2 52 4 8

45-49 4 47 3 12 52

40-44 8 42 2 16

35-39 6 37 1 6

30-34 11 32 0 0

25-29 9 27 -1 -9

20-24 7 22 -2 -14

15-19 5 17 -3 -15 48

10-14 0 12 -4 -0

5-9 2 7 -5 -10

—————— —————–

N=56 Efx1=4

Efx

N

4

——

56

= .071

i=5

AM = 32

গডৃ AM + ci

= 32 + .071×5

= 32 +0.355

= 32.36

১৮। প্ৰথম চতুৰ্থক ৬১.৪৪ আৰু চতুৰ্থক বিচ্য়ুতি ৮.৫০। তৃতীয় চতুৰ্থক নিৰ্ণয় কৰা।

উত্তৰঃ

প্ৰথম চতুৰ্থক (Q1)= 61.44

চতুৰ্থক বিচ্য়ুতি ( Q)= 8.50

Q3 -Q1

তৃতীয় চতুৰ্থক হল =Q =———–

2

Q3 -61.44

= 8.50=——————-

2

=8.50*2= Q3 –61.44

= 17 =Q3 –61.44

= 17+61.44 =Q3

=78.44= Q3

Q3 =78.44

Type By Suman Bora