Class 12 LOGIC & PHILOSOPHY Chapter 2 Short Question Answer | Chapter 2 আগমনৰ ভিত্তি Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। অবৈজ্ঞানিক আগমনৰ মূল ভিত্তিকি ?

উত্তৰ : প্ৰকৃতিৰ একৰূপতা বিধি ।

২। প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ আকাৰত ভিত্তি হয় নে ?

উত্তৰঃ হয়।

৩। আগমন অনুমানৰ আকাৰগত ভিত্তি কেই প্ৰকাৰৰ ?

উত্তৰ : দুই প্ৰকাৰৰ

৪। আগমনৰ আকাৰগত ভিত্তিসমূহ কি কি ?

উত্তৰ : আগমনৰ ভিত্তিহ’ল দুটা, যেনে :

(ক) প্ৰকৃতিৰ একৰূপতা বিধি আৰু

(খ) কাৰ্যকাৰণ বিধি।

৫। আগমনৰ বস্তুগত ভিত্তি কি কি?

উত্তৰ : আগমনৰ বস্তুগত ভিত্তি দুটা, যেনেঃ

(ক) নিৰীক্ষণ আৰু

(খ) পৰীক্ষণ।

৬। নিৰীক্ষণৰ সাধাৰণ চৰ্ত কেইটা?

উত্তৰ : তিনিটা ।

৭। আগমনৰ আকাৰগত সত্যতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : কাৰ্যকাৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা বিধি ওপৰত আগমনৰ আকাৰগত সত্যতা নিৰ্ভৰ কৰে ।

৮। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজৰ পাৰ্থক্য গুণগত নহয়, পৰিমাণগতহে।’- – এইটো গ্রহণযোগ্য নে ?

উত্তৰ ঃ হয় ।

৯। কাৰণ অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টি’ – উক্তিটো কাৰ ?

উত্তৰ : জন ষ্টুৱাৰ্ট মিলৰ ।

১০। ‘নানাকাৰণবাদ’ কাৰণ সম্বন্ধীয় এটা যথার্থ মতবাদ হয়নে?

উত্তৰ ঃ নহয়।

১১। ‘পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমতুল্য’- উক্তিটো কাৰ ?

উত্তৰ : কাৰ্ভেৰ্থ ৰীডৰ ।

১২। সদর্থক উপকাৰণসমূহৰ সমষ্টিয়েই কাৰণ’ — কথাষাৰ সঁচানে ?

উত্তৰঃ সঁচা নহয় ।

১৩। প্রকৃতি একৰূপীয়েই নহয়, প্রকৃতি অনন্ত বৈচিত্র্যময়ী’ – সঁচানে ?

উত্তৰ : সঁচা ।

১৪। প্ৰকৃতিৰ একৰূপতা নীতি সম্পৰ্কীয় মিলৰ পৰস্পৰ বিৰোধী মতবাদ সংঘটিত হোৱা দোষটোৰ নাম কি ?.

উত্তৰ : আগমনৰ বিৰোধাভাস ।

১৫। নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ’ – উক্তিটো কাৰ ?

উত্তৰ : বেইনৰ ।

১৬। নিৰীক্ষণ কোন প্রকাৰৰ ভিত্তিৰ অন্তৰ্গত ?

উত্তৰ : বস্তুগত ভিত্তি।

১৭। ‘জোনাক ৰাতি মাটিত পৰি থকা ৰচী এডালক সাপ যেন দেখা’ – ই কোন প্ৰকাৰৰ দোষৰ উদাহৰণ ?

উত্তৰ : ভ্রান্ত পর্যবেক্ষণ।

১৮। কাউৰী গছত পৰাত তাল ফল সৰিল। – ই কোন প্ৰকাৰৰ দোষৰ উদাহৰণ ?

উত্তৰ ঃ কাকতালীয় দোষ।

১৯। শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ কাৰণ কাৰ্যৰ নিয়ত । অনিয়ত পূর্বৱর্তী ঘটনা।

উত্তৰঃ নিয়ত।

২০। শুদ্ধ উত্তৰটো লিখাঃ নিৰীক্ষণৰ পৰিসৰ পৰীক্ষণৰ পৰিসৰতকৈ অব্যাপক । ব্যাপক।

উত্তৰ : ব্যাপক।

২১। আগমনৰ বিৰোধাভাস কাৰ্যকাৰণ বিধিৰ সৈতে । ব্যতিৰেকী পদ্ধতিৰ সৈতে। প্ৰকৃতিৰ একৰূপতা বিধিৰ সৈতে জড়িত। — – সঁচাটো লিখা ।

উত্তৰ ঃ প্ৰকৃতিৰ একৰূপতা বিধিৰ সৈতে ।

২২। নিৰীক্ষণ আৰু পৰীক্ষণৰ পাৰ্থক্য গুণগত । পৰিমাণগত । – কোনটো সঁচা ।

উত্তৰ : পৰিমাণগত ।

২৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ প্ৰকৃতিৰ একৰূপতা বিধিয়ে প্ৰকৃতিৰ বৈচিত্ৰ স্বীকাৰ কৰে। নকৰে।

উত্তৰ : স্বীকাৰ কৰে ।

২৪। নিৰীক্ষণ আৰু পৰীক্ষণৰ পাৰ্থক্য প্ৰকাৰগত । মাত্রাগত । — সঁচাটো লিখা ।

উত্তৰ : মাত্রাগত ।

২৫। শুদ্ধ উত্তৰটো বাছি উলিওৱা : কোনো বস্তুক যথাৰ্থ ৰূপত প্ৰত্যক্ষ নকৰাটোক অপ্রত্যক্ষ / ভ্রান্ত প্রত্যক্ষ বোলে।

উত্তৰ : ভ্রান্ত প্রত্যক্ষ।

২৬। ‘প্রকৃতিয়ে একে পৰিস্থিতিত একেদৰে আচৰণ – কৰে।’ -কথাষাৰ সঁচানে?

উত্তৰ : সঁচা।

২৭। কাৰণ হৈছে সদর্থক আৰু নঞর্থক উপকাৰণসমূহৰ সমষ্টি।’ – এই উক্তিটো কাৰ ?

উত্তৰ : জে. এচ. মিলৰ ।

২৮। কাৰণ’কি?

উত্তৰ ঃ কাৰণ কাৰ্যৰ অব্যৱহৃত, চৰ্তহীন, অপৰিৱৰ্তনীয় পূর্ববর্তী ঘটনা ।

খ. চমু প্রশ্নোত্তৰ ঃ

১। ‘প্ৰকৃতিৰ একক পতা নীতি’ বুলিলে কি বুজা ?

উত্তৰ : ‘প্ৰকৃতিৰ একৰূপতা নীতি’ হ’ল আগমনৰ আকাৰগত ভিত্তি যি নীতি অনুসৰি একে পৰিস্থিতি আৰু পৰিবেশত প্রকৃতিয়ে একে ঘটনাৰ উদ্ভৱ কৰে।

২। ‘আগমনৰ ভিত্তি’ বুলিলে কি বুজা ?

উত্তৰ : আগমন অনুমানত এটা যথাৰ্থ সার্বিক বচন প্ৰতিষ্ঠা কৰোতে যি দুটা সার্বিক আৰু মৌলিক বিধি পূর্ব স্বীকার্য হিচাপে মানি লোৱা হয়, তাকে ‘আগমনৰ ভিত্তিত বুলি কোৱা হয় ৷

৩। বহুকাৰণবাদ বুলিলে কি বুজা ?

উত্তৰ : একেটা কাৰ্য বিভিন্ন কাৰণৰ দ্বাৰা সংঘটিত হয় বুলি কোৱা মতবাদকে ‘বহুকাৰণবাদ’ বোলা হয় ।

৪। ‘কাৰণ সংয়োজন’ বুলিলে কি বুাজ ?

উত্তৰ : একে জাতীয় একাধিক কাৰণ লগলাগি যি কাৰ্যৰ উৎপন্ন হয় তাকে ‘কাৰণ সংযোজন’ বুলি কোৱা হয়।

৫। উপকাৰণৰ সংজ্ঞা দিয়া ।

উত্তৰ ঃ কোনো এটা মূল কাৰণৰ অপৰিহাৰ্য অংশ বা চৰ্তসমূহকে ‘উপকাৰণ’ বোলে। উপকাৰণ দুই প্ৰকাৰৰ, যেনে সদর্থক উপকাৰণ আৰু নঞর্থক উপকাৰণ ।

৬। উহাৰণসহ নিমিত্ত কাৰণৰ সংজ্ঞা দিয়া ।

উত্তৰ ঃ কোনো কাৰ্য উৎপাদন কৰিবলৈ যি শক্তি, দক্ষতা বা কৌশলৰ প্রয়োজন হয় সেই শক্তি, কৌশল বা দক্ষতাক “নিমিত্ত কাৰণ’ বোলে। উদাহৰণ- – এখন টেবিল তৈয়াৰ কৰোতে মিস্ত্ৰিয়ে কৰত আৰু বটালীৰে কাঠৰ টুকুৰাত যি শক্তি আৰু দক্ষতা প্রয়োগ কৰে সি হৈছে নিমিত্ত কাৰণ ।

৭। এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ : এৰিষ্টটলৰ মতে কাৰণ চাৰি প্ৰকাৰৰ :

(ক) উপাদান কাৰণ,

(খ) আকাৰত কাৰণ,

(গ) নিমিত্ত কাৰণ আৰু

(ঘ) পৰিমাণগত কাৰণ ৷

৮। উপাদান কাৰণ কি ?

উত্তৰ : যি উপাদানেৰে অৰ্থাৎ যি দ্রব্য বা পদাৰ্থৰে কাৰ্য উৎপন্ন কৰা হয় তাকে ‘উপাদান কাৰণ’ বুলি কোৱা হয়।

১০। ‘কাৰণ সমন্বয়’ বুলিলে কি বুজা ?

উত্তৰ ঃ একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্রিয়া কৰি কোনো এটা জটিল কাৰ্য সম্পাদন কৰিলে, সেই কাৰণবোৰক ‘কাৰণ সমন্বয় ‘ বুলি কোৱা হয় ।

১। উপকাৰণৰ সংজ্ঞা দিয়া। উপকাৰণ কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰ : কাৰণৰ অপৰিহাৰ্য অংশক ‘উপকাৰণ’ বোলে। অৰ্থাৎ কাৰ্য উৎপাদনৰ কাৰণত যিবোৰ ঘটনা অন্তৰ্ভুক্ত হৈ থাকে সেই সকলোবোৰেই একো একোটা উপকাৰণ । উপকাৰণ দুই প্ৰকাৰৰ, যেনে :

(ক) অনুকূল বা সদর্থক উপকাৰণ আৰু

(খ) প্ৰতিকূল বা নঞর্থক উপকাৰণ ।

গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ :

১। ‘কাৰ্যকাৰণ নীতি আগমনৰ আকাৰগত ভিত্তি ঃ ব্যাখ্যা কৰা।

উত্তৰ : কাৰ্যকাৰণ নীতি অনুসৰি প্ৰত্যেক কার্য বা ঘটনাৰে এক কাৰণ থাকে। অর্থাৎ কাৰণ অবিহনে কোনো কাৰ্য হ’ব নোৱাৰে। যদি বিনা কাৰণত কিবা ঘটিলেহেঁতেন তেন্তে কোনো ঘটনাৰেই ব্যাখ্যা সম্ভৱ নহ’লহেঁতেন। ‘কাৰণ’ হ’ল পূৰ্বৱৰ্তী ঘটনা আৰু কাৰ্য হ’ল অনুৱৰ্তী ঘটনা। যিকোনো পূর্বৱৰ্তী ঘটনাকেই ‘কাৰণ’বুলি ধৰি ললে কাকতালীয় দোষ হোৱাৰ সম্ভাৱনা আছে। সেয়ে কাৰ্যকাৰণ সম্বন্ধৰ কিছুমান নিয়ম আছে, যেনে :

(ক) কোনো কাৰ্য ঘটা বা উদ্ভৱ হোৱাৰ কোনো কাৰণ থাকিব লাগিব ।

(খ) সেই কাৰণৰ পৰা কাৰ্যটো নিয়মিতভাৱে উৎপন্ন হ’ব।

(গ) সেই কাৰণটো উপস্থিত নাথাকিলে কাৰ্যটো নঘটিব। সেয়ে দেখা যায় ‘কাৰণ’ উপস্থিত থাকিলেহে কার্য ঘটিব। আগমনে সামান্য বচন প্রতিষ্ঠিা কৰিবলৈ হ’লে এই দুই বিধিৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ আগমনৰ উদ্দেশ্য হ’ল সামান্য বচন প্রতিষ্ঠা কৰা ৷ এই সামান্য বচন প্রত্যক্ষ অভিজ্ঞতাৰ দ্বাৰাই প্ৰতিষ্ঠা কৰা সম্ভৱ নহয়। সেয়ে প্ৰকৃতিৰ একৰূপতা আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সামান্য বচন প্রতিষ্ঠা কৰা হয় ৷

গতিকে কাৰ্যকাৰণ নীতি আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় ৷

২। কাকতালীয় দোষ কি ? ব্যাখ্যা কৰা ।

উত্তৰ ঃ কাকতালীয় দোষ কোনো কার্য সংঘটিত হোৱা সম্পৰ্কীয় এটা দোষ। ‘কাৰণ হ’ল কোনো কাৰ্যৰ পূৰ্বৱৰ্তী ঘটনা। কিন্তু যিকোনো পূৰ্বৱৰ্তী ঘটনাই ‘কাৰণ হ’ব নোৱাৰে । যিকোনো পূৰ্বৱৰ্তী ঘটনাক ‘কাৰণ বুলি ধৰি ললেই এনে দোষ ঘটে।

ভাৰতীয় তৰ্ক বিজ্ঞানত ‘কাকতালীয় দোষটোক ‘কাউৰী পৰাৰ লগে লগে গছৰ পৰা তাল ফল সৰি পৰা ঘটনাৰ পৰা লোৱা হৈছে। এই ঘটনাৰ বাখ্যাত কোৱা হৈছে যে তালৰ ওপৰত কাউৰী এজনী পৰাটোৱেই হৈছে তাল ফল সৰি পৰাৰ কাৰণ। কিন্তু আচলতে তাল সৰি পৰাৰ কাৰণ ‘কাউৰী বহাটো’নহয় । কাউৰী নবহিলেও তাল সৰি পৰে । ইয়াৰ কাৰণ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিহে। কাউৰী বহাটো তাল সৰাৰ এটা পূৰ্বৱৰ্তী আকস্মিক ঘটনাহে। সেয়ে . যিকোনো পূর্বৱৰ্তী ঘটনাক ঘটনা এটিৰ কাৰণ বুলি অনুমান কৰাৰ ফলত যি দোষ ঘটে তাকেই ‘কাকতালীয় দোষ’ বুলি কোৱা হয়। সমাজত কাকতালীয় ঘটনাৰ বহু উদাহৰণ লোকবিশ্বাসত পোৱা যায়। যেনেঃ ঋষিজন গাওঁখনৰ পৰা গুচি যোৱাটোৱেই মহামাৰীয়ে দেখা দিয়াৰ কাৰণ, আকাশত ধুমকেতুৰ আৱিৰ্ভাবেই ৰজাৰ মৃত্যুৰ কাৰণ, নাঙঠ ফকিৰজন সোমাই অহাটোৱেই ৰোগীজনৰ মৃত্যুৰ কাৰণ। বৈজ্ঞানিক দৃষ্টিত কাকতালীয় দোষ কিছুমান মানুহৰ অন্ধবিশ্বাসহে।

৩। নিৰীক্ষণ কাক বোলে ? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

উত্তৰ ঃ যেতিয়া কোনো এক বিশেষ উদ্দেশ্য অনুসৰি প্রাকৃতিক ঘটনাক সুনিয়ন্ত্রিতভাৱে প্ৰত্যক্ষ কৰা হয়, তেতিয়া তাক নিৰীক্ষণ’বা ‘সৰল পৰ্যবেক্ষণ’ বোলে। নিৰীক্ষণৰ কেইবাটাও বৈশিষ্ট্য আছে, যেনে ঃ

(ক) নিৰীক্ষণ উদ্দেশ্যপ্রণোদিত এক প্রত্যক্ষ। কিন্তু এই নিৰীক্ষণ সাধাৰণ প্ৰত্যক্ষৰ দৰে নহয়। নিৰীক্ষক এজনে নিজৰ উদ্দেশ্য অনুসৰি নিজৰ মতে ঘটনাৱলী প্ৰত্যক্ষ কৰে ।

(খ) নিৰীক্ষণ প্রাকৃতিক পৰিবেশত প্রাকৃতিক ঘটনাৰ প্রত্যক্ষ। প্রকৃতিক নিয়ম অনুসৰি কোনো ঘটনা সংঘটিত হ’লেহে তাক নিৰীক্ষণ বুলি কোৱা হয় ।

(গ) নিৰীক্ষণত প্ৰত্যক্ষ কৰিব লগীয়া ঘটনাবোৰ প্ৰকৃতিৰ পৰা উদ্ভৱ হয় বাবে নিৰীক্ষণ কৰিব লগা ঘটনাবোৰ মানুহৰ নিয়ন্ত্রণাধীন নহয় ৷

(ঘ) নিৰীক্ষণ নির্ভুল হ’বলৈ কেইবাটাও সাধাৰণ চৰ্ত আছে যেনে ঃ (১) বৌদ্ধিক চৰ্ত, (২) দৈহিক চৰ্ত আৰু (৩) নৈতিক চৰ্ত । অর্থাৎ নিৰীক্ষকজন জ্ঞানৰ আকাঙ্ক্ষা থকা অনুসন্ধিৎসু মনৰ হ’ব লাগিব । নিৰীক্ষকজনৰ ইন্দ্ৰিয়সমূহ সুস্থ থাকিব লাগিব আৰু তেওঁ পক্ষপাতিত্বমূলক চিন্তামুক্ত নিৰপেক্ষ হ’ব লাগিব ।

৪। নিৰীক্ষণৰ দোষবোৰ ব্যাখ্যা কৰা ।

উত্তৰঃ যেতিয়া কোনো এক বিশেষ উদ্দেশ্য অনুসৰি প্রাকৃতিক ঘটনাক সুনিয়ন্ত্রিতভাৱে প্ৰত্যক্ষ কৰা হয়, তেতিয়া তাক নিৰীক্ষণ’ বা ‘সৰল পৰ্যবেক্ষণ’ বোলে। সাধাৰণতে নিৰীক্ষণৰ দোষ দুই প্ৰকাৰৰ :

(১) অনবেক্ষণ দোষ বা অসম্পূৰ্ণ অনুভৱ আৰু

(২) ভ্ৰান্ত নিৰীক্ষণ বা কু-পর্যবেক্ষণ।

তলত এইবোৰৰ দোষৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল

(১) অনবেক্ষণ দোষ : নিৰীক্ষণৰ সহায়ত যি দেখা বা লক্ষ্য কৰা উচিত তাকে নকৰিলে নিৰীক্ষণত যি দোষ ঘটে তাকে ‘অনবেক্ষণ দোষ’ বুলি কোৱা হয়। অনবেক্ষণ দোষ দুই প্ৰকাৰৰ, যেনে ঃ

(ক) প্রাথমিক দৃষ্টান্তৰ অনবেক্ষণ ঃ নিজৰ নিজৰ পূৰ্বধাৰণা বা কুসংস্কাৰৰ দ্বাৰাই চালিত হৈ যিবিলাক দৃষ্টান্ত আমাৰ অনুকূল সেইবোৰক লৈ যেতিয়া অনুমান কৰা হয়, তাকেই প্রাথমিক দৃষ্টান্তৰ অনবেক্ষণ বোলে। উদাহৰণ

(খ) সার্বজনীন ভ্ৰান্ত নিৰীক্ষণ : যি ভ্ৰান্ত পর্যবেক্ষণ সকলোৰে ক্ষেত্ৰত ঘটে, তাক সার্বজনীন ‘ভ্রান্ত নিৰীক্ষণ’ বোলে। উদাহৰণ চলন্ত গাড়ী এখনৰ পৰা সকলো যাত্ৰীয়েই ৰাস্তাৰ দুয়োকাষে থকা গছবোৰক বিপৰীত ফালে বেগাই পাৰ হৈ থকা দেখে। স্বৰূপে এজন সৈনিকে সন্নাসী এজনৰ পৰা কবচ এখন গ্ৰহণ কৰি ডিঙিত বান্ধি যুদ্ধলৈ যোৱাত সি যুদ্ধত জয়লাভ কৰাত সি সিদ্ধান্তত উপনীত হ’ল যে কবচ পিন্ধাই জয় লাভৰ কাৰণ।

(খ) পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ : প্রয়োজনীয় পাৰিপার্শ্বিক বস্তুক ভালদৰে লক্ষ্য নকৰি মাত্ৰ কোনো এটা পূৰ্বৱর্তী ঘটনাক সম্পূৰ্ণ কাৰণ বুলি ধৰি লৈ নিৰীক্ষণ কৰিলে পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ দোষ ঘটে।

(২) ভ্ৰান্ত নিৰীক্ষণ দোষ : ইন্দ্ৰিয়জ প্রত্যক্ষণৰ দ্বাৰা নিৰীক্ষিত বস্তু বা ঘটনাৰ ভুল ব্যাখ্যা দিয়া কাৰণেই এই প্ৰকাৰৰ দোষ ঘটে। প্রত্যক্ষ আৰু অনুমতি জ্ঞানৰ পাৰ্থক্য নাৰাখি যি প্ৰত্যক্ষ কৰা হয়, তাক আপাত অজ্ঞাতসাৰে অনুমান কৰিলে কু-পর্যবেক্ষণ দোষ ঘটে। উদাহৰণ স্বৰূপে কু পৰ্যবেক্ষণৰ কাৰণেই ৰচী এডালক সাপ বুলি ভবা হয় । ভ্ৰান্ত নিৰীক্ষণ দুই প্ৰকাৰৰ, যেনেঃ

(ক) ব্যাক্তিগত ভ্ৰান্ত নিৰীক্ষণ : ভ্ৰান্ত নিৰীক্ষণ যেতিয়া কোনো ব্যক্তি বিশেষৰ ক্ষেত্ৰত হয়, সকলোৰে ক্ষেত্ৰত নহয়, তাক ব্যক্তিগত ‘ভ্ৰান্ত নিৰীক্ষণ’ বোলে। যেনে ৰচী এডালক এজনৰ মনত সাপ বুলি ভ্ৰান্ত ধাৰণা হ’ব পাৰে; কিন্তু ই সকলোৰে ক্ষেত্ৰত নহয়।

৫। পৰীক্ষণ কি ? পৰীক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ : কৃত্ৰিম পৰিবেশত কোনো এক নির্দিষ্ট উদ্দেশ্যৰে কোনো কৃত্ৰিম ঘটনা প্রস্তুত কৰি প্ৰত্যক্ষ কৰাকে ‘পৰীক্ষণ’ বুলি কোৱা হয়। পৰীক্ষণত পৰিবেশ কৃত্রিম হোৱাৰ উপৰিও তাত বৈজ্ঞানিক যন্ত্র-পাতিও ব্যৱহাৰ হ’ব পাৰে। পৰীক্ষণৰ কিছুমান বৈশিষ্ট্য আছে। যেনে –

(ক) পৰীক্ষণৰ এক নিৰ্দিষ্ট উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যক আগত ৰাখিয়েই পদ্ধতিগতভাৱে ঘটনা প্রত্যক্ষ কৰা হয় ৷

(খ) পৰীক্ষণত প্ৰত্যক্ষৰ বিষয়বস্তু কৃত্ৰিমভাৱে তৈয়াৰ কৰা হয়। এনেবোৰ পৰীক্ষণ প্ৰায়েই গৱেষণাগাৰত কৰা হয়।

(গ) পৰীক্ষণত প্ৰত্যক্ষ কৰিব লগা ঘটনা বা বিষয়- বস্তু সম্পূর্ণভাৱে পৰীক্ষণৰ নিয়ন্ত্রনাধীন বা ইচ্ছামতে •ঘটনাবোৰ প্ৰত্যক্ষ কৰিব পাৰে।

৫। নানাকাৰণবাদ কি ? বিজ্ঞানৰ দৃষ্টিত ই গ্ৰহণযোগ্য নে ?

উত্তৰ : নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভ্রান্ত ধাৰণা ৷ নানাকাৰণবাদ মতে, কোনো এটা কাৰ্যৰ এটা কাৰণ নহৈ বহুতো কাৰণ হ’ব পাৰে। অর্থাৎ একেটা কাৰ্য বিভিন্ন কাৰণৰ দ্বাৰা সংঘটিত হয় বুলি কোৱা মতবাদকে ‘বহুকাৰণবাদ’ বা ‘নানাকাৰণবাদ’ বোলা হয়। নানাকাৰণবাদ লৌকিক দৃষ্টিৰ পৰা সঁচা যেন লাগিলেও বৈজ্ঞানিক দৃষ্টিৰ পৰা ইয়াক সমৰ্থন কৰিব নোৱাৰি। ইয়াৰ কাৰণ

(ক) নানাকাৰণবাদত ঘটনাৰ অন্তৰ্গত থকা বিভিন্ন কাৰণবোৰৰ সাধাৰণ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া নহয়। উদাহৰণস্বৰূপে ‘মৃত্যুৰ কাৰণ বহুতো হ’ব পাৰে। যেনেঃ দুর্ঘটনা, আত্মহত্যা, গুপ্তঘাতকৰ দ্বাৰা হত্যা, পানীত পৰি ইত্যাদি।

(খ) নানাকাৰণবাদত কাৰণৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰতহে গুৰুত্ব দিয়া হয়। কাৰ্যৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰত গুৰুত্ব দিয়া নহয়। ওপৰৰ উদাহৰণটোত দেখা গৈছে যে মৃত্যুৰ কাৰণৰবোৰৰ স্বভাৱ বেলেগ বেলেগ। মৃত্যু বিভিন্ন কাৰণবোৰৰ অন্তৰ্গত এটা সাধাৰণ লক্ষণ বা স্বভাৱ। গতিকে দেখা যায় নানাকাৰণবাদ বৈজ্ঞানিক দৃষ্টিত গ্রহণযোগ্য নহয়।

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ :

১। নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ আলোচনা কৰা ।

উত্তৰ : নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কিছুমান সাদৃশ্য আছে, যেনে –

(ক) নিৰীক্ষণ আৰু পৰীক্ষণ – দুয়োটা প্ৰক্ৰিয়াই উদ্দেশ্যপ্রণোদিত। প্রাকৃতিক পৰিবেশতেই হওঁক বা কৃত্রিম পৰিবেশতেই হওঁক ঘটনাৰ বিশ্লেষণ কৰোতে এটা উদ্দেশ্য থাকে।

(খ) নিৰীক্ষণ আৰু পৰীক্ষণত প্রত্যক্ষৰ বিষয়-বস্তু নির্বাচন কৰি লোৱা হয় ।

(গ) দুয়োবিধ প্রক্রিয়াই সুনিয়ন্ত্রিত প্রত্যক্ষ। দুয়োবিধতেই অপ্রাসঙ্গিক ঘটনাৰ পৰা মনটোক আঁতৰাই আনি প্রাসঙ্গিক ঘটনাৰ ওপৰত মনটোক নিবদ্ধ কৰি ঘটনাৰাজিক মনোযোগেৰে প্ৰত্যক্ষ কৰা হয় । নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ মাজত কিছুমান ক্ষেত্ৰত সাদৃশ্য আছে যদিও দুয়োৰে মাজত কিছুমান বৈসাদৃশ্য বা পার্থক্যও আছে যেনে

(ক) নিৰীক্ষণৰ বিষয়-বস্তু প্রাকৃতিক ঘটনা। আনহাতে পৰীক্ষণৰ বিষয়-বস্তু কৃত্রিম।

(খ) নিৰীক্ষণত ঘটনা এটিক প্রাকৃতিক পৰিবেশতহে প্রত্যক্ষ কৰা হয়। আনহাতে পৰীক্ষণত ঘটনা এটিক কৃত্রিম পৰিবেশত প্ৰত্যক্ষ কৰা হয় ।

(গ) নিৰীক্ষণত নিৰীক্ষণ কৰিব লগা ঘটনা বা পৰিবেশ নিৰীক্ষকজনৰ নিয়ন্ত্ৰণত নাথাকে। ই সম্পূৰ্ণৰূপেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।

আনহাতে, পৰীক্ষণত পৰিবেশটো সদায় পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে। ইচ্ছা কৰিলে পৰীক্ষকে ঘটনা এটিক কৃত্রিম পৰিবেশত বাৰে বাবে কৰি দেখুৱাব পাৰে।

২। ভাৰতীয় ন্যায়দর্শন মতে ‘কাৰণ’ কি? ই কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ : ভাৰতীয় ন্যায় দৰ্শন মতে, কাৰণ হৈছে এনে কিছুমান পাৰিপাৰ্শ্বিক অৱস্থা যিবোৰ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী। ভাৰতীয় ন্যায় দৰ্শনত কাৰণক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা

(ক) সমবায়ী কাৰণ ঃ যি উপাদানেৰে কার্য উৎপন্ন কৰা তাক ‘সমবায়ী কাৰণ’ বোলে। উপাদান আৰু উপাদানেৰে উৎপন্ন হোৱা বস্তুৰ মাজত সমবায়ৰ সম্বন্ধ থাকে, সেইবাবে সমবায়ী কাৰণক ‘উপাদান কাৰণ বুলিও কোৱা হয় ।

(খ) অসমবায়ী কাৰণ ঃ উপাদান কাৰণক আশ্ৰয় কৰি থকা কোনো গুণ বা ক্রিয়াকে ‘অসমবায়ী কাৰণ’ বোলে। উদাহৰণস্বৰূপে কাপোৰ এখনৰ সমাবায়ী কাৰণ হ’ল সূতা। কাপোৰৰ লগত কাপোৰৰ সম্পৰ্ক সমবায়ৰ সম্পৰ্ক । আনহাতে সূতাৰ সেউজীয়া ৰং কাপোৰখনৰ অসমবায়ী কাৰণ।

(গ) নিমিত্ত কাৰণ ঃ যাৰ শক্তি বা চেষ্টাত কাৰ্য উৎপন্ন হয় তাকে নিমিত্ত কাৰণ বোলে। অর্থাৎ কোনো কামৰ কৰ্তাই নিমিত্ত কাৰণ ।000

Type By Suman Bora