Class 11 Physic Assamese medium | Chapter 1 (Part 1) | অধ্যায় ১ ভৌতিক জগত Physical World | HS 1st Year Physic Assam | Class 11 Physic Question And Assam | Higher Secondary 1st year Physic Question notes |

Chapter 1

ভৌতিক জগত

(Physical World)

অনুশীলনীঃ

1.1 বিজ্ঞানৰ প্ৰকৃতি সম্বন্ধে কিছুমান গভীৰ মন্তব্য পোৱা যায় । সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ মাজৰ এগৰাকী হল এলবাৰ্ট আইনষ্টাইন। আইনষ্টাইনে যেতিয়া কৈছিল জগতখন সম্পৰ্কে আটাইতকৈ কঠিন বুজিব নোৱৰা কথাটো হল যে ইয়াক বুজিব পাৰি ।’-তেওঁ বাৰু ইয়াৰ জৰিয়তে কি অৰ্থ কৰিছিল বুলি তোমালোকে ভাবা ?

উত্তৰঃ

1.2 ‘প্রত্যেক মহৎ ভৌতিক তত্ত্বই আৰম্ভ হয় জনশ্রুতি (heresy) হিচাপে আৰু শেষ হয় অন্ধ মতবাদ (dogma) ৰ ৰূপত।’ বিজ্ঞানৰ ইতিহাসৰ পৰা এই তীক্ষ মন্তব্যক সাব্যস্ত কৰিবলৈ কিছুমান উদাহৰণ দাঙি ধৰা ।

উত্তৰঃ

1.3 ‘সম্ভাৱনাৰ কলাই হ’ল ৰাজনীতি।’ একেদৰে, ‘সমাধানৰ কলাই হ’ল বিজ্ঞান ।’ বিজ্ঞানৰ ব্যৱহাৰ আৰু প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি এই সুন্দৰজ্ঞান-গম্ভীৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়োৱা ।

উত্তৰঃ

1.4 যদিও ভাৰতৰএতিয়া এক দ্রুত-প্ৰসাৰণশীল বিজ্ঞান আৰু প্ৰযুক্তিৰ বিশাল ভেটি আছেতৎসত্ত্বেও সামর্থ্য অনুযায়ী । এইক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব পৰা অৱস্থা লাভ কৰিবলৈ এতিয়াও বহুত যোজন বাট বাকী । তোমাৰ দৃষ্টিত ভাৰতবৰ্ষৰ বিজ্ঞানৰ অগ্ৰগতিত বাধা যোগোৱা কিছুমান কাৰকৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

1.5 এতিয়ালৈ কোনো পদার্থবিদে ইলেক্ট্রন দেখা নাই । তথাপি সকলো পদার্থবিদে ইলেক্ট্রনৰ অস্তিত্বত বিশ্বাস কৰে । বুদ্ধিমান কিন্তু অন্ধবিশ্বাসী ব্যক্তিয়ে এই সাদৃশ্যৰ গইনা লৈ যুক্তি দর্শায় যে যদিও কোনোৱে ‘ভূত’ দেখা নাইভূতৰ কিন্তু অস্তিত্ব আছে। তুমি কেনেকৈ এই যুক্তি নস্যাৎ কৰিবা ?

উত্তৰঃ

1.6 জাপানৰ এক বিশেষ উপকুলীয় অঞ্চলত পোৱা এবিধ সাগৰীয় মাছৰ খোলাই ৰূপ-কথাৰ চৰিত্ৰ স্বৰূপ এগৰাকী চামুৰাই (samurai) মুখমণ্ডলৰ সাঁচ বহন কৰা দেখা যায়। দৃষ্টিগোচৰ হোৱা এই তথ্যৰ দুটা ব্যাখ্যা তলত আগবঢ়োৱা হৈছে । যিটো বিজ্ঞানসন্মত ব্যাখ্যা বুলি ভাবা সেইটো চিহ্নিত কৰা।

(ক) বহুত শতিকাৰ আগতে এক শোকাৱহ সাগৰীয় দুর্ঘটনাত এগৰাকী ডেকা চামুৰাইৰ সলিল সমাধি ঘটিছিল । তেওঁৰ সাহসিকতাৰ প্রতি এক শ্রদ্ধাঞ্জলি হিচাপেসেই অঞ্চলৰ সাগৰীয় মাছবিধৰ খোলাত এক বুজিব নোৱৰা উপায়েৰে প্ৰকৃতিয়ে তেওঁৰ মুখমণ্ডল খোদিত কৰি তেওঁক অমৰত্ব প্রদান কৰে।

(খ) শোকাৱহ সাগৰীয় দুর্ঘটনাটোৰ পিছতসেই অঞ্চলৰ মাছমৰীয়াবিলাকেতেওঁলোকৰ প্রয়াত নেতালৈ সন্মান জনোৱাৰ অর্থেতেওঁলোকে ধৰা সাগৰীয় মাছবিধ পানীত এৰি দিছিল। কাকতালীয়ভাৱে মাছবিধৰ গঠন। চামুৰাইৰ মুখমণ্ডলৰ নিচিনা আছিল। ঘটনাক্রমেমাছবিধৰ বিশেষ গঠন দীর্ঘ সময়ৰ বাবে বৰ্তি আছিলআৰু সময়ৰ সোঁতত এই গঠনৰজিনৰ দ্বাৰা সংবহন ঘটিছিল। বিৱৰ্তনৰ কৃত্রিম নির্বাচনৰ ই এক উদাহৰণ ।

উত্তৰঃ

[টোকাঃ কাৰ্ল ছাগান (Carl sagan) ৰ দ্য কছমৰ পৰা এই মনোযোগ আকৰ্ষণকাৰী বৰ্ণনাটো লোৱা হৈছে। এই সত্য দাঙি ধৰে যে প্ৰায়েই আচৰিত তথা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ তথ্যসমূহ যিবোৰক প্ৰথম দৃষ্টিত অতি প্ৰকৃতিক যেন লাগে, সেইবোৰৰ দৰাচলতে সৰল বৈজ্ঞানিক ব্যাখ্যা আছে ।

উত্তৰঃ

1.7 প্রায় দুই শতিকাৰো আগতে ইংলেণ্ড আৰু পশ্চিম ইউৰোপত ঔদ্যোগিক বিপ্লৱৰ উন্মেষ ঘটাৰ সঁচাৰকাঠি আছিল কিছুমান বৈজ্ঞানিক আৰু ঔদ্যোগিক অগ্রগতি। সেই অগ্রগতিসমূহ কি ?

উত্তৰঃ

1.8 প্রায়েই কোৱা হয় যে পৃথিৱীয়ে এতিয়া দ্বিতীয় এটা ঔদ্যোগিক বিপ্লৱৰ সাক্ষ্য বহন কৰি আছে । প্রথমটোৰ দৰেই ইও সমাজৰ এক আমূল পৰিৱৰ্তন ঘটাব । এই বিপ্লৱৰ দায়িত্ব বহন কৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ কিছুমান মূল ক্ষেত্র তালিকাভুক্ত কৰা ।

উত্তৰঃ

1.9 বাইশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰি প্রায় 1000 শব্দৰ ভিতৰত এটি কাল্পনিক লেখা যুগুতোৱা 

উত্তৰঃ

1.10 বিজ্ঞানৰ ব্যৱহাৰৰ সন্দৰ্ভত তোমাৰ নৈতিক দৃষ্টিভংগী স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা । কল্পনা কৰা তুমি নিজেই এটা আৱিস্কাৰ কৰিবলৈ গৈ ইতস্ততঃ কৰি আছা। তোমাৰ আৱিস্কাৰটোৰ মহৎ শৈক্ষিক মূল্য আছে, কিন্তু এইটো নিশ্চিত যে ভয়াৱহ পৰিণতি সৃষ্টি কৰাত বাহিৰে সমাজৰ প্ৰতি ইয়াৰ অইন একো অৱদান নাথাকে। তুমি কেনেকৈ তোমাৰ এই দোদুল্যমান অৱস্থাৰ অৱসান ঘটাবা ?

উত্তৰঃ

1.11 ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰি, অইন যিকোনো জ্ঞানৰ দৰে, বিজ্ঞানৰো ভাল আৰু বেয়া দুই ধৰণৰ ব্যৱহাৰ হব পাৰে। তলত বিজ্ঞানৰ কিছুমান ব্যৱহাৰ উল্লেখ কৰা হৈছে। বিশেষ এটা ব্যৱহাৰ ভাল নে বেয়া, অথবা ঠিকমতে নিৰ্ণয় কৰিব নোৱাৰা ধৰণৰ নেকি ? –সেই সম্পৰ্কত তোমাৰ স্পষ্ট মতামত আগবঢ়োৱা।

(ক) বিস্তৃত ছিটাকৰণে বৰ আইক (Small pox) বাধা দিব ; শেষত জনসাধাৰণৰ মাজৰপৰা এই ৰোগ নিৰ্মূল কৰিব । ( ইতিমধ্যে ভাৰতবৰ্ষত  ইয়াক কৃতকাৰ্যতাৰে পালন কৰা হৈছে )।

(খ) নিৰক্ষৰতা নিৰ্মূলকৰণ আৰু বাতৰি তথা চিন্তাধাৰাৰ বিস্তৃত সম্প্ৰচাৰণৰ বাবেই টেলিভিছন ।

(গ) জন্মৰ আগতেই লিংগ চিনাক্তকৰণ ।

(ঘ) কাৰ্যদক্ষতা বঢ়াবৰ বাবে কম্পিউটাৰ ।

(ঙ) পৃথিৱীৰ চাৰিওফালৰ কক্ষপথত কৃত্ৰিম উপগ্ৰহ স্থাপন।

(চ) নিউক্লিয় অস্ত্ৰ-শস্ত্ৰৰ উদ্ভাৱন ।

(ছ) ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰ-শস্ত্ৰৰ নতুন আৰু শক্তিশালী কৌশল উদ্ভাৱন।

(জ) খোৱা-পানীৰ বিশুদ্ধিকৰণ ।

(ঝ) প্লাষ্টিক চাৰ্জাৰী ।

(ঞ) ক্লনিং (cloning) 

উত্তৰঃ

1.12 গণিতশাস্ত্রজ্যোর্তিবিজ্ঞানভাষাবিজ্ঞানতর্কশাস্ত্ৰ আৰু নীতি শাস্ত্ৰৰ (ethics) মহান জ্ঞান-গৰিমাৰ এক দীর্ঘ তথা অবিৰত পৰম্পৰা ভাৰতবৰ্ষই বহন কৰি আছে। তৎসত্ত্বেওতাৰ সমান্তৰালভাৱে বহুতো অন্ধবিশ্বাস আৰু অজ্ঞানী মনোভাব তথা অভ্যাস আমাৰ সমাজখনত চলি আহিছিল । দুর্ভাগ্যক্রমেআনকি আজিও আনকি আমাৰ শিক্ষিত চামৰ মাজতো সেইবোৰ চলিয়েই আছে । সেইবোৰক বাধা দিবলৈতুমি তোমাৰ বিজ্ঞানৰ জ্ঞানক ব্যৱহাৰ কৰি কেনেকৈ কৌশল ৰচনা কৰিবা ?

উত্তৰঃ

1.13 যদিও আইনে ভাৰতবৰ্ষত মহিলাক সমান মর্যাদা দিছেবহুতো ব্যক্তিয়ে মহিলাৰ জন্মগত প্রকৃতিসামর্থ্য আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত অবৈজ্ঞানিক মত পোষণ কৰেআৰু কার্যতঃ মহিলাক দ্বিতীয় শ্ৰেণীৰ মৰ্য্যাদা দিয়ে আৰু গৌণ ভূমিকাহে পালন কৰিবলৈ দিয়ে। বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰৰ মহান মহিলাসকলৰ উদাহৰণ আনি বৈজ্ঞানিক যুক্তি– তর্কৰ ব্যৱহাৰেৰে সেই মত নস্যাৎ কৰানিজৰ লগতে আনকো পতিয়ন নিওয়া যে মহিলাৰো পুৰুষৰ সমানেই সুযোগ প্রাপ্য ।

উত্তৰঃ

1.14 পৰীক্ষাৰ ফলাফলৰ লগত মিলি যোৱাতকৈ সমীকৰণসমূহৰ সৌন্দর্য থকাটো আৰু অধিক গুৰুত্বপূর্ণ। মহান ব্রিটিচ পদার্থবিদ পি.এ.এম ডিৰাকে এই মত পোষণ কৰিছিল। এই মতক সমালোচনা কৰা। তোমাৰ মনত সুন্দৰ বুলি গণ্য হোৱা এইখন কিতাপৰ পৰা কিছুমান সমীকৰণ আৰু ফলাফল বিচাৰি উলিওৱা

উত্তৰঃ

1.15 যদিও ওপৰৰ উদ্ধত মন্তব্যটো বিতর্কমূলকবেছিভাগ পদার্থবিদে পদার্থবিজ্ঞানৰ মহৎ সূত্ৰসমূহ একে সময়তে সৰল আৰু সৌন্দর্যপূর্ণ বুলি অনুভ কৰি আহিছে। ডিৰাকৰ বাহিৰেওযিসকলে এনে অনুভৱ প্ৰকাশ কৰিছেতাৰ কেইগৰাকীমান উল্লেখযোগ্য পদার্থবিদ হল আইনষ্টাইনহাইজেনবার্গচন্দ্রশেখৰ আৰু ফাইনমেন। এইসকলৰ লগতে পদার্থবিজ্ঞানৰ আন মহান প্রতিভুসকলৰ সাধাৰণ কিতাপ আৰু লেখাবিলাকক অধ্যয়ন কৰিবলৈ তোমালোকক বিশেষভাৱে আহ্বান জনাইছোঁ (এই কিতাপখনৰ শোষৰু গ্ৰন্থ তালিকা চোৱা)। তেওঁলোকৰ লেখাসমূহ সঁচাকৈয়ে প্রেৰণাদায়ক

উত্তৰঃ

1.16 বিজ্ঞানৰ পাঠ্যপুথিসমূহে তোমালোকক এটি ভুল ধাৰণা দিব পাৰে। বিজ্ঞানৰ অধ্যয়ন ৰসহীন আৰু ইয়াৰ বাবে অতিশয় মনোযোগ দৰকাৰবিজ্ঞানীসকল অন্যমনস্কঅন্তর্মুখী ব্যক্তি। তেওঁলোকে কেতিয়াও নাহাঁহে অথবা ধেমালি-ধুমুলা নকৰে। বিজ্ঞান আৰু বিজ্ঞানীৰ এই প্রতিমূর্তি স্পষ্টভাৱে অশুদ্ধ। বিজ্ঞানীসকলআন মানুহৰ দৰেই হাস্যৰসিক আৰু ৰসজ্ঞ। বহুতেই গভীৰ বৈজ্ঞানিক কার্যত নিমগ্ন হৈওএক অফুৰন্ত আনন্দপূর্ণ আৰু এডভেঞ্চাৰেৰে ভৰা জীৱন নির্বাহ কৰে। এইটো প্ৰজন্মৰ এনে দুগৰাকী বিজ্ঞানী হল গেমো আৰু ফাইনমেন। গ্রন্থ-তালিকাত অন্তর্ভুক্ত কৰা তেওঁলোকৰ কিতাপবিলাক পঢ়ি তোমালোকে আনন্দ পাবা ।

উত্তৰঃ