Class 11 Education Book Chapter 1 | অধ্যায় ১ | শিক্ষাৰ ধাৰণা আৰু লক্ষ্যসমূহ | MCQs Short Question And Answer |

Chapter 1

শিক্ষাৰ ধাৰণা আৰু লক্ষ্যসমূহ

1. শাস শব্দৰ অৰ্থ কি?

(ক) শাসন কৰা, শৃংঙ্খলিত কৰা, নিয়ন্ত্ৰিত কৰা, শিক্ষা দিয়া।

(খ) পুনৰুদ্ধাৰ কৰা, পুনৰাৱৰ্তন কৰা।

(গ) ধ্বংস কৰা, আৱিষ্কাৰ কৰা ।

উত্তৰঃ (ক) শাসন কৰা, শৃংঙ্খলিত কৰা, নিয়ন্ত্ৰিত কৰা, শিক্ষা দিয়া।

2) ” শিক্ষা হ’ল আত্ম উপলদ্ধিৰ উপায়” কাৰ মতানুসাৰে?

(ক) গুৰু নানকৰ মতানুসাৰে।

(খ) স্বামী বিবেকান্দৰ মতানুসাৰে।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।

3. শিক্ষাৰ সফলতা কাৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) শ্ৰেণীকোঠাত পাঠদান হৈ থকা সময়ত।

(খ) শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য়ৰ ওপৰত।

(গ) শিক্ষকসকলৰ অৱদানৰ ওপৰত।

উত্তৰঃ (খ) শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য়ৰ ওপৰত।

4. নিয়ন্ত্ৰিত শিক্ষাৰ বিশেষ স্থানক কি বুলি কোৱা হয়?

(ক) মন্দিৰ।

(খ) বিদ্য়ালয়।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বিদ্য়ালয়।

5. মনোবিজ্ঞানভিত্তিক শিক্ষা বুলি কাক কোৱা হয়?

(ক) আধুনিক শিক্ষাক।

(খ) শিক্ষাৰ পৰিধিক।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) আধুনিক শিক্ষাক।

6. বৰ্তমান শিক্ষাৰ পৰিধিত সংযোজিত হোৱা এক গুৰুত্বপূৰ্ণ বিষয় কি?

(ক) শিক্ষা প্ৰযুক্তি বিজ্ঞান।

(খ) মনোবিজ্ঞান।

(গ) জীৱবিজ্ঞান।

উত্তৰঃ (ক) শিক্ষা প্ৰযুক্তি বিজ্ঞান।

7. বিখ্য়াত দাৰ্শনিক কন্নদাৰ মতানুসাৰে শিক্ষা কি?

(ক) মানৱ সেৱা।

(খ) আত্ম পৰিতৃপ্তি লাভৰ উপায়।

(গ) আত্ম উপলদ্ধি।

উত্তৰঃ (খ) আত্ম পৰিতৃপ্তি লাভৰ উপায়।

8. ” পৰিপূৰ্ণ জীৱন বিকাশেই হৈছে শিক্ষা” – কাৰ মতানুসাৰে?

(ক) প্ৰয়োগবাদী দাৰ্শনিক জন ডিউৰ মতে।

(খ) বিখ্য়াত বিজ্ঞানী আইনষ্টাইনৰ মতানুসাৰে।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (ক) প্ৰয়োগবাদী দাৰ্শনিক জন ডিউৰ মতে।

9. নিয়ন্ত্ৰিত শিক্ষাত কি পৰিলক্ষিত হয়?

(ক) কঠোৰ অনুশাসন পৰিলক্ষিত হয়।

(খ) শিক্ষা আহৰণ কৰা পৰিলক্ষিত হয়।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (ক) কঠোৰ অনুশাসন পৰিলক্ষিত হয়।

10. সামগ্ৰিকভাৱে শিক্ষা প্ৰক্ৰিয়াৰ লগত কেইটা মৌলিক উপাদান থাকে?

(ক) ৯ টা।

(খ) ৬ টা।

(গ) ৪ টা।

উত্তৰঃ (গ) ৪ টা।

11. নিয়ন্ত্ৰিত শিক্ষাৰ এক অবিচ্ছেদ্য় অংগ কি?

(ক) পৰীক্ষা।

(খ) অভিজ্ঞতা।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) পৰীক্ষা।

12. প্ৰাচীন ভাৰতীয় চিন্তাবিদ যজ্ঞবল্কৰ মতে শিক্ষা কি?

(ক) সৎ চৰিত্ৰ গঠনৰ আৰু সমাজ উপযোগী ব্য়ক্তিত্ব গঠনৰ সহায়ক কৌশল।

(খ) সমাজ গঠন।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) সৎ চৰিত্ৰ গঠনৰ আৰু সমাজ উপযোগী ব্য়ক্তিত্ব গঠনৰ সহায়ক কৌশল।

13. আধুনিক শিক্ষাধাৰা অনুযায়ী শিক্ষা হৈছে-

(ক) ত্ৰিমেৰুযুক্ত।

(খ) দ্বিমেৰুযুক্ত।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) ত্ৰিমেৰুযুক্ত।

14. শিক্ষাৰ আদৰ্শগত দিশটো কাৰ দ্বাৰা নিৰ্ধাৰিত হয়?

(ক) দৰ্শনৰ দ্বাৰা।

(খ) শিক্ষকৰ দ্বাৰা।

(গ) শিক্ষাৰ্থীৰ দ্বাৰা।

উত্তৰঃ (ক) দৰ্শনৰ দ্বাৰা।

15. অনিয়ন্ত্ৰিত অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য় কি?

(ক) এই শিক্ষাত কোনো প্ৰকাৰৰ সচেতন নিয়ন্ত্ৰত আৰোপ কৰা নহয়।

(খ) এই শিক্ষাত অনুশাসন অধিক।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (ক) এই শিক্ষাত কোনো প্ৰকাৰৰ সচেতন নিয়ন্ত্ৰত আৰোপ কৰা নহয়।

16. নিয়ন্ত্ৰিত শিক্ষা মূলতঃ কি?

(ক) শিক্ষক নিৰ্ভৰ প্ৰক্ৰিয়া।

(খ) শিক্ষাৰ লগত জড়িত প্ৰক্ৰিয়া।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) শিক্ষক নিৰ্ভৰ প্ৰক্ৰিয়া।

17. শিক্ষাৰ মূল উদ্দেশ্য় কি?

(ক) শিক্ষাৰ্থীসকলক আগুৱাই নিয়া।

(খ) ব্যক্তিৰ বিকাশ সাধন কৰা।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) ব্যক্তিৰ বিকাশ সাধন কৰা।

18. শিক্ষাৰ লক্ষ্য় কি হোৱা উচিত?

(ক) ব্য়ক্তিকেন্দ্ৰিক হোৱা উচিত।

(খ) শিশুকেন্দ্ৰিক হোৱা উচিত।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) ব্য়ক্তিকেন্দ্ৰিক হোৱা উচিত।

19. ” Democracy and Education “- নামৰ বিখ্য়াত গ্ৰন্থখন কাৰ?

(ক) গুৰু নানকৰ।

(খ) জন ডিউৰ

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) জন ডিউৰ

20. উপযুক্ত মূল্য়ায়ন ব্য়ৱস্থাৰ ওপৰত কি নিৰ্ভৰ কৰে?

(ক) শিক্ষাৰ্থীৰ সফতা।

(খ) শিক্ষাৰ সফলতা।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) শিক্ষাৰ সফলতা।