AJB Class 7 Assamese। Chapter 13। অৰ্জুন-ভঞ্জন। Short Question Answer

  Chapter 13

অৰ্জুন-ভঞ্জন

১। যশোদাৰ কাৰ ওপৰত উঠিল প্ৰচণ্ড খং?

উত্তৰঃগোৱালীকেইগৰাকীৰ ওপৰত প্ৰচণ্ড খং উঠিল 

২। কৃষ্ণৰো কাৰ ওপৰত উঠিল খং?

উত্তৰঃ মাকৰ ওপৰত খং উঠিল । 

৩।যশোদাই কাৰ চিঞৰতহে মনত পৰিল যে  জুইৰ ওপৰত গাখীৰ গৰম কৰি আছিল? 

উত্তৰঃ গোৱালীৰ চিঞৰতহে মনত পৰিল যে  জুইৰ ওপৰত গাখীৰ গৰম কৰি আছিল। 

৪। যশোদাই কৃষ্ণক ক’ত বান্ধি থলে?

উত্তৰঃ উৰলত। 

৫। কৃষ্ণই শান্ত শিশুৰ দৰেই কুছি-মুছি কাৰ কোলাত সোমাই থাকিল?

উত্তৰঃ মাকৰ কোলাত। 

৬। খঙতে কৃষ্ণই কি দণ্ডডালকে ভাঙি পেলালে ?

উত্তৰঃ মথনি দণ্ডডালকে ভাঙি পেলালে । 

৭। অৰ্জুন ভঞ্জন নামৰ অংকীয়া নাটখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে । 

৮। যশোদাই ৰছী জোৰা দিয়েহে প্ৰতিবাৰেই কে আঙুল ৰছী কম হয়?

উত্তৰঃ দুআঙুল ৰছী কম হয়। 

৯। দধি অৰ্থ কি?

উত্তৰঃ দৈ গাখীৰ । 

 ১০। কাক পাই কৃষ্ণৰ শোক যেন দুগুণে উথলি উঠিল?

উত্তৰঃ দেউতাকক পাই।

Type – Boby Bora