AJB Class 7 Assamese। Chapter 3। আইদেউ সন্দিকৈ । Short Question Answer

Chapter 3

আইদেউ সন্দিকৈ

১। ডিম্ব গোহাঁই ছোৱালীজনীৰ সম্বন্ধীয় কি আছিল?

উত্তৰঃ ডিম্ব গোহাঁই ছোৱালীজনীৰ সম্বন্ধীয় ককায়েক আছিল।

২। কিমান চনৰ চ’ত মাহৰ এটি ক্ষণত ছোৱালীজনীৰ জন্ম হৈছিল ?

উত্তৰঃ ১৯১৫ চনৰ চ’ত মাহৰ এটি ক্ষণত ছোৱালীজনীৰ জন্ম হৈছিল ।

৩। ডিম্ব গোহাঁয়ে ছোৱালীজনীক কি দেখুৱাম বুলি মনে মনে লৈ আনিলে ?

উত্তৰঃ জাহাজ দেখুৱাম বুলি মনে মনে লৈ আনিলে ।

৪। কোনে একো ততকে ধৰিব নোৱাৰিলে?

উত্তৰঃ ছোৱালীজনীয়ে একো ততকে ধৰিব নোৱাৰিলে।

৫। সমাজৰ ভয়ত কোনেও প্ৰথমে থেৰো-গেঁৰো কৰিছিল 

উত্তৰঃ দেউতাকেও  প্ৰথমে থেৰো-গেঁৰো কৰিছিল ।

৬। কাৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ সূচনা হ’ল ?             

উত্তৰঃ  ‘জয়মতী’ ৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা যুগৰ সূচনা হ’ল।

৭। ক’ত অভিনয় কৰা বাবে তেওঁৰ ঘৰখনকো ৰাইজে এঘৰীয়া কৰিলে?

উত্তৰঃ ‘টকী’ত অভিনয় কৰা বাবে তেওঁৰ ঘৰখনকো ৰাইজে এঘৰীয়া কৰিলে।

৮। টকীত অভিনয় কৰা বাবে জাত যোৱা, ৰাইজে এঘৰীয়া কৰা এই ছোৱালীজনীৰ নাম কি ?

উত্তৰঃ টকীত অভিনয় কৰা বাবে জাত যোৱা, ৰাইজে এঘৰীয়া কৰা এই ছোৱালীজনীৰ নাম হ’ল আইদেউ সন্দিকৈ।

৯। ৰূপকোঁৱৰৰ সপোন বাস্তৱ কৰাত কোনে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল’লে?

উত্তৰঃ ৰূপকোঁৱৰৰ সপোন বাস্তৱ কৰাত ছোৱালীজনীয়ে এটা গুৰুত্ব পূৰ্ণ ভূমিকা ল’লে।

১০। ঘৰৰ সন্মুখতে এটা কি ঘৰ সাজি ছোৱালীজনীক থাকিবলৈ দিয়া হ’ল?

উত্তৰঃ ঘৰৰ সন্মুখতে এটা জুপুৰী ঘৰ সাজি ছোৱালীজনীক থাকিবলৈ দিয়া হ’ল।

Type – Boby Bora