AJB Class 7 Assamese। Chapter 1। স্বদেশ – প্ৰেম । Short Question Answer

Chapter 1

স্বদেশ – প্ৰেম

১। স্বদেশ-প্ৰেম কবিতাটিৰ কবি কোন?

উত্তৰঃ কবিতাটিৰ কবি পদ্মধৰ চলিহা।

২। পদ্মধৰ চলিহা কি চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৯৫ জন্ম হৈছিল ।

৩। পদ্মধৰ চলিহা পিতৃৰ নাম কি?

উত্তৰঃ ফণীধৰ চলিহা ।

৪। শিলাময় অৰ্থ কি ?

উত্তৰঃ শিলৰ দৰে।

৫। কাঠ-চিত অৰ্থ কি ?

উত্তৰঃ কঠিন হৃদয়।  

৬। জগতত কি নাম?

উত্তৰঃ ফুটা ফুটা নাম।   

৭। পদ্মধৰ চলিহাৰ বিষয়ে চমু টোকা লিখা ।                                 

উত্তৰঃ তেখেতৰ জন্ম হৈছিল ১৮৯৫ চনৰ শিৱসাগৰত । তেখেতৰ পিতৃৰ নাম আছিল ফণীধৰ চলিহা । তেওঁ সাদিনীৰ অসমীয়া আৰু অৰ্ঘা কাকত সম্পাদনা কৰছিল । তেখেতৰ মৃত্য়ু হয় ১৯৬৯।

৮। স্বদেশ প্ৰেম’ কবিতাটি ইংৰাজ কবি চাৰ ৱাল্টাৰ স্কটৰ কি নামৰ কবিতাৰ সৰল অসমীয়া ভাঙনি আছিল?

উত্তৰঃ স্বদেশ প্ৰেম কবিতাটি ইংৰাজ কবি চাৰ ৱাল্টাৰ স্কটৰ ‘Patriotism’ নামৰ কবিতাৰ সৰল অসমীয়া ভঙনি আছিল । 

৯। দুগুণ মৰণ ভুগি ধূলিৰ মানুহ কিহৰ লগত মিলি যাব ?

উত্তৰ ঃ  দুগুণ মৰণ ভুগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত।

১০। কোনে কবিতাৰ ৰচি তাৰ গুন-গান নকৰে ?

উত্তৰঃ কবিয়ে কবিতা ৰচি গুন-গান নকৰে ।

Type – Boby Bora