Class 12 Geography Assamese Medium Question Answer Solution | HS 2nd Year Geography GU Assamese Medium Question Answer Solution | Chapter 5 | পঞ্চম অধ্যায় | মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন | প্ৰশ্ন উত্তৰ |

পঞ্চম অধ্যায়

মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন

প্ৰশ্নাৱলীঃ

1. একোটা শব্দেৰে উত্তৰ দিয়া ঃ

(i) ভূগোল বিজ্ঞানত ব্যৱহাৰ হৈ থকা প্ৰধান আহিলাক ——— বোলে।

উত্তৰঃ মানচিত্ৰ।

(ii) ——– সহায় লৈ মানচিত্র অঙ্কন কৰা হয়।

উত্তৰঃ মানচিত্ৰ।

(iii) ——— পোন প্ৰথমতে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল। 

উত্তৰঃ মানচিত্ৰ।

(iv) ইছলামীয় সোণোৱালী যুগৰ বিখ্যাত মানচিত্ৰকৰ ——— য়ে, ১১৫৪ চনত উৎকৃষ্ট মানচিত্র প্রস্তুত কৰিছিল।

উত্তৰঃ ‘আল ইদ্ৰিছিয়ে’।

(v) অক্ষৰেখা আৰু দ্রাঘিমাৰেখাই কটাকটি কৰি ——– গঠন কৰে।

উত্তৰঃ গ্ৰীডছ।

(vi) পথাৰ জৰীপ কৰোতে, অতি সৰল পদ্ধতি ——— ব্যৱহাৰ কৰা হয়।

উত্তৰঃ শিকলি জৰীপ।

2. চমু উত্তৰ দিয়াঃ

(i) মাপনী কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ ভূ-পৃষ্ঠত থকা কোনো দুটা নিৰ্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্ৰতিনিধিত্ব কৰা দূৰত্বৰ অনুপাতকে ‘স্কেল’ বা ‘মাপনী’ বুলি কোৱা হয়। মাপনী তিনি প্ৰকাৰৰ। সেই কেইটা হ’ল-

(১) ৰৈখিক মাপনী (Graphical)

(২) উক্তি মাপনী (Statement Scale), আৰু

(৩) নিৰূপক ভগ্নাংশ (Representative Fraction) চমুকৈ যাক R.F. বুলি কোৱা হয়।

(ii) ২ মাইল = ৬৩৩৬০ ক নিৰূপক ভগ্নাংশলৈ প্ৰকাশ কৰা। 

উত্তৰঃ ২ মাইল = ৬৩,৩৬০

            ১ মাইল = ৩১,৬৮০

            ৬ মাইল = ৬✕৩১,৫৮০ = ১,৯০,০৮০

        R.F. = ২:১,৯০,০৮০

(iii) ৰৈখিক মাপনী আৰু কৰ্ণ মাপনীৰ মাজত পার্থক্য কি?

উত্তৰঃ সৰল ৰৈখিক মাপনীয়ে কেৱল মুখ্য আৰু গৌণ ভাগ কেইটাকহে দেখুৱায়, কিন্তু পৰম শুদ্ধতা পাবলৈ হ’লে, আকৌ এটা তৃতীয়ক বিভাজন থকা প্ৰয়োজন। এইক্ষেত্ৰত নিপূৰ্ণভাৱে, বিভাজন দেখুওৱা মাপনী হ’ল ‘কৰ্ণ মাপনী’ (Diagonal Scale), য’ত গৌণ বিভাজনক আকৌ তৃতীয়ক ভাৱে বিভক্ত কৰি দেখুৱাব পৰা যায়।

(iv) দূৰ সংবেদন কাক কয়?

উত্তৰঃ ই এক বিশেষ প্ৰযুক্তি, য’ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ, সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয়। এই প্ৰযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে, সংবেদনযুক্ত কৃত্ৰিম উপগ্ৰহ বা উচ্চতাৰে বিমান। কৃত্ৰিম উপগ্ৰহই বা অধিক উচ্চতাৰে উৰা আকাশীযানবোৰে পৃথিৱীখনক সূক্ষ্মাতিসূক্ষ্মৰূপে পৰীক্ষা কৰিব বা তথ্য সংগ্ৰহ কৰিব পাৰে।

(v) মানচিত্ৰৰ সৈতে কি কি উপাদান জড়িত হৈ আছে?

উত্তৰঃ মানচিত্ৰৰ সৈতে জড়িত উপাদানবোৰ হৈছে-

(১) মানচিত্ৰৰ নাম,

(২) অৱস্থান (আপেক্ষিকঃ অন্য অঞ্চলৰ পৰিপ্ৰেক্ষিতত, জ্যামিতিকঃ অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ বিস্তিতি), 

(৩) মানচিত্ৰৰ সীমাৰেখা আৰু দিশ, 

(৪) মানচিত্ৰৰ মাপনী,

(৫) আকৃতি আৰু আকাৰ,

(৬) দূৰত্ব, 

(৭) মাটিকালি,

(৮) প্ৰচলিত সাংকেতিক চিহ্ন আৰু 

(৯) মান চিত্ৰৰ সময় (কোন চনৰ তথ্য উপস্থাপন বা ভিত্তি কৰি মানচিত্ৰখন প্ৰস্তুত কৰা হৈছে।

(vi) মানচিত্ৰ কেই প্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ মানচিত্ৰ প্ৰধানকৈ দুই প্ৰকাৰৰ। যেনে-

(১) নিদৰ্শনমূলক মানচিত্ৰ (Representative Type Map) আৰু

(২) বিষয় প্ৰসঙ্গ থকা মানচিত্ৰ (Map drawn with reference to the subject)

(vii) জৰীপ কাৰ্য বুলিলে কি বুজায় ?

উত্তৰঃ কোনো ভূ-ক্ষেত্ৰক ভালদৰে অধ্যয়ন কৰি লৈ, মানচিত্ৰ প্ৰস্তুত কৰাকে জৰীপ বোলে। আমি কোনো ওখ ঠাইত থিয় হৈ থাকি, নামনিৰ ঠাইৰ জৰীপ কৰিব পাৰো। নতুবা যিকোনো অৱয়বকে সাৱধানতাৰে অৱলোকন কৰিব পৰাটোও জৰীপ বুলিব পাৰি। অৰ্থাৎ ভূ-ক্ষেত্ৰৰ জোখ মাখ, উচ্চতা, কৌণিক অৱস্থান, সীমা ইত্যাদিবোৰক গণিত, জ্যামিতি অথবা অন্যান্য বৈজ্ঞানিক সম্বন্ধীয় উপায়েৰে ভালদৰে অধ্যয়ন কৰিলেও জৰীপ কৰা বুলি ক’ব পৰা যাব।

3. নিম্নলিখিত সমূহক চমুকৈ বুজাই লিখা :

(i) অভিক্ষেপ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাক এখন মিহি সমতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰ কৰাকে অভিক্ষেপ বুলি কোৱা হয়। পৃথিৱীৰ আকৃতি যিহেতুকে গোলাকাৰ, গতিকে সকলো জ্যামিতিক সম্বন্ধবোৰক ঠিকঠাককৈ ৰাখি, যেনে আপেক্ষিক দূৰত্ব, কৌণিক অৱস্থান, মাটিকালিক একে ৰাখি, গোলক এটাৰ দ্বাৰা প্ৰকাশ কৰা হয়। কেৱল বৃহত্তম পৃথিৱীৰ আকাৰক গোলকৰ দ্বাৰা চমুকৈ প্ৰকাশ কৰা হয়। দৰাচলতে অভিক্ষেপক গোলকীয় পৃষ্ঠৰ পৰা ৰূপান্তৰ কৰি প্ৰস্তুত কৰা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ এখন জালী বুলিও ক’ব পাৰি। 

মানচিত্ৰ প্ৰস্তুত কৰিবলৈ তিনি প্ৰকাৰৰ অভিক্ষেপ ব্যৱহত হয় । যেনে-

(১) বেলন অভিক্ষেপ (Cylindrical Projection),

(২) শাঙ্কৰ অভিক্ষেপ (Conical Projection) আৰু

(৩) শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ (Zenithal Projection)।

(ii) ‘GIS ছফট্‌ৱেৰৰ দ্বাৰা কি কি কাৰ্য সাধন হয়?

উত্তৰঃ GIS ছফটওৱেৰে বহুতো কাৰ্যকে সামৰি লয়। যেনে- ডিজিটেল মেপক একগোট কৰা কাৰ্যবোৰ। এই পদ্ধতিটো আকৌ কেইবা প্ৰকাৰে বৰ্গীকৰণ কৰা হৈছে আৰু তাৰ মুখ্য চাৰিটা উপাদান হ’ল ক্ৰমে-

(১) সংগ্ৰহ (Input) ঃ মানচিত্ৰ, পৰিক্ৰমিত, আকাশৰ পৰা তোলা ছবি (Aerial Photos), উপগ্ৰহৰ পৰা লোৱা চিত্ৰ, জৰীপ (Survey) আদিৰে বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়।

(২) সংৰক্ষণ (Conservation) ঃ তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাৱে সেইবোৰক তথ্য ভাণ্ডাৰ হিচাবে সংৰক্ষণ কৰে। প্ৰয়োজন সাপেক্ষে সম্পাদনা, অনুসন্ধান, পুনৰুদ্ধাৰ বা বৰ্তমানৰ তাৰিখলৈ অৰ্থাৎ Update কৰি ল’ব পাৰে।

(৩) বিশ্লেষণ (Analysis) ঃ বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় বা উদঘাটনো কৰিব পাৰে।

(৪) উৎপাদন (Production) ঃ বিশ্লেষণৰ মাধ্যমেৰে নিঋসৰণ কৰি উলিওৱা ফলাফলক বিভিন্ন উপাদানেৰে যেনে- গ্ৰাফ বা লেখনিচিত্ৰ, দণ্ডচিত্ৰ, জ্যামিতিক চিত্ৰ, মানচিত্ৰ তালিকা, ৰেখা চিত্ৰ, বিৱৰণী, প্ৰতিবেদন আদিক প্ৰস্তুত কৰি উলিওৱাকে উৎপাদন (Output) বোলে। এনেদৰে পোৱা সঠিক তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজসাধ্য হৈ পৰে।

(iii) দূৰ সংবেদনৰ চমু আভাস দিয়া। 

উত্তৰঃ ই এক বিশেষ প্ৰযুক্তি, য’ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ, সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয়। এই প্ৰযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে, সংবেদনযুক্ত কৃত্ৰিম উপগ্ৰহ বা উচ্চতাৰে বিমান। কৃত্ৰিম উপগ্ৰহই বা অধিক উচ্চতাৰে উৰা আকাশীযানবোৰে পৃথিৱীখনক সূক্ষ্মাতিসূক্ষ্মৰূপে পৰীক্ষা কৰিব বা তথ্য সংগ্ৰহ কৰিব পাৰে।

    সংবেদনশীল উৎকৃষ্ট কেমেৰাৰে ভূচিত্ৰ গ্ৰহণ কৰি থাকে। আৰু গৱেষকসকলে ‘সংবেদন’ক অধ্যয়ন কৰি লৈ নিজৰ প্ৰয়োজন অনুসৰি সেইবোৰ বিশ্লেষণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তুলিব পৰা হ’ল।

    পদ্ধতিমূলকভাৱে চন’গ্ৰাফি থকা জাহাজৰ দ্বাৰা মহাসমুদ্ৰ তলিৰ হুবহু তথ্য এনেভাৱে পাব পৰা হ’ল, যিটো ডুবাৰু সকলৰ পক্ষে অসাধ্যকৰ।

    উপগ্ৰহৰ পৰা দূৰ সংবেদনশীল কেমেৰা ব্যৱহাৰ কৰি, মহাসমুদ্ৰৰ তাপমানৰ সালসলনিৰ হুবহু তথ্যও পাবলৈ সহজসাধ্য হ’ল।

    দূৰসংবেদনৰ আন কেতবোৰ বৈশিষ্ট্যপূৰ্ণ ব্যৱহাৰ এনেধৰণৰ ________

    যদি কোনো বৃহৎ বনাঞ্চল বনাগ্নিত পতিত হয়, মহাকাশৰ পৰা তাৰ চিত্ৰ তৎকালীনভাৱে বনৰক্ষকক যোগান ধৰিব পাৰে।

    আকাশত, মেঘৰ চালচলনলৈ লক্ষ্য ৰাখি দৈনিক বতৰৰ বাতৰিৰ যোগান সহজতে দিয়াৰ লগতে, ডাঙৰ ধুমুহা যেনে- ফাইলিন, চিনুক, বৰদৈচিলা, কালবৈশাখী, টৰ্নেড’, ফণি আদিৰ গতিবিধি আৰু বেগৰ হুবহু তথ্য দিয়ে। আগ্নেয়গিৰিৰ উদ্গীৰণ হৈ থকা সময়ৰ ছবি, নতুনা, পৃথিৱী পৃষ্ঠত বলি থকা ধূলিৰ ধুমুহাৰ ছবিবোৰো তৎকালীনভাৱে যোগান ধৰে।

    মহাসমুদ্ৰৰ তলিখনৰ সঠিক মানচিত্ৰ আৰু লগতে নতুন অৱয়ব আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰতো দূৰ সংবেদনৰ প্ৰয়োগ থাকে। মহাসমুদ্ৰ তলিৰ খলা-বমাবোৰ যেনে- বৃহৎ পৰ্বতৰ লানি, দ’ খাত নতুবা চুম্বকীয় ধুহি নিয়া কাৰ্যকো চিত্ৰ সহকাৰে দেখুৱাব পাৰে।

4. নিম্নলিখিত প্রশ্ন কেইটাক বহলাই লিখা:

(i) ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা মানচিত্ৰৰ ইতিহাসৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ অতীতৰ পৰা বৰ্তমানলৈ, মানচিত্ৰবোৰক, সময় সাপেক্ষে বিভিন্ন ৰূপত দেখিবলৈ পোৱা গৈছে। পুৰণি পৃথিৱীত মাটিতে আঁকবাক কৰি চাৰিওকাষৰ অঞ্চলবোৰৰ সূচনা দিছিল। পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন এডোখৰ ঘূৰণীয়া শিলাত লিপিবদ্ধ কৰা আছিল। স্পেইনত দেখিবলৈ পোৱা এই শিলা খণ্ডৰ মানচিত্ৰক, চৈধ্য হাজাৰ বছৰৰ আগতে শিলত কাটি উলিয়াইছিল। ভূগোল বিজ্ঞানৰ পিতা হিচাবে প্ৰসিদ্ধ ইৰাটোস্থেনিছে খ্ৰীষ্টপূৰ্ব ২৭৬ আৰু ১৯৪ ৰ মাজৰ সময়ছোৱাতে সূৰ্য্যৰ প্ৰতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল। একেৰাহে জ্যোতিৰ্বিদ পণ্ডিত, গণিতজ্ঞ তথা ভূগোলবিদ টোলেমিয়ে এখন সঠিক মানচিত্ৰৰ প্ৰস্তুত কৰিছিল আৰু পোন্ধৰ শতিকালৈকে যথেষ্ট সমাদৰো লাভ কৰিছিল। নিজৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ একত্ৰিত কৰি ‘ভূগোল’ নামৰ এখনি গ্ৰন্থও লিখি উলিয়াইছিল।

    মধ্যযুগৰ মানচিত্ৰকৰ সকলে কেৱল ধৰ্মীয় বিশ্বাসক প্ৰতিফলিত কৰিবলৈহে মানচিত্ৰ প্ৰস্তুত কৰিছিল। এনেবোৰ মানচিত্ৰ অতি সৰল আৰু কিছুক্ষেত্ৰত আমোদজনক ভাৱে অঙ্কিত হৈছিল। মধ্যযুগীয় ইউৰোপীয়অ’ মানচিত্ৰসমূহ জেৰুজালেমক কেন্দ্ৰ ৰাখি প্ৰস্তুত কৰিছিল। স্থলাংশ ভাগৰ্ক ঘূৰণীয়া এটা চকাৰ দৰে ৰাখি, চাৰিওকাষে এখনি সমুদ্ৰ আৱৰি থকাৰ দৰে নিৰ্মাণ কৰিছিল। এনে মানচিত্ৰ ‘T’ in ‘O’ হিচাবে নামাকৰণ কৰি লৈছিল। স্থলভাগক আৱৰি থকা মহাসমুদ্ৰক, ‘T’ অক্ষৰে, তিনিখন মহাদেশত বিভক্ত কৰা দেখুৱাইছে। আটাইতকৈ ডাঙৰ বুলি অভিহিত কৰি এছিয়া মহাদেশক ‘T’ ৰ ঊৰ্ধ্বতন অংশত অৱস্থান কৰোৱাৰ বিপৰীতে, নিম্নাংশত ‘ইউৰোপ’ আৰু ‘ আফ্ৰিকা’ মহাদেশৰ অৱস্থান নিৰ্ণয় কৰে। কেন্দ্ৰাংশত ‘জেৰুজালেমক’ প্ৰতিষ্ঠা কৰাই, ‘ইউৰোপ’ আৰু আফ্ৰিকাৰ মধ্যৱৰ্তী অংশত ভূমধ্যসাগৰক স্থান দিছিল। আফ্ৰিকা আৰু এছিয়াৰ মধ্যাংশত নীল নদীৰ স্থান নিৰূপণ কৰে আৰু ইউৰোপ আৰু এছিয়াৰ মাজত ডন নদীক স্থান দিছিল। ‘T’ শীৰ্ষাংশক নীল আৰু ডন নদীৰ অৱস্থান দেখুৱাইছিল। এনে অন্ধকাৰ যুগৰ মাজতো কিন্তু আৰৱ দেশৰ বিদ্বৎ সমাজৰ, বৈজ্ঞানিক পদ্ধতিৰ মানচিত্ৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া লেখত ল’বলগীয়া। তেওঁলোকে টোলেমিৰ সমস্ত কৰ্মৰাজিক সংৰক্ষণ কৰি লৈ, আৰৱিক ভাষালৈ অনুবাদ কৰিছিল আৰু পোন প্ৰথমবাৰৰ বাবে আস্থা ৰাখিব পৰা বিধৰ গোলক প্ৰস্তুত কৰি দেখুৱাইছিল।

    ইছলামীয় সোণোৱালী যুগত, অৰ্থাৎ পৰৱৰ্তী কালত আৰৱীয়ান মানচিত্ৰ সকলোৱে বহুগুণে জটিল গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ আলম লৈ বিভিন্ন সূত্ৰৰ প্ৰয়োগেৰে, মানচিত্ৰৰ অভিক্ষেপ অঙ্কণ কৰিব পাৰিছিল। সেই সময়ছোৱাত, অৰ্থাত ১১৫৪ চনত বিখ্যাত বৈজ্ঞানিক তথা মানচিত্ৰৰ ‘আল ইদ্ৰিছিয়ে’ ইউৰোপীয় সকলতকৈ বহুগুণে বিশিষ্ট তথা উৎকৃষ্ট ভূ-মানচিত্ৰ প্ৰস্তুত কৰিব পাৰিছিল। তেওঁৰ মানচিত্ৰত সমগ্ৰ মহাদেশ যেনে ইউৰেছিয়া, য’ত স্কেণ্ডিনেভিয়া, আৰবীয়ান উপদ্বীপিয় অংশ, শ্ৰীলংকা দ্বীপ, কৃষ্ণসাগৰ আৰু কাস্পিয়ান সাগৰ আদি সকলোবোৰ সন্নিৱিষ্ট হৈছিল।

    ১৯ শতিকাৰ আদিভাগতে, ‘লিথোগ্ৰাফি’ নামৰ ছপাকৰণ প্ৰক্ৰিয়াৰ উদ্ভাৱন ঘটে আৰু খুউব কম পৰিশ্ৰম আৰু খৰচৰ দ্বাৰা মানচিত্ৰকৰ সকলে একেবাৰে শুদ্ধকৈ অঙ্কণ কৰি উলিয়াব পৰা হ’ল। তাৰোপৰি নতুন ফটোগ্ৰাফী, ৰঙীণ ছবিৰ ছপাযন্ত্ৰ আৰু কম্পিউটাৰে উৎকৃষ্টতা বৃদ্ধি কৰাত সহায় কৰে। কেৱল কিছু দশকৰ আগৰ পৰা মানৱ আৰু মানচিত্ৰৰ মাজত যি এক ক্ষীপ্ৰতৰ পৰিৱৰ্তন আহিবলৈ ল’লে। কাগজত অকা মেপৰ পৰিৱৰ্তে ঠাই পালে উপগ্ৰহৰ মাধ্যমেৰে অহা সংবাদসমূহে। যাৰ ফলত একেবাৰে সঠিকভাৱে ভূ-পৃষ্ঠত, যিকোনো স্থানৰে বাৰ্তা আৰু স্থানাংক নিৰ্ণয়ত আমূল পৰিৱৰ্তন আহিবলৈ ল’লে। ফলত বৰ্তমানৰ প্ৰজন্মই অতি সহজতে গুগুলৰ মানচিত্ৰবোৰক উদঘাটন কৰিব পৰা হ’ল। অতীজৰ পৰিবহন মানচিত্ৰৰ পৰিবৰ্তে গুগুল মেপৰ মাধ্যমেৰে বিভিন্ন ঠাইৰ স্থানাংক নিৰ্ণয় কৰিব পৰা হ’ল। ‘ডিজিটেল’ ভাষাৰে প্ৰস্তুত হোৱা মানচিত্ৰক, তিনিওটা দিশেৰে চাব পৰা হৈ উঠিল। ফলত অতীজৰ, সমান পৃষ্ঠত অঙ্কিত মানচিত্ৰৰ চাহিদাত সীমাৱদ্ধতা আহি পৰিল। সমগ্ৰ পৃথিৱীৰ তথ্যপাতি অতি ক্ষিপ্ৰতাৰে অথচ নিখুঁটভাৱে, ইন্টাৰনেটৰ মাধ্যমেৰে, মানচিত্ৰক আধুনিকতম প্ৰযুক্তিৰ শাৰীলৈ আগুৱাই নিয়ে।

(ii) ‘শিকলি’ জৰীপত কি কি ব্যৱহাৰ হয় বর্ণনা কৰা।

উত্তৰঃ কোনো ভূ-ক্ষেত্ৰক ভালদৰে অধ্যয়ন কৰি লৈ, মানচিত্ৰ প্ৰস্তুত কৰাকে জৰীপ বোলে। আমি কোনো ওখ ঠাইত থিয় হৈ থাকি, নামনিৰ ঠাইৰ জৰীপ কৰিব পাৰো। নতুবা যিকোনো অৱয়বকে সাৱধানতাৰে অৱলোকন কৰিব পৰাটোও জৰীপ বুলিব পাৰি। অৰ্থাৎ ভূ-ক্ষেত্ৰৰ জোখ মাখ, উচ্চতা, কৌণিক অৱস্থান, সীমা ইত্যাদিবোৰক গণিত, জ্যামিতি অথবা অন্যান্য বৈজ্ঞানিক সম্বন্ধীয় উপায়েৰে ভালদৰে অধ্যয়ন কৰিলেও জৰীপ কৰা বুলি ক’ব পৰা যাব।

    জৰীপ কৰা আন আন পদ্ধতিৰ ভিতৰত ‘শিকলি জৰীপ’ আটাইতকৈ সৰল আৰু কেৱল পথাৰৰ জোখমাখ ল’বলৈ ব্য়ৱহত হোৱা এটা সাধাৰণ পদ্ধতি। নিৰ্দিষ্ট স্থানৰ জোখ-মাখ লৈ, বাকী কামবোৰ অৰ্থাৎ গণনা, অঙ্ক আদিক অন্য ঠাইলৈ গৈও কৰিব পৰা যায়। বৰ বেছি খলা-বমা নথকা সৰু সমতল অঞ্চলৰ বাবে এই পদ্ধতিৰ ব্যৱহাৰৰ যুক্তি থাকে।

    জৰীপ কাৰ্যত ভালেমান সংখ্যক ‘শিকলি’ ব্যৱহাৰ হয় যদিও, প্ৰধানকৈ ‘ইঞ্জিনিয়াৰ্চ চেইন’ আৰু ‘গাণ্টাৰছ চেইন’ৰ বেছি ব্যৱহাৰ হয়। ইঞ্জিনিয়াৰ্চ চেইনৰ দৈৰ্ঘ ১০০ lt আৰু ১০০টা জোৰা আছে আৰু প্ৰতি ১০টা জোৰাৰ মূৰে মূৰে একোটা খাজ কটা মাৰি থাকে, যাৰ দ্বাৰা জোখ-মাখৰ অধ্যয়ন কৰা সূচল হয়। গাণ্টাৰচ চেইনৰ দৈৰ্ঘ ৬৬ lt.

(iii) ‘বেলন’ অভিক্ষেপ কাক বোলে আৰু কেনে অৰ্থত ব্যৱহাৰ হয় লিখা।

উত্তৰঃ এই অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পৰা যায়। ইয়াত অনুভূমিকভাৱে থকা সৰল সমতূল্য অক্ষৰেখাৰ সৈতে দ্ৰাঘিমা ৰেখাবোৰে সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে। দ্ৰাঘিমাবোৰ সমদূৰৱৰ্তী আৰু অক্ষৰেখাই প্ৰতি মাপনী একে থাকে। যদিও বেলন অভিক্ষেপ দেখিবলৈ আয়তৰ নিচিনা, ইয়াক বেলন বুলিয়েই অভিহিত কৰা হয়; কিয়নো, যদিহে এই জালীখনক মেৰিয়াই লৈ দুয়োকাষ লগ লগোৱা যায়, দেখিবলৈ তেতিয়া চুঙা বা বেলনৰ দৰেই হ’ব।

    এই অভিক্ষেপৰ দুৰ্বল অংশটো মেৰুদেশীয় অঞ্চলৰ সৈতে জড়িত, য’ত পৃথিৱীৰ আকৃতি বিকৃতভাৱে ৰয়। আনহাতে বিষুব অঞ্চল আৰু আশে পাশে, মানচিত্ৰত ভূ-আকৃতি, প্ৰকৃত আকৃতিৰ দৰেই শুদ্ধভাৱে থাকে। আটাইতকৈ জনপ্ৰিয় বেলন অভিক্ষেপঃ মাৰ্কেটৰ অভিক্ষেপ (Mercator Projection), কেছিনী (Cassini), গাউছ ত্ৰুুগাৰ (Gauss-Krugar), মিলাৰ (Miller) অভিক্ষেপ ইত্যাদি।

ব্যৱহাৰিক কার্য :

তোমালোকৰ বিদ্যালয়ত থকা খেলপথাৰখনত কেনেদৰে জৰীপ কাৰ্য সাধন কৰিবা শিক্ষক বা সমল ব্যক্তিৰ সহায় লৈ কৰা। ‘শিকলিৰে’ জৰীপ কাৰ্য কেনেভাৱে কৰিব পাৰি, সমল ব্যক্তিৰ পৰা আহৰণ কৰা আৰু দৈর্ঘ্য, প্রস্থ আদিবোৰ শ্ৰেণীকোঠাত বহি হিচাব নিকাচ কৰি ল’ব পাৰিবা। এই বিষয়ে এটি প্রকল্পও প্রস্তুত কৰিব পৰা যায়।

Question Type: Himashree  Bora.

Answer Type : Pompi Hazarika