ডক্টৰ বাণীকান্ত কাকতি | Class 5 Assamese Lesson 5 | Class 5 Assamese Chapter 5 Question Answer |

উওৰ দিয়া ।

(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে ?

উওৰঃ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্য়াতি অৰ্জন কৰিব পাৰে ।

(খ) বাণীকান্ত কাকতিয়ে জীৱনত বেছিভাগ সময় কি কামত আত্ম-নিয়োগ কৰিছিল ?

উওৰঃ বাণীকান্ত কাকতিয়ে জীৱনত বেছিভাগ সময় জ্ঞান অৰ্জনত আত্ম-নিয়োগ কৰিছিল ।

(গ) নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে ?

উওৰঃ নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে ।

(ঘ) তেখেতে কি চিকিৎসা কৰিছিল ?

উওৰঃ তেখেতে হোমিওপেথিকৰ চিকিৎসা কৰিছিল ।

(ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি ?

উওৰঃ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম ‘ Assamese-  Its Formation and Development’ (অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’)।

প্ৰশ্নঃ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা ।

উওৰঃ ডক্টৰ বাণীকান্ত কাকতিৰ জন্ম ১৮৯৪ চনৰ ১৫ নৱেম্বৰত , বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত , দেহাৱসান ১৯৫২ চনৰ ১৫ নৱেম্বৰত। ডক্টৰ বাণীকান্ত কাকতিৰ জন্মৰ আগতেই পিতৃ ললিতৰাম কাকতিৰ মৃত্য়ু হৈছিল । তেওঁ হোমিওপেথিকৰ চিকিৎসা কৰিছিল ।

প্ৰশ্নঃ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল, চমুকৈ লিখা ।

উওৰঃ ডক্টৰেট ডিগ্ৰী লাভ কৰা পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ  বহুতে তেওঁক হাঁহিছিল আৰু অশিক্ষিত লোকসকলক কৈছিল তেওঁ হেনো ডক্টৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ কথা শুনি তেওঁ ওচৰত চিকিৎসা বিচাৰি গৈছিল।  

প্ৰশ্নঃ অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা ।

কৌতুক- প্ৰিয়- ধেমালি- প্ৰিয়, ধেমালি ভাল পোৱা ।

আয়ত্ত –       বশত অনা, অধীনত অনা, অধিকৃত, দখললৈ অনা কাৰ্য।

সাধনা- সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰ প্ৰচেষ্টা, আৰাধনা, উপাসনা, গভীৰ ঐকান্তিক চেষ্টা ।

থতমত –  বিবুধি হোৱা অৱস্থা ।

পৰিস্থিতি – চাৰিওফালৰ অৱস্থা, পাৰিপাৰ্শ্বিক অৱস্থা ।

নিষ্ঠা – দৃঢ় আস্থা, শ্ৰদ্ধা।

একান্ত – একে ঠাইতে বা কোনো এটা বস্তুটোত মন দিয়া, একাগ্ৰ ।

সুখ্য়াতি – সুনাম, যশস্য়া ।

আত্ম-নিয়োগ – স্বনিযুক্তি, কোনো কামত নিজকে লগোৱা কাৰ্য ।

প্ৰবল – বহুত ।

চৰ্চা – আলোচনা কৰা ।

গতি-গোত্ৰ – মতি-গতি, স্বভাৱ, প্ৰকৃতি, চলন, চাল-চলন।

প্ৰশ্নঃ তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা ।

নিষ্ঠা→ষ্ঠ = ষ + ঠ

বিজ্ঞানী→জ্ঞ = জ + ঞ

ডক্টৰ→ক্ট = ক + ট

প্ৰশ্নঃ তলৰ আঁচ টনা শব্দবোৰৰ সলনি ব্য়ক্তিবাচক সৰ্বনাম পদ ব্য়ৱহাৰ কৰি বাক্য়বোৰ পুনৰাই লিখা।

(ক) ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা-বিজ্ঞানী আছিল ।

উওৰঃ তেখেত এগৰাকী ভাষা-বিজ্ঞানী আছিল ।

(খ) ৰহিমে পঢ়া-শুনা মনোযোগেৰে কৰে ।

উওৰঃ সি পঢ়া-শুনা মনোযোগেৰে কৰে ।

(গ) নীলাই গান গাই ভাল পায় ।

উওৰঃ তাই গান গাই ভাল পায় ।

প্ৰশ্নঃ বাক্য় ৰচনা কৰা ।

সহজ-সৰলভাৱে – ৰাম এজন সহজ-সৰল ল’ৰা ।

প্ৰবল – সাগৰৰ পাৰত প্ৰবল ঢৌ দি আছে ।

চিকিৎসা – ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিওপেথিকৰ চিকিৎসা কৰিছিল ।

দৃঢ়মনা – ডক্টৰ বাণীকান্ত কাকতি এজন দৃঢ়মনা ব্য়ক্তি আছিল ।

আঁতিগুৰি – ৰীমাই সকলো কথা আঁতিগুৰি মাৰি জানিব বিচাৰে ।

কৌতুক-প্ৰিয় – ৰমেন এজন কৌতুক-প্ৰিয় লোক ।

জোকৰ মুখত চূণ – ডক্টৰ বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ ডাক্তৰৰ ভূমিকা পালন কৰিছে ।

থতমত খা – ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিত বাকীলোকবোৰে থতমত খাইছিল।

প্ৰশ্নঃ এটা শব্দত প্ৰকাশ কৰোঁ আহা ।

(ক) যি শিক্ষাদান কৰে

উওৰঃ শিক্ষক ।

(খ) যি ৰোগীক চিকিৎসা কৰে

উওৰঃ চিকিৎসক ।

(গ) যি ভাষা চৰ্চা কৰে

উওৰঃ ভাষা বিজ্ঞানী ।

(ঘ) একে সময়তে হোৱা

উওৰঃ সমসাময়িক ।

(ঙ) একান্ত মনে চিন্তা কৰা

উওৰঃ একাগ্ৰ ।

(চ) যি শিক্ষা গ্ৰহণ কৰে

উওৰঃ ছাত্ৰ-ছাত্ৰী ।

বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

জ্ঞান –     অজ্ঞান।

সৰল –     জটিল।

সাধাৰণ –  অসাধাৰণ।

চোকা –    ভোটা।

ৰোগী –    সুস্থ।

সুখ্য়াতি –  কুখ্য়াতি

জানো আহা-

ভাব সম্প্রসাৰণ – জোকৰ মুখত চূণ দিয়া । ইয়াৰ সাধাৰণ অর্থ হ’ল যথােপযুক্ত প্ৰত্যুত্তৰ দিয়া।

ব্যাখ্যা- জোক এবিধ ক্ষুদ্র জীৱ । সাধাৰণতে গছ , বন , পানীৰ ডােঙা , জিকা ঠাই আদিত ইয়াৰ বসতি । ই মানুহ , গৰু , ম’হ আদিৰ দেহৰ পৰা তেজ শুহি খায় । জোক থকা ঠাইলৈ মানুহে আহ – যাহ কৰিলে মানুহৰ গাত জোক লাগি ধৰে আৰু বগাই গৈ আঙুলিৰ ফাঁক , ভৰি , কান্ধ , ডিঙি আদিত লাগি ধৰি তেজ শােহে । তেতিয়া তাক এৰুৱাবলৈ চূণ ব্যৱহাৰ কৰা হয় । সাপৰ দেহত ফেনাইল পৰাৰ দৰে জোকৰ মুখত চূণ পৰিলে ই কোচ খাই যায় । চূণৰ মাত্রা বেছি হ’লে ই মৰি যায় । এনেধৰণৰ ফকৰা – যােজনাবােৰ আমাৰ অসমীয়া সাহিত্যৰ অলংকাৰ । কোনাে মানুহৰ কথাৰ যােগ্য প্রত্যুত্তৰ দিবলৈ এই বচনফাকি প্রয়ােগ কৰা হয় । বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাছত কৌতুক – প্রিয় কেইজনমানে তেখেতক ডাক্তৰ সাজি তেখেতৰ ওচৰলৈ ৰােগীক চিকিৎসাৰ বাবে পঠিয়াইছিল । তেওঁলােকে জানিছিল যে কাকতি প্রকৃত চিকিৎসক নহয় । কাকতিয়েও , তেখেতে যে ৰােগী চিকিৎসা কৰিব পাৰে , সেই কথা হােমিওপেথিক চিকিৎসা বিদ্যা শিকি লৈ কৰি দেখুৱালে আৰু চকু – চৰহাসকলক যথাযােগ্য উত্তৰ দিলে । তেতিয়া সেই কৌতুক – প্রিয় মানুহকেইজনে তবধ মানিলে । এনেদৰে কাকতিয়ে জোকৰ মুখত চূণ দিলে ।

উত্তৰ লিখা।

(ক)  কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি?

উওৰঃ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো ১৮৯৮ চনৰ জুলাই মাহৰ ২০ তাৰিখ ।

(খ) তেখেতে কেতিয়াৰ পৰা সাহিত্য় চৰ্চা কৰিছিল ?

উওৰঃ তেখেতে ছাত্ৰজীৱনৰ পৰাই সাহিত্য় চৰ্চা কৰিছিল ।

(গ) তেখেতে কোনটো বিষয়ত এম. এ. পাছ কৰিছিল ?

উওৰঃ তেখেতে সংস্কৃত বিষয়ত এম. এ. পাছ কৰিছিল ।

(ঘ) তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা।

উওৰঃ তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হ’ল শ্ৰীহৰ্ষৰ নৈষধ চৰিত, যশস্তিলক আৰু সেতুবন্ধ।

(ঙ) তেখেতে কি কি আলেচনীত প্ৰবন্ধ লিখিছিল ?

উওৰঃ তেখেতে বাঁহী আলোচনী, চেতনা, আৱাহন আদি আলোচনীত প্ৰবন্ধ লিখিছিল ।

প্ৰশ্নঃ ‘মহাভাৰত’ শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা।

উদাহৰণ – ম – মহা, মৰত, মত

হাঃ হাঁহ , হাঁহি, হাঁহা

ভাঃ ভাত, ভাৰত, ভাগৱত

ৰঃ ৰথ, ৰজা, ৰ’দ

তঃ তপত, তাত, তপস্য়া

Answered by Bidisha Bora