Class 12 EDUCATION Chapter 6 Short Question Answer | Class 12 EDUCATION Chapter 6 মনোযোগ আৰু আগ্রহ Short Answer |

ক. খালী ঠাই পূৰ্ণ কৰাঃ

১। শিশুৰ প্ৰতি থকা মাকৰ আগ্ৰহ হৈছে আমাৰ আগ্ৰহ হৈছে- ——— আগ্রহ।

উত্তৰ : সুপ্ত।

২। ৰাতি পুৱাৰ দৈনিক বাতৰি কাকতৰ প্ৰতি থকা আমাৰ আগ্ৰহ হৈছে——–আগ্ৰহ।

উত্তৰ: ক্ষণস্থায়ী।

৩। উদ্দীপকৰ তীব্রতা মনোযোগৰ ———- কাৰণ।

উত্তৰঃ বস্তুনিষ্ঠ।

৪। মনোযোগ হ’ল জ্ঞানমূলক দিশৰ এক ———-প্রক্রিয়া।

উত্তৰ : আনুভূতিক।

৫। নতুনত্ব হৈছে মনোযোগৰ ———– কাৰণ।

উত্তৰঃ বাহ্যিক।

৬। পুৰস্কাৰ হৈছে মনোযোগৰ ——— কাৰণ।

উত্তৰ : আভ্যন্তৰীণ ।

৭। তীব্রতা, দীর্ঘস্থায়িত্ব, গতিশীলতা ইত্যাদি হ’ল – ———-মনোযোগৰ কাৰণ ।

উত্তৰ : বাহ্যিক ।

৮। ‘আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা কথাষাৰ কৈছিল ———- য়ে।

উত্তৰ : মেকডুগল

৯।——— হ’ল মানসিক প্রস্তুতি।

উত্তৰ : মনোযোগ ।

১০। পৰীক্ষাৰ সময়ত দিয়া মনযোগ হৈছে———— মনযোগৰ কাৰণ।

উত্তৰঃ আভ্য়ন্তৰীণ।

১১। ডাঙৰ শব্দ এটাৰ প্ৰতি দিয়া মনযোগ হল——— আৰোপিত ।

উত্তৰঃ মনোযোগ।

১২। আগ্ৰহ শব্দটো লেটিল শব্দ এটাৰ পৰা উৎপত্তি হৈছিল যাৰ অৰ্থ হল————।

উত্তৰঃ কোনো এক বিষয়ৰ সগত ব্য়ক্তি জডিত থকা বা সম্বন্ধ থকা অবস্থা।

১৩। ————ৰ মতে আগ্ৰহ হল এক গতিশীল মনোভাৱ।

উত্তৰঃ ড্ৰেভাৰ।

১৪।যি মনোযোগ উদ্দী পকৰ আকৰ্ষণীয়তাৰ বাবে দিয়া হয় তাক ————–মনোযোগ বোলে ।

উত্তৰঃ ইচ্ছা বিৰোধী।

১৫। এজন কিশোৰৰ বিপৰীত লিংগৰ প্ৰতি থকা আগ্ৰহক ————— আগ্ৰহ বোলে ।

উত্তৰঃ সুপ্ত ।

খ. শুদ্ধনে অশুদ্ধ কোৱাঃ

১। আগ্ৰহ সদায় জন্মগত ।

উত্তৰঃ অশুদ্ধ।

২। আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে কিন্তু মনোযোগে আগ্ৰহৰ সৃষ্টি নকৰে।

উত্তৰঃ অশুদ্ধ।

৩।খোজকঢাৰ সময়ত আমি সম্পূৰ্ণৰুপে অমনোযোগী হোৱাটো সম্ভৱ নহয়।

উত্তৰঃ শুদ্ধ।

৪। মানসিক স্বাস্থ্য় মনোযোগৰ এটি চৰ্ত।

উত্তৰঃ শুদ্ধ।

৫। মনোযোগ হল মানসিক প্ৰক্ৰিয়া ।

উত্তৰঃ শুদ্ধ।

৬।আগ্ৰহ হল এক মানসিক প্ৰৰ্কিয়া ।

উত্তৰঃ শুদ্ধ।

৭। মনোযোগ দিবৰ বাবে মানসিক স্বাস্থ্য়ৰ প্ৰয়োজন।

উত্তৰঃ শুদ্ধ।

৮। বৈসাদৃশ্য় হল মনোযোগৰ এটা বাহ্য়িক কাৰণ।

উত্তৰঃ শুদ্ধ।

৯। মনোযোগৰ ওপৰত আবেগৰ কোনো প্ৰভাৱ নাথাকে ।

উত্তৰঃ অশুদ্ধ।

১০। আগ্ৰহ হল এবিধ গতিশীল মানসিক প্ৰৰ্কিয়া।

উত্তৰঃশুদ্ধ।

১১। মনোযোগ হৈছে উদ্দেশ্য়ধৰ্মী কাৰ্য।।

উত্তৰঃ শুদ্ধ।

১২। আগ্ৰহ সামাজিক প্ৰভাৱৰপৰা মুক্ত।

উত্তৰঃ শুদ্ধ।

১৩। আগ্ৰহ হল স্থিৰ মানসিক প্ৰক্ৰিয়া ।

উত্তৰঃ অশুদ্ধ।

গ. চমু প্ৰশ্নোত্তৰঃ

১। মনোযোগৰ পৰিষৰ কি?

উত্তৰঃ মানুহে এটা মূহুৰ্তত একেলগে সীমিত সংখ্য়ক বস্তু বা বিষয়ৰ প্ৰতিহে মনোযোগ দিবপাৰে। এজন প্ৰাপ্তবয়স্কলোকে ছটা বিন্দুলৈকে নিজৰ দৃষ্টি তৎকালীনভাৱে নিক্ষেপ কৰিব পাৰে। সেয়ে মনোযোগৰ পৰিসৰ ছয় বুলি কোৱা হয়।

২।মনোযোগক আকৰ্ষণ কৰা দুটা কাৰণ লিখা।

উত্তৰঃ মনোযোগক আকৰ্ষণ কৰা দুটা ক্ৰণ হল–

(ক) বাহ্য়িক বা বস্তুনিষ্ঠা কাৰণ আৰু (খ) আভ্য়ন্তৰীণ বা ব্য়ক্তিনিষ্ঠা কাৰণ।

৩।মনোযোগৰ বাহ্য়িক বা বস্তুনিষ্ঠ কাৰণ কি?

উত্তৰঃ মনোযোগৰ বাহ্য়িক বা বস্তুনিষ্েঠ কাৰণ হল–

(ক) আকাৰ বা আকৃতি, (খ) তীব্ৰতা, (গ) নতুনত্ব,(ঘ) গতিশীলতা আৰু (ঙ) উজ্জ্বলতা ।

৪। আগ্ৰহৰ দুটা পৰিপাৰ্শ্বিক কাৰণ লিখা।

উত্তৰঃ আগ্ৰহৰ দুটা পাৰিপৰ্শ্বিক কাৰণ হল—–

(ক) শিক্ষা গ্ৰহণৰ বাহ্য়িক পৰিৱেশৰ আকৰ্ষণীয়তাই ছাত্ৰৰ মনত আগ্ৰহৰ সৃষ্টি কৰে।

(খ) শান্ত আৰু নিৰিবিলি পৰিবেশে ছাত্ৰৰ মনত শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহ সৃষ্টি কৰে।

৫।’এখন বগা বেৰত থকা সৰু দাগ এটাত আমি মনোযোগ দিওঁ।’ইয়াৰ কাৰণ কি?

উত্তৰঃ মনোযোগৰ বস্তুনিষ্ঠ চৰ্ত বৈসাদৃশ্য়ৰ বাবেই আমি বগা বেৰত থকা সৰু দাগ এটাত মনোযোগ দিওঁ।

৬। আগ্ৰহৰ যিকোনো এটা পৰিবেশীয় কাৰক উল্লেখ কৰা।

উত্তৰঃ পৰিবেশৰ আকৰ্ষণীয় উদ্দীপক ।

৭। আৰ্জিত আগ্ৰহ কি?

উত্তৰঃ জীৱন কালত মানুহে শিক্ষা, অভিজ্ঞতা, প্ৰশিক্ষণ আদিৰ ফলস্বৰুপে আহৰণ কৰা আগ্ৰহক আৰ্জিত আগ্ৰহ বুলি কবপাৰি। যেনে– লুডু খেলৰ প্ৰতি আগ্ৰহ ।

৮।মনোযোগ কি ?

উত্তৰঃ “মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয় ।”- জেমচ ৰ’চ।

৯। স্বতঃস্ফুৰ্ত বা ইচ্ছাকৃত মনোযোগ কি?

উত্তৰঃ আনৰ হস্তক্ষেপ নোহোৱাকৈ কোনো ব্য়ক্তিয়ে পৰিবেশৰ কোনো বস্ত বা বিষয়লৈ ইচ্ছাকৃতভাৱে মনোযোগ প্ৰদান কৰাকে “স্বতঃস্ফূৰ্ত বা ইচ্ছাকৃত মনোযোগ”বোলে।

১০।আগ্ৰহ কাক বোলে ?

উত্তৰঃ যেতিয়া পৰিবেশৰ কোনো বস্তু বা বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু তাৰ লগত এক মানসিক সম্বন্ধ স্থাপন হয়, তেনে অৱস্থাকেই ‘আগ্ৰহ’বুলি কোৱা হয়।

১১। আগ্ৰহৰ দুটা বৈশিষ্ট্য় উল্লেখ কৰা।

উত্তৰঃ আগ্ৰহৰ দুটা বৈশিষ্ট্য় হল–

(ক) আগ্ৰহ জন্মগত হোৱাৰ লগতে আৰ্জিতও।

(খ) ব্য়ক্তিভেদে আগ্ৰহ বেলেগ বেলেগ হয়।

১২। অস্থায়ী আগ্ৰহ বুলিলে কি বুজা ?

উত্তৰঃসাধাৰণতে ক্ষণস্থায়ী আগ্ৰহকে আস্থায়ী আগ্ৰহ বেলে। অস্থায়ী আগ্ৰহ হঠাৎে উদয় হয় বা বৃদ্ধিহয় আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে সলনিও হয়। উদাহৰণ স্বৰুপে ৰাতিপুৱাৰ বাতৰি কাকতখন পঢাৰ প্ৰতি ৰাতিপুৱা যিমান আগ্ৰহ থাকে দুপৰীয়া সেই আগ্ৰহ নাথাকে বা কাকতখন পঢাৰ পিছত সেই আগ্ৰহ নাথাকে।

১৩। মনোযোগক মনৰ নিৰ্বাচনী কাৰ্য বুলি কোৱা হয় কিয়?

উত্তৰঃ মনোযোগক মনৰ ‘নিৰ্বাচনী কাৰ্য’ বুলি কোৱা হয় কাৰণ পৰিবেশৰ বিভিন্ন বিষয়ৰ প্ৰতি মন সচেতন হলেওতাৰ ভিতৰত এটা অধিক আকৰ্ষণীয় উদ্দীপক বাছি লৈ তাৰ প্ৰতিহে মনোযোগ দিয়া উচিত।

ঘ. বহলাই উত্তৰ দিয়াঃ

১। আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা বুলি কিয় কোৱা হয়? ব্য়াখ্য়া কৰা।

উত্তৰঃ মনোযোগ আৰু আগ্ৰহৰ ঘনিষ্ঠ সম্বন্ধ আছে। মনোযোগে সদায় আগ্ৰহৰ বাহনৰুপে কাম কৰে। আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে আৰু মনোযোগে আগ্ৰহক প্ৰকাশ কৰে। মনোযোগ নহলে কোনো কথা শিকিব নোৱাৰি আৰু আগ্ৰহ নহলে মনোযোগ দিব নোৱাৰি। আগ্ৰহ আৰু মনোযোগৰ পৰস্পৰ নিৰ্ভৰশীল। সেয়ে আগ্ৰহক মনোযোগৰ সুপ্ত অৱস্থা বুলি কোৱা হয়।

২। ঐচ্ছিক মনোযোগ কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ যি মনোযোগত মনৰ ইচ্ছা-শক্তি প্ৰয়োগ কৰা হয় তাকে ‘ঐচ্ছিক মনোযোগ’ বোলে । অৰ্থাৎ ব্য়ক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে পৰিবেশৰ কোনো বস্তু বা বিষয়লৈ মনোযোগ দিয়াটোৱেই হল ঐচ্ছিক মনোযোগ। ব্য়ক্তিৰ মনত তীব্ৰ আগ্ৰহ বা ইচ্ছাৰ ফলশ্ৰ্ৰতি হিচাপে এইবিধ মনোযোগৰ সৃষ্টি হয়। উদাহৰণস্বৰুপে যিসকল বিদ্য়াৰ্থীৰ অধ্য়য়নৰ প্ৰতি স্পৃহা আছে তেওঁলোকৰ বাধা- বিঘিনি থাকিলেও মনোযোগ দিব পাৰে।

৩।স্পষ্ট বা নিশ্চিত মনোযোগ আৰু অনুমতি মনোযোগ কাক বোলে? বুজাই লিখা।

উত্তৰঃ যি ঐচ্ছিক মনোযোগ পৰিবেশৰ কোনো কাৰকৰ প্ৰভাৱৰ ফলত নিশ্চিতভাৱে প্ৰদান কৰা হয় তাকে স্পষ্ট বা নিশ্চিত মনোযোগ বোলে। এইবিধ মনোযোগত বাস্তৱ পৰিস্থিতিয়ে এজন লোকক ইচ্ছাকৃতভাৱে মনোযোগ দিবলৈ বাধ্য় কৰে। পৰীক্ষা আহি পালে ছাত্ৰই কিতাপৰ প্ৰতি মনোযোগ দিবলৈ বাধ্য় হয়। সেয়েহে এনে মনোযোগ পৰিস্থিতি সাপেক্ষে।

এজন লোকৰ মনৰ ইচ্ছা, আগ্ৰহ, জ্ঞান গভীৰতা আৰু বিষয়বস্তুৰ লগত গভীৰভাৱে জডিত হোৱাৰ ফলত যি মনোযোগ প্ৰদান কৰা হয় তাক ‘অনুমতি মনোযোগ’বোলে। এইবিধ মনোযোগৰ সহজে পৰিৱৰ্তন নহয়। যেনে অভিনয় ভালপোৱা মানুহৰ নাটকৰ প্ৰতি মনোযোগ।

৪। সংবেদনাত্মক মনোযোগ বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে সংবেদন সৃষ্টি কৰা যিকোনো বস্তুগত উদ্দীপকৰ প্ৰতি দিয়া মনোযোগকে ‘সংবেদনাত্মক মনোযোগ’বোলে। কোনো এজন ব্য়ক্তি বিশেষৰ ওপৰত বা তেওঁৰ ছবি এখনৰ ওপৰত দিয়া মনোযোগ সংবেদনাত্মক মনোযোগৰ উদাহৰণ।

৫। ‘এগৰাকী শুই থকা মাতৃয়ে বাহিৰত হোৱা ডাঙৰ শব্দত বিৰক্ত নহয়, কিন্তু তাইৰ দুৰ্বল ৰুগীয়া কেঁচুৱাই কান্দিলে সহজেই মনোযোগ আকৰ্ষণ হয়’ -ইয়াৰ কাৰণ কি ?

উত্তৰ : সন্তানৰ প্ৰতি মাকৰ মৰম-চেনেহৰ ভাবটো সহজাত। ইয়াত মনোযোগৰ এক আভ্যন্তৰীণ কাৰণৰ কথা জড়িত হৈ আছে। গতিকে এই ধৰণৰ জৈৱিক প্ৰৱণতাৰ বাবেই এগৰাকী মাকে বাহিৰৰ শব্দত কাণ নিদিলেও তাইৰ ৰুগীয়া সন্তানৰ কান্দোনৰ প্ৰতি অধিক মনোযোগী হয়।

৬। মনোযোগৰ বৈশিষ্ট্য আলোচনা কৰা ।

উত্তৰ : মনোযোগৰ কেইবাটাও উল্লেখযোগ্য বৈশিষ্ট্য আছে যথা –

(ক) মনোযোগ হ’ল মনৰ নিৰ্বাচনী প্ৰক্ৰিয়া। মনে বিচৰা বস্তুৰ প্ৰতিহে ব্যক্তি এজনৰ মনোযোগ স্থিৰ হয় ৷

(খ) মনোযোগ জ্ঞানমূলক, অনুভূতিমূলক আৰু ক্রিয়াত্মক।

(গ) মনোযোগ গতিশীল। ই গতিশীল হোৱা বাবে এটা বস্তুৰ ওপৰত অধিক সময় মন নিৱন্ধ কৰি ৰাখিব পৰা নোযায় ।

(ঘ) এটা সময়ত মাত্ৰ এটা বস্তুৰ ওপৰতহে মনোযোগ দিব পৰা যায় ৷

(ঙ) নতুন বস্তুয়ে সহজে মনোযোগ আকর্ষণ কৰে ৷

(চ) মনোযোগে কোনো বস্তু ভালকৈ বুজাত সহায় কৰে।

৭। বিশ্লেষণাত্মক মনোযোগৰ প্ৰকৃতি উদাহৰণৰ দ্বাৰা বুজাই লিখা ৷

উত্তৰ : যেতিয়া বিষয়-বস্তুৰ সকলো দিশ বিচাৰ কৰি মনোযোগ নিবদ্ধ কৰা হয় তাক ‘বিশ্লেষণাত্মক মনোযোগ’ বোলা হয়। অর্থাৎ মনোযোগ প্ৰদানৰ সময়ত যিকোনো বিষয় বা বস্তু গোট বা একক হিচাপে লক্ষ্য নকৰি যদি পংখানুপুংখভাৱে বিবেচনা কৰা হয় তেনে মনোযোগক ‘বিশ্লেষণাত্মক মনোযোগ’ বুলি কোৱা হয় ৷ উদাহৰণ স্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰোতে কাপোখনৰ দাম, গুণাগুণ, ৰং আদি সকলো দিশলৈ মনোযোগ প্ৰদান কৰাটো বিশ্লেষণাত্মকমনোযোগ ।

৯। ভাবাত্মক মনোযোগৰ দুটা উদাহৰণ দিয়া ৷

উত্তৰ : কোনো এজন মানুহৰ অবৰ্তমানত বা তেওঁৰ ছবিও নথকা অৱস্থাত কেৱল মনেৰে কল্পনা কৰিয়েই তেওঁৰ ওপৰত দিয়া মনোযোগ ভাবাত্মক মনোযোগ । চকু মুদি ভগৱানক ধ্যান কৰাটোও ভাবাত্মক মনোযোগ ৷

১০। মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক গুৰুত্ব আলোচনা কৰা ৷

উত্তৰ : শিক্ষা আহৰণৰ ক্ষেত্ৰত আমাৰ আগ্ৰহ আৰু ‘মনোযোগৰ প্ৰয়োজন অনস্বীকাৰ্য্য। আগ্ৰহৰ অভাৱত কোনো কথাত মনোযোগ দিব নোৱাৰি। মনোযোগৰ অভাৱত কোনো কথা ভালদৰে শিকাও সম্ভৱ নহয়। শিক্ষাৰ্থীৰ মনত শিক্ষা বিষয়ৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ সৃষ্টি কৰাই হৈছে শিক্ষকৰ প্ৰধান দায়িত্ব । আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে আৰু কামত উদ্দীপনা যোগায় ।

শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব অতি বেছি। শিক্ষাবিদসকলে মনোযোগ আৰু আগ্ৰহক শিক্ষাৰ মূল উপাদান বুলি স্বীকাৰ কৰিছে। ইয়ে শিক্ষাৰ্থীক জ্ঞান আহৰণৰ লক্ষ্যত বা উদ্দেশ্যত উপনীত হ’বৰ বাবে পথৰ সন্ধান দিয়ে। সেয়ে মনোযোগ আৰু আগ্ৰহ যে শিক্ষা গ্ৰহণৰ উপায় সেই বিষয়ে কোনো সন্দেহ নাই।

১১। আগ্ৰহৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা ।

উত্তৰ : আগ্ৰহৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল –

(ক) সুপ্ত বা প্রকৃত আগ্ৰহ : এই ধৰণৰ আগ্ৰহ প্রবৃত্তিমূলক অর্থাৎ এনে আগ্রহ জন্মগত। প্রশিক্ষণ বা শিক্ষণৰ দ্বাৰা এনে আগ্ৰহ গঢ়ি তুলিব নোৱাৰি। শিশুৱে খেলা-ধূলাৰ প্ৰতি প্ৰদৰ্শন কৰা আগ্রহ এনে ধৰণৰ ৷

(খ) আৰ্জিত আগ্রহঃ আমাৰ মনোভাৱ, চৰিত্ৰ, অভ্যাস, আদৰ্শ আদিৰ লগত সৃষ্টি হোৱা আগ্ৰহক আৰ্জিত আগ্রহ বুলি কোৱা হয়। পৰিবেশৰ পৰা আহৰণ কৰা শিক্ষা আৰু প্রশিক্ষণে এনে ধৰণৰ আগ্ৰহৰ জন্ম দিয়ে। এগৰাকী ডাক্টৰৰ ৰোগীৰ প্ৰতি আগ্ৰহ, ব্যৱসায়ী এজনৰ গ্ৰাহকৰ প্ৰতি আগ্ৰহ এনে ধৰণৰ আগ্ৰহৰ উদাহৰণ।

(গ) স্থায়ী আগ্রহঃ কেতিয়াবা কেতিয়াবা আমাৰ আৰ্জিত আগ্রহে স্থায়িত্ব লাভ কৰে। এনে আগ্রহ ব্যক্তি এজনৰ সমর্থ জীৱন ব্যাপি থাকিব পাৰে। এজন কবিৰ কবিতাৰ প্ৰতি থকা আগ্রহ জীৱন ব্যাপি থাকিব পাৰে।

(ঘ) অস্থায়ী আগ্রহ ও প্রকৃতিগতভাৱে যিবোৰ আগ্রহ ক্ষণস্থায়ী তেনে আগ্রহকে অস্থায়ী আগ্রহ বোলে। এই ধৰণৰ- আগ্রহ সাময়িকভাবে বৃদ্ধি হয় আৰু সময়ৰ লগে লগে সলনিও হয়। উদাহৰণ স্বৰূপে পূজাৰ সময়ত নতুন কাপোৰ লোৱাৰ বা মিঠাই খোৱাৰ যি আগ্রহ ওপজে, পূজা পাৰ হৈ যোৱাৰ পিছত সেই আগ্রহ নাথাকে।

১২। ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ আৰু মনোযাগৰ উন্নতি সাধনত শিক্ষকৰ ভূমিকা সম্বন্ধে আলোচনা কৰা ।

উত্তৰ : ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ আৰু মনোযোগৰ উন্নতি সাধনত শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লগা হয়। তলত এই বিষয়ে আলোচনা কৰা হ’ল-

(ক) দৃশ্য-শ্ৰাৰ্য্য সঁজুলিৰ ব্যৱহাৰ : শ্ৰেণীকোঠাত শিক্ষকে কোনো বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ আকর্ষণ কৰিবলৈ হ’লে আকর্ষণীয় দৃশ্য-শ্রাব্য সঁজুলি ব্যবহাৰ কৰিব পাৰে।

(খ) কৌতুক বা বগৰ : কেতিয়াবা কেতিয়াবা হাঁহি- ধেমালীৰ মাজেৰে কোনো বিষয় এটাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব পাৰি। এনে ক্ষেত্ৰত শিক্ষকে মাজে মাজে কৌতুকৰ আশ্ৰয় লব পাৰে।

(গ) দৃষ্টান্তৰ ব্যৱহাৰ : ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰা সময়ত বিষয়বস্তুৰ লগত ৰজিতা খুৱাই উপমা বা দৃষ্টান্ত ব্যৱহাৰ কৰিব পাৰে। ফলত শিক্ষার্থীয়ে সহজে নতুন বিষয় এটাৰ গভীৰলৈ প্ৰৱেশ কৰিব পাৰে।

(ঘ) শিক্ষকৰ ব্যক্তিত্ব ঃ শিক্ষকৰ ব্যক্তিত্ব, আচাৰ-ব্যৱহাৰ, পিন্ধন- উৰণ, চাল-চলন আদিয়েও ছাত্র-ছাত্রীসকলক প্রভাৱিত কৰিব পাৰে।

(ঙ) পুনৰাবৃত্তিৰ বৰ্জন ঃ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ অটুট ৰাখিবলৈ বাৰে বাৰে একেটা বিষয় বা বক্তব্যৰ ‘পুনৰাবৃত্তি এৰাই চলিব লাগে ।

১৩। মনোযোগৰ ব্যক্তিনিষ্ঠ কাৰণবোৰ কি ? মনোযোগৰ কেইটামান ব্যক্তিনিষ্ঠ কাৰণ বৰ্ণনা কৰা ।

উত্তৰ ঃ মনোযোগৰ কেইবাটাও ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ কাৰণ আছে। তলত সেইবোৰ বৰ্ণনা কৰা হ’ল –

(ক) আগ্রহঃ মনোযোগৰ প্ৰধান ব্যক্তিনিষ্ঠ কাৰণ হ’ল আগ্রহ। আগ্রহ থাকিলেহে যিকোনো বিষয়ত সহজে মনোযোগ দিব পৰা যায়। আগ্রহৰ অবিহনে প্রয়োজনীয় মনোযোগ দিয়া অসম্ভর।

(খ) প্রবৃত্তিঃ আমি আমাৰ প্ৰবৃত্তিসমূহ চৰিতাৰ্থ কৰিবলৈ বিভিন্ন বিষয় বা বস্তুৰ ওপৰত মনোযোগ দিব লগা হয়। কৌতুহল প্ৰবৃত্তিৰ বাবেই আমি নানান কথা শিকিবলৈ ইচ্ছা কৰো।

(গ) আবেগঃ আবেগৰ বশৱৰ্তী হৈ আমি কিছুমান বিশেষ বস্তুৰ প্ৰতি মনোযোগ দিওঁ। আমাৰ দুখ বা শোকৰ অৱস্থাত আমি তেনে কাৰকবোৰৰ প্ৰতি অধিক মনোযোগী হওঁ ৷

(ঘ) মনোভাৱ : কোনো বিষয় বা বস্তুৰ প্ৰতি আমি আমাৰ আগৰে পৰা থকা মনোভাৱৰ বাবেও তেনে বস্তুৰ প্রতি আমি মনোযোগী হওঁ। সেই বাবে কিতাপ পঢ়ি ভাল পোৱা মানুহ এজনে কোনো নতুন প্রকাশিত হোৱা কিতাপৰ প্রতি মনোযোগী হ’ব পাৰে ৷

(ঙ) অভ্যাস : কোনো কোনো বিষয়ত মানুহে অভ্যাসবশতঃ মনোযোগ দিয়ে। অভ্যাস গঢ়ি তুলি এনে ধৰণে মনোযোগ প্ৰদান কৰা কাৰ্যক অভ্যাসজনিত মনোযোগ বোলে । ৰাতিপুৱা শুই উঠিয়েই বাতৰি কাকতৰ প্ৰতি প্ৰদান কৰা মনোযোগ এনে ধৰণৰ। ০ 00

Type By Suman Bora