Class 12 EDUCATION Chapter 7 Short Question Answer | Class 12 EDUCATION Chapter 7 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Short Answer |

ক. খালী ঠাই পূৰ্ণ কৰাঃ

১। মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশঃ প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু———-।

উত্তৰ ঃ সংৰক্ষণমূলক ।

২। এজন লোকৰ মানসিক স্বাস্থ্য ———– সমাযোজনা কৰিব পৰাৰ ওপৰত নিৰ্ভৰ কৰে ।

উত্তৰ : সামাজিক পৰিবেশৰ লগত ৷

৩। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে ———- মানসিক স্বাস্থ্য ৰক্ষা প্ৰক্ৰিয়া ।

উত্তৰ : ব্যক্তিৰ ।

৪। মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে ———– ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত ।

উত্তৰ : শক্তিশালী।

৫। মানসিক ৰোগ আৰোগ্য কৰাটো হৈছে ———– মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য ৷

উত্তৰ : প্ৰতিকাৰমূলক ।

৬। সমাজত সমাযোজনাৰ দ্বাৰা এজন ব্যক্তিৰ ———– স্বাস্থ্য নিৰ্ধাৰণ কৰা হয় ৷

উত্তৰ : মানসিক।

৭। মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এক ———–।

উত্তৰঃ প্ৰক্ৰিয়া।

৮। মানসিক স্বাস্থ্যবিজ্ঞান হৈছে ———- আৰু মানসিক স্বাস্থ্য হৈছে ———–।

উত্তৰ : উপায়, সমাপ্তি ।

৯। মানসিক স্বাস্থ্যবিজ্ঞান সর্বোচ্চভাৱে ———– ৰ লগত আৰু সৰ্বনিম্নভাৱে ———— ৰ লগত সমাযোজিত ।

উত্তৰ : সুস্বাস্থ্য, অসুস্থতা ।

১০। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য হ’ল ———।

উত্তৰ : মানসিক সুস্থতা বজাই ৰখা।

খ. শুদ্ধনে অশুদ্ধ কোৱা :

১। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে সমাপ্তি আৰু মানসিক স্বাস্থ্য হৈছে উপায়।

উত্তৰ: অশুদ্ধ।

২। শাৰীৰিকভাৱে স্বাস্থ্যৱানজন মানসিকভাৱে সুস্থ নহ’বও পাৰে।

উত্তৰ : শুদ্ধ।

৩। এজন মানসিকভাৱে স্বাস্থ্যবান লোকে সমাজত ভালদৰে সমাযোজন কৰিব নোৱাৰিব পাৰে।

উত্তৰ : অশুদ্ধ।

৪। মানসিক স্বাস্থ্যবিজ্ঞান মানসিক ৰোগসমূহ আৰোগ্যৰ লগত সম্পর্কযুক্ত।

উত্তৰ : শুদ্ধ।

৫। সুসামঞ্জস্য মানসিক আৰু শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্যৰ বাবে এটা দৰকাৰী চৰ্ত ।

উত্তৰ : শুদ্ধ।

৬। মানসিক স্বাস্থ্য ৰক্ষা কৰাই মানসিক স্বাস্থ্যৰ কাৰ্য।

উত্তৰ : শুদ্ধ।

৭। মানসিক স্বাস্থ্য হৈছে এটা আদৰ্শমূলক ধাৰণা ৷

উত্তৰ : শুদ্ধ।

৮। মানসিকভাৱে স্বাস্থ্যবান লোক এজনৰ এটা সুস্থিৰ ব্যক্তিত্ব থাকে।

উত্তৰ : শুদ্ধ।

৯। মানসিক ৰোগবোৰ প্ৰতিকাৰমূলক ।

উত্তৰ : শুদ্ধ।

১০। মানসিক অসুস্থতাত বংশগতিৰ কোনো প্ৰভাৱ নাই।

উত্তৰ : শুদ্ধ।

১১। মানসিকভাবে স্বাস্থ্যবান লোক আবেগিকভাবে সুস্থিৰ হয় ।

উত্তৰ : শুদ্ধ।

গ.য় চমু প্ৰশ্নোত্তৰঃ

১। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া ।

উত্তৰ : “মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্য ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান” – হেডফিল্ড।

২। মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰ ঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ’ল –

(ক) মানসিক স্বাস্থ্যৰ সমস্যাসমূহ বুজাত সহায় কৰা ।

(খ) মানসিক অসুস্থতাৰ কাৰণবোৰ জানি তাৰ চিকিৎসাৰ বাবে বিধান দিয়া।

৩। মানসিক স্বাস্থ্যৰ সংৰক্ষণমূলক কাৰ্য কি ?

উত্তৰ : মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে লগা উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধভাৱে জ্ঞান প্ৰদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।

৪। মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা কাৰ্য উল্লেখ কৰা ।

উত্তৰ : মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা কাৰ্য হ’ল-

(ক) প্ৰতিৰোধমূলক কার্য : মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্য হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ দূৰ কৰা ।

(খ) প্ৰতিকাৰমূলক কাৰ্যঃ মানসিক স্বাস্থ্য বিজ্ঞানে স্বাস্থ্য ৰক্ষাৰ চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাত সহায় কৰে ।

(গ) সংৰক্ষণমূলক কাৰ্য : মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰি ইয়াৰ সংৰক্ষণৰ বাবে লব লগা উপায়সমূহ জনাত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে ।

ঘ. বহলাই উত্তৰ দিয়া ঃ

১। এজন মানসিকভাৱে স্বাস্থ্যবান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ : যিসকল ব্যক্তিয়ে মানসিক ৰোগসমূহৰ পৰা কৰা । মুক্ত হৈ পৰিবেশৰ লগত সুস্থ সমাযোজনৰ সৈতে সুন্দৰ জীৱন যাপন কৰে তেওঁলোকক মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি বুলি কোৱা হয়। মানসিকভাৱে স্বাস্থ্যবান ব্যক্তিৰ বৈশিষ্ট্যসমূহ হ’ল –

(ক) মানসিকভৱে স্বাস্থ্যবান ব্যক্তিয়ে সমাযোজন প্ৰক্ৰিয়াত কোনো সমস্যাৰ সন্মুখীন নহয় ।

(খ) এনে ব্যক্তি মানসিক ৰোগ, অশান্তি আদিৰ পৰা দূৰত থাকে।

(গ) এনে ব্যক্তি মানসিকভাৱে সবল হয়।

(ঘ) এনে ব্যক্তি আবেগিকভাৱে সুস্থিৰ হয়।

(ঙ) মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয় ।

২। মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ বৰ্ণনা কৰা ।

উত্তৰ : মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ বৰ্তমান অকল মনঃ চিকিৎসাতেই সীমাবদ্ধ হৈনাথাকি ইয়াৰ প্ৰয়োগিকতা আন আন দিশলৈয়ো প্ৰসাৰ লাভ কৰিছে মানসিক স্বাস্থ্য বিজ্ঞানে বিশেষকৈ ব্যক্তিৰ শিক্ষা-দীক্ষা, মানসিক স্বাস্থ্য ৰক্ষাৰ নিয়ম প্ৰণালী যুগুত কৰা, মানসিক ৰোগ সৃষ্টিত বাধা প্রদান কৰা, মানসিক বিভ্ৰান্তিসমূহ ধৰা পেলাই তাক প্ৰতিৰোধ কৰা আদি দিশবোৰ সামৰি লয়। মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ পৰিসৰো বিশাল হৈছে।

৩। মানসিক স্বাস্থ্য বিজ্ঞান কিয় প্রয়োজনীয় ?

উত্তৰ : মানসিক স্বাস্থ্য বিজ্ঞানৰ এক বিশেষ গুৰুত্ব আছে। সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো মানুহেই শান্তিপূর্ণ আৰু সুখী জীৱন-যাপন কৰিব নোৱাৰে । গতিকে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান আমাৰ সকলোৰে বাবে জৰুৰী। সাধাৰণতে তলত দিয়া কাৰণসমূহৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞান অতি প্রয়োজনীয় –

(ক) মানসিক বিজ্ঞানে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।

(খ) নিজকে মানসিকভাৱে স্বাস্থ্যবান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে ৷

(গ) মানসিকভাৱে স্বাস্থ্যবান লোকসকলৰ বৈশিষ্ট্যৰ বিষয়ে জনাত সহায় কৰে ।

(ঘ) মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ উপায় মানসিক স্বাস্থ্য বিজ্ঞানে দাঙি ধৰে ।

৪। শিশুৰ মানসকি স্বাস্থ্য ৰক্ষাত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা ।

উত্তৰ ঃ বিদ্যালয়ত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষা সম্পৰ্কত বর্তমান শিক্ষা দার্শনিক, শিক্ষা মনোবিদ আৰু মনোৰোগ বিশেষজ্ঞসকলে গুৰুত্ব আৰোপ কৰিছে। শিশুৰ উপযুক্ত স্বাস্থ্য গঠনত বিদ্যালয়ে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে।

(ক) সজ অভ্যাস গঠন : মানসিক স্বাস্থ্য সদায় সজ আচৰণ আৰু অভ্যাসৰ ওপৰত নিৰ্ভৰশীল। গতিকে বিদ্যালয়ত শিশুৰ সজ আচৰণ গঠনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লব লাগে ৷

(খ) অনুশাসন : বিদ্যালয়ত মানসিক স্বাস্থ্য ৰক্ষাত অনুশাসনে বিশেষ ভূমিকা পালন কৰে। অনুশাসনে শিশুৰ বাহ্যিক আচৰণ আৰু আভ্যন্তৰীণ অনুশাসন নিয়ন্ত্ৰণ কৰি শিশুক ব্যক্তিত্বশীল কৰি গঢ়ি তোলাত সহায় কৰে ।

(গ) মৰমিয়াল আচৰণ : শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাৰ্জিত তথা মৰমিয়াল আচৰণে শিশুসকলৰ মানসিক স্বাস্থ্য গঠনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। শিক্ষক নিৰপেক্ষ আৰু আদৰ্শবান হ’লেও তাৰ প্ৰভাৱ শিশুসকলৰ ওপৰত পৰে।

(ঘ) শিক্ষা নির্দেশনা : মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত শিশুসকলক প্ৰদান কৰা শিক্ষা নিদের্শনাই বিশেষভাৱে সহায় কৰে।

(ঙ) বৃত্তিগত নির্দেশনাঃ সাম্প্রতিক সময়ত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য গঠনৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই বৃত্তিমূলক দক্ষতা বৃদ্ধিৰ ওপৰত বিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে । ০ ০ ০

Type By Suman Bora