Class 12 ADAVANCE ASSAMESE Chapter 2 Short Question Answer | Class 12 EDUCATION Chapter 2 মানৱ বন্দনা Short Answer |

পাঠভিত্তিক প্রশ্ন-উত্তৰ ঃ

১। মানৱ বন্দনা’ কবিতাটিৰ অন্তৰ্নিহিত সাৰমৰ্মৰ আভাস দিয়া ।

উত্তৰ : মানৱ প্রেমেই হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাটিৰ প্ৰতিপাদ্য বিষয়। প্ৰকৃতিৰ দ্বাৰা সৃষ্ট সকলো জীৱৰ ভিতৰত মানুহেই শ্ৰেষ্ঠ – এই ভাৱটোকেই কবিয়ে কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে।

কবিয়ে কৈছে যে এই মর্তভূমিত মানুহৰ অহা-যোৱাৰ কোনো অন্ত নাই। অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু অবিৰতভাৱে চলি আছে। এই মতখনেই হৈছে মানুহৰ নিজাপী ঘৰ আৰু এই মৰ্তত মানৱ প্রেমেই হৈছে মানুহৰ প্রধান ধর্ম। মানুহ শ্রেষ্ঠতকৈয়ো শ্ৰেষ্ঠ জীৱ ৷ গতিকে মানুহে ভেদভাৱ পাহৰি মানুহক সেৱা কৰি অৰ্থাৎ মানুহৰ কল্যাণ সাধন কৰি মানৱী জীৱনটো পাৰ কৰিব লাগে। সেয়ে কবিয়ে মানুহক পাদ্য অর্ঘ্য্য লৈ মানুহকেই পূজা সেৱা কৰিবলৈ আহ্বান কৰিছে।

২। ‘এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজা পী ঘৰ।

—-কবিয়ে কিয়, কি প্ৰসঙ্গত এইদৰে কৈছে?

কৰিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে?

উত্তৰ : প্ৰকৃতিৰ সৃষ্ট জীৱসমূহৰ ভিতৰত মানুহেই যে শ্রেষ্ঠ আৰু এইখন পৃথিৱীয়ে মানুহৰ নিজা ঘৰ স্বৰূপ এই কথাষাৰ বুজাবলৈ কবিয়ে উক্ত পংক্তিফাকিৰ অৱতাৰণা কৰিছে।

ইয়াৰ দ্বাৰা কবিয়ে মানুহক উপদেশ দিব বিচাৰিছে যে পৃথিৱীখন হৈছে মানুহৰ নিজাপী ঘৰ স্বৰূপ আৰু মানুহ হৈছে সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীব। মানুহেই মানুহৰ প্রধান সংগ। গতিকে মানুহে ভেদভাৱ পাহৰি এইখন পৃথিৱীক স্বৰ্গতকৈয়ো শ্ৰেষ্ঠ বুলি জ্ঞান কৰি মানুহক ভাল পাই মানুহৰ কল্যাণ সাধন কৰি মানৱীয় জীৱটো পাৰ কৰা উচিত।

৩। প্রসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা । (ক) মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ।’

উত্তৰ : উদ্ধৃত কবিতাফাকি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দ্বিতীয় বাৰ্ষিকৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচিত ‘মানৱ বন্দনা’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সকলো জীৱৰ ভিতৰত মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ কবিয়ে উক্ত কথাষাৰ ক’ব লগা হৈছে। কবিয়ে কৈছে যে সকলো জীৱৰ ভিতৰত মানুহেই হৈছে সৰ্বশ্ৰেষ্ঠ আৰু এই মৰ্তত মানুহৰ বাহিৰে আন কোনো জীৱ মানুহৰ প্ৰধান সঙ্গী হ’ব নোৱাৰে। সেয়ে মানুহে মানুহক দেৱতাত কৈয়ো শ্ৰেষ্ঠ জ্ঞান কৰি মানুহক সেৱা কবিৰ লাগে অৰ্থাৎ মানুহে মানুহৰ কল্যাণ সাধন কৰিব লাগে ।

(খ) মানুহৰ মৰম বুজিব মানুহে ধৰ্ম যে মৰমতে।

উত্তৰঃ উদ্ধৃত কবিতাফাকি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দ্বিতীয় বাৰ্ষিকৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচিত ‘মানৱ বন্দনা’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

মানৱ সেৱাই যে পৰম ধৰ্ম এই চিৰন্তন সত্যটো বুজাবলৈ গৈ কবিয়ে উক্ত পংক্তিফাকিৰ অৱতাৰণা কৰিছে।

কবিয়ে উপলব্ধি কৰিছে যে মানুহতকৈ শ্ৰেষ্ঠ জীৱ কোনো নাই। এই মর্তত মানুহেই হৈছে মানুহৰ প্ৰধান সংগী। মানুহৰ সংগ বা সহায় নোহোৱাকৈ এই বিশ্বত মানুহে মানৱীয় জীৱন যাপন কৰিব নোৱাৰে। সেয়ে কবিয়ে কৈছে যে মানুহে মানুহক প্ৰেম কৰিব লাগে আৰু মানুহৰ কল্যাণৰ হকে কাম কৰি যাব লাগে। কিয়নো মানৱ সেৱাই পৰম ধর্ম।

অতিৰিক্ত প্রশ্ন-উত্তৰ :

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ

(ক) লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাৰ প্রথম কবিতা পুথি প্ৰতিমা খনৰ সন্দৰ্ভত কি মন্তব্য কৰিছিল ?

উত্তৰ : ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ ।

(খ) চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : বীণ বৰাগী ।

‘(গ) ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা ।

(ঘ) ‘জোনাকীৰ ত্রিমূর্তি’ কোন কোন ?

উত্তৰ ঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী।

(ঙ) কোন চনৰ পৰা ‘জোনাকী’ আলোচনীখন প্ৰকাশ আৰম্ভ হয় ৷

উত্তৰ : ১৮৮৯ চনৰ পৰা ৷

(চ) অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন?

উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা ৷

(ছ) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত হৈছিল ?

উত্তৰ : তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত ।

(জ) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁ ৱৰী’ গীতিকবিতাটো প্ৰথম ক’ত প্ৰকাশ হৈছিল ?

উত্তৰ : ‘জোনাকী’ আলোচনীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত।

(ঙ) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : প্ৰতিমা। ০ 00

Type By Suman Bora