Class 12 ADAVANCE ASSAMESE Chapter 12 Short Question Answer | Chapter 12 চুটি গল্প হাতী Short Answer |

পাঠভিত্তিক (আৰ্হি) প্রশ্ন-উত্তৰ :

১। ‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অঙ্কিত হৈছে, তাৰ এটি আভাষ দিয়া ।

উত্তৰ : গল্পকাৰ হোমেন বৰগোহাঞিয়ে ‘হাতী’ নামৰ গল্পটিত প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয় সাধনত অৰিহনা যোগাইছে তাৰ এক মর্মস্পর্শী চিত্র অংকন কৰিছে। গল্পটিৰ প্ৰধান চৰিত্ৰ বলোৰাম মেধি আৰু তেওঁৰ ‘বাপধন’নামৰ পোহনীয়া হাতীটোৰ প্ৰতি মেধিৰ পুত্ৰহঁতৰ ব্যৱহাৰ আৰু আচৰণৰ মাজেদি এই চিত্ৰটো ফুটি উঠিছে।

বলোৰাম মেধিৰ আৰ্থিক অৱস্থা মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত গাড়ী-মটৰৰ সংখ্যা খুবেই তাকৰ আছিল। হাতী-ঘোঁৰাই আছিল সেই সময়ৰ অভিজাত বাহন। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামে চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ইআছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক স্বৰূপ ৷ এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি জিলাৰ ডা-ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সন্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাৱিছিল।

কিন্তু বলোৰামৰ সামাজিক মূল্যবোধ বেছি দিন স্থায়ী হ’বলৈ নাপালে। তেওঁৰ সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদূলিমূখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল । সিহঁতৰ বাবে হাতী ৰখাটো ‘এক বাজে খৰচহে। গতিকে সিহঁতৰ মনত হাতীটো বিক্ৰি কৰি মটৰ গাড়ী এখন কিনাৰ চিন্তাই ঠাই পালে । সিহঁতৰ বাবে আভিজাত্যৰ প্ৰতীক হিচাপে হাতী আওপুৰণি আৰু মূল্যহীন।

ইয়াতে মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰটো মৰ্মান্তিক আৰু . হৃদয়স্পর্শী ৰূপত প্ৰকট হৈ উঠিছে। যি হাতী বলোৰাম বুঢ়াৰ বাবে অভিজাত্যৰ প্ৰতীকৰ উপৰিও তেওঁৰ জীৱনৰ সংগী, পুত্ৰসম, ঘৰৰ লক্ষ্মী সেই হাতীটো তেওঁৰ পুত্ৰসকলৰ দৃষ্টিত আওপুৰণি, মূল্যহীন। আনকি চৰকাৰী বিষয়াসকলেও – আজিকালি হাতীটোৰ পৰিৱৰ্তে বৰমইনাহঁতৰ মটৰখনহে বিচাৰে। বলোৰাম মেধিয়ে এই অৱক্ষয়ৰ বাবে নিজৰ লগতে হাতীটো লাহে লাহে ঘৰখনত অৱহেলিত হৈ অহাটো অনুভৱ কৰি বেদনাত হাহাকাৰ কৰি উঠিছে।

মূল্যবোধৰ অৱক্ষয়ৰ আন এক চিত্র দেখা যায় বলোৰাম বুঢ়াৰ সৰু পুতেক কনমইনাৰ বিয়াৰ দিনাখন । বলোৰামৰ যুগত সম্ভ্ৰান্ত ঘৰৰ দৰাই হাতীত উঠি যোৱাটোহে নিয়ম আছিল। বলোৰামেও তাকেই বিচাৰিছিল। কিন্তু তেওঁৰ পুতেকহঁতে মটৰ গাড়ীত যোৱাটোহে আভিজাত্যৰ চিন বুলি ভাৱিছিল। বিয়াৰ দিনা যথা সময়ত বৰমইনাৰ কথা মতেই কনমইনাই দৰা সাজি এম্বেচেদ গাড়ীতহে উঠি বহিল। বলোৰাম আৰু তেওঁৰ হাতী ‘বাপধন’ সকলোৰে চকুত মূল্যহীন আৰু অৱহেলাৰ বস্তু হৈ পৰি থাকিল ।

এনেদৰে মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ ‘হাতী’ নামৰ গল্পটিত বৰ মৰ্মস্পর্শী ৰূপত অতি আন্তৰিকতাৰে অংকিত হৈছে।

২। প্ৰজন্মৰ ব্যৱধানে (Generation Gap )মূল্য়বোধৰ অৱক্ষয়ত কেনেধৰণৰ অৰিহনা যোগাইছে হাতী গল্পৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ গল্পকাৰ হেমেন বৰগোহাঞিয়ে হাতী নামৰ গল্পটিত প্ৰজন্মৰ যোগাইছে তাৰ এক মৰ্মস্পৰ্শী চিত্ৰ অংকন কৰিছে। গল্পটিৰ প্ৰধন চৰিত্ৰ বলোৰাম মেধি আৰু তেওঁৰ বাপধন নামৰ হাতীতোৰ প্ৰতি মেধিৰ পুত্ৰহঁতৰ ব্য়ৱহাৰ আৰু আচৰণৰ মাজেদি এই চিত্ৰটো ফুটি উঠিছে।

বলোৰাম মেধিৰ আৰ্থিক অৱস্থা মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত গাড়ী-মটৰৰ সংখ্যা খুবেই তাকৰ আছিল। হাতী-ঘোঁৰাই আছিল সেই সময়ৰ অভিজাত বাহন ৷ ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামে চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ইআছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক স্বৰূপ । এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল । আনকি জিলাৰ ডা-ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সন্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাৱিছিল।

কিন্তু বলোৰামৰ সামাজিক মূল্যবোধ বেছি দিন স্থায়ী হ’বলৈ নাপালে। তেওঁৰ সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদূলিমূখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল । সিহঁতৰ বাবে হাতী ৰখাটো এক বাজে খৰচহে। গতিকে সিহঁতে হাতীটো বিক্ৰি কৰি মটৰ গাড়ী এখন কিনাৰ কথা ভাবিবলৈ ধৰিলে। সিহঁতৰ বাবে আভিজাত্যৰ প্ৰতীক হিচাপে হাতী আওপুৰণি আৰু মূল্যহীন।

ইয়াতে মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰটো মৰ্মান্তিক আৰু হৃদয়স্পর্শী ৰূপত প্ৰকট হৈ উঠিছে। যি হাতী বলোৰাম বুঢ়াৰ বাবে অভিজাত্যৰ প্ৰতীকৰ উপৰিও তেওঁৰ জীৱনৰ সংগী, পুত্ৰসম, ঘৰৰ লক্ষ্মী সেই হাতীটো তেওঁৰ পুত্ৰসকলৰ দৃষ্টিত আওপুৰণি, মূল্যহীন। আনকি চৰকাৰী বিষয়াসকলেও আজিকালি হাতীটোৰ পৰিৱৰ্তে বৰমইনাহঁতৰ মটৰখনহে বিচাৰে। বলোৰাম মেধিয়ে এই অৱক্ষয়ৰ বাবে নিজৰ লগতে হাতীটো লাহে লাহে ঘৰখনত অৱহেলিত হৈ অহাটো অনুভৱ কৰি বেদনাত হাহাকাৰ কৰি উঠিছে।

এনেদৰে গল্পকাৰ হোমেন বৰগোহাঞিয়ে প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয়ত অৰিহণা যোগায় তাৰ চিত্ৰ হাতী’ নামৰ গল্পটিৰ জৰিয়তে মর্মস্পর্শী ৰূপত ফুটাই তুলিছে।

৩। ‘এন্ধাৰতে নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে দুয়ো আড়ষ্ট হৈ ৰ’ল।’

: ইয়াত ‘বুঢ়া’ বুলি কাৰ কথা কোৱা হৈছে। বাপধন কোন? এই সম্পৰ্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বৰ্ণনা কৰা।

উত্তৰ : ‘এন্ধাৰতে নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে . .. দুয়ো আড়ষ্ট হৈ ৰ’ল।’

ওপৰত উদ্ধৃত কথাষাৰত ‘বুঢ়া’ বুলি বলোৰাম মেধিক বুজোৱা হৈছে। ‘বাপধন’ আছিল বলোৰাম মেধিৰ হাতীৰ নাম।

এদিনাখন আহাৰ মাহৰ গধূলি সময়ত বলোৰাম বুঢ়াই পিৰালিতে জুপুকা মাৰি বহি আছিল। তেওঁ বুঢ়া হৈ আহিছিল বাবে কাণেৰেও কম শুনিছিল আৰু চকুৰেও কম দেখিছিল। কোনোবাই কথা ক’ব লাগিলে কাণৰ ওচৰত গৈ চিঞৰি চিঞৰিহে ক’ব লাগিছিল। সেই বাবে বুঢ়াই নিজকে বৰ অৱহেলিত বুলি অনুভৱ কৰিছিল। এনেতে তেওঁ গাৰ কাষেৰে কোনোবা পাৰ হৈ যোৱা যেন গম পাই বুঢ়াই মাত লগালে, ‘কোন অ’ সেইটো? ৰাতিয়া নেকি?’ ৰাতিয়া আছিল হাতীৰ মাউত ৷ তেওঁ বুঢ়াৰ কথাৰ উত্তৰ নিদি গম গমকৈ ভিতৰলৈ সোমাই গ’ল। এনেতে ‘বাপধন’ নামৰ হাতীটোৱে শুৰডাল মেলি বলোৰাম বুঢ়াৰ কপাল স্পর্শ কৰিলে। হাতীটোৰ স্পৰ্শত শিহৰিত হৈ বুঢ়াই শুরডালত ধৰি মৰমেৰে হাত বুলাবলৈ ধৰিলে। ঠিক তেনেতে বুঢ়াৰ বৰপুতেক বৰমইনাৰ মটৰ গাড়ীখনৰ হেডলাইটৰ পোহৰে চোতালখন আলোকিত কৰি ঘৰৰ দুৱাৰমুখতে আহি ৰৈ গ’ল। এনে পৰিস্থিতিত বুঢ়া আৰু বাপধন এহাল প্রেমিক- প্রেমিকাই নিবিড় মিলন সম্ভাষণত হাতে লোটে ধৰা পৰাৰ দৰে কিংকর্তব্যবিমূঢ় হৈ পৰা বুলি লিখকে কৈছে।

৪। বাপধনক কেন্দ্ৰ কৰি বাপেক-পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল, লিখা ।

উত্তৰ : গল্পকাৰ হোমেন বৰগোহাঞিয়ে ‘বাপধন’ নামৰ হাতী এটাক কেন্দ্ৰ কৰি বাপেক বলোৰাম মেধি আৰু পুতেক বৰ্মইনাৰ মাজত এক কাজিয়া (সংঘাত)ৰ সূত্ৰপাত ঘটাইছে। এই সংঘাত মূলতঃ পুৰণি আৰু নতুনৰ মাজত মূল্যবোধৰ সংঘাত।

বলোৰাম মেধিৰ ঘৰখনৰ আভিজাত্য বঢ়াবলৈ চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল আভিজাত্যৰ বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক স্বৰূপ ৷ এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাৱিছিল। ইয়াত হাতীটো হৈছে পুৰণি মূল্যবোধৰ প্ৰতীক ।

আনহাতে তেওঁৰ আধুনিক শিক্ষাৰে শিক্ষিত আৰু অর্থনৈতিকভাৱে সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদূলিমূখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল। সিহঁতৰ বাবে হাতী ৰখাটো এক বাজে খৰচ । গতিকে সিহঁতে হাতীটো বিক্রি কৰি মটৰ গাড়ী এখন ক্ৰয় কৰাৰ কথা চিন্তা কৰিছিল। মইনাহঁতৰ বাবে মটৰ-গাড়ী নতুন মূল্যেবোধৰ প্রতীক।

এই নতুন আৰু পুৰণি মূল্যবোধক কেন্দ্ৰ কৰি বাপেক- পুতেক দুয়োৰে মাজত সংঘাতৰ সূত্ৰপাত হৈছিল।

৫। বলোৰাম মেধি কোন? তেওঁ কিয় হাতী কিনিছিল ? হাতীটো পিছত কি হ’ল?

উত্তৰ : বলোৰাম মেধি হ’ল হোমেন বৰগোঞিৰ ‘হাতী নামৰ গল্পটোৰ প্ৰধান চৰিত্ৰ। তেওঁ সমাজৰ এজন প্রতিপত্তিশালী লোক। গল্পটোত লিখকে তেওঁক পুৰণিৰ প্রতিনিধি হিচাপে অংকন কৰিছে।

বলোৰাম মেধি আছিল মৌজাটোৰ ভিতৰত এজন ঐশ্বর্যশালী লোক। তেওঁৰ আভিজাত্য বঢ়াবলৈ চাকুিঠলীয়া ভঁৰাল এটি বিক্ৰি কৰি হাতী ক্ৰয় কৰিছিল। ইয়াত হাতীটো পুৰণি আভিজাত্যৰ প্ৰতীক হিচাপে অংকিত হৈছে।

নতুন আৰু পুৰণিৰ মাজত হোৱা মূল্যবোধৰ সংঘাতত নতুনৰ বিজয় হোৱাত বলোৰামে নিজকে পৰাজিত আৰু অসহায় ভাৱি হাতীটোৰ মাউত ৰাতীয়াক হাতীটো দান কৰিছিল।

৬। ‘সিতো কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনো নহয়, সি তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক।’ – ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্রসঙ্গত কোৱা হৈছে? কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰ : প্ৰশ্নত উদ্ধৃত কথাখিনি গল্পকাৰ হোমেন বৰগোঞিয়ে ‘হাতী’ নামৰ গল্পটিৰ প্ৰধান চৰিত্ৰ বলোৰাম মেধিৰ জীৱনৰ প্ৰসঙ্গত ব্যক্ত কৰিছে।

বলোৰাম মেধিৰ আৰ্থিক অৱস্থা মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত গাড়ী-মটৰৰ সংখ্যা খুবেই তাকৰ আছিল। হাতী-ঘোঁৰাই আছিল সেই সময়ৰ অভিজাত বাহন। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামে চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক স্বৰূপ। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি জিলাৰ ডা-ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সন্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাৱিছিল।

এনেতে আধুনিক শিক্ষাৰে শিক্ষিত তেওঁৰ পুতেকহঁতে বিশেষকৈ বৰমইনাই হাতীৰ সলনি মটৰগাড়ী এখন পদূলিমূখত থাকিলেহে সিহঁতৰ আভিজাত্য ৰক্ষা পৰে বুলি ভাৱি হাতীটো বিক্ৰি কৰি গাড়ী এখন ক্ৰয় কৰিব বিচাৰিছিল। অথবা কিছু টকা উপাৰ্জন কৰিবলৈ হাতীটো ভাৰাত দিব = বিচাৰিছিল। ঠিক তেতিয়াই বলোৰামৰ মনত যি ভাৱৰ উদয় হৈছিল সেই প্রসঙ্গতে লিখক হোমেন বৰগোঞিদেৱে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

৭। শূণ্য বিয়া ঘৰৰ পদূলিমূখত স্তব্ধ স্তম্ভিত হৈ ৰ’ল কেৱল বলোৰাম বুঢ়া আৰু বাপধন।’ বিয়াঘৰৰ পদুলিমুখত বুঢ়া আৰু বাপধন অথৰ্ব হৈ ৰোৱাৰ কাৰণ কি ? তেওঁলোকে বৰযাত্ৰী নহ’ল কিয় ?

উত্তৰ ঃ বলোৰাম মেধিৰ কনিষ্ঠ পুত্ৰ কমইনাৰ বিয়াৰ দিনাখন দৰা হাতীত উঠি যাব বুলি বাপেক বলোৰামে ৰাতিপুৱাৰে পৰাই হাতীটোক নিজ হাতেৰে গা-পা ধুৱাই অলংকাৰেৰে সজাই পদূলিমুখত সাজু কৰি ৰাখিছিল। কিন্তু 1 কনমইনাই দৰা সাজি সজাই থোৱা হাতীত নুঠি বাপেকৰ ইচ্ছাক উপেক্ষা কৰি এন্বচেদ গাড়ীত উঠি গুচি যায়। এনে অৱস্থাত শোক-অপমানত ত্ৰিয়মান হৈশূণ্য বিয়া ঘৰৰ বলোৰাম আৰু চ. হাতীটো পদুলিমুখত অথৰ্ব হৈ ৰৈ থাকিল ।

বুঢ়া বলোৰাম আৰু বাপধন বিয়াখনৰ বৰযাত্ৰী হ’ব নোৱাৰিলে৷ ইয়াৰ কাৰণ হ’ল নতুন যুগৰ নতুন মূল্যবোধেৰে গঢ় লোৱা পুতেকহঁতে বুঢ়া দেউতাকৰ ইচ্ছাক আৰু আশাক উপেক্ষা কৰি হাতীত উঠি যোৱাৰ পৰিৱৰ্তে মটৰ গাড়ীত উঠি যোৱাটোকে পছন্দ কৰিলে। তেনে অৱস্থাত উপেক্ষিত অপমানিত দেউতাক বলোৰাম আৰু ‘বাপধন’ নামৰ হাতীটো বৰযাত্ৰী হ’ব নোৱাৰিলে ।

অতিৰিক্ত প্রশ্ন-উত্তৰ :

১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰদিয়া ঃ

(ক) ‘তাৰ পিছত, তাৰ পিছত কি হ’ব ? নকৱ কিয় তাৰ পিছত কি হ’ব ?’- — কোনে এনেদৰে কৈছিল ? তেওঁ এনেদৰে কোৱাৰ কাৰণ কি ?

উত্তৰ : উক্ত কথাষাৰ বলোৰোম মেধিয়ে পুতেক বৰ্মইনাক কৈছিল।

বৰমইনাই হীতটো বিক্ৰি কৰি মটৰগাড়ী এখন ক্রয় কৰিব বুলি কোৱাত বলোৰামে এনেদৰ কৈছিল।

(খ) বাপধন আৰু ৰাতিয়া কোন ?

উত্তৰ : ‘বাপধন’ হৈছে বলোৰাম মেধিৰ পোহনীয়া হাতীটোৰ নাম আৰু ৰাতিয়া হৈছে হাতীটোৰ মাউত ।

২। তলত দিয়া প্রশ্নবোৰৰ অতি চমু উত্তৰ দিয়া :

(ক) হোমেন বৰগোহাঞিয়ে ক’ত জন্ম গ্রহণ, কৰিছিল?

উত্তৰ : ঢকুৱাখানাত ।

(খ) হোমেন বৰগোহাঞিৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ : হৈমন্তী।

(গ) হোমেন বৰগোহাঞিৰ দুখন গল্প পুথিৰ নাম লিখা।

উত্তৰ : ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’ আৰু ‘গল্প আৰু নক্সা’।

(ঘ) হোমেন বৰগোহাঞিৰ দুখন উপন্যাস পুথিৰ নাম লিখা।

উত্তৰঃ ‘হালধীয়া চৰায়ে বাওধান খায়’ আৰু ‘সাউদৰ পুতেকে নাও মেলি যায়’।

(ঙ) হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা দুখন বাতৰি কাকতৰ নাম লিখা ।

উত্তৰ : ‘আমাৰ অসম’ আৰু ‘অসম বাণী’।

(চ) হোমেন বৰগোহাঞিৰ দুখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা ।

উত্তৰ : ‘আত্মানুসন্ধান’ আৰু ‘মোৰ সাংবাদিক জীৱন’।

(ছ) হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰ : ‘বিংশ শতিকাৰ অসমীয়া সাহিত্য’ আৰু ‘গদ্যৰ সাধনা’।

(জ) হোমেন বৰগোহাঞিয়ে কোনখন গ্ৰন্থৰ বাবে দুটাকৈ বঁটা লাভ কৰিছিল?

উত্তৰ : ‘পিতাপুত্ৰ’ নামৰ উপন্যাসখনৰ বাবে। এই উপন্যাসৰ বাবে তেওঁ লাভ কৰা বঁটা দুটা হ’ল ঃ ‘অসম প্ৰকাশন পৰিষদ বঁটা’ (১৯৭৬) আৰু ‘সাহিত্য একাডেমী বঁটা’ (১৯৭৮)।

(ঝ) বলোৰাম মেধিৰ পুত্ৰ-কন্যাৰ সংখ্যা কিমান আছিল ?

উত্তৰ : পুত্ৰৰ সংখ্যা আছিল সাত আৰু কন্যাৰ সংখ্যা আছিল তিনি।

(ঞ) ৰাতিয়া কোন আছিল ?

উত্তৰ : ৰাতিয়া আছিল বলোৰাম মেধিৰ ‘বাপধন’ নামৰ হাতীটোৰ মাউত ।

(ট) বলোৰাম মেধিয়ে বাপধনক কাৰ হাতত গতাই দিছিল?

উত্তৰ : ‘ৰাতিয়া’নামৰ মাউতজনক।

(ছ) হোমেন বৰগোহাঞিৰ ‘হাতী’ নামৰ গল্পটোত থকা ‘হাতীটোৰ নাম কি আছিল ?

উত্তৰ : বাপধন। 000

Type By Suman Bora