গাৰজা পূজা কেতিয়া কৰা হয় ?

উত্তৰঃ গাৰজা পূজা কৰাৰ কোনো নিৰ্দিষ্ট দিন বাৰ নাই। তথাপি বছৰৰ দুটা সময়ত এই পূজা বেছিকৈ কৰা হয় । বছৰৰ জেঠ আৰু আহাৰ মাহত কৰা গাৰজা পূজাক ভাচানী গাৰজা আৰু কাতি আঘোণ মাহত কৰা পূজাক মাইনাও গাৰজা বোলা হয় । ইয়াৰ উপৰি বড়োসকলে ওচু গাৰজা, বৰাই ৰাজা গাৰজা, ধনকুবীৰ গাৰজা আদিও পালন কৰে।