Class 12 ADAVANCE ASSAMESE Chapter 15 Short Question Answer | Chapter 15 অলংকাৰ Short Answer

১। সাহিত্যত অলংকাৰ বুলিলে কি বুজা ? সাহিত্যত অলংকাৰৰ প্ৰয়োজন কিয় ? অলংকাৰ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ : ‘অলংকাৰ’ শব্দটো সংস্কৃত ‘অলম’ শব্দৰ পৰা আহিছে। ‘অলম’ শব্দৰ অৰ্থ দুটা : এক যথেষ্ট ভাৱ, দুই — ভূষণ। অর্থাৎ অলংকাৰ বুলিলে বক্তব্য এটিক লালিত্যপূৰ্ণ আৰু ব্যঞ্জনাময় কৰিবলৈ শব্দ সম্ভাৰৰ কৌশলপূৰ্ণ ব্যৱহাৰক বুজায় ৷

সাহিত্যত অলংকাৰৰ ব্যৱহাৰ সাধাৰণতে তিনিটা,

(ক) বক্তব্য বিষয় প্ৰভাৱশালী আৰু ব্যঞ্জনাময় কৰি যেনেঃ তোলা।

(খ) বর্ণনীয় বিষয় প্রকটভাৱে দাঙি ধৰা আৰু

(গ) বর্ণনীয় বিষয়ত ৰমনীয়তা প্ৰদান কৰা ।

অলংকাৰ প্ৰধানতঃ দুইবিধ, যেনেঃ

(১) শব্দালংকাৰ আৰু (২) অৰ্থালংকাৰ।

২। শব্দালংকাৰ আৰু অৰ্থালংকাৰ বুলিলে কি বুজা ? উদাহৰণ দি দুয়োৰে মাজত থকা পাৰ্থক্য বুজাই লিখা।

উত্তৰ : অলংকাৰ বুলিলে বক্তব্য এটিক লালিত্যপূর্ণ আৰু ব্যঞ্জনাময় কৰিবলৈ শব্দ সম্ভাৰৰ কৌশলপূৰ্ণ ব্যৱহাৰক বুজায়। সাহিত্যত অলংকাৰ প্ৰধানত: দুবিধ যেনে : (ক) শব্দালংকাৰ আৰু অৰ্থালংকাৰ। তলত দুয়োবিধৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল ৷

(ক) শব্দালংকাৰ ঃ যিবোৰ অলংকাৰ সম্পূৰ্ণৰূপে ধ্বনিৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি কৰা হয় তাকে ‘শব্দালংকাৰ’ বুলি কোৱা হয়। শব্দালংকাৰত অৰ্থৰ ভূমিকাতকৈ ধ্বনিৰ বা সুৰৰ ওপৰত গুৰুত্ব দি শব্দ প্ৰয়োগ কৰা হয়। এনে অলংকাৰত শব্দ নির্বাচন অতি প্রয়োজনীয় বিষয় । শব্দৰ সামান্য পৰিৱৰ্তনে এনে অলংকাৰত ব্যঘাত ঘটাৰ সম্ভাৱনা থাকে। উদাহৰণ :

‘চতুৰ চতুৰানন চিত্ৰিলে ভ্রুযুগল।”

– ভোলানাথ দাস ।

এই উদাহৰণটোত ‘চ’ ধ্বনি পুনঃ পুনঃ প্ৰয়োগৰ ফলস্বৰূপে উচ্চাৰণৰ ক্ষেত্ৰত মাধুৰ্যৰ সৃষ্টি হৈছে।

(খ) অর্থালংকাৰ : যিবোৰ অলংকাৰ অৰ্থৰ বৈচিত্ৰ আৰু মাধুৰ্যৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি কৰা হয়, সেইবোৰ অলংকাৰক অর্থালংকাৰ বুলি কোৱা হয়। অর্থালংকাৰত ধ্বনি বা সুৰ সৃষ্টি কৰাতকৈ অৰ্থৰ বৈচিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। আন কথাত অর্থালংকাৰে বস্তু এটিৰ গুণ বা ক্ৰিয়াক ব্যাখ্যা কৰি পাঠক বা শ্ৰোতাৰ মনত বস্তুটোৰ গুৰুত্ব বা আবেদন বৃদ্ধি কৰি এক বিমল আনন্দৰ জোঁৱাৰ তোলে।

উদাহৰণ :

‘চীনা বাদামৰ বাকলিৰ শুকান শব্দৰ দান আবেলি এটা।’

উক্ত উদাহরণটা অর্থালংকাৰৰ অনাতনউদাহৰণ । কাৰণ ইয়াত কোনো ধ্বনি বা সুৰৰ ওপৰত গুরুত্ব নিদি অৰ্থৰ লালিত্য বা বৈচিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পংক্তিটোত এটা আবেলিৰ চিত্ৰ দাঙি ধৰা হৈছে। ইয়াত আবেলিটোক চীনা বাদামৰ শুকান বাকলিৰ শব্দৰ লগত তুলনা কৰি অৰ্থত বৈচিত্র অনা হৈছে।

‘ওপৰৰ আলোচনাৰ পৰা শব্দালংকাৰ আৰু অর্থালংকাৰৰ মাজৰ পাৰ্থক্য স্পষ্ট হৈ পৰিছে। আকো ক’বলৈ গ’লে –

শব্দালংকাৰত ধ্বনি বা সাংগীতিক সুৰ ওপৰত গুরুত্ব দি শব্দ নিৰ্বাচন আৰু প্ৰয়োগ কৰা হয়। এনে অলংকাৰত . শব্দ নির্বাচন অতি প্রয়োজনীয় বিষয়। শব্দৰ সামান্য পৰিবৰ্তনে এনে অলংকাৰত ব্যঘাত ঘটাৰ সম্ভবনা থাকে।

আনহাতে অর্থালংকাৰত ধ্বনি বা সুৰ সৃষ্টি কৰাতকৈ অৰ্থৰ বৈচিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। অর্থালংকারে ভাব এটিক গভীৰতা দান কৰাৰ লগতে অৰ্থক স্পষ্ট কৰে। আন কথাত অর্থালংকাৰে বস্তু এটিৰ গুণ বা ক্ৰিয়াক ব্যাখ্যা কৰি পাঠক বা শ্ৰোতাৰ মনত বস্তুটোৰ গুৰুত্ব বা আবেদন বৃদ্ধি কৰি এক বিমল আনন্দ দান কৰে।

৩। তলৰ যিকোনো দুবিধ অলংকাৰৰ সূত্ৰ লিখি উদাহৰণসহ বুজাই লিখা । (ক) উপমা (খ) ৰূপক (গ) শ্লেষ (ঘ) অনুপ্রাস (ঙ) সমাসোক্তি (চ) উৎপ্রেক্ষা (ছ) ব্যাজস্তুতি (জ) অতিশয়োক্তি (ঝ) বিৰোধভাস (ঞ) নিদর্শনা (ট) পুনৰুক্ত দাভাস (ঠ) ব্যতিৰেক (ড) যমক

উত্তৰ : (ক) উপমা : উপমা হৈছে কাব্য সাহিত্যত বহুলভাৱে ব্যৱহাৰ হোৱা অৰ্থালংকাৰ। যেতিয়া কোনো এক বস্তু বা ধাৰণাক আইন কোনো বিসদৃশ বস্তুৰ লগত তুলনা কৰা হয় তেতিয়া উপমা অলংকাৰ হয়। উপমা অলংকাৰত যি বস্তুটো তুলনা কৰা হয় তাক ‘উমপেয়’ আৰু যাৰ লগত তুলনা কৰা হয় তাক উপমান’ বোলে। এই সাদৃশ্য গুণগত, ক্রিয়াগত বা গুণগত আৰু ক্ৰিয়াগত উভয়ে হ’ব পাৰে। মন কৰিবলগীয়া যে উপমা অলংকাৰত উপমানটো সদায় বিসদৃশ বস্তু হ’ব লাগিব। উপমা অলংকাৰত ‘নিচিনা’, ‘দৰে’, ‘যেন’ আদি তুলনাবাচক বিশেষণ ব্যৱহাৰ কৰা হয়। উদাহৰণঃ

(১) ‘তাই সাথে থাকে আকাশৰ তৰাৰ দৰে নিৰ্মাত নিজৰ হৈ।

—আনন্দচন্দ্ৰ বৰুৱা

উদাহৰণটোত ‘তাই’ হৈছে উপমেয় আৰু ‘আকাশৰ তৰা হৈছে উপমান। ইয়াত উপমানৰ গুণ বা ক্রিয়া ‘নিমাত . নিথৰ’ উপমেয় অর্থাৎ ‘ভাই’ৰ ওপৰত ন্যস্ত কৰা হৈছে।

(২) ‘সাগৰ পাৰত পৰি বলো আমি শামুকৰ খোলা হৈ।’

—-ভূপেন হাজৰিকা।

(খ) ৰূপক : ৰূপক হৈছে এক অৰ্থালংকাৰ। যেতিয়া উপমেয়ক উপমানৰ লগত অভেদ বুলি কল্পনা কৰা হয়। তেতিয়া ৰাপক অলংকাৰ হয়। ৰূপক অলংকাৰত এটা বস্তুক বিসদৃশ আন এক বস্তু বুলি কল্পনা কৰা হয়। আন কথাত উপমানৰ গুণ বা ক্রিয়া উপময়েৰ ওপৰত কোনো তুলনা নকৰাকৈ পোনাপুনি ন্যস্ত কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে, ৰূপক অলংকাৰত এটা বস্তুক বিসদৃশ আন এক বস্তু বুলি ধৰা হয়। ৰূপক অলংকাৰত উপমানে উপমেয়ক আচ্ছা কৰি ৰাখে। উপমা অলংকাৰৰ লগত ৰূপকৰ পাৰ্থক্যটো হ’ল- উপমা অলংকাৰত এটা বস্তুক আন এক বিসদৃশ বস্তুৰ দৰে বুলি কল্পনা কৰা হয়। আনহাতে ৰূপক অলংকাৰত এটা বস্তুক আন এক বস্তু বুঝি কল্পনা কৰা হয়। উদাহৰণ ঃ

(ৰ) ‘আমি সাগৰৰ পাৰৰ শামুকৰ খোলা।’

ইয়াত ‘আমি’ হৈছে উপমেয় আৰু ‘সাগৰৰ পাৰৰ শামুকৰ খোলা’ হৈছে উপমান। ইয়াত উপমেয় ‘আমি ক পোনাপুনি সাগৰৰ পাৰৰ শামুকৰ খোলা বুলি কল্পনা কৰা হৈছে।

(চ) ৰোষৰ তেজাল আঙুৰ সৰে থোকে থোকে।” ঃ হীৰেণ ভট্টাচাৰ্য । উদাহৰণটোত ৰোষ (খণ্ড) ক থোকে থোকে সৰি পৰা পকা আঙুৰ বুলি কল্পনা কৰা হৈছে।

(গ) শ্লেষ ঃ এটা শব্দক বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিলে শ্লেষ অলংকাৰ হয়। শ্লেষ অলংকাৰৰ ৰূপ দুটা। যেনেঃ শব্দ শ্লেষ আৰু অৰ্থ শেষ। শব্দ শ্লেষত শব্দটো পৰিৱৰ্তন কৰিলে অর্থ ব্যহত হয়। কিন্তু অর্থশ্লেষত শব্দটো পৰিবৰ্তন কৰিলেও অলংকাৰ ব্যহত নহয়। অর্থ শ্লেষত অলংকাৰ অৰ্থতহে থাকে ধ্বনিত নহয়। উহদাহৰণ :

(১) ‘বৰাই নোখোৱা কচু বৰুৱাৰ ঘৰলৈ পঠাবা।’

– অসমীয়া প্ৰবচন ।

উক্ত উদাহৰণটোত ‘বৰা’ শব্দটোয়ে দ্ব্যর্থক অৰ্থ প্ৰকাশ কৰিছে। প্ৰথম অৰ্থটো হৈছে ‘গাহৰি” (“বৰা” মানে গাহৰি) আৰু দ্বিতীয় অৰ্থ হৈছে ‘বৰা’ নামৰ বিষয়া।

(২) ‘হে প্রভু, মোৰ বাঞ্চিত বৰ দান কৰক।’ ইয়াত ‘বৰ’ শব্দৰ দুটা অৰ্থ কৰিব পাৰি : এক অৰ্থত আশীৰ্বাদ’ আৰু আনটো অৰ্থত ‘দৰা’ বা ‘স্বামী’।

(৩) ‘হেমৰ কোষেৰে ওখ দল বান্ধি

ভাষাক সাৰথি কৰি।

উক্ত পংক্তিফাকি হেমকোষ’ নামৰ অভিধান প্রণেতা হেমচন্দ্ৰ বৰাক উদ্দেশি কোৱা হৈছে। ইয়াত ‘হেমন কোষেৰে’ শব্দদ্বয়ে ‘হেমকোষ অভিধান’ আৰু ‘সোণৰ ভঁৰাল’ – এই দুটা অর্থ বহন কৰিছে।

(ঘ) অনুপ্রাস : অনুপ্ৰাস হৈছে এক প্ৰকাৰৰ শব্দালংকাৰ। যেতিয়া এটি পংক্তি বা এটি বাক্যত এটা ব্যঞ্জন বর্ণ বা ব্যঞ্জন ধ্বনি এবাৰতকৈ অধিকবাৰ উচ্চাৰিত হয়, তেতিয়া তাক অনুপ্রাস অলংকাৰ হোৱা বুলি কোৱা হয়। অনুপ্রাস অলংকাৰত অৰ্থতকৈ শব্দ প্ৰয়োগৰ শ্ৰুতিমধুৰতাৰ ওপৰত গুৰুত্ব দিয়া হয়। মন কৰিবলগীয়া যে অনুপ্রাস অলংকাৰত স্বৰ ধ্বনিৰ স্বীকৃতি নাই, পুনঃ পুনঃ ব্যৱহাৰ হোৱা বৰ্ণবোৰ ব্যঞ্জনবৰ্ণহে হ’ব লাগে। উদাহৰণ :

(১) ‘বগাকৈ বগলী বহলাই বহিছে লুকাত বিয়লি বেলা, বকুল বাগৰিছে ববছা বনতে বুটলি বিলাওগৈ বলা।’

– মিত্রদের মহস্ত।

উক্ত উদাহৰণটোত ‘ব’ ধ্বনিৰ অনুপ্ৰাস হৈছে।

(২) ‘মন্দ মন্দ মকৰন্দ মদগন্ধে মোদিত মাধবী কুঞ্জ মৃদু মধুৰসে মথিত মর্দিত মঞ্জুল মঞ্জুল পুঞ্জ।’

– ৰঘুনাথ চৌধুৰী ।

(৩) ‘দেখিলোহেঁতেন পূৰ্ণতাৰে পৰিপূৰ্ণ পৃথিৱীৰ অপৰূপ ৰূপ।’

— হীৰেণ ভট্টাচাৰ্য ।

(ঙ) সমাসোক্তি : নিৰ্জীৱ পদাৰ্থত সজীৱ পদাৰ্থৰ গুণ, স্বভাৱ, কার্য আদি আৰোপ কৰিলে সমাসোক্তি অলংকাৰ হয়। আন কথাত মানুহ ভিন্ন অন্য বস্তুৰ ওপৰত মানৱীয় গুণ আৰোপ কৰাকেই সমাসোক্তি অলংকাৰ বুলি কোৱা হয় ৷ উদাহৰণ :

(১) ওৱা তুলসী সমিধান দিয়া তুমি গোবিন্দৰ পৰাণ প্রিয়া।’

– শ্ৰী শংকৰদেৱ।

উদাহৰণটিত তুলসী গছৰ ওপৰত ব্যক্তিত্ব গুণ আৰোপ কৰা হৈছে। সেয়ে ই সমাসোক্তি অলংকাৰ হৈছে।

(২) ‘মাৰিলেহি মেঘে ঢোলত চাপৰ জিনীয়ে বজায় কালি, টুনী বুলবুলি নাচে ছেৱে ছেৱে হেঁটুলুকা ওজাপালি।

– ৰঘুনাথ চৌধুৰী ।

উক্ত উদাহৰণটোত মেঘক ঢুলীয়া হিচাপে, জিলীক কালিয়া হিচাপে, টুনীক নাচনী হিচাপে আৰু হেটুলুকাক ওজাপালি হিচাপে কল্পনা কৰা হৈছে। ৰঘুনাথ চৌধুৰী ।

(৩) পুৱাৰ মলয়ে দুৱাৰে দুৱাৰে নতুনৰ বাতৰি ফুৰিছে কৈ।’

– ৰঘুনাথ চৌধুৰী ।

(চ) উৎপ্রেক্ষা: উৎপ্ৰেক্ষা হৈছে এক প্ৰকাৰৰ উপমা অলংকাৰ। যি উপমা অলংকাৰত উপমেয় আৰু উপমানৰ মাজত প্ৰৱল সাদৃশ্য থকা বাবে উপমেয়কেই উপমান বুলি সন্দেহ কৰা হয়, তেনে তুলনাকে উৎপ্রেক্ষা অলংকাৰ বুলি কোৱা হয়। ইয়াতে বিশেষ ক’বলগীয়া যে অসমীয়া অলংকাৰ শাস্ত্ৰত ‘সন্দেহ’ নামৰ এক প্ৰকাৰৰ অলংকাৰ আছে। ‘সন্দেহ’ নামৰ অলংকাৰত সন্দেহ উপমান আৰু উপমেয় দুয়োটাতে থাকে। কিন্তু উৎপ্রেক্ষা অলংকাৰত সন্দেহ কেৱল উপমানত থাকে। উদাহৰণ :

(১) ‘পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত শুনো যেন বিননিৰ সুৰ।’

ইয়াত জুৰিৰ জিৰজিৰণি কবিৰ কাণত বিননিৰ সুৰ হৈ পৰিছে। ইয়াত উপমান অর্থাৎ জুৰিৰ জিৰজিৰণিত কবিৰ সন্দেহ উপজিছে।

(২) ‘দেখা পালোঁ আকাশৰ দুৱাৰ দলিত পূৰ্ণিমা ৰাতিৰ ঘূৰণীয়া জোন, ঠিক যেন এইমাত্র বাথৰুমৰ পৰা ওলাই অহা এজনী ছোৱালী।’

–মহেন্দ্ৰ বৰা ।

(ছ) ব্যাজস্তুতি : নিন্দাৰ ছলেৰে প্ৰশংসা (স্তুতি) বা প্ৰশংসাৰ ছলেৰে নিন্দা কৰিলে ব্যাজস্তুতি অলংকাৰ হয় ৷ উদাহৰণ :

(১) অতি বড় বৃদ্ধপতি সিদ্ধিতে নিপুণ কোন গুণ নাই তাৰ কপালে আগুন।

উদাহৰণটোত প্ৰশংসাৰ ছলেৰে নিন্দা কৰা হৈছে। ইয়াত বৃদ্ধপতি আৰু সিদ্ধিত নিপুণ বুলি প্ৰশংসা কৰিছে যদিও পিছত কোন গুণ নাই বুলি কৈ নিন্দা কৰিছে। সেয়ে ই ব্যাজস্তুতি অলংকাৰ হৈছে।

(২) পিয়ানো বজাই পূজাৰ আৰতি, বেদীত মমৰ বাতি জ্বলাই আনিব দেশৰ মুক্তি, পুৱাব দুখৰ ৰাতি ।’

–দেৱকান্ত বৰুৱা ।

(৩) বিদূষকঃ তেওঁৰ ফালে তেনেহ’লে পানী এচলু দিব লাগিব। এস্ এস্ একেটি বাপেকৰ একেটি পো, তাৰ আপুনিহে হিত চিন্তিলে।’

–ৰত্নেশ্বৰ মহন্ত

(জ) অতিশয়োক্তি : উপমেয়ক উল্লেখ নকৰি উপমানক উপমেয় ৰূপে নির্দেশ কৰিলে অতিশয়োক্তি অলংকাৰ হয়। সহজ কথাত বুজাবলৈ গ’লে, অতিশয়োক্তি হৈছে অসম্ভৱ বা অতিমাত্রা বর্ণনা। উদাহৰণ

(১) যদি তুমি হোৱা হ’লে চাতক পাখিটি মই যদি জলদৰ শ্যামল মুৰুতি, উৰি ফুৰি আকাশত ঢালি ধাৰাসাৰ কৰালোহেঁতেন পান প্রেম পাৰাপাৰ ।’

ওপৰৰ উদাহৰণটিত অসম্ভৱ বৰ্ণনা বুজাইছে সেয়ে ই অতিশয়োক্তি হৈছে।

(২) ‘পৰশমণিয়ে মোক নোৱাৰিলে কৰিব সোণালী মোৰে কালিমাৰে ম‍ই মণিটিকে কৰিলোঁ মলিন।’

–নৱকান্ত বৰুৱা।

(৩) ‘আইৰে মুখেদি মৌৱে বৰষিছে ফুলাম গামোচাৰ পাগ । ‘

(ঝ) বিৰোধাভাস : যি বৰ্ণনাত দুটা বস্তুৰ মাজত আপাত দৃষ্টিত বিৰোধ দেখা যায় যদিও দুয়োটাৰ সমন্বয়ত গভীৰতৰ অৰ্থ ওলায় য’ত বিৰোধৰ অৱসান হয়, তেনে বর্ণনাক বিৰোধাভাস বুলি কোৱা হয়। উদাহৰণ :

(১) অসংখ্য বন্ধন মাঝে মহানন্দময় লভিব মুক্তিৰ স্বাদ।’

– ৰবীন্দ্ৰ নাথ ঠাকুৰ

উক্ত উদাহৰণটোত আপাত দৃষ্টিত দুটি বিৰোধী ভাৱ আছে’ যেনে- ‘অসংখ্য বন্ধন’ আৰু ‘মুক্তি’। কিন্তু এই সমন্বয়ৰ এক গভীৰতম অর্থ আছে। সেয়া হ’ল সংসাৰৰ অসংখ্য বন্ধন অর্থাৎ মায়ামোহৰ মাজতো সাংসাৰিক জীৱনৰ প্ৰতি অনাসক্ত হৈ আধ্যাত্মিক মুক্তি লভিব ।

(চ) চকু নাই দেখিছে সকল আকাশ পাতাল জলস্থল কাণ নাই সকলো শুনিছে হাত নাই সকলো ধৰিছে ভৰি নাই সৰ্বত্ৰে কৰিছে গমন।”

— ৰত্নেশ্বৰ মহন্ত

উদাহৰণটোত চকু নাই দেখিছে, কাণ নাই শুনিছে, হাত নাই ধৰিছে, ভৰি নাই গমন কৰিছে – ইয়াৰ প্ৰতিটো ভাৱেই বিৰোধী। কিন্তু অলপ গমি চালেই বুজিব পৰা যায় যে উক্ত কথাষাৰ ভগৱানক উদ্দেশ্যি কোৱা হৈছে আৰু তেতিয়াই বিৰোধী ভাৱৰ অৱসান ঘটিছে।

(৩) ‘জনপূৰ্ণ নিৰ্জনত অকলশৰীয়া।’

– চন্দ্ৰকুমাৰ আগৰৱালা।

(ঞ) নিদর্শনা ঃ সাদৃশ্য থকাৰ বাবে কাৰো ওপৰত অসম্ভব বা অবাক্তৰ কাৰ্য আৰোপ কৰিলে নিদর্শন অলংকাৰ হয়। উদাহৰণ :

(১) হাতী গুচি মাখি ভৈলো, গো-খোজত তল গৈলো

কচুত ভাঙ্গিলো মই কাঁচি …..।’

(২) তিলতিল কৈ হৰিলা বিশ্ব তিলোত্তমা হৈ কৰিলা নিঃস্ব কাঢ়িলাঁ জোনৰ মুখ।’—-ৰত্নকান্ত বৰকাকতী

(ট) পুনৰুক্তবদাভাসঃ পুনৰুক্তবদাভাস হৈছে এনে এক অর্থালংকাৰ য’ত একে অর্থবোধক দুটা শব্দ প্রয়োগ কৰা হয় যি একে অৰ্থত ব্যৱহাৰ কৰা যেন লাগিলেও ভিন্ন অৰ্থ প্ৰকাশ কৰে। উদাহৰণ ঃ

(১) ‘তনু দেহাটি সজাম তোমাৰ মোৰেই আভৰণে।

• ৰবীন্দ্ৰনাথ ঠাকুৰ

উদাহৰণটোত ‘তনু’আৰু ‘দেহা’একার্থক শব্দ। কিন্তু কবিয়ে ‘তনু দেহা’ক লাহি গা অৰ্থত ব্যৱহাৰ কৰিছে।

(২) ‘কৰিবা আপুনি আত্মঘাত।”

– শ্ৰীশংকৰদেৱ

উদাহৰণটোত ‘আত্মঘাত’মানেই নিজে নিজে (আপুনি) মৰা।

(৩) বসুন্ধৰা পৃথিৱীৰ তুমি মুক্তামণি।’ ইয়াত ‘বসুন্ধৰা আৰু পৃথিৱী’ একার্থক শব্দ যদিও বসুন্ধৰা’ শব্দটি সম্পদশীল অৰ্থত ব্যৱহাৰ হৈছে।

(১) শৰদ চান্দ কোটি বয়ন বিকশা। মদনক চাপ জিনি ভ্ৰব পৰকাশা।। চান্দ জ্যোতি জিনি তিলক কপালে।’

(ট) ব্যতিৰেক : উপমানক উপমেয়তকৈ উৎকৃষ্ট বা নিকৃষ্ট কৰি দেখুৱালে ব্যতিৰেক অলংকাৰ হয়। উদাহৰণ ঃ(১) শৰদ চান্দ কোটি বয়ন বিকশা। মদনক চাপ জিনি ভ্ৰব পৰকাশা।।

শ্ৰীশংকৰদেৱ

ইয়াত কপালৰ তিলক চন্দ্ৰৰ জ্যোতিতকৈযো বেছি জ্যোতিময় বুলি দেখুওৱা হৈছে।

(২) ‘ফুলিল হিয়াত মোৰ লাখে লাখে ফুল পৰিমল গোন্ধে বিয়াকুল।’

–ৰঘুনাথ চৌধুৰী

(৩) ‘বদনক হেৰি পাই বড়ি লাজ কন্ধন ঝম্প কমল জল মাঝ।’

— শ্ৰীশংকৰদেৱ

(ড) যমক ঃ

যমক হৈছে এক প্ৰকাৰৰ শব্দালংকাৰ ৷ এনে অলংকাৰত একে উচ্চাৰণযুক্ত ভিন্ন অৰ্থৰ দুটা শব্দ ব্যৱহাৰ কৰা হয়। উদাহৰণ :

(১) জীৱনৰ লক্ষ্যহীন জীৱন অভাৱে মীন যেন কৰে ছট্‌ফট্‌অন্ধকাৰ কূপে।’

ভোলানাথ দাস

উদাহৰণটোত জীবন’ শব্দটো যমক অলংকাৰ হৈছে। ইয়াৰ প্ৰথম ‘জীৱন’ শব্দই সাধাৰণ জীৱৰ জীৱন অৰ্থত ব্যৱহাৰ হৈছে আৰু দ্বিতীয় ‘জীবন’ শব্দই পানীক বুজাইছে।

(২) ‘ধনীৰ নিশাও দিন, দিনো নিশা হ’লে দীন’ ধনে সংসাৰত কৰে দিন-ৰাতি চিন।’

• ৰত্নেশ্বৰ মহন্ত

ইয়াত ‘দিন’ মানে দিৱস আৰু ‘দীন’ মানে দৰিদ্ৰ ।

(৩) বল থকা সবে বলী, বলহীন বলি। ইয়াত ‘বলী’ আৰু ‘বলি’ শব্দ দুটিক লৈ যমক অলংকাৰ হৈছে। প্ৰথম ‘বলী’য়ে শক্তিশালী অর্থ প্রকাশ কৰিছে। দ্বিতীয় ‘বলি’ শব্দই ‘বলি’ নামৰ ৰজাক বুজাইছে।

৪। নৱসত বাজেও সাহিত্যৰ জেউতি চৰোৱা আৰু এবিধ বস্তু আছে তাক অলংকাৰ বোলে।’- সাহিত্যত জেউতি চৰোৱা অলংকাৰ বুলিলে কি বুজা ?

উত্তৰ : সংস্কৃত শাস্ত্রমতে সাহিত্যৰ নটা ৰস আছে। যেনেঃ শৃঙ্গাৰ, কৰুণ, হাস্য, ৰুদ্ৰ, বীৰ, ভয়ানক, বীভৎস, অদ্ভুদ আৰু শান্ত। এই নৱ ৰসৰ আলোচনা বিশ্ব সাহিত্য শাস্ত্ৰসমূহৰ ভিতৰত একমাত্র সংস্কৃত সাহিত্য শাস্ত্ৰতহে পোৱা যায়। পাশ্চাত্য সাহিত্যত ৰসৰ আলোচনা নাই। এই নৱ ৰসৰ বাবে সাহিত্যত এবিধ জেউতি চৰোৱা বস্তু আছে সেয়া হৈছে অলংকাৰ ৷

‘অলংকাৰ’শব্দটো সংস্কৃত ‘অলম’ শব্দৰ পৰা আহিছে। ‘অলম’ শব্দৰ অৰ্থ দুটা : এক যথেষ্ট ভাব, দুই ভূষণ। অর্থাৎ অলংকাৰ বুলিলে বক্তব্য এটিক লালিত্যপূর্ণ আৰু ব্যঞ্জনাময় কৰিবলৈ শব্দ সম্ভাৰৰ কৌশলপূৰ্ণ ব্যৱহাৰক বুজায় ।

সাহিত্যত অলংকাৰৰ ব্যৱহাৰ সাধাৰণতে তিনিটা, যেনেঃ

(ক) বক্তব্য বিষয় প্রভাবশালী আৰু ব্যঞ্জনাময় কৰি তোলা

(খ) বর্ণনীয় বিষয় প্রকটভাৱে দাঙি ধৰা আৰু

(গ) বর্ণনীয় বিষয়ত ৰমনীয়তা প্ৰদান কৰা ।

অলংকাৰ প্ৰধানতঃ দুইবিধ, যেনে ঃ (১) শব্দালংকাৰ আৰু (২) অর্থালংকাৰ ।০০০

Type By Suman Bora