Class 12 ECONOMICS Chapter 1 Short Question Answer | Chapter 1 সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয় প্রথম অধ্যায় সমষ্টিবাদী অর্থনীতি : সূচনা Short Answer

ক. অতি চমু উত্তৰৰ প্ৰশ্ন ঃ

১। অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ?

উত্তৰ : আদাম স্মিথক।

2। SEBI ৰ সম্পূৰ্ণ ৰূপটো লিখা ৷ ?

উত্তৰ : Securities and Exchange Board of India.

৩। কাম কৰিবলৈ সাজু থকা সকলো শ্রমিকে নিযুক্তি পায় আৰু সকলো কাৰখানাই নিজৰ পূৰ্ণ সক্ষমতাৰে কাম কৰে বুলি কোনে বিশ্বাস কৰে ?

উত্তৰ : কেইন্‌ছৰ পূৰ্বৱৰ্তীকালৰ সংস্থাপিত অর্থনীতিবিদসকলে।

4। “The General Theory of Em- ployment, Interest and Money” নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰ ঃ জে এম কেইন্‌ছ।

৫। “The General Theory of Em- ployment, Interest and Money” নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশ হৈছিল ?

উত্তৰ : ১৯৩৬ চনত।

৬। খালী ঠাই পূৰণ কৰা ।

সমষ্টিবাদী অর্থনীতি এটা ———-অৰ্থনৈতিক চলকৰ সৈতে জড়িত।

উত্তৰ : সামগ্রিক।

খ. চমু উত্তৰৰ প্ৰশ্ন ঃ

১। সমষ্টিবাদী অর্থবিজ্ঞান কি ?

উত্তৰঃ সমষ্টিবাদী অৰ্থবিজ্ঞান হ’ল দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে সামগ্ৰিকভাৱে অধ্যয়ন কৰা বিজ্ঞান।

২। নিবনুৱা হাৰ কি?

উত্তৰ : কাম নকৰা লোকৰ সংখ্যা আৰু কাম কৰা লোকৰ সংখ্যাৰ হৰণফলেই হ’ল নিবনুৱাৰ হাৰ

৩। সাধাৰণ ভাৰসাম্য কি ?

উত্তৰ : কোনো এখন বজাৰৰ যোগান আৰু চাহিদাৰ পাৰস্পৰিক সমতাৰ অৱস্থাকেই সাধাৰণ ভাৰসাম্য’ বুলি কোৱা হয়।

৪। অর্থনৈতিক প্রতিনিধি বুলিলে কি বুজা ?

উত্তৰ : অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা ব্যক্তি, সংগঠন বা অনুষ্ঠানক ‘অর্থনৈতিক প্রতিনিধি’ বোলা হয়।

৫। বহিঃ খণ্ডৰ অৰ্থ কি ?

উত্তৰ : বহিঃখণ্ডৰ অৰ্থ হ’ল— দেশীয় অৰ্থনীতিৰ লগত বিশ্বৰ আন দেশৰ সৈতে থকা অৰ্থনৈতিক লেনদেন।

৬। আমদানি বুলিলে কি বুজা ?

উত্তৰ ঃ দেশ এখনে বিশ্বৰ আন আন দেশৰ পৰা সামগ্ৰী ক্ৰয় কৰাকে ‘আমদানি’ বোলে।

৭। ৰপ্তানি বুলিলে কি বুজা ?

উত্তৰ : দেশীয় সামগ্ৰী বিশ্বৰ বিভিন্ন দেশত বিক্ৰী কৰাকে ‘ৰপ্তানি’ বোলে।

৮। মহা মন্দাৱস্থা কেতিয়া দেখা দিছিল ?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈ মহা মন্দাৱস্থাই দেখা দিছিল ৷

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ

১। সমষ্টিবাদী সিদ্ধান্ত নিৰূপণকাৰীসকলৰ নাম উল্লেখ কৰা ।

উত্তৰ : সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্তবোৰ সমাজ অথবা চৰকাৰে নিজে গ্ৰহণ কৰে যদিও আইনসন্মতভাৱে গঠন হোৱা ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় নিৰাপত্তা বিনিমিয় পৰিষদ আদিয়ে এই সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাত সহায় কৰে। সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ বাবে সামাজিক কল্যাণ সাধন কৰাটোৱেই মূল লক্ষ্য ।

২। এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাৰ্যসমূহ উল্লেখ কৰা ৷

উত্তৰ : ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক কাৰ্যসমূহ হ’ল –

-(১) জনকল্যাণমূলক কাম কৰা ।

(২) শিক্ষাৰ বিস্তাৰ কৰা ।

(৩) জনস্বাস্থ্যৰ সেৱাৰ বিস্তাৰ কৰা ৷

(৪) আইন প্রণয়ন কৰি সামাজিক ন্যায় প্রতিষ্ঠা কৰা ।

(৫) আন্তঃগাঁথনি গঠন কৰা ।

ঘ. ৰচনাধর্মী উত্তৰৰ প্ৰশ্নঃ

১। পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰ : পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্যসমূহ হ’ল

(১) পুঁজিবাদী অর্থনীতিত উৎপাদনৰ ব্যৱস্থা পুঁজিপতি সকলৰ অধীনত থাকে।

(২) অর্থনৈতিক সিদ্ধান্তসমূহ পুঁজিপতিসকলে গ্রহণ কৰে।

(৩) পুঁজিপতিসকলৰ মূল লক্ষ্য হৈছে সৰ্বোচ্চ লাভ অৰ্জন কৰা ।

(৪) শ্ৰমিকসকলে নিজৰ ইচ্ছামতে কাম বিচাৰি লৈ উপাৰ্জন কৰিব পাৰে ।

(৫) পুঁজিপতি ব্যৱস্থাত কোনো পৰিকল্পিত অৰ্থনীতিৰ অৱস্থা নাথাকে।

(৬) পুঁজিবাদী ব্যৱস্থাত ৰাষ্ট্ৰৰ কোনো হস্তক্ষেপ নাথাকে।

২। সমষ্টিবাদী অর্থনীতি জড়িত থকা ক্ষেত্রসমূহ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ : সমষ্টিবাদী অর্থনীতিয়ে প্ৰসাৰতা লাভ কৰা ক্ষেত্ৰসমূহ তলত উল্লেখ কৰা হ’ল

(ক) ৰাষ্ট্ৰীয় আয় : সমষ্টিবাদী অর্থনীতিৰ প্ৰধান ক্ষেত্র হ’ল ৰাষ্ট্ৰীয় আয় – যাৰ দ্বাৰা দেশৰ জাতীয় উৎপাদনত দৰকাৰী উপাদানৰ বিষয়ে ব্যাখ্যা কৰা হয়। এই অর্থনীতিত জাতীয় উৎপাদনত ব্যৱহাৰ হোৱা উপাদান আৰু আয়ৰ হ্রাস বৃদ্ধিৰ কাৰণসমূহৰ ব্যাখ্যা আগবঢ়োৱা হয় ।

(খ) অর্থনৈতিক বিকাশ : সমষ্টিবাদী অর্থনীতিয়ে দেশ এখনৰ অৰ্থনৈতিক বিকাশৰ জোখ-মাখৰ বিষয়ে ‘সামগ্ৰিকভাৱে অধ্যয়ন কৰে। অৰ্থনীতিত জাতীয় আয় লাহে লাহে বাঢ়ি গৈ কেনেকৈ অর্থনৈতিক বিকাশ হয় সেই বিষয়ে সমষ্টিবাদী অর্থনীতিত অধ্যয়ন কৰা হয় ।

(গ) মুদ্রাস্ফীতি ঃ অর্থনৈতিক অৱস্থাৰ দ্ৰুত পৰিবৰ্তনৰ ফলত দেশ এখনত মূদ্রাস্ফীতিৰ নিচিনা অর্থনৈতিক প্রতিফলন ঘটে। এনে অৱস্থাত মুদ্রাস্ফীতিয়ে কেনেকৈ অর্থনৈতিক অৱস্থাৰ উত্থান-পতনত প্ৰভাৱ পেলায়, সেই বিষয়ে সমষ্টিবাদী অর্থনীতিত অধ্যয়ন কৰা হয় ।

(ঘ) পৰিশোধৰ সমতা আৰু বিনিময় হাৰ : দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিলে স্পষ্টকৈ দেখা যায় যে সেই দেশখনে বিভিন্ন কাৰণত আনদেশৰ ওপৰত নিৰ্ভৰশীল। এই ক্ষেত্ৰত সমষ্টিবাদী অধ্যয়নৰ দ্বাৰা দেশ এখনৰ আন দেশৰ লগত থকা বাণিজ্যিক লেনদেনৰ বাবে প্ৰণালীবদ্ধ হিচাপ পৰিশোধৰ সমতা ৰক্ষা কৰে । যাৰ বাবে আমদানি-ৰপ্তানিৰ নিচিনা ক্ষেত্রসমূহ সমষ্টিবাদী অৰ্থবিজ্ঞানত বহুলভাৱে অধ্যয়ন কৰা হয়। ইয়াৰ উপৰিও বিনিময় হাৰ অৰ্থাৎ বাণিজ্যিক লেনদেনত দেশৰ বিনিময় ক্ষেত্ৰত দেখা দিয়া আসোঁৱাসমূহ এই অর্থনৈতিক বিজ্ঞানত আলোচনা কৰা হয় ।

৩। ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য লিখা।

উত্তৰ : ব্যষ্টিবাদী অৰ্থনীতিত অর্থনীতি এটাৰ ব্যক্তিগত অর্থনৈতিক চলকৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াত ব্যক্তিগত উপাৰ্জন, দৰ, উৎপন্ন আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াৰ মূল সমস্যা হ’ল দৰ নিৰ্ধাৰণ আৰু সম্পদ বণ্টন কৰা । ইয়াত বিশেষ দ্রব্য এটাৰ উপাদানৰ চাহিদা আৰু যোগানৰ বিষয়ে মূলত বিশ্লেষণ কৰা হয়। এই অৰ্থনীতিৰ উদ্দেশ্য হৈছে লাভৰ পৰিমাণ আৰু ব্যক্তি বিশেষৰ সন্তুষ্টি বা তৃপ্তি সৰ্বাধিক কৰা। আনহাতে সমষ্টিবাদী অৰ্থনীতিত অর্থনীতি এটাৰ অধ্যয়ন সামগ্ৰিকভাৱে কৰা হয়। ইয়াত জাতীয় আয়, উৎপাদন, সাধাৰণ দৰ, আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াৰ মূল সমস্যা হ’ল উপাৰ্জন আৰু নিয়োগ নিৰ্ধাৰণ কৰা ।

ইয়াত অর্থনীতিটোৰ সামগ্রিক চাহিদা আৰু সামগ্ৰিক যোগানৰ বিষয়ে মূলত বিশ্লেষণ কৰা হয়। এই অৰ্থনীতিৰ উদ্দেশ্য হৈছে অর্থনৈতিক উন্নয়ন সাধন কৰি বৈদেশিক লেনদেনৰ ভাৰসাম্যতা ৰক্ষা কৰা আৰু সাধাৰণ মূল্যস্তৰ স্থিৰ ৰাখি পূৰ্ণ নিয়োগৰ লক্ষ্যত উপনীত হোৱা ।

৪। সমষ্টিগত অৰ্থনীতিৰ দৃষ্টিৰে এখন অৰ্থনীতিৰ প্রধান চাৰিটা খণ্ডৰ বৰ্ণনা কৰা ।

উত্তৰ : সমষ্টিগত অৰ্থনীতিৰ দৃষ্টিৰে এখন অৰ্থনীতিৰ প্রধান চাৰিটা খণ্ড হ’ল-

(ক) পৰিয়াল খণ্ড : ই হ’ল ব্যক্তিৰ সমষ্টি, যিয়ে উৎপাদন, উপভোগ আদিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে বজাৰৰ সৃষ্টি কৰে আৰু চৰকাৰী বিভাগসমূহতো শ্ৰমৰ যোগান ধৰে। আনকি উৎপাদন প্রতিষ্ঠানসমূহৰ স্বত্বাধিকাৰী হিচাপে কাৰ্য নিৰ্বাহ কৰে। পৰিয়ালবোৰে সঞ্চয় কৰাৰ লগতে কৰ প্ৰদান কৰে ৷

(খ) ব্যৱসায়িক প্রতিষ্ঠান ঃ ব্যৱসায়িক প্রতিষ্ঠানসমূহে উৎপাদন কৰে আৰু উদ্যোক্তাই হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ সর্বময় কর্তা। উদ্যোক্তাই শ্ৰম আৰু মূলধন নিয়োগ কৰি বজাৰৰ বাবে উৎপাদন কৰে আৰু উৎপাদিত দ্ৰব্যৰ পৰা সর্ব্বোচ্চ লাভ অৰ্জনৰ চেষ্টা কৰে।

(গ) চৰকাৰঃ চৰকাৰে আইন প্ৰণয়ন কৰি আইনসমূহ কাৰ্যকৰী কৰা, জনসাধাৰণক ন্যায় প্ৰদান কৰাৰ উপৰিও চৰকাৰে কৰ ধাৰ্য কৰা, আন্তঃগাঁথনি উন্নয়ন, শিক্ষা, স্বাস্থ্য সেৱা প্ৰদান আদি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বহুতো ক্ষেত্ৰত উৎপাদন কার্যও পৰিচালনা কৰে ।

(ঘ) বাহ্যিক খণ্ড : বিশ্বৰ প্ৰায় সকলোবোৰ দেশেই কম-বেছি পৰিমাণে বাহ্যিক খণ্ডৰ লগত জড়িত। সমষ্টিগত অৰ্থবিজ্ঞানত এই বাহ্যিক খণ্ড বৰ গুৰুত্বপূৰ্ণ। বাহ্যিক খণ্ডৰ …বাণিজ্য দুই প্ৰকাৰ • আমদানি আৰু ৰপ্তানি । ইয়াৰ উপৰিও বৈদেশিক ৰাষ্ট্ৰসমূহৰ পৰা ঘৰুৱা দেশলৈ মূলধন প্ৰৱাহিত হ’ব পাৰে বা ঘৰুৱা দেশে বৈদেশিক ৰাষ্ট্ৰসমূহলৈ মূলধন ৰপ্তানি কৰিব পাৰে ।

৫। ১৯২৯ ৰ মহামন্দাৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰ : ১৯২৯ চনত আমেৰিকাৰ মহা মন্দাই বিশ্বৰ অর্থনৈতিক ইতিহাসৰ এটি উল্লেখযোগ্য ঘটনা। এই মহামন্দা আৰু ইয়াৰ পৰবৰ্তী বছৰবোৰত আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত উৎপাদন আৰু নিয়োগৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল লগতে বিশ্বৰ আন দেশসমূহতো ইয়াৰ প্ৰভাৱ পৰিছিল। ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈ আমেৰিকাত নিবনুৱাৰ হাৰ ৩% পৰা ২৫% লৈ বৃদ্ধি হৈছিল আৰু সামগ্রিক উৎপাদন প্রায় ৩৩% হ্রাস পাইছিল। এই অবস্থা সুদীর্ঘ প্রায় ১০ বছৰ ধৰি চলি আছিল আৰু দীৰ্ঘস্থায়ী নিবনুৱাৰ সৃষ্টি হৈছিল। অৱশেষত কেইনছৰ বিখ্যাত গ্রন্থ The General Theory of Employment, Interest and Money ১৯৩৬ চনত প্ৰকাশ কৰা হয়। কেইনছ আৰু আন অর্থনীতিবিদসকলৰ চিন্তাধাৰাই দেশৰ সামগ্রিক অর্থনৈতিক কার্যক্রমণিকাৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা কৰে আৰু বিভিন্ন খণ্ডৰ মাজত থকা পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে পর্যালোচনা কৰি মহা মন্দাৰ কবলৰ পৰা অৰ্থনীতিক পুনৰ গঠন কৰাৰ ফলস্বৰূপে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ উদ্ভাৱন হয় । ০০০

Type By Suman Bora