Class 12 ECONOMICS Chapter 7 Short Question Answer | Chapter 7 ভাৰতীয় অর্থনৈতিক উন্নয়ন প্রাক-স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা। Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। মলমলখাচৰ অৰ্থ কি ?

উত্তৰ : মলমলখাচ হ’ল ৰাজ পৰিয়ালৰ লোকে পৰিধান কৰা এক প্ৰকাৰৰ কাপোৰ।

২। মচলিন মানে কি ?

উত্তৰ : মচলিন হ’ল এক প্ৰকাৰৰ উন্নতমানৰ কপাহী কাপোৰ।

৩। প্ৰাক স্বাধীনতাৰ সময়ত ভাৰতৰ মানুহৰ প্ৰধান ব্যৱসায় কি আছিল ?

উত্তৰঃ কৃষি ।

৪। আমদানিৰ ওপৰত বহুৱা কৰক কি বোলে?

উত্তৰ : শুল্ক।

৫। ভাৰতৰ প্ৰথম আইৰণ এণ্ড ষ্টীল’ উদ্যোগ ক’ত স্থপন কৰা হয় ?

উত্তৰ : জামছেদপুৰত ।

৬। অৰ্থনীতিৰ প্ৰাথমিক খণ্ডই কি সামৰি লয় ?

উত্তৰঃ কৃষি

৭। স্বাধীনতাৰ আগতে ভাৰতৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ কিমান আছিল ?

উত্তৰ : ০.৫%।

৮। স্বাধীনতাৰ আগতে ভাৰতৰ মানুহৰ প্ৰত্যাশিত আয়ুস কিমান আছিল ?

উত্তৰ: ৩২ বছৰ।

৯। সেৱা খণ্ডৰ অন্য নাম কি ?

উত্তৰ : দ্বিতীয় শ্ৰেণীৰ ঔদ্যোগিক খণ্ড ।

১০। ভাৰতৰ ব্যৱসায়িক গঠন কেই খণ্ডত ভাগ কৰা হৈছে?

উত্তৰ : তিনিটা খণ্ডত।

১১। টাটা এয়াৰ লাইনচ কোন চনত প্ৰতিষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯৩২ চনত।

১২। ভাৰতবৰ্ষত কিমান চনত ৰেলপথৰ সূচনা হয় ?

উত্তৰ: ১৮৫০ চনত ।

১৩। ভাৰতৰ প্ৰথম ৰেলপথটোৱে কোন কোন অঞ্চলক সংলগ্ন কৰিছিল ?

উত্তৰ : মুম্বাই আৰু খানেক।

১৪। ঔপনিবেশিক শাসন কালত ভাৰতৰ মুঠ শ্রমিকৰ কিমান অংশ কৃষি খণ্ডত নিয়োজিত আছিল ?

উত্তৰ: ৭০-৭৫ শতাংশ।

১৫। বৃটিছ শাসনকালত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান আছিল ?

উত্তৰ : ৭ শতাংশ।

১৬। চুয়েজ খাল কি ?

উত্তৰ: উত্তৰ-পূব ইজিপ্তৰ জুয়েজ যোজকৰ মাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ বোৱাই নিয়া এটা কৃত্রিম জলপথ।

১৭। ‘Poverty and Famine” পুথিখনৰ ৰচকজন কোন ?

উত্তৰ ঃ অমর্ত্য সেন।

১৮। ছুয়েজ খালে কোন কোন সাগৰক সংযোগ কৰিছে?

উত্তৰ : ভূমধ্য সাগৰৰ চেইড বন্দৰ আৰু লোহিত সাগৰৰ ছুয়েজ উপসাগৰক ।

১৯। বৃটিছ শাসন কালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পর্কীয় তথ্য পোন প্ৰথমে কোন চনত সংগ্ৰহ কৰা হৈছিল ?

উত্তৰ : ১৮৮১ চনত ।

২০। কুৰি শতিকাৰ প্ৰথমাৰ্ধত ভাৰতৰ মুঠ জনমূৰি আয়ৰ বছৰি বৃদ্ধিৰ হাৰ কিমান আছিল ?

উত্তৰ: ০.০৫% ।

খ. চমু প্রশ্নোত্তৰ ঃ

১। কৃষিখণ্ডৰ স্থবিৰতা বুলিলে কি বুজা ?

উত্তৰ : কৃষি খণ্ডৰ স্থবিৰতা বুলিলে কৃষি খণ্ডৰ অতি মন্থৰ গতিত উন্নয়ন বা উন্নয়নৰ অভাৱক বুজায়।

২। কৃষিৰ বাণিজ্যিকীকৰণ বুলিলে কি বুজা ?

উত্তৰ : কৃষিৰ বাণিজ্যিকীকৰণ বুলিলে কৃষকসকলে খাদ্য শস্য উৎপাদন কৰাৰ ঠাইত মুদ্ৰা উপাৰ্জনকাৰী শস্য উৎপাদন কৰাক বুজায়।

৩। প্রাথমিক খণ্ড বুলিলে কি বুজা ?

উত্তৰ : প্ৰাথমিক খণ্ড বুলিলে প্ৰকৃতিৰ পৰা পোৱা সম্পদৰ ওপৰত ভিত্তি কৰি উৎপাদিত হোৱা সামগ্ৰীক বুজায়। ইয়াৰ ভিতৰত কৃষি, খনিজ, বনজ, মীন আদি অন্তর্ভূক্ত।

৪। ঔপনিবেশিক ভাৰত বৰ্ষত ভাৰতৰ বৈদেশিক বাণিজ্য কোন কোন ৰাষ্ট্ৰৰ লগত আছিল ?

উত্তৰ : ঔপনিবেশ ভাৰতবৰ্ষত ভাৰতৰ বৈদেশিক বাণিজ্য প্ৰধানকৈ ইংলণ্ডৰ লগত আছিল যদিও চীন, শ্ৰীলংকা, ইৰাণ আদি দেশৰ লগতো কিছু পৰিমাণে আছিল ।

৫। ঔপনিবেশ কালত ভাৰত বৰ্ষই আমদানি কৰা কিছুমান দ্ৰব্যৰ নাম উল্লেখ কৰা ।

উত্তৰ: ঔপনিবেশ কালত ভাৰতবৰ্ষই আমদানি কৰা কিছুমান দ্রব্য হল কপাহ, ৰেচম, উপ, মৰাপাট, চেনি, নীল আদি।

৬। তৃতীয় শ্রেণীৰ খণ্ড কি ?

উত্তৰ : যি খণ্ডই পৰিবহন, যোগাযোগ, বাণিজ্য আমি সেৱা প্ৰদান কৰে, তাক ‘তৃতীয় শ্ৰেণীৰ খণ্ড’ বোলে।

৭। মাধ্যমিক খণ্ড বুলিলে কি বুজা?

উত্তৰ : মাধ্যমিক খণ্ড বুলিলে সেই খণ্ডক বুজায় য’ত -এক ধৰণৰ সামগ্ৰীক অন্য এক ধৰণৰ সামৰ্থানে ৰাপাতৰ কৰা হয় ।

৮। ভাৰতবৰ্ষত ইংৰাজসকলৰ কিবা ইতিবাচক বঢ়ঙণি আছিল নে ?

উত্তৰ : শিল্প, বাণিজ্য আৰু যোগাযোগ ক্ষেত্ৰত ভাৰতবৰ্ষত ইংৰাজসকলৰ কিছু ইতিবাচক বৰঙণি আছিল। কৃষিৰ ক্ষেত্ৰত বাণিজ্যিকীকৰণ আৰম্ভ হৈছিল। মুদ্রাগত শস্য উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছিল। দ্বিতীয়মহাসমৰৰ পিছত চেনি, চিমেন্ট, কাগজ আদি সৰু সৰু উদ্যোগ গঢ়ি উঠিছিল। ভাৰতবৰ্ষৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে পথ আৰু ৰেল পৰিবহনৰ বাট মুকলি হৈছিল।

৯। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ গুৰুত্বপূর্ণ অর্থনৈতিক প্রত্যাহ্বান কেইটামান চিহ্নিত কৰা।

উত্তৰ ঃ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষই মুখামুখি হোৱা গুৰুত্বপূৰ্ণ অর্থনৈতিক প্ৰত্যাহ্বান কেইটামান হ’ল ঃ

কৃষিখণ্ডত স্থবিৰতাই দেখা দিয়ে। অত্যধিক জনসংখ্যাৰ হেঁচাত উৎপাদন ক্ষমতা কমি যায়। হস্তশিল্প উদ্যোগ ধ্বংসৰ গৰাহত পৰিছিল। বৈদেশিক বাণিজ্য অতি সীমিত আছিল । জনমূৰি আয়ৰ হাৰ অতি কম আছিল।

১০। ঔপনিবেশিক শাসনকালত ভাৰতীয় সম্পদ নিগর্মন বুলিলে কি বুজা ?

উত্তৰঃ ঔপনিবেশিক শাসন কালত ভাৰতীয় সম্পদৰ নিগমন বুলিলে ভাৰতৰ পৰা বৃহৎ পৰিমাণৰ সম্পদ ইংলণ্ডলৈ পঠোৱা কাৰ্যক বুজাইছিল।

১১। ঔপনিবেশিক শাসনকালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণ কি আছিল ?

উত্তৰঃ ঔপনিবেশিক শাসন কালত ভাৰতীয় কৃষিত স্থবিৰতাই দেখা দিয়াৰ কাৰণ ইংৰাজসকলে ভাৰতত জমিদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰাত কৃষিখণ্ডৰ পৰা হোৱা লাভ কৃষকৰ পৰিৱৰ্তে জমিদাৰসকলৰ হাতলৈ গৈছিল। জমিদাৰসকলৰ শোষণৰ ফলত কৃষকসকলে অশেষ যাতনা ভোগ কৰিছিল। ইয়াৰ উপৰিও কৃষিখণ্ডত নিম্ন মানৰ পৰম্পৰাগত প্ৰযুক্তিৰ ব্যৱহাৰ, জলসিঞ্চনৰ অভাৱ, আদিৰ বাবে কৃষিখণ্ডত বিপর্যয়ে দেখা দিছিল।

১২। ঔপনিবেশিক শাসনকালত ভাৰতৰ জাতীয় আয় গণনা কৰা কেইগৰাকীমান ব্যক্তিৰ নাম উল্লেখ কৰা ।

উত্তৰ: ঔপনিবেশিক শাসন কালত ভাৰতৰ জাতীয় আয় গণনা কৰা কেইগৰাকীমান ব্যক্তি দাদাভাই নৌৰজী, উইলিয়াম ডিগবি, ফিগুলে চিৰাচ, ভি. কে. আৰ. ভি. ৰাও, আৰ. চি. দেশাই।

১৩। দেশ বিভাজনৰ ফলত ভাৰতৰ মৰাপাট উদ্যোগসমূহ কিয় ক্ষতিগ্ৰস্ত হৈছিল ?

উত্তৰ : দেশ বিভাজনৰ সময়ত মৰাপাট উৎপাদন হোৱা প্ৰায়ভাগ অঞ্চলেই পূর্ব পাকিস্তান (বর্তমান বাংলাদেশ)ৰ অন্তৰ্ভূক্ত হয়। ফলত কেঁচা মালৰ অভাৱত ভাৰতৰ মৰাপাট উদ্যোগসমূহ ক্ষতিগ্ৰস্ত হৈছিল।

১৪। বৃটিছ শাসনকালত কৃষি বাণিজ্যকৰণৰ দুটা প্রভাব উল্লেখ কৰা।

উত্তৰ ঃ বৃটিছ শাসন কালত কৃষিৰ বাণিজ্যিকীকৰণৰ দুটা প্ৰভাৱ হ’ল :

(ক) জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

(খ) বাণিজ্যিক ভিত্তিত কৰা কৃষিয়ে কৃষকৰ অৱস্থাৰ পৰিৱৰ্তন অনাৰ পৰিৱৰ্তে জমিদাৰসকলৰ শোষণৰ পথ মোকলাই দিছিল।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। ইংৰাজসকলে ভাৰতত চলোৱা শোষণমূলক শাসনৰ ফলত ভাৰতীয় অৰ্থনীতিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিছিল?

উত্তৰ: ইংৰাজসকলে ভাৰতবৰ্ষক প্ৰায় দুইশ বছৰ শাসন কৰিছিল। ভাৰতবৰ্ষক অর্থনৈতিকভাৱে শোষণ কৰাই আছিল সিহঁতৰ প্ৰধান ৰাজনৈতিক উদ্দেশ্য। সিহঁতৰ শোষণমূলক শাসনৰ ফলত ভাৰতীয় অৰ্থনীতিত তলত দিয়া ধৰণে প্ৰভাৱ পৰিছিল- *

(ক) ভাৰত প্ৰধানকৈ কৃষি প্রধান দেশ হিচাপে গঢ়ি উঠিছিল। কিছু পৰিমাণে বাণিজ্যিক শস্যৰ প্ৰসাৰ হৈছিল।

(খ) দেশৰ কুটিৰ আৰু হস্তশিল্পসমূহ ধ্বংসৰ গৰাহত পৰিছিল।

(গ) বৃটিছসকলে ভাৰতীয় বজাৰৰ ওপৰত সম্পূর্ণ নিয়ন্ত্ৰণৰ কৰ্তৃত্ব পাইছিল। ফলত বাণিজ্যিকীকৰণত পৃথকীকৰণ নীতি প্ৰৱৰ্তিত হৈছিল।

(ঘ) ভাৰতত স্থাপন কৰা ভোগ্য দ্রব্য উদ্যোগসমূহৰ মুঠ লাভৰ ৫০ শতাংশ ইংৰাজসকলে বনাচ হিচাপে আত্মসাৎ কৰিছিল।

২। ‘সদাগৰী মূলধন কাল’ বুলিলে কি বুজা ?

উত্তৰ : ১৭৫৭ চনৰ পলাটী যুদ্ধৰ সময়ৰ পৰা ওঠৰ শতিকাৰ শেষ ভাগলৈকে এই সময়ছোৱাক ‘সদাগৰী মূলধন কাল’ বুলি কোৱা হয়। কাৰণ এই সময়ৰ পৰা ইংৰাজসকলে ভাৰতত ৰাজনৈতিকভাৱে খোপনি পুতিবলৈ আৰম্ভ কৰে। লগেলগে উদ্দেশ্যপ্রণোদিতভাৱে ভাৰতীয় অর্থনীতিৰ প্ৰগতিৰ পথ বোধ কৰাত আৰম্ভ কৰে। ফলত বাণিজ্যিকভাৱে সিহঁতে যথেষ্ট পৰিমাণে মুনাফা লাভৰ পথ মুকলি হয়। উচ্চ হাৰত ভূমি ৰাজহ ধাৰ্য কৰি কৃষকসকলক শোষণ কৰাৰ লগতে ভাৰতীয় অর্থনীতি বিপর্যস্ত কৰিছিল।

৩। ঔপনিবেশিক শাসন বুলিলে কি বুজা ?

উত্তৰ : যেতিয়া কোনো বিদেশী শাসকে দেশৰ ৰাজনৈতিক ক্ষমতা দখল কৰি দেশৰ অৰ্থনৈতিক নীতিসমূহ নিৰ্ধাৰণ কৰি শাসক দেশৰ স্বাৰ্থত সেইবোৰ পৰিচালনা কৰে, তেতিয়া তেনে শাসন ব্যৱস্থাক ‘ঔপনিবেশিক শাসন’ বোলে। ঔপনিবেশিক শাসন ব্যৱস্থাৰ প্ৰকাশ্য নীতি হৈছে বিদেশী শাসকে শাসিত দেশখনৰ সকলো সম্পদ আৰু উন্নয়নৰ খণ্ডসমূহ শোষণ কৰা অৰ্থাৎ কেঁচা মাল কম দামত ক্ৰয় কৰি নিজ দেশত উৎপাদিত উদ্যোগজাত সামগ্রীসমূহৰ বজাৰ হিচাপে শাসিত দেশক ব্যৱহাৰ কৰা। ভাৰতবৰ্ষত ১৭৫৭ চনৰ পৰা ১৯৪৭ চনলৈ ইংৰাজসকলৰ ঔপনিবেশিক শাসন চলিছিল ।

৪। বৃটিছ শাসন কালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা ।

উত্তৰঃ বৃটিছ শাসন কালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণবোৰ হ’ল

(ক) বৃটিছ শাসন কালত দেশীয় ৰজা-মহাৰজাসকলৰ আধিপত্য নথকাত হস্ত শিল্প আৰু কুটিৰ শিল্পই চৰকাৰী পৃষ্ঠপোষকতাৰ পৰা বঞ্চিত হৈছিল।

(খ) ইংলণ্ডত উৎপাদিত শিল্পজাত দ্রব্যসমূহ ভাৰতলৈ আমদানি কৰাত ভাৰতৰ হস্তশিল্পজাত সামগ্ৰীয়ে প্রতিযোগিতাত তিষ্ঠিব নোৱাৰি মৃত্যুমুখত পৰে।

(গ) বৃটিছসকলৰ প্ৰভাৱত ভাৰতবৰ্ষত এটা নতুন শ্ৰেণীৰ লোকৰ আবিৰ্ভাৱ হৈছিল। তেওঁলোকে ভাৰতত উৎপাদিত সামগ্ৰীসমূহৰু হেয় চকুৰে চাইছিল। ফলত ভাৰতীয় হস্তশিল্পৰ অৱনতি ঘটাত সহায়ক হৈছিল।

(ঘ) ইংৰাজসকলৰ উন্নত পদ্ধতিৰে বিশাল আকাৰৰ উদ্দ্যোগত উৎপাদিত দ্ৰব্যৰ তুলনাত ভাৰতীয় হস্তশিল্পত উৎপাদিত দ্ৰব্যৰ মূল্য বেছি হোৱা বাবে ভাৰতীয় হস্তশিল্পজাত দ্ৰৱ্যৰ চাহিদা কমি গৈছিল ।

৫। বৃটিছ শাসনকালত ভাৰতত বেচৰকাৰী উদ্যোগৰ বিকাশৰ যিকোনো তিনিটা কাৰণ ব্যাখ্যা কৰা ৷

উত্তৰ : বৃটিছ শাসন কালত ভাৰতত বেচৰকাৰী উদ্যোগৰ বিকাশৰ কাৰণ হ’ল :

(ক) ইংৰাজ চৰকাৰে সেই সময়ত মুক্ত বাণিজ্য নীতি অনুসৰণ কৰিছিল।

(খ) ভাৰতীয় উদ্যোগসমূহৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছিল।

(গ) ইংৰাজ শাসন কালত ব্যৱসায় বাণিজ্যত দালাল ব্যৱস্থাই গা কৰি উঠিছিল। দালালবোৰে বেচৰকাৰী খণ্ডত বিনিয়োগ বৃদ্ধি কৰাত বেচৰকাৰী উদ্যোগৰ বিকাশ হৈছিল।

৩। বৃটিছ শাসনকালত ভাৰতবৰ্ষত পুঁজিবাদী উদ্যোগ বিকাশৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ : বৃটিছ শাসন কালত ভাৰতবৰ্ষত পুঁজিবাদী উদ্যোগৰ বিকাশ হৈছিল। ইংৰাজসকলে ভাৰতবৰ্ষত পুঁজিবাদী নীতিত উদ্যোগ গঢ়ি তুলিছিল । সিহঁতে পুঁজিপতি সকলৰ বাহিৰে আনক শিল্প স্থাপনৰ বাবে বিনিয়োগ কৰিবলৈ সুবিধা দিয়া নাছিল। আনহাতে প্রথম বিশ্বযুদ্ধৰ সময়ত বিদেশৰ পৰা বস্তুৰ আমদানি হ্রাস হোৱাত দেশত উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল। তাৰোপৰি ইংৰাজসকলে যাতায়তৰ উন্নয়নৰ বাবে মনোযোগ দিছিল। ৰেলপথৰ বিকাশ হৈছিল। ভাৰতীয় ব্যবসায়ী শ্রেণীটোরেও মুনাফা লাভৰ বাবে উদ্যোগ স্থাপন কৰিছিল। ফলত ভাৰতবৰ্ষত পুঁজিবাদী উদ্যোগৰ বিকাশ সম্ভৱ হৈছিল।

৭। বৃটিছ শাসনকালত ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা ঔদ্যোগিক নীতিৰ চাৰিটামান ত্রুটি উল্লেখ কৰা।

উত্তৰ: বৃটিছ শাসন কালত ইংৰাজসকলে ভাৰতবৰ্ষত প্রৱৰ্তন কৰা উদ্যোগিক নীতিৰ ত্রুটিসমূহ হ’ল:

(ক) দেশীয় হস্তশিল্পৰ পতন।

(খ) মূলধনীজাত উদ্যোগৰ অভাৱ।

(গ) ভাৰতবৰ্ষত আধুনিক শিল্প স্থাপন কৰাত ইংৰাজসকলৰ অনীহা।

(ঘ) বাণিজ্যিক ভিত্তিত কৰা কৃষিয়ে কৃষকৰ অৱস্থাৰ পৰিৱৰ্তন অনাৰ পৰিৱৰ্তে জমিদাৰসকলৰ শোষণৰ পথ মোকলাই দিয়ে।

৮। ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঁথনি উন্নয়নৰ নীতিৰ জৰিয়তে কি উদ্দেশ্য পূৰ্ণ কৰিব বিচাৰিছিল ?

উত্তৰ : ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঁথনি উন্নয়ন নীতিৰ জৰিয়তে তলত দিয়া উদ্দেশ্যসমূহ পূৰ্ণ কৰিব বিচাৰিছিল —

(ক) সিহঁতে ভাৰতবৰ্ষক এখন উদ্যোগৰ বাবে কেঁচা সামগ্রী উৎপাদন কৰা দেশ হিচাপে গঢ়ি তুলিব বিচাৰিছিল।

(খ) আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে ভাৰতবৰ্ষক ইংলণ্ডত উৎপাদিত সামগ্ৰীৰ বজাৰ ৰূপে গঢ় দিব বিচাৰিছিল।

(গ) ভাৰতবৰ্ষক সর্বাতো প্ৰকাৰে অৰ্থনৈতিক শোষণ কৰিব বিচাৰিছিল।

৯। অনুন্নত অর্থনীতি হিচাপে ভাৰতীয় অৰ্থনীতিৰ চাৰিটা লক্ষণ উল্লেখ কৰা ।

উত্তৰ : অনুন্নত অর্থনীতি হিচাপে ভাৰতীয় অৰ্থনীতিৰ চাৰিটা লক্ষণ হ’ল :

(ক) দুর্বল অর্থনৈতিক অন্তর্বিন্যাস।

(খ) তাকৰীয়া জনমূৰি আয়।

(গ) মূলধনৰ দুষ্প্ৰাপ্যতা।

(খ) কৃষি ভিত্তিক অর্থনীতি ।

খ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। ঔপনিবেশ শাসন কালত ভাৰত বৰ্ষৰ কৃষি অৰ্থনীতিৰ স্থবিৰতাৰ কাৰণবোৰ আলোচনা কৰা ।

উত্তৰ : ইংৰাজ ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষৰ কৃষি খণ্ডই স্থবিৰতাত ভূগিছিল৷ ইয়াৰ মূল কাৰণবোৰ হ’ল

(ক) ইংৰাজসকলে ভাৰতবৰ্ষত কৃষি ব্যৱস্থা আধুনিকীকৰণ কৰাৰ ওপৰত অনীহা প্রকাশ কৰিছিল। কৃষকসকলে পৰম্পৰাগত কৃষি পদ্ধতিৰে কৃষি কাৰ্য চলাই থকাত কৃষিৰ উন্নয়ন হোৱা নাছিল।

(খ) ঔপনিবেশ শাসন কালত ইংৰাজসকলে বেংগল প্ৰেচিডেন্সী প্রনয়ণ কৰি জমিদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰাত কৃষি ভূমি কৃষকসকলৰ পৰিৱৰ্তে জমিদাৰসকলৰ হস্তগত হৈছিল।

(গ) জমিদাৰসকলে কৃষিৰ উন্নয়নৰ বাবে কোনো উদ্যোগ গ্ৰহণ কৰা নাছিল ।

(ঘ) কৃষকসকলৰ অৱস্থাৰ কোনো বিবেচনা নকৰাকৈ জোৰ-জুলুম কৰি সিহঁতৰ পৰা খাজনা আদায় কৰিছিল ।

(ঙ) ইংৰাজসকলে খাদ্য শস্য উৎপাদন কৰাতকৈ বাণিজ্যিক শস্য উৎপাদনত জোৰ দিছিল ৷ এইবোৰ কৰণতে ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষৰ কৃষি অর্থনীতি স্থবিৰ হৈ পৰিছিল ৷

২। ঔপনিবেশ শাসন কালত ভাৰত বৰ্ষৰ ঔদ্যোগিক খণ্ডৰ অৱস্থা আলোচনা কৰা ।

উত্তৰঃ ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষত ঔদ্যোগিক খণ্ডৰ উন্নয়ন অতি মন্থৰ গতিত হয় । ইংৰাজসকলে ভাৰত বৰ্ষত ঔদ্যোগিক খণ্ডত বৈষম্যমূলক নীতি গ্ৰহণ কৰিছিল।

(ক) ভাৰত প্ৰধানকৈ কৃষি প্রধান দেশ হিচাপে গঢ়ি উঠিছিল। কিছু পৰিমাণে বাণিজ্যিক শস্যৰ প্ৰসাৰ হৈছিল।

(খ) দেশৰ কুটিৰ আৰু হস্তশিল্পসমূহ ধ্বংসৰ গৰাহত পৰিছিল ।

(গ) বৃটিছসকলে ভাৰতীয় বজাৰৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ কৰ্তৃত্ব পাইছিল। ফলত বাণিজ্যিকীকৰণত পৃথকীকৰণ নীতি প্ৰৱৰ্তিত হৈছিল।

(ঘ) ভাৰতত স্থাপন কৰা ভোগ্য দ্রব্য উদ্যোগসমূহৰ মুঠ লাভৰ ৫০ শতাংশ ইংৰাজসকলে বনাচ হিচাপে আত্মসাৎ কৰিছিল।

অৱশ্যে ঊনৈশ শতিকাৰ দ্বিতীয়ার্ধত আধুনিক উদ্যোগ ভাৰতবৰ্ষত স্থাপন হ’বলৈ ধৰে যদিও ইয়াৰ বিকাশ অতি লেহেমীয়া আছিল। ইয়াৰ বিকাশ মাত্ৰ কপাহী বস্ত্ৰ আৰু মৰাপাট কল আদি সৰু-সুৰা উদ্যোগ স্থাপনতে সীমাবদ্ধ আছিল। দ্বিতীয় মহাসমৰৰ পিছত কেতবোৰ কাগজ উদ্যোগ গঢ়ি উঠিছিল যদিও কোনো মূলধন জাতীয় সামগ্ৰীৰ উদ্যোগ গঢ়ি উঠা নাছিল ৷

৩। ঔপনিবেশ শাসন কালত ভাৰত বৰ্ষত অর্থনৈতিক পৰিৱৰ্তনসমূহ আলোচনা কৰা ।

উত্তৰ : ঔপনিবেশিক শাসন কালত ভাৰতীয় অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল

(ক) গড়কাপ্তানি বিভাগ আৰু ৰেলপথ স্থাপন : ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচীৰ শাসন কালত ভাৰতত গড় কাপ্তানি বিভাগ স্থাপন হয়। এই বিভাগে ৰাস্তা- ঘাটৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৮৫০ চনত ৰলপথ নিৰ্মাণ কৰা হয়। ইয়াৰ ফলত দেশৰ ভিতৰত বিভিন্ন অঞ্চলৰ লগত সংযোগ স্থাপন আৰু দেশী-বিদেশী সামগ্রী ক্রয়- বিক্ৰয়ৰ বজাৰৰ পৰিসৰ বৃদ্ধি হয় ।

(খ) পশ্চিমীয়া ভাৱধাৰাৰ আমদানি ঃ ইংৰাজসকলৰ ৰাজত্বৰ কালছোৱাত ভাৰতবৰ্ষত পশ্চিমীয়া ভাৱধাৰা, আইন, শিক্ষা, মুক্ত চিন্তা আদিৰ আমদানি হোৱাত ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে চলি অহা মূল্যবোধ আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগীৰ যথেষ্ট পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনশীল ভাৱধাৰাইভাৰতত পৰম্পৰাগতভাৱে চলি অহা অৰ্থনীতিৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পেলায় ।

(গ) বিদেশী উদ্যোগ আৰু মূলধনৰ বিনিয়োগ ঃ ইংৰাজ ৰাজত্বৰ শেষার্ধত ভাৰতত যথেষ্ট পৰিমাণে বিদেশী মূলধন বিনিয়োগ হয় ৷ ভাৰতত কফি উদ্যোগ, মৰাপাট উদ্যোগ, কয়লা উৎপাদন, নীল খেতি আদি আৰম্ভ হয় আৰু সেইবোৰত বিদেশী মূলধনৰ বিনিয়োগৰ হ’বলৈ ধৰে। ফলত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ স্থবিৰতা কিছু পৰিমাণে শাম কাটে।

(ঘ) ইংলণ্ডৰ শিল্প বিপ্লৱঃ ১৭৫০ চনত ইংলণ্ডত শিল্প বিপ্লৱ সংঘটিত হয়। এই বিল্পৱৰ ফলস্বৰূপে ইংলণ্ডত প্ৰস্তুত সামগ্ৰী বিক্ৰীৰ এক বহল ৰজাৰ হয়গৈ ভাৰতবৰ্ষ । ইয়াৰ পৰিণতিত ভাৰতৰ থলুৱা হস্তশিল্পৰ পতন ঘটে। এনেদৰে ইংৰাজ ৰাজত্ব কালত ভাৰতবৰ্ষৰ অৰ্থনৈতিক আন্তঃগাঁথনিৰ পৰিৱৰ্তনৰ সূচনা হয়। ০ ০ ০

Type By Suman Bora