Class 9 বৈচিত্ৰ্য়ময় অসম Book Chapter 12

ডিমাছাসকল

ডিমাছাসকল মূলতঃ বৰ্তমানৰ ডিমা হাচাও জিলাৰ বাসিন্দা যদিও নগাঁৱৰ হোজাই অঞ্চল, কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলৰ লগতে বৰ্তমানৰ নগালেণ্ডৰ ডিমাপুৰ অঞ্চলৰ আদিম বাসিন্দাৰূপে পৰিচিত । ডিমাছাসকলো সোনোৱালসকলৰ দৰে ৪০-জন পিতৃপুৰুষৰ বশোদ্ভৱৰূপে ৪০-টা বংশ বা ক্লেনত বিভক্ত । প্ৰতিটো গোত্ৰ ‘চা’ আখৰেৰে শেষ হয়। যেনে—লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা, মাইবংচা ইত্যাদি। ডিমাছাসকলৰ বিশ্বাস অনুসৰি ডিমাছা মহিলা বা গাভৰু এই ৪২-গৰাকী মূল মাতৃৰ বংশোদ্ভৱ আৰু প্ৰতিগৰাকী ডিমাছা মহিলা বা গাভৰু এই ৪২ গৰাকী মূল মাতৃৰ বংশ বা ক্লেনেৰে পৰিচিত হয়। ডিমাছাসকলে পিতৃৰ বংশক পিতৃবংশ আৰু মাতৃৰ বংশক মাতৃবংশ বোলে। ডিমাছাসকলৰ ভাষ গ। ডিমাছা ভাষা বড়ো ভাষাৰ লগত প্ৰায় একেই। ডিমাছাসকলৰ কোনো পৰিয়াল (উপ-গোত্র) প্রথা ন নিজৰ গোত্ৰৰ ভিতৰত বিয়া-বাৰু সম্বন্ধ নিষিদ্ধ। তেওঁলোকে মাকৰ বংশ অর্থাৎ মামাকৰ পৰিয়ালৰ ল’ৰা- ছোৱালীৰে বিবাহ সম্পর্ক গঢ়াত বিশেষ বাধা নাই; কিন্তু দৰা আৰু কইনা উভয়ৰে মাতৃবংশ (মাতৃ গোত্র) একে হ’লে বিবাহ নিষিদ্ধ। ডিমাছাসকল ব্রায়-চিত্রায় আৰু আমাং-গামাংড়ি বা শিৱ-পাৰ্বতী পৰম্পৰাত বিশ্বাসী যদিও গোড়া বৈষ্ণৱী হিন্দু আৰু বলি-বিধানতো বিশ্বাসী, অতি সংৰক্ষণশীল। ইতিহাস অনুসৰি বৰ্তমানৰ সমগ্ৰ অসম, ত্ৰিপুৰা আৰু বাংলাদেশৰ কিছু অংশলৈকে এসময়ত ডিমাছাসকলৰ ৰাজত্ব আছিল। ডিমাছাসকলে জানুৱাৰী মাহৰ শেষভাগত খেতিৰ শেষত বিছু ডিমা নামেৰে এটি উৎসৱ পালন কৰে। বিছু ডিমা অনুষ্ঠানত কুকুৰা কাটি পূজা দিয়াৰ লগতে মদ, গাহৰি আদিৰে সমজুৱাভাৱে ভোজ, ভাত খায়। বিছু ডিমা অনুষ্ঠানত ডেকা-গাভৰু, পুৰুষ-মহিলাসকলে হাতেৰে বজোৱা প্ৰায় ৪ ফুট মান দীঘল এবিধ বিশেষ ধৰণৰ ঢোল আৰু অতি দীঘল এক প্ৰকাৰৰ পেঁপাৰ নিৰ্দিষ্ট এক তালত ঘূৰি ঘূৰি নৃত্য কৰি পালন কৰে। ডিমাছা মহিলাসকল পাকৈত শিপিনী আৰু তেওঁলোকৰ জনজাতীয় সাজ-পাৰসমূহ উজ্জ্বল ৰংচঙীয়া। ডিমাছাসকলৰ বিবাহৰ ক্ষেত্ৰত বিশেষ প্রতিষ্ঠিত আনুষ্ঠানিকতা নাই যদিও মদ আৰু কুকুৰা কাটি পূজা দি লগতে গাহৰি বা ম’হৰ মাংসৰ ভোজ দি বিবাহ উৎসৱ পালন কৰা হয়।

প্রশ্নাবলী :

১। ডিমাছাসকল প্রধানতঃ কেইটা বংশত বিভক্ত ?

২। ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায় ?

৩। ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি ?

৪। ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়?

৫। ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা ।