জুবিন গাৰ্গৰ গীত শান্তি দিয়া, মুক্তি দিয়া…

শান্তি দিয়া, মুক্তি দিয়া

সোণৰ অসম ৰচিবলৈ

সোউজ দিয়া, শস্য় দিয়া

চিৰকাল ফুলিবলৈ

গুলী বাৰুদ, ধোঁৱা উৰুৱাই

নিৰপৰাধ শিশু কন্দুৱাই।

ঘৰে ঘৰে মৰম নচুৱাই

কিনো পালা তুমি

কিনো দিলা কোৱা

সঁচা হোৱাৰ পথ চিৰ নতুন

সঁচা হোৱাৰ মন চিৰ তৰুণ

মৰমৰে পথাৰ বৰ বিশাল,

সজাগ হোৱাৰ পথ চিৰ নতুন

সজোগ হোৱাৰ মন চিৰ তৰুণ

চিন্তাৰ মাজেৰেই আহে জোৱাৰ…

কথা কোৱাৰ অধিকাৰ আমাৰ

নিজক চোৱাৰ অধিকাৰ আমাৰ

তোজৰ নৈ বোৱাই কিনো পাম

নতুন গঢ়াৰ অধিকাৰ আমাৰ

আনক চোৱাৰ অধিকাৰ আমাৰ

চকু থাকিও কণা কিয় হ’ম ?…